৮ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
৮ জুলাই (ইংৰাজী: 8 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৯তম (অধিবৰ্ষত ১৯০তম) দিন। বছৰ শেষ হ'বলৈ ১৭৬ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৯২৭ চনৰ আজিৰ দিনটোতে এজন মহান অসমীয়া সাহিত্যিক, সাংবাদিক , শিক্ষাবিদ আমাৰ মাজত মহাৰথী ৰূপে পৰিচিত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল শিৱসাগৰৰ আমগুৰি মৌজাৰ জালুকগাঁৱত।
- ১৯২৮ চনৰ আজিৰ দিনত সত্ৰীয়া নৃত্যশিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হয়।
- পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী ৰাছিয়ান বিজ্ঞানী কপিটজাৰৰ জন্ম হৈছিল ১৮৯৪ বৰ্ষৰ আজিৰ দিনটোতে।
- ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক, ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক সৌৰভ চণ্ডীদাস গঙ্গোপাধ্যায় (চমুকৈ - সৌৰভ গাঙ্গুলি)ৰ জন্ম হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে, কলকাতাত।
মৃত্যু[সম্পাদনা কৰক]
- বিশিষ্ট অভিনেতা শিল্পী তথা আবৃত্তিকাৰ ঈশান বৰুৱাৰ মৃত্যু হয় ২০০৬ বৰ্ষৰ আজিৰ দিনটোতে।
- ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ মৃত্যু হয়। এখেত ভাৰতবৰ্ষৰ নৱম গৰাকী প্ৰধানমন্ত্ৰী আছিল। ১০ নৱেম্বৰ ১৯৯০ তাৰিখৰ পৰা ২১ জুন ১৯৯১ তাৰিখলৈ তেখেতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিবাহ কৰিছিল।
- ১৬৯৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ মৃত্যু হয়। হাইজেন্সে ১৬৫৭ চনত প্ৰথম পেণ্ডুলাম ঘড়ী সাজি উলিয়ায়।
- ৰোমাণ্টিক কবি শ্বেলীৰ মৃত্যু হয় ১৮২২ চনৰ আজিৰ দিনটোতে।
অনান্য[সম্পাদনা কৰক]
- ২০১২ চনৰ আজিৰ দিনটোতে অসমৰ ভয়াবহ বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অসমলৈ ২২৮৩.১৪ কোটি টকা বান সাহায্য প্ৰদান কৰে ॥
- ২০০৪ চনত কেন্দ্ৰত পুনৰ ইউপিএ চৰকাৰে ক্ষমতা লাভ কৰাৰ পিছত প্ৰথমবাৰ কেন্দ্ৰীয় সাধাৰণ বাজেট উত্থাপন কৰে ২০০৪ চনৰ আজিৰ দিনটোতে।
- বিশ্বৰ সৰ্বববৃহৎ কৃত্ৰিম বান্ধ তথা পঞ্জাবৰ ভাংক্ৰা নাংগল জলবিদ্যুৎ প্ৰকল্প তৎকালীন ভাৱে মুকলি হয় ১৯৫৪ চনৰ আজিৰ দিনটোতে।
- সৌৰশক্তিৰে চালিত প্ৰথমখন বিমান ‘‘ছানছিকাৰ’’এ প্ৰথমটো উৰণ সম্পন্ন কৰিছিল ১৯৯০ চনৰ আজিৰ দিনটোতে। বিমানখন নিৰ্মাণ কৰা হৈছিল কেলিফ’ৰ্ণিয়াত আৰু ইয়াৰ ওজন আছিল ৩ কুইণ্টল ৮০কিঃগ্ৰাঃ।
- ২০০৩ চনৰ আজিৰ দিনটোতে ছুডানত সংঘটিত এক ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰায় ১১৬ জন যাত্ৰী নিহত হয়।
- বিশ্বৰ প্ৰসিদ্ধ সংবাদ-পত্ৰ ‘ৱাল ষ্ট্ৰীল জাৰ্নেল’ প্ৰকাশিত হয় ১৮৮৯ চনৰ আজিৰ দিনটোতে।
- ২০১১ চনৰ আজিৰ দিনটোতে পাকিস্তানী তালিবাণীক নিষিদ্ধ ঘোষণা কৰিলে কানাডাই।
- ২০১২ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান মুজাহিদীনক ইংলেণ্ডে নিষিদ্ধ ঘোষণা কৰে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৮ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|