চাৰমিনাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰমিনাৰ

আকাশমাৰ্গৰ পৰা দেখা পোৱা চাৰমিনাৰৰ সৌন্দৰ্য

সাধাৰণ তথ্য
স্থান হাইদৰাবাদ, তেলেংগানা, ভাৰত
ভৌগোলিক স্থানাংক 17°21′42″N 78°28′29″E / 17.36163°N 78.47467°E / 17.36163; 78.47467স্থানাংক: 17°21′42″N 78°28′29″E / 17.36163°N 78.47467°E / 17.36163; 78.47467
ধৰ্মীয় আনুগত্য ইছলাম
ৰাজ্য তেলেংগানা
জিলা হাইদৰাবাদ
পৌৰসভা জি এইচ এম চি
অভিষেক বৰ্ষ ১৫৯১ (৪৩২ বছৰ  আগতে) (1591)
ঐতিহ্য বিৱৰণ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্মাৰক
স্থপতিবিদ মিৰ মমিন অষ্টৰাবাদি (Mir Momin Astarabadi)[1][2]
স্থাপত্য শৈলী ইণ্ডো-ইছলামিক স্থাপত্য
প্ৰতিষ্ঠাতা মহম্মদ কুলি কুটুব ছাহ (Muhammad Quli Qutb Shah)
উচ্চতা (অধিক) ৫৬ মিটাৰ (184 ফুট)
মিনাৰ চাৰি
মিনাৰৰ উচ্চতা ৪৮.৭ মিটাৰ (160 ফুট)
নিৰ্মাণ সামগ্ৰী গ্ৰেণাইট, চূণশিল, মৰ্টাৰ আৰু মাৰ্বল

চাৰমিনাৰ (lit.'চাৰি মিনাৰ',ইংৰাজী: Charminar) হৈছে ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদত অৱস্থিত এটা স্মাৰক। ১৫৯১ চনত নিৰ্মাণ কৰা এই সীমাচিহ্ন বা লেণ্ডমাৰ্কটো হায়দৰাবাদৰ প্ৰতীক চিহ্ন আৰু আনুষ্ঠানিকভাৱে ইয়াক তেলেংগানাৰ প্ৰতীক ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে।[3] চাৰমিনাৰৰ দীঘলীয়া ইতিহাসত, ইয়াৰ ওপৰ মহলাত ৪২৫ বছৰতকৈও বেছি পুৰণি এটি মস্কোৰ অৱস্থিতিৰ উল্লেখ আছে। ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্ব বহন কৰাৰ লগতে এই ঐতিহ্য চিহ্নটো ইয়াৰ চাৰিওফালে থকা জনপ্ৰিয়, ব্যস্ত স্থানীয় বজাৰ সমূহৰ বাবেও জনাজাত আৰু ই হায়দৰাবাদৰ সঘনাই পৰ্যবেক্ষন কৰা পৰ্যটনথলী ৰূপে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চহৰখনৰ মুখ্য মছজিদ মক্কা মছজিদৰ ওচৰতে থকাৰ বাবে চাৰমিনাৰ ঈদ-উল-আধা, ঈদ-অল-ফিতৰ[4]আদি অসংখ্য উৎসৱ উদযাপনৰ স্থান ৰূপেও পৰিগণিত হৈছে।

চাৰমিনাৰ মুচি নদীৰ পূব পাৰত অৱস্থিত।[5] পশ্চিমে লাৰ বজাৰ আৰু দক্ষিণ-পশ্চিমে সমৃদ্ধভাৱে অলংকৃত গ্ৰেনাইটৰ মক্কা মছজিদ অৱস্থিত। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা প্ৰস্তুত কৰা স্মাৰকসমূহৰ চৰকাৰী তালিকাত এক পুৰাতাত্ত্বিক আৰু স্থাপত্য সম্পদ হিচাপে চাৰমিনাৰক তালিকাভুক্ত কৰা হৈছে।[6]ইংৰাজী নামটো হৈছে উৰ্দু শব্দ chār আৰু minar বা meenarৰ অনুবাদ আৰু সংমিশ্ৰণ অৰ্থাৎ চাৰিটা স্তম্ভ।[7]

বুৰঞ্জী[সম্পাদনা কৰক]

কুতুব শ্বাহি ৰাজবংশৰ পঞ্চম শাসক মহম্মদ কুলি কুটুব ছাহে ১৫৯১ চনত গোলকোণ্ডাৰ পৰা নৱগঠিত হায়দৰাবাদ চহৰলৈ ৰাজধানী স্থানান্তৰ কৰাৰ পিছত চাৰমিনাৰ নিৰ্মাণ কৰিছিল। এই ঐতিহ্যক্ষেত্ৰৰ বৰ্তমানৰ তত্ত্বাৱধায়ক ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে ইয়াৰ ৰেকৰ্ডত উল্লেখ কৰিছে যে, চাৰমিনাৰ কি উদ্দেশ্যৰ বাবে নিৰ্মাণ কৰা হৈছিল সেই সন্দৰ্ভত বিভিন্ন তত্ত্ব আছে। অৱশ্যে, এইটো সৰ্বজনভাৱে স্বীকৃত যে, সেই সময়ত ব্যাপকভাৱে বিয়পি পৰা ‘প্লেগ’ নিৰ্মূলৰ স্মৃতিত চহৰখনৰ কেন্দ্ৰত চাৰমিনাৰ নিৰ্মাণ কৰা হৈছিল।[8][9]সপ্তদশ শতিকাৰ এজন ফৰাচী ভ্ৰমণকাৰী Jean de Thévenot ৰ মতে, দ্বিতীয় ইছলামিক সহস্ৰাব্দ বৰ্ষৰ (১০০০ এএইচ) আগমণৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনৰ উদ্দেশ্যে, ১৫৯১ খ্ৰীষ্টপূৰ্বত চাৰমিনাৰ নিৰ্মাণ কৰা হৈছিল। জিনৰ বৰ্ণনা সমূহ সেই সময়ত উপলব্ধ পাৰ্চী গ্ৰন্থৰ পৰিপূৰক আছিল। এই অনুষ্ঠানটো ইছলামিক পৃথিৱীত দূৰদূৰলৈ উদযাপন কৰা হৈছিল, এনেদৰে কুতুব শ্বাহে অনুষ্ঠানটো উদযাপন কৰিবলৈ আৰু এই ভৱনটো নিৰ্মাণৰ সৈতে ইয়াক স্মৰণ কৰিবলৈ হায়দৰাবাদ চহৰ প্ৰতিষ্ঠা কৰিছিল।[10][11]:17–19

নিৰ্মাণকাৰ্য ১৫৮৯ চনত আৰম্ভ হৈছিল আৰু ৯ লাখ টকা ব্যয়েৰে দুবছৰৰ ভিতৰত সম্পূৰ্ণ হৈছিল, সেই ধনৰাশি প্ৰায় ২ লাখ সোণৰ মুদ্ৰাৰ সমান আছিল। ইয়াৰ ওজন নিম্নতম ৩০ ফুট গভীৰ ভেটিৰ সৈতে প্ৰায় ১৪,০০০ টন বুলি কোৱা হয়। ১৬৭০ চনত পোহৰৰ দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছত এটা মিনাৰ তললৈ পৰি গৈছিল। ইয়াৰ পিছত প্ৰায় ৫৮,০০০ টকা ব্যয়েৰে ইয়াক মেৰামতি কৰা হৈছিল। ১৮২০ চনত, ইয়াৰ কিছু অংশ ছিকন্দৰ ছাহে ২ লাখ টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰিছিল।

চাৰমিনাৰটো ঐতিহাসিক বাণিজ্য পথৰ সংযোগস্থলত নিৰ্মাণ কৰা হৈছিল, যি চহৰখনক বন্দৰ চহৰ মছলিপত্তনমৰ মাজেৰে আন্তৰ্জাতিক বজাৰৰ সৈতে সংযোগ কৰে।[12]:195 পুৰণি হায়দৰাবাদ চহৰখন চাৰমিনাৰক ইয়াৰ কেন্দ্ৰবিন্দু হিচাপে লৈ ডিজাইন কৰা হৈছিল।[13]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Khan, Asif Yar (18 June 2013). "Here sleeps the earliest urban planner". The Hindu. https://www.thehindu.com/news/cities/Hyderabad/here-sleeps-the-earliest-urban-planner/article4827466.ece. 
  2. "Remembering the man behind Charminar's architecture". 5 April 2016. http://www.thehansindia.com/posts/index/Hyderabad-Tab/2016-04-05/Remembering-the-man-behind-Charminars-architecture/218943. 
  3. "Kakatiya arch, Charminar in Telangana state logo". The Deccan Chronicle. 30 May 2014. http://www.deccanchronicle.com/140530/nation-current-affairs/article/kakatiya-arch-charminar-telangana-state-logo। আহৰণ কৰা হৈছে: 1 July 2015. 
  4. "Richard Goslan travels to India - Herald Scotland". Archived from the original on 2010-12-18. https://web.archive.org/web/20101218111918/http://www.heraldscotland.com/life-style/travel-outdoors/richard-goslan-travels-to-india-1.1074175। আহৰণ কৰা হৈছে: 2023-05-08. 
  5. চাৰমিনাৰ সম্পৰ্কে লিখা তথ্য এনচাইক্লপেডিয়া ব্ৰিটেনিকাত পঢ়ক
  6. "Alphabetical List of Monuments - Telangana". Telangana Tourism. https://www.holidify.com/collections/historical-places-in-telangana। আহৰণ কৰা হৈছে: 27 August 2015. 
  7. Charminar: Hyderabad,[সংযোগবিহীন উৎস] Britannica Compton's Encyclopedia
  8. "Ticketed monuments-Telangana". Archaeological Survey of India. 2011. http://asi.nic.in/asi_monu_tktd_ap_charminar.asp। আহৰণ কৰা হৈছে: 19 December 2012. 
  9. "India: Charminar is in fact a madrasa and masjid". IRIB World Service. 18 November 2012. http://english.irib.ir/subcontinent/culture/history/item/85075-india-charminar-is-in-fact-a-madrasa-and-masjid. 
  10. "The Qutb Shahi monuments of Hyderabad-Golconda Fort, Qutb Shahi Tombs, Charminar". UNESCO World Heritage Centre. 10 September 2010. https://whc.unesco.org/en/tentativelists/5573/। আহৰণ কৰা হৈছে: 21 December 2012. 
  11. Bilgrami, Syed Ali Asgar (1992). Landmarks of the Deccan. Asian Educational Services. ISBN 8120605438. 
  12. Gayer, Lauren; Lynton, Christophe Jaffrelot (2011). Muslims in Indian cities: trajectories of marginalisation. Columbia University Press. ISBN 9780231800853. https://books.google.com/books?id=Z7J8ITgtkosC। আহৰণ কৰা হৈছে: 21 December 2012. 
  13. "Mecca Mosque". Encyclopædia Britannica. https://www.britannica.com/EBchecked/topic/371808/Mecca-Mosque। আহৰণ কৰা হৈছে: 3 November 2011.