১১ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

১১ জানুৱাৰী (ইংৰাজী: 11 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৪ টা দিন (অধিবৰ্ষত ৩৫৫টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৬৯৩ - ইটালীৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ ।
  • ১৮৭৯ - দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত ।

জন্ম[সম্পাদনা কৰক]

  • ১৭৯৩ - চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ, ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
  • ১৮৪২ - উইলিয়াম জেম্‌ছ, আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
  • ১৯৫৪ - কৈলাস সত্যাৰ্থী, শান্তিৰ ন'বেল বঁটা বিজয়ী ভাৰতীয় শিশু অধিকাৰ কৰ্মী।
  • ১৯৬২ - তপন দাস, অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।
  • ১৯৬৪ - বেঞ্জামিন লিষ্ট, জাৰ্মান ৰসায়নবিদ আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছৰ সঞ্চালক।
  • ১৯৭৩ - ৰাহুল দ্ৰাবিড়, “দ্য ৱাল” নামে খ্যাত ভাৰতীয় ক্ৰীকেট দলৰ প্ৰাক্তন অধিনায়ক।
  • ১৯৯১ - শ্বেতা বাসু প্ৰসাদ, ভাৰতীয় কথাছবিৰ অভিনেত্ৰী।
  • ১৯৯২ - ফাটিমা ছানা শ্বেইখ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯৬ - মনীষ কৌশিক, ভাৰতীয় বক্সাৰ।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]