শূৰ্পনখা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
শূৰ্পনখা
Rama spurns the demon lover.jpg
ৰামে প্ৰত্যাখ্যান কৰা শূৰ্পনখা
সম্পৰ্ক ৰাক্ষসী
নিবাস লংকা
সহোদৰ ৰাৱণ
বিভীষণ
কুম্ভকৰ্ণ
হিন্দু পাঠ্য ৰামায়ণ আৰু ইয়াৰ বিভিন্ন সংস্কৰণ

শূৰ্পনখা (সংস্কৃত: शूर्पणखा) হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠ ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ।[1]

নাম আৰু ৰূপ বৰ্ণনা[সম্পাদনা কৰক]

"শূৰ্পনখা" শব্দটো দুটা সংস্কৃত শব্দৰে গঠিত- শূৰ্প (তীষ্ণ) আৰু নখা (নখ)। মনিয়াৰ মনিয়াৰ-উইলিয়ামছৰ মতে শব্দটোৰ অৰ্থ হৈছে 'তীক্ষ্ণধাৰ নখ থকা'। [2]

মহাকাব্যখনৰ বিভিন্ন সংস্কৰণত শূৰ্পনখাৰ অৱয়বৰ যথেষ্ট পাৰ্থক্য আছে। বাল্মীকিৰ ৰামায়ণকে ধৰি বেছিভাগ সংস্কৰণে তেওঁক এগৰাকী কুৎসিত নাৰী হিচাপে উল্লেখ কৰিছে। যেতিয়া শূৰ্পনখাই প্ৰথমবাৰৰ বাবে ৰামক অৰণ্যত দেখে বাল্মীকিয়ে তেওঁৰ চেহেৰা অপ্ৰিয়, পেট ওলোৱা, অসুন্দৰ চকু, তামবৰণীয়া চুলি, কুৎসিত বৈশিষ্ট্যযুক্ত, টেংটেঙীয়া কণ্ঠস্বৰ, কুটিল কথা কোৱা, অসভ্য, অসৎ আৰু ঘৃণনীয় ৰূপৰ বুলি বৰ্ণনা কৰে।[3] ইয়াৰ বিপৰীতে, আন বিভিন্ন বিৱৰণ, বিশেষকৈ কম্পনৰ ইৰামাৱতাৰমে ৰামক প্ৰলোভিত কৰিবলৈ তেওঁ এক আকৰ্ষণীয় ৰূপ লোৱাৰ কথা উল্লেখ কৰিছে। এই বিৱৰণ অনুসৰি শূৰ্পণখাই দেৱী শ্ৰীৰ বিষয়ে ভাবিছিল আৰু মন্ত্ৰৰ ব্যৱহাৰ কৰি তেওঁৰ দৰে একে ৰূপ ধাৰণ কৰিছিল। [4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

সুমালীৰ জীয়ৰী কৈকেষীয়ে মহৰ্ষি বিশ্ৰবাক বিয়া কৰায় আৰু তেওঁৰ দ্বিতীয় পত্নীৰ স্থান লয়। তেওঁ চাৰিটা সন্তান অৰ্থাৎ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যাৰ জন্ম দিয়ে। সি কন্যাই আছিল শূৰ্পনখা। তেওঁক জন্মৰ সময়ত দীক্ষা মিনাক্ষী নাম দিয়া হৈছিল আৰু কিছু লোক্ব তেওঁক "চন্দ্ৰনখা" (চন্দ্ৰৰ দৰে নখ থকা) বুলিও অভিহিত কৰিছিল।

বিবাহ আৰু স্বামীৰ মৃত্যু[সম্পাদনা কৰক]

শূৰ্পনখাৰ বিবাহৰ জনপ্ৰিয় কাহিনীটো এটা তামিল লোককাহিনীৰ পৰা উদ্ভৱ হৈ ৰামায়ণত অন্তৰ্ভুক্ত হয়। কাহিনী অনুসৰি, প্ৰাপ্তবয়স্ক হৈ শূৰ্পনখাই গোপনে কালকেয় দানৱ গোত্ৰৰ দানৱ ৰাজকুমাৰ বিদ্যুৎজিহ্বক বিয়া কৰাইছিল।[5] এজন দানৱক বিয়া কৰোৱাৰ বাবে ৰাৱণ শূৰ্পনখাৰ ওপৰত ক্ৰোধিত হৈছিল। দানৱসকল ৰাক্ষসসকলৰ শত্ৰু আছিল আৰু ৰাৱণে শূৰ্পনখাক শাস্তি দিবলৈ লওঁতে মন্দোদৰীয়ে তেওঁক ভনীয়েকৰ ইচ্ছাক সন্মান কৰিবলৈ সৈমান কৰিছিল। এনেদৰে ৰাৱণে শূৰ্পনখা, তেওঁৰ স্বামী আৰু দানাৱসকলক আনুষ্ঠানিকভাৱে আত্মীয় হিচাপে গ্ৰহণ কৰিছিল।[6]

ৰাসাতল জয় কৰাৰ সময়ত ৰাৱণে বিদ্যুৎজিহ্বক হত্যা কৰে। ৰাৱণৰ এই কাৰ্য্যৰ কাৰণ সম্বন্ধে ভিন্ন গ্ৰন্থত ভিন্ন বৰ্ণনা আছে। ইয়াৰে কিছুমানে দাবী কৰে যে তেওঁ দুৰ্ঘটনাক্ৰমে বিদ্যুৎজীহ্বক হত্যা কৰিছিল। আনহাতে আন কিছুমানে কয় যে শূৰ্পনখাৰ অনুপস্থিতিত বিদ্যুৎজিহ্বই ৰাৱণক আক্ৰমণ কৰিছিল আৰু সেয়ে আত্মৰক্ষাৰ বাবে ৰাৱণে তেওঁক হত্যা কৰিছিল।[7] ইয়াৰ ফলত শূৰ্পনখা যথেষ্ট অসন্তুষ্ট হয় আৰু ভনীয়েকৰ দুখ দেখি ৰাৱণে তেওঁক চৌদিশে বিচৰণ কৰি ফুৰাৰ অনুমতি দি আন এজন স্বামীক বিচাৰি ল'বলৈ কয়। তাৰ পিছত শূৰ্পনখাই লংকা আৰু দক্ষিণ ভাৰতৰ অৰণ্যৰ মাজত সময় অতিবাহিত কৰে। কেতিয়াবা ৰাৱণৰ নিৰ্দেশত তেওঁ বনাঞ্চলত বাস কৰা অসুৰ আত্মীয় খৰ আৰু দূষণৰ সৈতেও বাস কৰিছিল। বিদ্যুৎজিহ্বৰ ঔৰষত তেওঁৰ এক পুত্ৰৰ জন্ম হৈছিল যাক শম্ভৰী বুলি জনা যায়। শম্ভৰীক লক্ষ্মণে দুৰ্ঘটনাক্ৰমে হত্যা কৰে। [4]

ৰাম-লক্ষ্মণৰ সৈতে সাক্ষাৎ[সম্পাদনা কৰক]

লক্ষ্মণে শূৰ্পনখাৰ নাক চ্ছেদ কৰিছে।

বাল্মীকি ৰামায়ণৰ মতে পঞ্চৱতীৰ অৰণ্যলৈ যাওঁ‌তে শূৰ্পনখাই অযোধ্যাৰ নিৰ্বাসিত ৰাজকুমাৰ ৰামক লগ পাইছিল আৰু লগে লগে তেওঁৰ যৌৱনোচ্ছল সুন্দৰ চেহেৰাৰ দ্বাৰা প্ৰভাৱিত হয়। তেওঁ ৰামক প্ৰলোভিত কৰিবলৈ এক সুন্দৰ ৰূপ ধাৰণ কৰে কিন্তু ৰামেই তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰি কয় যে তেওঁ নিজৰ পত্নী সীতাৰ প্ৰতি বিশ্বাসী আৰু এনেদৰে আন নাৰীৰ পানি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। তেতিয়া শূৰ্পনখা প্ৰেমপ্ৰাৰ্থী হৈ লক্ষ্মণৰ ওচৰলৈ যায়। লক্ষ্মণে কয় যে ৰামৰ পিছতহে তেওঁৰ স্থান আৰু সেয়েহে শূৰ্পনখাৰ বাবে তেওঁ যোগ্য নহয়। এই কথাত ক্ষুব্ধ আৰু অপমানিত হৈ ঈৰ্ষাগ্ৰস্ত শূৰ্পনখা তেওঁৰ পৈশাচিক ৰূপলৈ ঘূৰি আহে আৰু সীতাক আক্ৰমণ কৰে। কিন্তু লক্ষ্মণে তেওঁৰ নাক কাটি পেলায়। [4]

তেতিয়া শূৰ্পনখা প্ৰথমে পলাই খৰৰ ওচৰলৈ যায়। তেওঁ ৰামক আক্ৰমণ কৰিবলৈ সাতজন যোদ্ধা পঠিয়াই যদিও ৰামে তেওঁলোকক সহজে পৰাজিত কৰে। ইয়াৰ পিছত খৰে নিজেই ১৪,০০০ সৈন্যৰ সৈতে দশৰথৰ পুত্ৰদ্বয়ক আক্ৰমণ কৰে। কিন্তু সুমালীৰ পুত্ৰ আৰু কৈকেষীৰ ভায়েক অকম্পনৰ বাহিৰে আটাইকেইজন নিহত হয়। তেতিয়া অকম্পন আৰু শূৰ্পনখা লংকালৈ পলাই যায় আৰু ৰাৱণৰ আগত ঘটনাক্ৰমৰ বৰ্ণনা দিয়ে। সীতাৰ সৌন্দৰ্যৰ কথা শুনি ৰাৱণে সীতাক অপহৰণ কৰাৰ সিদ্ধান্ত লয়। ৰাৱণৰ দ্বাৰা সীতাৰ অপহৰণত উদগণি দিয়াত অকম্পনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিভীষণৰ বিৰোধিতা স্বত্বেও ৰাৱণে সীতাক অপহৰণ কৰে আৰু এনেদৰে লংকাৰ যুদ্ধ আৰম্ভ কৰে। [4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Johnson, W.J. (2009). A Dictionary of Hinduism (1st সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. doi:10.1093/acref/9780198610250.001.0001. ISBN 9780191726705. 
  2. Monier-Williams 1872, পৃষ্ঠা. 1017.
  3. "Valmiki Ramayana - Aranya Kanda - Sarga 17". www.valmikiramayan.net. https://www.valmikiramayan.net/utf8/aranya/sarga17/aranya_17_frame.htm। আহৰণ কৰা হৈছে: 2021-05-07. 
  4. 4.0 4.1 4.2 4.3 Richman 1991.
  5. Vālmīki (1893) (en ভাষাত). The Ramayana: Translated Into English Prose from the Original Sanskrit. Dass. https://books.google.com/books?id=Rk5GAAAAYAAJ&q=spouse+of+surpanakha. 
  6. Cakrabartī, Bishṇupada (2006) (en ভাষাত). The Penguin Companion to the Ramayana. Penguin Books. ISBN 978-0-14-310046-1. https://books.google.com/books?id=FCAqAAAAYAAJ&q=surpanakha+beautiful. 
  7. Valmiki Ramayan by Rajshekhar Basu - Uttarkanda