সমললৈ যাওক

ফাটিমা ছানা শ্বেইখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফাতিমা ছানা শ্বেইখ

২০২০ চনত ফাটিমা
জন্ম ১১ জানুৱাৰী, ১৯৯২ (৩৪ বছৰ)[1]
হায়দৰাবাদ,[2] অন্ধ্ৰপ্ৰদেশ (বৰ্তমানৰ টেলেংগানা), ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৭-বৰ্তমান

ফাটিমা ছানা শ্বেইখ (ইংৰাজী: Fatima Sana Shaikh; জন্ম: ১১ জানুৱাৰী ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফাটিমাক জনা যায়। চলচ্চিত্ৰৰ উপৰি তেখেতে দূৰদৰ্শনৰ পৰ্দাতো অভিনয় কৰিছে।[3][4] ফাটিমাই 'ছাছী ৪২০' আৰু 'ওৱান টু কা ফ'ৰ' নামৰ হিন্দী ছবি দুখনত শিশু শিল্পী হিচাপে ভূমুকি মাৰিছিল।[5] বছৰদিয়েকৰ পাছত, ফাটিমাই ভাৰতীয় ড্ৰামা ছবি 'টাহান'ত জয়া নামৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বাবে ফাটিমাই ২০০৯ চনত জাৰ্মানীৰ ষ্টাটগাৰ্টত অনুষ্ঠিত 'বলিউড এণ্ড বেয়ণ্ড' অনুষ্ঠানত 'The German Star of India award' সন্মান লাভ কৰিবলৈ সক্ষম হয়।[6] ২০১৬ চনত তেখেতে ভাৰতীয় ক্ৰীড়াভিত্তিক ড্ৰামা ছবি 'দংগল'ত ভাৰতীয় ফ্ৰিষ্টাইল মল্লযুঁজাৰু গীতা ফোগাতৰ চৰিত্ৰটি ৰূপায়ণ কৰে। ছবিখন বেইজিং আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ আৰু দ্বিতীয় ব্ৰিকছ সন্মিলনীত প্ৰদৰ্শিত হৈছিল।[7] পৰৱৰ্তী সময়ত ফাটিমাই ভাৰতীয় একছন-এডভেন্সাৰ ছবি 'থাগছ্ অৱ হিন্দুস্তান'ত জাফিৰা বেইগ নামৰ যুঁজাৰু-ধনুৰ্বিদৰ ভূমিকাত অৱতীৰ্ণ হয়।[8] তামিল ভাষাৰ ছবি 'আৰুভি'ৰ হিন্দী ৰিমেকত ফাটিমাই অভিনয় কৰিব। ছবিখন এপ্লিউছ এণ্টাৰটেইনমেণ্টে প্ৰযোজনা কৰিছে।[9]

সংক্ষিপ্ত জীৱন

[সম্পাদনা কৰক]

ফাটিমাৰ জন্ম হৈছিল হায়দৰাবাদত কিন্তু তেখেতে প্ৰতিপালিত হয় মুম্বাইত।[2] তেখেতৰ মাতৃ ৰাজ টবচ্ছুম শ্ৰীনগৰৰ জীৰয়ী আৰু পিতৃ বিপিন শৰ্মা জম্মুৰ।[2] 'কুইণ্ট'ৰ লগত সম্পন্ন হোৱা এটা বিশেষ সাক্ষাৎকাৰত ফাটিমাই প্ৰকাশ কৰিছে যে- তেখেতৰ পিতৃ বিপিন শৰ্মা এগৰাকী হিন্দু, আনহাতে মাতৃ মুছলমান সম্প্ৰদায়ৰ। ফাটিমাই নিজকে নাস্তিক বুলি গণ্য কৰে।[10] ফাটিমাই মুম্বাইস্থিত ছেইণ্ট জেভিয়াৰ্ছ হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰে আৰু পৰৱৰ্তী সময়ত মুম্বাইৰ মিথিভাই কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ফাটিমাৰ হবি হৈছে নৃত্য, পঢ়া, অংকন আৰু ফটোগ্ৰাফী।[11]

১৯৯৭ চনত মুক্তি লাভ কৰা ছবি 'ছাছি ৪২০'ৰ জৰিয়তে ফাটিমাই পৰ্দাত পোনপ্ৰথমবাৰৰ বাবে ভূমুকি মাৰিছিল। সেইখন ছবিত অভিনয় কৰিছিল কমল হাছানে। আনহাতে ফাটিমা অৱতীৰ্ণ হৈছিল শিশু শিল্পীৰ চৰিত্ৰত। চৰিত্ৰটোৰ নাম আছিল ভাৰতী, জয়প্ৰকাশ পাছোৱান আৰু জানকী পাছোৱানৰ জীয়ৰী। ১৯৯৭ চনৰ পৰা অভিনয় কৰি থকা সত্ত্বেও তেখেতে আমিৰ খান অভিনীত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি 'দংগল'ৰ জৰিয়তে সুখ্যাতি আৰু সুনাম অৰ্জন কৰে। নিতেশ তিৱাৰীয়ে পৰিচালনা কৰা ছবিখনত আনগৰাকী নৱাগতা ছানয়া মালহোত্ৰায়েও অভিনয় কৰিছিল। ২০১৫ চনৰ প্ৰাৰম্ভিক সময়ত, ফাটিমাই অভিনয়ৰ পৰিৱৰ্তে ছিনেমেটোগ্ৰাফীত কেৰিয়াৰ গঢ়াৰ পৰিকল্পনা কৰিছিল। কিয়নো তিনিটা বছৰ তেখেত কৰ্মহীনভাৱে কটাবলগীয়া হৈছিল। কিন্তু ২০১৫ চনৰ এপ্ৰিল মাহত তেখেতে দংগলৰ বাবে অদিশ্যন দিয়ে আৰু ৬টা ৰাউণ্ডৰ পিছত ছবিখনৰ বাবে নিৰ্বাচিত হয়।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Fatima Sana Shaikh: Lesser known facts about the actress". TOIThe Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/fatima-sana-shaikh-lesser-known-facts-about-the-actress/fatima-sana-shaikh-lesser-known-facts-about-the-actress/photostory/63514447.cms আহৰণ কৰা হৈছে: 17 April 2019.
  2. 1 2 3 "I am an atheist, I believe in karma: actress Fatima Sana Shaikh" (en-GB ভাষাত). The Siasat Daily. 2020-10-29. https://www.siasat.com/i-am-an-atheist-i-believe-in-karma-actress-fatima-sana-shaikh-2010429/ আহৰণ কৰা হৈছে: 2020-11-22.
  3. "Meet Aamir Khan's wrestler daughters". Mumbai Mirror. https://mumbaimirror.indiatimes.com/entertainment/bollywood/Meet-Aamir-Khans-wrestler-daughters/articleshow/47007245.cms আহৰণ কৰা হৈছে: 31 March 2019.
  4. "Fatima Sana Shaikh: Lesser known facts about the actress". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/fatima-sana-shaikh-lesser-known-facts-about-the-actress/side-characters-in-films/photostory/63514427.cms আহৰণ কৰা হৈছে: 17 April 2019.
  5. DelhiApril 3, Samrudhi Ghosh New; April 3, 2019UPDATED; Ist, 2019 21:36. "Fatima Sana Shaikh on her #MeToo story: It happened when I was very young". India Today. https://www.indiatoday.in/movies/celebrities/story/fatima-sana-shaikh-on-her-metoo-story-it-happened-when-i-was-very-young-1493060-2019-04-03 আহৰণ কৰা হৈছে: 19 August 2019.
  6. "Tahaan won The German Star Of India award, 2009". Archived 6 June 2011 at the Wayback Machine Hindustan Times
  7. Aneja, Atul (25 June 2017). "China's 'Dangal' mega-success echoes at second BRICS film festival". The Hindu. https://www.thehindu.com/news/international/chinas-dangal-mega-success-echoes-at-second-brics-film-festival/article19144747.ece.
  8. "Thugs of Hindostan Movie Review: Bloated And Tacky Despite Amitabh Bachchan Plus Aamir Khan". Ndtv.com. https://www.ndtv.com/entertainment/thugs-of-hindostan-movie-review-bloated-and-tacky-despite-amitabh-bachchan-plus-aamir-khan-2-5-stars-1944309 আহৰণ কৰা হৈছে: 8 November 2018.
  9. "Fatima Sana Shaikh gearing up for remake of this Tamil superhit film". Mid Day. 6 March 2021. https://www.mid-day.com/entertainment/bollywood-news/article/fatima-sana-shaikh-gearing-up-for-remake-of-this-tamil-superhit-film-23162327 আহৰণ কৰা হৈছে: 6 March 2021.
  10. Interview With Fatima Sana Shaikh for 'Suraj Pe Mangal Bhaari' And 'Ludo' | The Quint. The Quint. 27 October 2020. Event occurs at 08:55. Retrieved 23 February 2021. I am an atheist. I have a mother who is Muslim, I have a father who is Hindu. My brother and myself, we are atheist. We do not follow any religion, we do not follow any god.
  11. 1 2 "Fatima". IMDB. https://www.imdb.com/name/nm0760778/bio?ref_=nm_ov_bio_sm আহৰণ কৰা হৈছে: 7 March 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]