অসমৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১. তিনিচুকীয়া, ২. ডিব্ৰুগড়, ৩. ধেমাজী, ৪. চৰাইদেও, ৫. শিৱসাগৰ, ৬. লখিমপুৰ, ৭. মাজুলী, ৮. যোৰহাট, ৯. বিশ্বনাথ, ১০. গোলাঘাট, ১১. কাৰ্বি আংলং, ১২. শোণিতপুৰ, ১৩. নগাঁও, ১৪. হোজাই, ১৫. কাৰ্বি আংলং পশ্চিম, ১৬. ডিমা হাচাও, ১৭. কাছাৰ, ১৮. হাইলাকান্দি, ১৯. কৰিমগঞ্জ ২০. মৰিগাঁও, ২১. ওদালগুৰি, ২২. দৰং, ২৩. কামৰূপ মহানগৰ, ২৪. বাক্সা, ২৫. নলবাৰী, ২৬. কামৰূপ, ২৭. বৰপেটা, ২৮. চিৰাং, ২৯. বঙাইগাঁও, ৩০. গোৱালপাৰা, ৩১. কোক্‌ৰাঝাৰ, ৩২. ধুবুৰী, ৩৩. দক্ষিণ শালমাৰা-মানকাচৰ, ৩৪. বজালী, ৩৫. তামোলপুৰ (২০২২ৰ মতে)

ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা উপায়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে।

বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন। ২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে।[1][2] পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়।

২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল।[3] ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাবজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪খন হ'ল।[4] ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামোলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হয়।[5]

২০২২ চনৰ ৩১ ডিচেম্বৰত অসম কেবিনেটে চাৰিখন নতুনকৈ গঠিত জিলাক বৰ্তমানৰ চাৰিখন জিলাৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লয়।[6] এই জিলাসমূহ আছিল,

  • বাক্সাৰ সৈতে তামোলপুৰ
  • বৰপেটাৰ লগত বজালী
  • নগাঁৱৰ সৈতে হোজাই
  • শোণিতপুৰৰ সৈতে বিশ্বনাথ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ইচিআইৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু চৰকাৰে পুনৰ বিবেচনা কৰাৰ আগতে এইটো এটা অস্থায়ী ব্যৱস্থা।[7] পৰৱৰ্তী সময়ত হোজাই, বিশ্বনাথ, তামুলপুৰ, বজালী জিলাই মৰ্যদা ঘূৰাই পোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।[8]

জিলাসমূহ[সম্পাদনা কৰক]

অসমৰ ৩৫খন জিলা হ'ল:[9]

কোড[10] জিলা সদৰ জনসংখ্যা (২০১১)[11] মাটিকালি (বৰ্গ কিমি) ঘনত্ব (প্ৰতি বৰ্গ কিমি)
UD ওদালগুৰি# ওদালগুৰি ৮৩২,৭৬৯ ১,৬৭৬ ৪৯৭
CA কাছাৰ শিলচৰ ১,৭৩৬,৩১৯ ৩,৭৮৬ ৩৮১
KU কামৰূপ আমিনগাঁও ১,৫১৭,২০২ ৩,১০৫ ৫২০
KM কামৰূপ মহানগৰ গুৱাহাটী ১,২৬০,৪১৯ ৯৫৫ ৮২০
KG কাৰ্বি আংলং ডিফু ৯৬৫,২৮০ ৭,৩৯৯ ৭৮
KJ কোকৰাঝাৰ# কোকৰাঝাৰ ৯৩০,৪০৪ ৩,১২৯ ২৯৭
KR কৰিমগঞ্জ কৰিমগঞ্জ ১,২১৭,০০২ ১,৮০৯ ৫৫৫
GG গোলাঘাট গোলাঘাট ১,০৫৮,৬৭৪ ৩,৫০২ ২৭০
GP গোৱালপাৰা গোৱালপাৰা ১,০০৮,৯৫৯ ১,৮২৪ ৪৫১
CH চিৰাং# কাজলগাঁও ৪৮১,৮১৮ ১,৪৬৮ ৩২৮
CD চৰাইদেউ[12] সোণাৰি[13] ৯৩৯
DI ডিব্ৰুগড় ডিব্ৰুগড় ১,৩২৭,৭৪৮ ৩,৩৮১ ৩৪৭
DH ডিমা হাছাও হাফলং ২১৩,৫২৯ ৪,৮৯০ ৪৪
TI তিনিচুকীয়া তিনিচুকীয়া ১,৩১৬,৯৪৮ ৩,৭৯০ ৩০৩
- তামোলপুৰ# তামোলপুৰ - - -
SM দক্ষিণ শালমাৰা-মানকাচৰ[12] হাটশিঙিমাৰি[14] ৫৫৫,১১৪ ৫৬৮ ৯৮০
DR দৰং মঙ্গলদৈ ৯০৮,০৯০ ৩,৪৮১ ৪৩২
DU ধুবুৰী ধুবুৰী ১,৯৪৮,৬৩২ ২,৮৩৮ ৫৭৬
DM ধেমাজি ধেমাজি ৬৮৮,০৭৭ ৩,২৩৭ ১৭৬
NN নগাঁও নগাঁও ২,৮২৬,০০৭ ৩,৮৩১ ৬০৪
NB নলবাৰী নলবাৰী ৭৬৯,৯১৯ ২,২৫৭ ৫০৪
WK পশ্চিম কাৰ্বি আংলং[12] হামৰেণ[15] ২,০০,০০০ ৩,০৩৫
BO বঙাইগাঁও বঙাইগাঁও ২,০৬০,৫৫০ ১,৭২৪ ৪২৫
BK বাক্সা# মুছলপুৰ ৯৫৩,৭৭৩ ২,৪০০ ৩৯৮
BS বিশ্বনাথ[12] বিশ্বনাথ চাৰিআলি[16] ৫,৮০,০০০ ৩,০০০ ৫৩০
BP বৰপেটা বৰপেটা ১,৬৯৩,১৯০ ৩,২৪৫ ৫০৬
- বজালী পাঠশালা - - -
MJ মাজুলী গড়মূৰ[17] ১৬৭,৩০৪ ৮৮০ ৩০০
MA মৰিগাঁও মৰিগাঁও ৯৫৭,৮৫৩ ১,৭০৪ ৪৫৫
JO যোৰহাট যোৰহাট ১,০৯১,২৯৫ ২,৮৫১ ৩৫৪
LA লখিমপুৰ উত্তৰ লখিমপুৰ ১,০৪০,৬৪৪ ২,২৭৭ ৩৯১
SV শিৱসাগৰ শিৱসাগৰ ১,১৫০,২৫৩ ২,৬৬৮ ৩৯৫
ST শোণিতপুৰ তেজপুৰ ১,৯২৫,৯৭৫ ৫,৩২৪ ৩১৫
HA হাইলাকান্দি হাইলাকান্দি ৬৫৯,২৬০ ১,৩২৭ ৪০৯
HJ হোজাই[12] হোজাই[18] ৯৩১,২১৮

# - চিহ্ন দিয়া জিলাকেইখন বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ অধীনত পৰে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.business-standard.com/article/news-ians/assam-gets-five-more-districts-115081501386_1.html
  2. http://ind.ind.in/news/cm-tarun-gogoi-announces-5-new-districts-in-assam-on-independence-day/
  3. "Assam: Majuli becomes 1st river island district of India". Hindustan Times (Guwahati). 27 June 2016. http://hindustantimes.com/indianews/assam-majuli-to-become-india-s-first-river-island-district/story-hzFoxSUxh3IpRpSeIqrhtM.html। আহৰণ কৰা হৈছে: 28 June 2016. 
  4. "'Bajali' to become the 34th full-fledged district of Assam". The Sentinel (Guwahati). 8 August 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/bajali-to-become-the-34th-full-fledged-district-of-assam-494424। আহৰণ কৰা হৈছে: 12 August 2020. 
  5. Desk, Sentinel Digital (2021-01-24). "Assam Govt Forms Tamulpur As New District In State" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-govt-forms-tamulpur-as-new-district-in-state-574587। আহৰণ কৰা হৈছে: 2022-01-24. 
  6. Kangkan Kalita (Jan 1, 2023). "Assam merges 4 new districts with 4 others ahead of ‘delimitation’ | India News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/guwahati/assam-merges-4-new-districts-with-4-others-ahead-of-delimitation/articleshow/96653756.cms। আহৰণ কৰা হৈছে: 2023-01-01. 
  7. "Protests In Assam Over Move To Merge 4 Districts With Existing Ones". NDTV.com. https://www.ndtv.com/india-news/protests-in-assam-over-move-to-merge-4-districts-with-existing-ones-3653865। আহৰণ কৰা হৈছে: 2023-01-01. 
  8. "ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা...". https://www.asomiyapratidin.in/assam/assam-cabinet-decision-on-4-new-district. 
  9. The Office of Registrar General and Census Commissioner of India.
  10. আন্তঃৰাষ্ট্ৰীয় মান সংস্থা ৩১৬৬-২:আই এন
  11. "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  12. 12.0 12.1 12.2 12.3 12.4 "CM Tarun Gogoi announces 5 new districts in Assam on Independence Day". Daily News and Analysis. PTI (Guwahati). 15 August 2015. http://www.dnaindia.com/india/report-cm-tarun-gogoi-announces-5-new-districts-in-assam-on-independence-day-2114724। আহৰণ কৰা হৈছে: 15 August 2015. 
  13. "Charaideo inaugurated as a new dist". Assam Tribune. Archived from the original on 25 November 2020. https://web.archive.org/web/20201125110703/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1516%2Fstate050। আহৰণ কৰা হৈছে: 15 February 2016. 
  14. "South Salmara-Mankachar dist inaugurated". Assam Tribune. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023023802/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1116%2Fstate051। আহৰণ কৰা হৈছে: 11 February 2016. 
  15. "West Karbi Anglong district inaugurated". Assam Tribune. Archived from the original on 3 April 2016. https://web.archive.org/web/20160403111745/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1216%2Fstate054। আহৰণ কৰা হৈছে: 11 February 2016. 
  16. "Biswanath district inaugurated". Assam Tribune. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023023327/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar0216%2Fstate051। আহৰণ কৰা হৈছে: 2 March 2016. 
  17. "Majuli to function as new district from today". Assam Tribune. Archived from the original on 23 October 2020. https://web.archive.org/web/20201023023219/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep0816%2Fat050। আহৰণ কৰা হৈছে: 9 September 2016. 
  18. "Hojai inaugurated as new district". Voice of Greater Assam. http://www.voiceofgreaterassam.com/hojai-inaugurated-as-a-new-district-in-assam/। আহৰণ কৰা হৈছে: 20 February 2016.