১২ ডিচেম্বৰ
Jump to navigation
Jump to search
১২ ডিচেম্বৰ (ইংৰাজী: 12 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৬ তম (অধিবৰ্ষত ৩৪৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়।
- ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
- ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল।
- ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকৰৰ জন্ম হৈছিল ৷
- ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ ৰজনীকান্তৰ জন্ম হয় ৷
- ১৯৪৮ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াক নৱ ৰাষ্ট্ৰৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে ৷
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ‘১২ ডিচেম্বৰ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|