হাইদৰাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাইদৰাবাদ
హైదరాబాదు
حیدرآباد
—  মহানগৰ  —
ঘড়ীৰ কাটাৰ দিশত বাওঁফালৰ পৰা: ৰমজানৰ নিশা বজাৰৰ সময়ত চাৰমিনাৰ, কুতুব শাহৰ সমাধি, বুদ্ধ মূৰ্তি হুছেইন সাগৰত, ফলকনামা পেলেচ, গাচিবৌলি আৰু বিড়লা মন্দিৰত আকাশৰ ৰেখা
অন্য নাম: চিটি অব পাৰ্লছ
ভাৰতবৰ্ষৰ তেলঙ্গানা ৰাজ্যত হাইদৰাবাদ চহৰৰ অৱস্থান
ভাৰতবৰ্ষৰ তেলঙ্গানা ৰাজ্যত হাইদৰাবাদ চহৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 17°22′N 78°29′E / 17.37°N 78.48°E / 17.37; 78.48স্থানাংক: 17°22′N 78°29′E / 17.37°N 78.48°E / 17.37; 78.48
দেশ  ভাৰত
ৰাজ্য তেলঙ্গানা
অঞ্চল দক্ষিণ ভাৰত, ডেক্কান
জিলা হাইদৰাবাদ, ৰাংগা ৰেড্ডী আৰু মেদক
স্থাপিত ১৫৯১
প্ৰতিষ্ঠাপক মহম্মদ কুলি কুতুব শ্বাহ
চৰকাৰ
 - প্ৰকাৰ Mayor–Council
 - পৰিষদ Greater Hyderabad Municipal Corporation
Hyderabad Metropolitan Development Authority
 - সাংসদ Bandaru Dattatreya, Asaduddin Owaisi, Malla Reddy, and Konda Vishweshwar Reddy
মাটিকালি
 - মহানগৰ ৬৫০ কি.মি. 
(২৫১ বৰ্গ মাইল)
 - মহানগৰ ৭,১০০ কি.মি. 
(২,৭৪১.৩ বৰ্গ মাইল)
উচ্চতা ৫০৫ মিটাৰ (১,৬৫৬.৮২ ফুট)
জনসংখ্যা (২০১১)
 - মহানগৰ ৬৮,০৯,৯৭০ জন
 - স্থান ৬ষ্ঠতম
 - জনঘনত্ব ১০,৪৭৭ প্ৰতি বৰ্গ কি.মি. 
(২৭,১৩৫.৩ প্ৰতি বৰ্গ মাইল)
 - মহানগৰ[1] ৭৭,৪৯,৩৩৪ জন
 - মেট্ৰ' ৰেংক ৬ষ্ঠ জন
বিশেষণ হাইদৰাবাদী
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
Pincode(s) 500 xxx, 501 xxx, 502 xxx, 508 xxx, 509 xxx
অঞ্চল কোড +91–40, 8685, 8413, 8414, 8415, 8417, 8418, 8453, 8455
যানবাহনৰ নম্বৰ TS 09 to TS 14
চৰকাৰী ভাষা তেলুগু, উৰ্দু
ৱেবছাইট www.ghmc.gov.in

হাইদৰাবাদ (তেলেগু: హైదరాబాదు, উৰ্দু: حیدرآباد;[2]) ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ" বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।

অৰ্থনীতি[সম্পাদনা কৰক]

হাইদৰাবাদ ভাৰতৰ অন্যতম তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ। ইয়াত বহুতো বহুজাতিক কোম্পানীৰ কাৰ্য্যালয় অৱস্থিত।

পৰিবহণ[সম্পাদনা কৰক]

স্থলপথ[সম্পাদনা কৰক]

হাইদৰাবাদ ভাৰতৰ বাকী চহৰসমূহৰ লগত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত। প্ৰধান ঘাইপথ সমূহ হৈছে ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, ৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২০২ নং ৰাষ্ট্ৰীয় ঘাইপথ। হাইদৰাবাদৰ প্ৰধান বাছ আস্থান হৈছে মহাত্মা গান্ধী বাছ আস্থান। চহৰখনত ৰাজ্যিক পৰিবহণ নিগমৰ ৪০০০ খনতকৈও অধিক বাছ চলাচল কৰে।

ৰেলপথ[সম্পাদনা কৰক]

চহৰখনৰ প্ৰধান ৰেল যাতায়ত ব্যৱস্থাৰ ভিতৰত মাল্টিমডেল ট্ৰান্সপ'ৰ্ট চিষ্টেম (এম এম টি এছ) উল্লেখযোগ্য। ভাৰতীয় ৰেলদক্ষিণ মধ্য ৰে'লৱে মণ্ডলৰ মুখ্য কাৰ্যালয় হাইদৰাবাদৰ নিকটৱৰ্ত্তী চেকেন্দ্ৰাবাদত অৱস্থিত। চেকেন্দ্ৰাবাদ ৰে'লৱে ষ্টেচন হাইদৰাবাদৰ প্ৰধান ব্যস্ততম আৰু বৃহত্তম ৰে'লৱে ষ্টেচন। ইয়াৰোপৰি আন দুটা প্ৰধান ৰেল ষ্টেচন হৈছে - হাইদৰাবাদ ডেক্কান ৰে'লৱে ষ্টেচন (নামপল্লী) আৰু কাচিগুড়া ৰে'লৱে ষ্টেচন। ২০১৭ চনৰ নৱেম্বৰত হাইদৰাবাদ মেট্ৰ' ৰে'ল সেৱাৰ শুভাৰম্ভ ঘটে। এই ক্ষিপ্ৰ ৰে'লসেৱাই চহৰ খনৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰে।

বিমানপথ[সম্পাদনা কৰক]

হাইদৰাবাদ চহৰৰ পৰা প্ৰায় ২৪ কিঃমিঃ দক্ষিণে অৱস্থিত ছামছাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে চহৰখনৰ প্ৰধান বিমানবন্দৰ। এই বিমানবন্দৰৰ পৰা দেশ তথা বিদেশৰ বিভিন্ন স্থানলৈ দৈনিক যথেষ্ট সংখ্যক বিমান চলাচল কৰে। ই দেশৰ অন্যতম ব্যস্ত বিমানবন্দৰ। পূৰ্বতে বেগমপেট বিমানবন্দৰৰ জৰিয়তে হাইদৰাবাদৰ বিমান সেৱা চলিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3। আহৰণ কৰা হৈছে: 20 August 2015. 
  2. সাঁচ:Lexico

বাহ্যিক সংযোগ[সম্পাদনা কৰক]