মন্থৰা
মন্থৰা | |
---|---|
ৰামায়ণৰ চৰিত্ৰ | |
কৈকেয়ী আৰু মন্থৰা | |
তথ্য | |
লিঙ্গ | নাৰী |
পেচা | দাসী |
মন্থৰা (ইংৰাজী: Manthara) ৰামায়ণৰ এক চৰিত্ৰ। তেওঁ অযোধ্যাৰ ৰজা দশৰথৰ দ্বিতীয় পত্নী ৰাণী কৈকেয়ীৰ দাসী আছিল। তেওঁ দেখাত কুঁজা আছিল। তেওঁ ৰাণী কৈকেয়ীক সন্মত কৰিছিল যে মহাৰাজৰ সিংহাসন তেওঁৰ পুত্ৰ ভৰত হে আচল উত্তৰাধিকাৰী আৰু তেওঁৰ সতীয়া পুত্ৰ ৰাজকুমাৰ ৰামক ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা উচিত।[1]
কৈকেয়ীমনৰ ওপৰত প্ৰভাৱ
[সম্পাদনা কৰক]মন্থৰা কৈকেয়ী পৰিয়ালৰ সেৱক আছিল। তেওঁ কৈকেয়ীৰ জন্মৰ সময়ৰ পৰাই তেওঁৰ সৈতে বাস কৰিছিল। যেতিয়া তেওঁ শুনে যে, ৰজা দশৰথে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰাম তেওঁৰ উত্তৰাধিকাৰী কৰাৰ পৰিকল্পনা কৰি আছে, তেওঁ খঙত জ্বলি পকি যায় আৰু কৈকেয়ীক খবৰটো জনায়। এই কথা শুনি কৈকেয়ী প্ৰথমতে সন্তুষ্ট হয় আৰু মন্থৰাক এডাল মুকুতাৰ মালা দিয়ে।[1]
মন্থৰায়ে কৈকেয়ীক ৰজা দশৰথে দিয়া দুই বৰৰ কথা মনত পেলাই দিয়ে, যেতিয়া তেওঁ এবাৰ এক মহাকাশীয় যুদ্ধত তেওঁৰ জীৱন ৰক্ষা কৰিছিল আৰু ফলস্বৰূপে দশৰথে তেওঁক দুটা বৰ দিবলৈ বচন দিছিল। কৈকেয়ীয়ে এই বৰ তেতিয়া নিবিচাৰি পিছলৈ ৰাখিছিল। মন্থৰায়ে তেওঁক কয় যে, এতিয়া সেইবোৰ বিচাৰিবলৈ সঠিক সময়। তেওঁ কৈকেয়ীক মাটি লাগি থকা কাপোৰ পিন্ধি আৰু কোনো অলংকাৰ নিপিন্ধি কোঠাত শুবলৈ পৰামৰ্শ দিয়ে। তেওঁ খং দেখুৱাই কন্দা-কটা কৰিব লাগে। যেতিয়া দাশৰথে তেওঁক সান্ত্বনা দিব আহিছিল তেওঁ লগে লগে দুই বৰ বিচাৰিব লাগিব। প্ৰথম বৰ হ'ব যে ভৰতক অযোধ্যাৰ ৰজা পতা হ'ব আৰু দ্বিতীয় বৰ হ'ব যে ৰামক চৈধ্য বছৰৰ বাবে বনবাসলৈ প্ৰেৰণ কৰিব লাগে। মন্থৰাই গণনা কৰিছিল যে, ৰামৰ চৈধ্য বছৰীয়া নিৰ্বাসিত কালত ভৰতে সাম্ৰাজ্যত তেওঁৰ স্থিতি একত্ৰিত কৰিবলৈ আৰু মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হ’ব।[1]
শত্ৰুঘ্নৰ তিৰস্কাৰ
[সম্পাদনা কৰক]ৰামৰ নিৰ্বাসনৰ পিছত ৰামায়ণত মন্থৰাক কেৱল এবাৰ উল্লেখ পোৱা যায়। কৈকেয়ীৰ পৰা ব্যয়বহুল কাপোৰ আৰু গহনাৰে পুৰস্কৃত হোৱাৰ পিছত যেতিয়া ভৰত আৰু শত্ৰুঘ্ন তেওঁৰ ওচৰলৈ আহিছিল তেওঁ প্ৰাসাদৰ বাগিচাত খোজ কাঢ়ি আছে। তেওঁক দেখি শত্ৰুঘ্নয়ে ৰামৰ নিৰ্বাসিততাত হিংসাত্মক ক্ৰোধত জ্বলি পকি যায় আৰু মন্থৰাক আক্ৰমণ কৰে। কৈকেয়ীয়ে ভৰতক তেওঁক বচাবলৈ অনুৰোধ জনায় আৰু শত্ৰুঘ্নক কয় যে এগৰাকী মহিলাক হত্যা কৰাটো পাপ আৰু যদি তেওঁ এনে কাম কৰে তেন্তে ৰাম দুয়োৰে ওপৰত খং উঠিব। শত্ৰুঘ্নৰ খং নমনীয় হয় আৰু ভাতৃদ্বয় তেওঁলোকক এৰি যাওঁতে কৈকেয়ীয়ে মন্থৰাক সান্তনা জনায়।
অন্যান্য সংস্কৰণত উপস্থিতি
[সম্পাদনা কৰক]তেলেগু সংস্কৰণ শ্ৰী ৰংনাথ ৰামায়ণৰ বালকাণ্ডাত যুৱ ৰাম আৰু মন্থৰাৰ সৈতে জড়িত এটা সৰু কাহিনী উল্লেখ আছে। যেতিয়া ৰামে বল আৰু লাঠিৰে খেলি আছিল হঠাৎ মন্থৰায়ে বলটো ৰামৰ পৰা বহু দূৰত পেলাই দিলে। খঙত ৰামে তেওঁক লাঠিৰে আঁঠুত আঘাত কৰিছিল আৰু তাইৰ আঁঠু ভাঙি গৈছিল। এই বাৰ্তাটো কৈকেয়ীয়ে ৰজা দশৰথক জনাইছিল। ৰজাই ৰাম আৰু তেওঁৰ আন পুত্ৰসকলক বিদ্যালয়লৈ পঠিয়াবলৈ সিদ্ধান্ত লয়। এই ঘটনাই ৰজাক তেওঁৰ পুত্ৰসকলক শিক্ষিত কৰাৰ দায়িত্বৰ বিষয়ে চিন্তা কৰে যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু জ্ঞানী হ'ব পাৰে। মন্থৰায়ে ৰামৰ প্ৰতি এক প্ৰকাৰৰ অংগীকাৰ বিকশিত কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ সুযোগৰ বাবে অপেক্ষা কৰি আছিল। এইটোও কোৱা হয় যে ৰামৰ শৈশৱকালত কৈকেয়ীয়ে ৰামক ভৰততকৈ অধিক ভাল পাইছিল আৰু তেওঁৰ সৈতে অধিক সময় অতিবাহিত কৰে। এইটোৱে মন্থৰাক ৰামৰ প্ৰতি ঈৰ্ষা ভাব জগাই তুলিছিল।
২০১৫ চনত অমিষ ত্ৰিপাঠীৰ ৰামচন্দ্ৰ শৃংখলাৰ প্ৰথম উপন্যাস 'ৰাম: ঈক্ষ্বাকুৰ বংশধৰ'ত মন্থৰাক এগৰাকী ধনী মহিলা হিচাপে চিত্ৰিত কৰিছিল। তেওঁক আনকি সপ্তসিন্ধুৰ ভিতৰত আটাইতকৈ ধনী হিচাপে দেখুওৱা হৈছিল।[2]
ৰামানন্দ সাগৰৰ টেলিভিছন শৃংখলা 'ৰামায়ণ'ত মন্থৰাৰ চৰিত্ৰত চৰিত্ৰ অভিনেত্ৰী ললিতা পাৱাৰে অভিনয় কৰিছে। এই টিভি শৃংখলাত দেখা গৈছে যে যেতিয়া ৰাম নিৰ্বাসনৰ পিছত অয়োধ্যালৈ উভতি আহে তেওঁ মন্থৰাক লগ কৰিবলৈ যায়। আন্ধাৰ কোঠাত বন্দী কৰা অৱস্থাত ৰামক দেখি মন্থৰায়ে তেওঁৰ ভৰিত পৰে আৰু তাইৰ সকলো পাপৰ বাবে ক্ষমা বিচাৰে। ৰামে তেওঁক ক্ষমা কৰে।[3]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Mani 2015.
- ↑ "'The Scion of Ikshvaku' is quite the 'Un-Ramayana'", Scroll.in, 2015-06-28, https://scroll.in/article/737251/the-scion-of-ikshvaku-is-quite-the-un-ramayana
- ↑ "Behind the scenes: Dress designers to actors & deities". The Tribune. 20 April 2003. http://www.tribuneindia.com/2003/20030420/spectrum/main5.htm। আহৰণ কৰা হৈছে: 2 June 2013.
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]- Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&q=Manthara&pg=PP5.
|