সমললৈ যাওক

ৰামানন্দ সাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামানন্দ সাগৰ
জন্ম চন্দ্ৰমৌলী চোপ্ৰা
২৯ ডিচেম্বৰ, ১৯১৭
লাহোৰ, পঞ্জাব, পাকিস্তান, ব্ৰিটিছশাসিত ভাৰত
(বৰ্তমান পাকিস্তানত)
মৃত্যু ১২ ডিচেম্বৰ, ২০০৫ (৮৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ,ভাৰত
অন্য নাম ৰামানন্দ চোপ্ৰা
ৰামানন্দ বেদী
ৰামানন্দ কাশ্মিৰী
পেচা চিত্ৰ পৰিচালক, পৰিচালক, লেখক
দাম্পত্যসঙ্গী লীলাৱতী
সন্তান আনন্দ সাগৰ,
প্ৰেম সাগৰ,
মোতি সাগৰ,
সুভাষ সাগৰ,
নীলম সাগৰ

ৰামানন্দ সাগৰ (২৯ ডিচেম্বৰ ১৯১৭ – ১২ ডিচেম্বৰ ২০০৫; জন্মতে চন্দ্ৰমৌলি চোপ্ৰা) আছিল এগৰাকী ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা। পৌৰাণিক ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ আধাৰত তেখেতে নিৰ্মাণ কৰা একে নামৰ ধাৰাবাহিকখন ১৯৮৭ চনত টেলিভিছনত সম্প্ৰচাৰিত হৈছিল আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।[1] ২০০০ চনত ভাৰত চৰকাৰে তেখেতেক সন্মানীয় পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বৰ্তমান পাকিস্তানৰ লাহোৰৰ আচল গুৰুত ৰামানন্দ সাগৰৰ জন্ম হৈছিল। ৰামানন্দ সাগৰক তেখেতেৰ আইতাকে (মাকৰ মাক) ভৰণ-পোষণ কৰিছিল। পুত্ৰ-সন্তানহীন আইতাকেই তেখেতেৰ নামটো চন্দ্ৰমৌলি চোপ্ৰাৰ পৰা সলনি কৰি ৰামানন্দ সাগৰ ৰাখিছিল।[3] ১৯৪২ চনত সংস্কৃত আৰু পাৰ্চী ভাষাত সোণৰ পদকসহ তেখেতে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ঊত্তীৰ্ণ হৈছিল। 'ডেইলি মিলাপ' নামৰ বাতৰি-কাকত এখনৰো তেখেত সম্পাদক আছিল। তেখেতে বহুকেইটা চুটি গল্প, উপন্যাস, কবিতা, নাট্য লিখিছিল। সেইবোৰ ৰচনা কৰোঁতে তেখেতে ৰামানন্দ চোপ্ৰা, ৰামানন্দ বেদী, ৰামানন্দ কাশ্মিৰী নাম ব্যৱহাৰ কৰিছিল।[3] ১৯৪২ চনত তেওঁ যক্ষ্মাত আক্ৰান্ত হয় আৰু তেতিয়া তেওঁ "ডায়েৰি অৱ এ টি.বি. কলম" নামৰ স্তম্ভ এটাত তেওঁৰ যক্ষ্মা-বিৰোধী যুঁজৰ বিষয়ে লিখে। লাহোৰৰ 'আদাব-এ-মাছৰিক' আলোচনীত এই স্তম্ভটো ধাৰাবাহিক হিচাপে প্ৰকাশিত হৈছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৩২ চনৰ নিৰ্বাক ছবি 'Raiders of the Rail Road'-ত ৰামানন্দ সাগৰে ক্লেপাৰ বয় হিচাপে কৰ্মজীৱনৰ পাতনি মেলে।[4]

১৯৫০ৰ দশকত ৰামানন্দ সাগৰে পৃথ্বীৰাজ কাপুৰ পৃথ্বী থিয়েটাৰত এগৰাকী সহকাৰী মঞ্চ প্ৰবন্ধক হিচাপে যোগদান কৰে। কাপুৰৰ পিতৃসুলভ তত্ত্বাৱধানত তেখেতে তেতিয়াই কেইখনমান নাটো পৰিচালনা কৰে।[5][6]

১৯৬০ চনত তেখেতে 'পেইগাম' ছবিৰ বাবে শ্ৰেষ্ঠ সংলাপ-লিখোঁতাৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰে। সেই ছবিখনৰ পৰিচালক আছিল এছ.এছ. ভাছান। অভিনয় কৰিছিল দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু ৰাজ কুমাৰৰ দৰে শিল্পীয়ে।[7]

তেখেতৰ দুখনামন সফল চলচ্চিত্ৰ হৈছে ঘুংঘত, আৰ্জু-যি দুখন ছবিয়ে যথাক্ৰমে ১৯৬০ আৰু ১৯৬৫ চনত ব্লকবাষ্টাৰৰ মৰ্যাদা পাইছিল। ১৯৬৪ চনত তেখেতে ক্লাছিক হিন্দী ছবি 'জিন্দেগী' নিৰ্মাণ কৰে। ১৯৬৮ চনত 'আঁখে' ছবিৰ বাবে তেখেতে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ধৰ্মেন্দ্ৰ আৰু মালা সিনহাই অভিনয় কৰা স্পাই-থ্ৰিলাৰ ছবিখন ১৯৬৮ চনৰ উল্লেখযোগ্য ছবিৰ ভিতৰত তালিকাভুক্ত হৈছিল।[8]

১৯৮৫ চনত ৰামানন্দ সাগৰে 'দাদা দাদী কি কাহিনীয়া'ৰ জৰিয়তে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে। সেইখনৰ পৰিচালক আছিল তেওঁৰ পুত্ৰ মোতি সাগৰ। ৰামানন্দ সাগৰে সেইখন প্ৰযোজনা কৰিছিল। ১৯৮৬ চনত ৰামানন্দ সাগৰে 'বিক্ৰম ঔৰ বেতাল' ধাৰাবাহিক পৰিচালনা কৰে। পৰৱৰ্তী কালত তেওঁলোকে 'সাগৰ আৰ্ট' বেনাৰৰ অধীনত ভাৰতীয় পৌৰাণিক কাহিনী অথবা ইতিহাসজড়িত কাহিনীৰে ধাৰাবাহিক নিৰ্মাণ কৰি গৈ থাকে। ১৯৮৭ চনৰ ২৫ জানুৱাৰী তাৰিখে তেওঁ নিৰ্মাণ কৰা ৰামায়ণৰ প্ৰথমটো খণ্ড দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হয়।[9][10] তেখেতৰ অইন দুখন জনপ্ৰিয় টিভি ধাৰাবাহিক হৈছে কৃষ্ণ, লৱ-কুশ। ইয়াৰ বাহিৰেও তেখেতে ধাৰাবাহিক 'আলিফ লেইলা' আৰু 'ছাই বাবা' নিৰ্মাণ কৰে।[11]

২০১৯ চনৰ ডিচেম্বৰত তেওঁৰ পুত্ৰ প্ৰেম সাগৰে পিতৃৰ জীৱন-আধাৰিত গ্ৰন্থ 'An Epic Life: Ramanand Sagar, From Barsaat to Ramayan' প্ৰকাশ কৰে। আত্মজীৱনীখনত তেওঁৰ জীৱনৰ সংগ্ৰাম, উত্থানৰ কাহিনী সবিস্তাৰে বৰ্ণিত হৈছে।[12][13]

বঁটা-সন্মান

[সম্পাদনা কৰক]
  • পদ্মশ্ৰী, ২০০০ চনত
  • শ্ৰেষ্ঠ সংলাপকাৰৰ ফিল্মফেয়াৰ বঁটা, ১৯৬০ চনত (পেইগাম ছবিৰ বাবে)
  • শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা, ১৯৬৯ চনত (আঁখে ছবিৰ বাবে)

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
বৰ্ষশিৰোনামছবি/ধাৰাবাহিকদায়িত্বটোকা
২০০৫Sai BabaTV seriesDirector
১৯৯৩Alif LailaTV SeriesDirector
১৯৯২KrishnaTV seriesDirector
১৯৮৮-৮৯Luv KushTV seriesDirector
১৯৮৬বিক্ৰম ঔৰ বেতালTV seriesDirector
Producer
১৯৮৭-৮৮ৰামায়ণTV seriesDirector
Producer
Writer
১৯৮৫SalmaFilmDirector
Producer
১৯৮৩RomanceFilmDirector
Producer
১৯৮২BagawatFilmDirector
Producer
১৯৮১ArmaanFilmProducer
১৯৭৯Hum Tere Ashiq HainFilmDialogue writer
Screenplay writer
১৯৭৯Prem BandhanFilmDirector
১৯৭৬CharasFilmDirector
Producer
Writer
১৯৭৩Jalte BadanFilmDirector
Producer
Writer
১৯৭২LalkaarFilmDirector
Producer
Writer
১৯৭০GeetFilmDirector
Producer
১৯৬৮AankhenFilmDirector
Producer
Writer
১৯৬৫ArzooFilmDirector
Producer
Writer
১৯৬৪ZindagiFilmDirector
Producer
১৯৬৪RajkumarFilmDialogue writer
Screenplay writer
১৯৬০GhunghatFilmDirector
১৯৫৯PaighamFilmDialogue writer
১৯৫৮Raj TilakFilmWriter
Dialogue writer
১৯৫৬Mem SahibFilmDialogue writer
১৯৫৪BazoobandFilmDirector
১৯৫২SangdilFilmDialogue writer
Screenplay writer
১৯৫৩MehmaanFilmDirector
১৯৫০Jan PahchanFilmDialogue writer
Screenplay writer
১৯৪৯BarsaatFilmWriter
Dialogue writer
Screenplay writer

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Ramanand Sagar (Indian filmmaker)". Britannica Online Encyclopedia. http://www.britannica.com/EBchecked/topic/1115746/Ramanand-Sagar আহৰণ কৰা হৈছে: 13 September 2017.
  2. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 19 October 2017. https://web.archive.org/web/20171019215108/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 13 September 2017.
  3. 1 2 3 "Early Life". Sagartv.com. Archived from the original on 26 April 2012. https://web.archive.org/web/20120426081803/http://www.sagartv.com/time-line.htm আহৰণ কৰা হৈছে: 29 December 2011.
  4. "Film Making". Sagartv.com. Archived from the original on 26 April 2012. https://web.archive.org/web/20120426081849/http://www.sagartv.com/film-making.htm আহৰণ কৰা হৈছে: 29 December 2011.
  5. "Shashi Kapoor". Junglee.org.in. Archived from the original on 24 November 2010. https://web.archive.org/web/20101124104135/http://junglee.org.in/shashik.html আহৰণ কৰা হৈছে: 13 September 2017.
  6. Anuj Kumar (25 July 2012). "Familiar turn". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/familiar-turn/article3680371.ece আহৰণ কৰা হৈছে: 7 May 2013.
  7. https://www.imdb.com/title/tt0053152/
  8. "Top Earners 1960–1969". Box Office India. Archived from the original on 3 January 2012. https://web.archive.org/web/20120103120747/http://www.boxofficeindia.com/showProd.php?itemCat=123&catName=MTk2MC0xOTY5 আহৰণ কৰা হৈছে: 30 December 2011.
  9. Lutgendorf, Philip (1991). The Life of a Text: Performing the Ramcharitmanas of Tulsidas. প্ৰকাশক Berkeley, California: University of California Press. পৃষ্ঠা. 12. ISBN 0-520-06690-1.
  10. "Ramayan – Block Buster in the History of Indian Television". Archived from the original on 19 February 2012. https://web.archive.org/web/20120219000747/http://www.sagartv.com/ramayan.htm আহৰণ কৰা হৈছে: 30 December 2011.
  11. https://english.newstracklive.com/news/when-ramanand-sagar-repeated-his-actors-in-his-show-ramayan-luv-kush-vikram-aur-betaal-krishna-sc90-nu904-ta904-ta277-1090295-1.html
  12. "Life and times of Ramanand Sagar" (en ভাষাত). The Week. Archived from the original on 30 December 2020. https://web.archive.org/web/20201230051343/https://www.theweek.in/review/books/2019/12/20/life-and-times-of-ramanand-sagar.html আহৰণ কৰা হৈছে: 31 March 2020.
  13. "A son’s tribute, with a pinch of realism" (en ভাষাত). Archived from the original on 30 December 2020. https://web.archive.org/web/20201230051356/https://www.tribuneindia.com/news/reviews/story/a-son%E2%80%99s-tribute-with-a-pinch-of-realism-18652 আহৰণ কৰা হৈছে: 31 March 2020.