বিৰাধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিৰাধক বধ কৰা অৱস্থাত ৰাম-লক্ষ্মণ।

বিৰাধ (সংস্কৃত: विराध) হৈছে ৰামায়ণৰ অৰণ্য কাণ্ডৰ এক সৰু চৰিত্ৰ। তেওঁ দণ্ডকাৰণ্যত বাস কৰা এক ৰাক্ষস যিয়ে এটা খণ্ডত সীতাক অপহৰণ কৰে।[1][2] তেওঁক তামিল ভাষাত বিৰাটন, থাইলেণ্ডত ফিৰাপ আৰু মালয় দেশত পূৰ্বেইটা নামেৰে জনা যায়। ৰাম আৰু লক্ষ্মণে ৰাক্ষসটোৰ সৈতে যুঁজ দিবলৈ আৰম্ভ কৰে। কিন্তু তেওঁলোকে ইয়াক বহুসংখ্যক কাঁ‌ড় মৰা স্বত্বেও কাঁ‌ড়বোৰ পোনপটীয়াকৈ তেওঁৰ দেহৰ মাজেৰে পাৰ হৈ যায় আৰু তেওঁ অক্ষত হৈয়েই থাকে (অৰণ্যকাণ্ড, সৰ্গ ৩)। বিৰাধে কয় যে তেওঁৰ ওপৰত ব্ৰহ্মাৰ এটা বৰ আছে যিয়ে তেওঁক যিকোনো অস্ত্ৰৰ প্ৰতি অজেয় কৰি তোলে। সেয়েহে ৰাম-লক্ষ্মণে প্ৰথমে ৰাক্ষসটোৰ দুই হাত ভঙাৰ পিছত তেওঁক জীৱন্তে সমাধিস্থ কৰে। যেতিয়া বিৰাধৰ দুই হাত ভাঙি যায়, তেতিয়া তেওঁ ৰাম-লক্ষ্মণক তেওঁক মুক্তি দিয়াৰ বাবে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰে। তেওঁ আগৰ জীৱনত টুম্বুৰু নামৰ এক দৈৱিক জীৱ আছিল। কুবেৰে তেওঁক ৰামে হত্যা নকৰালৈকে এক ভয়ংকৰ ৰাক্ষস হিচাপে জীয়াই থাকিবলৈ অভিশাপ দিছিল। ৰাম-লক্ষ্মণে তেওঁক সমাধিস্থ কৰে আৰু তেওঁ মুক্তিলাভ কৰি তেওঁৰ পূৰ্বৰ দৈৱিক স্থানলৈ ঘূৰি যায়।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Aranyakanda, Sarga 2.
  2. Goldman, Robert P. (1984). The Ramayana of Valmiki: an Epic of Ancient India. Princeton University Press. পৃষ্ঠা. 9. ISBN 0-691-06561-6. https://books.google.com/books?id=DWX43jnbOngC. 
  3. Aranyakanda, Sarga 3.