সমললৈ যাওক

মিথিলা (বিদেহ ৰাজ্য)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদেহ ৰাজ্য
বিদেহ-ৰ অৱস্থান
বিদেহ-ৰ অৱস্থান
ৰাজধানীমিথিলা, সম্ভৱ জনকপুৰ (বৰ্তমান নেপালৰ অন্তৰ্ভুক্ত),[1] বা বালিৰাজগড় (বৰ্তমানৰ মধুবনি জিলা, বিহাৰ, ভাৰত)[2][3]
চৰকাৰ ৰাজতন্ত্ৰ

মিথিলা[4] বা বিদেহৰাজ্য (তিৰাভুক্তি[5] নামেৰেও জনাজাত) পৰৱৰ্তী বৈদিক ভাৰতৰ এক প্ৰাচীন ৰাজ্য আছিল[6] ৰজা জনকৰ অধীনত এই অঞ্চলটোৱে প্ৰসিদ্ধি লাভ কৰিছিল (৮ম-৭ম শতিকা খ্ৰীষ্টপূৰ্ব)। প্ৰাচীন ৰাজ্যৰ অঞ্চলটো ভাৰতীয় উপমহাদেশৰ উত্তৰ অংশৰ মিথিলা অঞ্চলত অৱস্থিত, যিটো বৰ্তমান ভাৰতৰ উত্তৰ-পূৱ বিহাৰ আৰু নেপালৰ পূৱ তেৰাই নামেৰে জনাজাত।[5][6]

বৈদিক কালৰ শেষৰ ফালে (৯০০ – ৫০০ খ্ৰীষ্টপূৰ্ব) বিদেহ, কুৰু আৰু পাঞ্চালৰ সহ প্ৰাচীন ভাৰতৰ অন্যতম প্ৰধান ৰাজনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হৈ পৰিছিল।[7] ব্ৰহ্মা আৰু বৃহদাৰন্যক উপনিষদৰ দৰে অন্তিম বৈদিক সাহিত্যত জনকক এজন মহান দাৰ্শনিক-ৰজা হিচাপে উল্লেখ কৰিছে, যি বৈদিক সংস্কৃতি আৰু দৰ্শনৰ পৃষ্ঠপোষকতাৰ বাবে বিখ্যাত, আৰু যাৰ ৰাজ সভা ঋষিৰ সকলৰ বাবে বৌদ্ধিক কেন্দ্ৰ স্বৰূপ আছিল।[8] ব্ৰাহ্মণ আৰু উপনিষদ ৰচনাৰ সময় হিচাপে হেমচন্দ্ৰ ৰায়চৌধুৰীয়ে খ্ৰীষ্টপূৰ্ব অষ্টমৰ পৰা সপ্তম শতিকাৰ সময়ছোৱা বুলি কোৱাৰ বিপৰীতে ৱিটজেলে ৭৫০ৰ পৰা ৫০০ খ্ৰীষ্টপূৰ্ব বুলি মত প্ৰকাশ কৰিছে।[9][note 1] বৈদিক যুগৰ শেষৰ ফালে ঐতৰীয়ৰ বৈদিক বিদ্যালয় সম্ভৱতঃ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে বিদেহ বা অন্যান্য কেন্দ্ৰলৈ স্থানান্তৰিত হৈছিল।[10]


হিন্দু সাহিত্যত বিদেহৰ অঞ্চল আৰু সংস্কৃতিৰ কথা প্ৰায়ে উল্লেখ পোৱা যায়।[11] গ্ৰন্থসমূহত ৰাজবংশৰ ধাৰণা আৰু নমি বা নিমি, জনক আদি দাৰ্শনিক-ৰজাসকলৰ পৰম্পৰাৰ কথা উল্লেখ কৰা হৈছে।[11] তেওঁলোকৰ কাহিনী প্ৰাচীন হিন্দু, বৌদ্ধ আৰু জৈন গ্ৰন্থত পোৱা যায়, এই গ্ৰন্থ সমূহত উল্লেখ কৰা মতে বুদ্ধৰ জন্মৰ আগতে ৰজাসকলৰ দ্বাৰা ত্যাগ বা দান আদি কৰাটো এক সন্মানীয় পৰম্পৰা আছিল, আৰু এই পৰম্পৰা বিদেহৰ বাহিৰে আন অঞ্চল যেনে পাঞ্চাল, কলিংগ, গান্ধাৰ আদি ৰাজ্য সমূহতো ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছিল।[11] বিদেহৰ ৰজা নিমি বা নমিক জৈন ধৰ্মৰ ২৪জন তীৰ্থংকৰৰ ভিতৰত ২১ তম হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। [11]

বৈদিক যুগৰ শেষৰ ফালে, বিদেহ সম্ভৱতঃ বৃজী (পালি: বাজ্জি) কনফেডাৰেচনৰ অংশ হৈ পৰে আৰু পৰৱৰ্তী সময়ত মগধ সাম্ৰাজ্যৰ অংশ হৈ পৰে।[12][13] সংস্কৃত মহাকাব্য, মহাভাৰত আৰু ৰামায়ণতো বিদেহ ৰাজ্যৰ উল্লেখ আছে। ৰামায়ণত, সীতা হৈছে বিদেহৰ ৰাজকুমাৰী,[11] যিয়ে কোশল আৰু বিদেহ ৰাজ্যৰ মাজত মিত্ৰতা সৃষ্টি কৰি ৰাম আৰু সীতাৰ বিবাহ সম্পন্ন হয়।[14] বিদেহৰ ৰাজধানী হ'ল জনকপুৰ (বৰ্তমান নেপালৰ অন্তৰ্ভুক্ত), [11] বা বালিৰাজগড় (বৰ্তমানৰ মধুবনী জিলা, বিহাৰ, ভাৰত)।[2][3]

দিগম্বৰ উত্তৰপুৰাণৰ পাঠ অনুসৰি, মহাবীৰৰ জন্ম বিদেহ ৰাজ্যৰ কুণ্ডপুৰত হৈছিল।[15]

  1. Raychaudhuri notes that the Puranic chronology would extend the possible range back to the 12th century BCE, but considers this to be of limited value, and necessary to treat with caution (pp.27–28).

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. H.C. Raychaudhuri (1972), pp. 70-76
  2. 2.0 2.1 https://hindi.news18.com/blogs/satyam/balirajharh-a-ancient-mithila-915917.html
  3. 3.0 3.1 "Archived copy". Archived from the original on 2017-10-26. https://web.archive.org/web/20171026162756/http://www.newsofbihar.com/khas-khabar/kaun-lega-mithila-key-baliraajgadh-ki-sudhi.html। আহৰণ কৰা হৈছে: 2017-10-26. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2021-10-22. https://web.archive.org/web/20211022071940/http://lrc.bih.nic.in/Gazetteer/Saharsa/chapter-II.pdf। আহৰণ কৰা হৈছে: 2021-07-13. 
  5. 5.0 5.1 Dilip K. Chakrabarti (2001). Archaeological Geography of the Ganga Plain: The Lower and the Middle Ganga. Orient Blackswan. পৃষ্ঠা. 207–. ISBN 978-81-7824-016-9. https://books.google.com/books?id=OEZe-wAIiKIC&pg=PA207. 
  6. 6.0 6.1 Michael Witzel (1989), Tracing the Vedic dialects in Dialectes dans les litteratures Indo-Aryennes ed. Caillat, Paris, pages 13, 17 116-124, 141-143
  7. Michael Witzel (1989), Tracing the Vedic dialects in Dialectes dans les litteratures Indo-Aryennes ed. Caillat, Paris, pages 13, 141-143
  8. H. C. Raychaudhuri (1972), Political History of Ancient India and Nepal, Calcutta: University of Calcutta, pp.41–52
  9. Michael Witzel (1989), Tracing the Vedic dialects in Dialectes dans les litteratures Indo-Aryennes ed. Caillat, Paris, pages 13, 39-46, 141-143
  10. Michael Witzel (1989), Tracing the Vedic dialects in Dialectes dans les litteratures Indo-Aryennes ed. Caillat, Paris, pages 76-77, 125
  11. 11.0 11.1 11.2 11.3 11.4 11.5 Geoffrey Samuel, (2010) The Origins of Yoga and Tantra: Indic Religions to the Thirteenth Century, Cambridge University Press, pages 69-70
  12. H.C. Raychaudhuri (1972), pp. 70-76
  13. Raychaudhuri Hemchandra (1972), Political History of Ancient India, Calcutta: University of Calcutta, pp. 85–86
  14. Raychaudhuri (1972)
  15. Pannalal Jain 2015, পৃষ্ঠা. 460.