১২ অক্টোবৰ
Jump to navigation
Jump to search
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২১ |
১২ অক্টোবৰ (ইংৰাজী: 12 October) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৫ তম (অধিবৰ্ষত ২৮৬ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ৮১টা দিন বাকী থাকে।
ঘটনা[সম্পাদনা কৰক]
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
- ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।
- ১৯৬৭ চনৰ আজিৰ দিনটোতে সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হয়।
- ১৯৯৭ চনৰ আজিৰ দিনটোতে দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্লেপ্তাৰ কৰা হয়।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
- ১৯৮৬ চনৰ আজিৰ দিনটোতে মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।
- ১৯৯০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে পাকিস্তানত সামৰিক শাসন আৰম্ভ হয়। পাৰভেজ মুছৰফৰ ক্ষমতা দখল। নৱাব শ্বৰীফ গৃহবন্দী হয়।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত ১২ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল।
|