২ ডিচেম্বৰ
Jump to navigation
Jump to search
২ ডিচেম্বৰ (ইংৰাজী: 2 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৬ তম (অধিবৰ্ষত ৩৩৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- আজি অসম দিৱস বা চুকাফা দিৱস। আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰি আহিছে।
- অসমীয়া ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।
- ২০০১ চনৰ আজিৰ দিনটোতে সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়।
- ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত সীমান্ত সুৰক্ষা বাহিনী (চমুকৈ বি. এছ. এফ.) গঠন হয়।
- প্ৰসিদ্ধ বঙালী ঔপন্যাসিক বিমল মিত্ৰৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে। চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
- ১৯৮৮ চনৰ আজিৰ দিনটোতে বেনাজিৰ ভূট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
- ১৮০৪ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একচ্ছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয়।
- কাৰ্ল মাৰ্ক্সৰ পত্নী জেনী মাৰ্ক্সৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে।
- ফণী শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত 'ছাৰ্টিফিকেট অব মেৰিট' লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|