দিছপুৰ
দিছপুৰ | |
---|---|
ৰাজধানী চহৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
অঞ্চল | পশ্চিম অসম |
জিলা | কামৰূপ মহানগৰ |
চৰকাৰ | |
• মুখ্যমন্ত্ৰী | তৰুণ গগৈ |
• ৰাজ্যপাল | জানকী বল্লভ পাটনায়ক |
উচ্চতা | 55 m (180 ft) |
দিছপুৰ /dɪsˈpʊər/,(ইংৰাজী: Dispur) অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]মেঘালয় গঠন হোৱাৰ পিছত ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়।
স্বাস্থ্য সেৱা
[সম্পাদনা কৰক]দিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান আছে। সেইবোৰৰ ভিতৰত জি. এন. আৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, দিছপুৰ হস্পিটেল, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম, জি. এন. আৰ. চি. আউটপেইচেন্ট ক্লিনিক আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয় উল্লেখযোগ্য।
যাতায়ত ব্যৱস্থা
[সম্পাদনা কৰক]অসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে।
শিক্ষা
[সম্পাদনা কৰক]দিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
- বিদ্যালয়
- দিছপুৰ উচ্চ মাধ্যমিক বিদ্যালয়
- গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়
- শ্ৰীমন্ত শংকৰ একডেমী
- মহাবিদ্যালয়
- দিছপুৰ আইন মহাবিদ্যালয়
- দিশপুৰ মহাবিদ্যালয়
দিছপুৰ মহাবিদ্যালয় ১৯৭৮ চনত স্থাপিত কৰা হয় আনহাতে দিছপুৰ আইন মহাবিদ্যালয় ১৯৯৩ চনত প্ৰতিষ্ঠা হয়।
ৰাজনীতি
[সম্পাদনা কৰক]দিছপুৰ গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [1]
পৰ্যটনৰ স্থান
[সম্পাদনা কৰক]- শিল্পগ্ৰাম- থলুৱা লোককৃষ্টিৰ কেন্দ্ৰ
- বশিষ্ঠাশ্ৰম দেৱালয়-শিৱ মন্দিৰ
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ- অসমৰ জাতীয় কলা-কৃষ্টিৰ সংগ্ৰহালয়
গুৰুত্বপূৰ্ণ কাৰ্য্যালয়
[সম্পাদনা কৰক]- জনতা ভৱন (অসম সচিবালয়)
- অসম বিধানসভা ভৱন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়
- State Emergency Operations Centre
- নাবাৰ্ড - Assam Regional Office
- গুৱাহাটী চাহ নিলাম কেন্দ্ৰ
- নেডফি
- ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়
- হাউচফেড কমপ্লেক্স
- ভাৰতীয় ষ্টেট বেংক - স্থানীয় মুখ্য কাৰ্য্যালয়, উত্তৰ-পূব মণ্ডল
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত দিছপুৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Dispur News Headlines Archived 2010-05-02 at the Wayback Machine
- About Dispur Archived 2013-06-14 at the Wayback Machine
|