সমললৈ যাওক

তেলংগানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টেলেংগানাৰ পৰা পুনঃনিৰ্দেশিত)
তেলঙ্গানা
Telangana
తెల౦గాణ
تلنگانہ
তেলঙ্গানা  Telangana 
తెల౦గాణ تلنگانہ‎ৰ আনুষ্ঠানিক প্ৰতীক
ভাৰতত তেলঙ্গানাৰ অৱস্থান
ভাৰতত তেলঙ্গানাৰ অৱস্থান
দেশ  ভাৰত
অঞ্চল দক্ষিণ ভাৰত
প্ৰতিষ্ঠা ২ জুন ২০১৪
ৰাজধানী হায়দৰাবাদ
বৃহত্তম নগৰ হায়দৰাবাদ
জিলা ১০
চৰকাৰ
  ৰাজ্যপাল ই এচ এল নৰসিমহান
  মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও(TRS)
  বিধানসভা দ্বি-সদনীয় (১১৯+৪০ খন আসন)
  লোক সভা সমষ্টি ১৭
  উচ্চ ন্যায়ালয় তেলঙ্গানা উচ্চ ন্যায়ালয়
কালি
  মুঠ
১,১৪,৮৪০ বৰ্গকিমি (৪৪,৩৪০ বৰ্গমাইল)
  স্থান দ্বাদশ
জনসংখ্যা
 (২০১১)
  মুঠ
৩,৫২,৮৬,৭৫৭
  স্থান দ্বাদশ
  ঘনত্ব ৩১০/বৰ্গকিমি (৮০০/বৰ্গমাইল)

তেলঙ্গানা (তেলেগু: తెలంగాణ, উৰ্দু: تلنگانہ; /ˌtɛlənˈɡɑːnə/ ( শুনক)) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ (মেডাক আৰু ৱাৰাংগাল মহকুমা) অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছিল। ১৯৫৬ চনত হায়দৰাবাদ ৰাজ্যখন ভংগ কৰি ইয়াক অন্ধ্ৰপ্ৰদেশৰ লগত অন্তৰ্ভুক্ত কৰি অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন সৃষ্টি কৰা হয়। ২০১৪ চনৰ ২ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ দহখন জিলা লগলগাই ভাৰতৰ ২৯তম ৰাজ্য তেলঙ্গানা গঠন কৰা হয়।[1] হায়দৰাবাদ চহৰখন অহা ১০ বছৰলৈ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যৰে উমৈহতীয়া ৰাজধানী হৈ থাকিব।[2]

তেলঙ্গানাৰ চৰিসীমাত উত্তৰ আৰু উত্তৰ-পশ্চিমত মহাৰাষ্ট্ৰ, পশ্চিমত কৰ্ণাটক, উত্তৰ পূৱত ছত্তীছগঢ় আৰু দক্ষিণ-পূৱত অন্ধ্ৰ প্ৰদেশ অৱস্থিত। ২০১১ চনৰ লোকপিয়ল মতে তেলঙ্গানাৰ জনসংখ্যা হৈছে ৩৫,২৮৬,৭৫৭ জন আৰু ইয়াৰ মাটিকালি ১১৪৮৪০ বৰ্গ কিঃমিঃ।[3] হায়দৰাবাদ, ৱাৰাংগাল, কৰিমনগৰ আৰু নিজামাবাদ হৈছে ৰাজ্যখনৰ চাৰিখন আটাইতকৈ ডাঙৰ চহৰ।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

তেলঙ্গানা শব্দটো তেলুগু শব্দৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে। তেলুগু ভাষাত তেলুগু শব্দৰ অৰ্থ হ'ল তেলুগু ভাষী লোক বসবাস কৰা অঞ্চল। এক প্ৰবাদমতে তেলুগুৰ উৎপত্তি হৈছে ত্ৰিলিংগ বা ত্ৰিলিংগ দেশ যাৰ অৰ্থ হ'ল তিনি লিংগৰ দেশ। হিন্দু মতবাদ মতে ভগৱান শিৱই তেলেংগানাক আৱৰি থকা তিনিখন পৰ্বত ক্ৰমে কালেশ্বৰম, শ্ৰীচাইলাম আৰু দ্ৰক্ষৰামাত লিংগ হিচাপে নামি আহিছিল, সেইকাৰণে নাম হৈছিল ত্ৰিলিংগ। তাৰ পৰা অপভ্ৰংশ হৈ থেলিংগা, তেলুংগা আৰু তেলুগু হ'ল।[4][5]

অতীতৰ হায়দৰাবাদ ৰাজ্যৰ মাৰাঠী ভাষী অধ্যুষিত অঞ্চল মাৰাঠাৱাডাৰ পৰা তেলুগু ভাষী অধ্যুষিত অঞ্চলটো পৃথককৈ বুজাবলৈ এই তেলঙ্গানা শব্দটো ব্যৱহাৰ কৰা হৈছিল।[6]

তেলঙ্গানা শব্দৰ প্ৰাচীনতম উল্লেখ পোৱা যায় মালিক মকবুলৰ (Malik Maqbul) নামত। তেওঁক তিলাংগিনী বোলা হৈছিল, অৰ্থাৎ তেওঁ তিলাংগানা অঞ্চলৰ লোক আছিল। তেওঁ এক হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ নাম আছিল যুগন্ধৰ। যুগন্ধৰ ৱাৰাংগাল (Warangal Fort) দুৰ্গৰ সেনানায়ক আছিল।[7]

প্ৰাচীন যুগ

[সম্পাদনা কৰক]

প্ৰাচীনভাৰতৰ ১৬খন জনপদৰ ভিতৰত অন্যতম অস্মক জনপদৰ (Assakajanapada) ৰাজধানী আছিল কৰিমনগৰৰ কোটিলিংগালা। এই অঞ্চলত প্ৰাক-সাতবাহন ৰজাসকলে প্ৰচলন কৰা মুদ্ৰা পোৱা গৈছে। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা চিমুখ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলে প্ৰৱৰ্তন কৰা তাম্ৰমুদ্ৰাও ইয়াত পোৱা গৈছে।[8]

খ্ৰীষ্টপুৰ্ব ২৩০ ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ সাতবাহন ৰাজবংশ এই অঞ্চলৰ প্ৰধান শক্তিলৈ পৰিণত হৈছিল। এই ৰাজবংশৰ উৎস আছিল গোদাবৰী আৰু কৃষ্ণা নদীৰ মধ্যৱৰ্তী অঞ্চল। [উদ্ধৃতিৰ প্ৰয়োজন]

সাতবাহন সকলৰ পতনৰ পিছত বাকাটক (Vakataka), বিষ্ণুকুণ্ডিয়া (Vishnukundina), চালুক্য (Chalukya), ৰাষ্ট্ৰকুট (Rashtrakuta), আৰু পশ্চিম চালুক্য (Western Chalukya) ৰাজবংশই এই অঞ্চল শাসন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

কাকতীয় ৰাজবংশ

[সম্পাদনা কৰক]

১০৮৩ ৰ পৰা ১৩১৩ খ্ৰীষ্টাব্দ পৰ্যন্ত তেলঙ্গানা অঞ্চল শাসন কৰে কাকতীয় ৰাজবংশ। এই যুগটি তেলঙ্গানাৰ ইতিহাসত স্বৰ্ণযুগ নামে পৰিচিত। ১১৯৯ খ্ৰীষ্টাব্দত সৰ্বশ্ৰেষ্ঠ কাকতীয় ৰজা গণপতিদেৱ ক্ষমতালৈ আহে। সাতবাহন ৰজাসকলৰ পাছত তেঁৱেই প্ৰথমে সমগ্ৰ তেলুগুভাষী অঞ্চলক একক ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেঁৱে তেলুগু চোল ৰাজ্যৰ শাসনৰ অবসান ঘটাইছিল। ১২১০ খ্ৰীষ্টাব্দত তেলুগু চোলসকলে তেওঁৰ সাৰ্বভৌমত্ব মানি লৈছিল। পূৱে গোদাবৰী বদ্বীপৰ পৰা পশ্চিমে ৰায়চুৰ (এতিয়া কৰ্ণাটক ৰাজ্যত) আৰু উত্তৰে কৰিমনগৰ আৰু বস্তাৰৰ (এতিয়া ছত্তিশগড় ৰাজ্যত)পৰা দক্ষিণে শ্ৰীশৈলম আৰু ত্ৰিপুৰান্তকম (ওঙ্গলৰ ওচৰত) পৰ্যন্ত অঞ্চল তেওঁ নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ ৰাজত্বকালতেই গোলকুণ্ডা দুৰ্গ নিৰ্মিত হৈছিল। কাকতীয় ৰাজবংশৰ অন্যান্য উল্লেখযোগ্য শাসকসকল হʼল ৰুদ্ৰামা দেৱী আৰু প্ৰতাপৰুদ্ৰ। ১৩০৯ খ্ৰীষ্টাব্দত মালিক কাফুৰৰ আক্ৰমণৰ পাছত এই ৰাজ্য দুৰ্বল হৈ পৰে। মহম্মদ বিন টোগলকে ১৩২৩ খ্ৰীষ্টাব্দত প্ৰতাপৰুদ্ৰক পৰাজিত কৰাত এই ৰাজবংশৰ পতন ঘটে।

কুতুবশাহী আৰু নিজাম

[সম্পাদনা কৰক]

চতুৰ্দাশ শতাব্দীত তেলঙ্গানা অঞ্চলটি দিল্লীৰ চুলতানৰ অধীনলৈ যায়। ইয়াৰ পিছত ই বাহমনি চুলতানৰ অন্তৰ্ভুক্ত হয়। ১৫১৮ খ্ৰীষ্টাব্দত গোলকুণ্ডৰ শাসনকৰ্তা কুলি কুতুব মুল্কে বাহমানি চুলতানৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰি কুতুবশাহী ৰাজবংশ প্ৰতিষ্ঠা কৰে। সুদীৰ্ঘ এবছৰ গোলকুণ্ডৰ দুৰ্গ অৱৰোধ কৰাৰ পিছত গোলকুণ্ডৰ চুলতান মোগল সম্ৰাট ঔৰংজেৱৰ অধীনলৈ যায়।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Notification" (PDF). The Gazette of India. Government of India. 4 March 2014. http://www.egazette.nic.in/WriteReadData/2014/158365.pdf আহৰণ কৰা হৈছে: 4 March 2014.
  2. "Telangana will be 29th state, Hyderabad to be common capital for 10 years". TThe Times of India. 30 July 2013. Archived from the original on 31 July 2013. http://timesofindia.indiatimes.com/india/Telangana-will-be-29th-state-Hyderabad-to-be-common-capital-for-10-years/articleshow/21490142.cms.
  3. "POPULATION". Govt of Andhra Pradesh. Archived from the original on 16 May 2013. https://web.archive.org/web/20130516221912/http://www.ap.gov.in/Other%20Docs/Population.pdf আহৰণ কৰা হৈছে: 30 May 2014.
  4. History of Kannada language: readership lectures, By R. Narasimhacharya
  5. "A grammar of the Teloogoo language, commonly termed the Gentoo, peculiar to the Hindoos inhabiting the north eastern provinces of the Indian peninsula(page iii)". Alexander Duncan Campbell. Sashachellum, 1816. http://books.google.com/books?id=PubopwMmteIC&lpg=PR3&ots=KOYt98TTXz&pg=PR3#v=onepage&q&f=false আহৰণ কৰা হৈছে: 10 October 2012.
  6. "India Today Encyclopedia, An encyclopedia of life in the republic, Vol 1". Arnold P Kaminsky. Library of Congress Cataloging-in-Publication data. http://books.google.com/books?id=wWDnTWrz4O8C&pg=PA684&dq=word+Telangana&hl=en&sa=X&ei=EjAUUvXyKsemygG5lYDIDg&ved=0CDMQ6AEwAQ#v=onepage&q=word%20Telangana&f=false.
  7. Sri Marana Markandeya Puranamu, ed. G. V. Subrahmanyam, 1984, Andhra Pradesh Sahitya Academy, Hyderabad.
  8. "Antiquities unearthed at Kotilingala". The Hindu. http://www.hindu.com/2011/03/26/stories/2011032665300500.htm আহৰণ কৰা হৈছে: 17 January 2013.
  9. Richards, J. F. (1975). "The Hyderabad Karnatik, 1687–1707". Modern Asian Studies (Cambridge University Press) খণ্ড 9 (2): 241–260. doi:10.1017/S0026749X00004996. http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=2626396 আহৰণ কৰা হৈছে: 20 April 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]