সমললৈ যাওক

বাক্সা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাক্সা জিলা
বাক্সা জিলাত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যান
বাক্সা জিলাত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মুছলপুৰ
কালি
  মুঠ
২,৪০০ বৰ্গকিমি (৯০০ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৯,৫৩,৭৭৩
  ঘনত্ব ৪৭৫/বৰ্গকিমি (১,২৩০/বৰ্গমাইল)

বাক্সা জিলা অসমৰ ৩৩খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটি-কালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওডালগুৰিৰে বড়োলেণ্ড স্বায়ত্ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হৈছে।[1] ২০০৩ চনৰ অক্টোবৰত ইয়াৰ ঘোষণা কৰা হয় আৰু ২০০৪ চনৰ ১ জুনৰপৰা আনুষ্ঠানিকভাৱে কাম-কাজৰ আৰম্ভণি হয়।[2] বাক্সাৰ প্ৰথম উপায়ুক্ত আছিল ড° আনোৱাৰুদ্দিন চৌধুৰী।

"বাক্সা" নামটো কোনো কোনো লোকে "বাগ্‌ছা" বুলিও কয়। সম্ভৱতঃ এই নামটো ঠেক পথ বুজোৱা ভূটানী শব্দ "বাংছা" শব্দৰপৰা আহিছে, কাৰণ ভূটানৰ ৰজা বা সাধাৰণ মানুহে এই অঞ্চলেৰেই পাহাৰ-ভৈয়ামৰ মাজত যাতায়াত কৰিছিল। আনহাতে বড়ো সূত্ৰৰ মতে "বাগ্‌ছা" নামৰ ধান শস্যৰপৰাহে এই নামটো আহিছে কিন্তু কোচ জাতিৰ ভাষাৰপৰা জনা যায় বাকচা -কথা কোৱআ আৰু গাহুৰি পুৱআলি হে আছিল।[1]

ভৌগোলিক তথ্য

[সম্পাদনা কৰক]
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এক স্থিৰ চিত্ৰ

বাক্সা জিলাখন অসমৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত। বাক্সা জিলাৰ উত্তৰ আছে ভূটান, দক্ষিণে আছে বৰপেটা, নলবাৰী আৰু কামৰূপ জিলা, আৰু পশ্চিমে আছে চিৰাং জিলা। জিলাখনৰ মাটি-কালি প্ৰায় ২৪০০ বৰ্গ কিলোমিটাৰ।[1] সদৰ স্থান মুছলপুৰৰ অসমৰ ৰাজধানী দিছপুৰৰপৰা দূৰত্ব প্ৰায় ১০৫ কিলোমিটাৰ।

বাক্সা জিলাৰ জলবায়ু উপ-নাতিশীতোষ্ণপ্ৰকাৰৰ। বাৰ্ষিক গড় বৃষ্টিপাতৰ হাৰ ৭৬ মিলিমিটাৰ।[1]

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি বাক্সা জিলাৰ জনসংখ্যা ৯৫৩,৭৭৩ জন।[3] এই সংখ্যা ফিজি দেশৰ প্ৰায় সমান।[4] জনসংখ্যাৰফালৰপৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৪৫৮।[3] ঘনবসতি প্ৰতি বৰ্গ কিলোমিটাৰত ৪৭৫ জন।[3] ২০০১-২০১১ কালছোৱাত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১.১৭%।[3] বাক্সাৰ লিঙ্গ অনুপাত হৈছে ১০০০ জন পুৰুষৰ বিপৰীতে ৯৬৭ গৰাকী মহিলা[3] আৰু সাক্ষৰতাৰ হাৰ ৭০.৫৩%।[3]

প্ৰশাসনিক আৰু ৰাজনৈতিক গাঁথনি

[সম্পাদনা কৰক]

বাক্সা জিলাৰ মহকুমা তিনিটা: মুছলপুৰ, শালবাৰী আৰু তামোলপুৰ। মহকুমাকেইটাক ১৩টা ৰাজহ চক্ৰত ভগোৱা হৈছে: বাক্সা, বৰমা, তামোলপুৰ, গোৰেশ্বৰ, বাগানপাৰা, ঘগ্ৰাপাৰ, বৰনগৰ, বজালী, জালাহ, পথৰীঘাট, ৰঙিয়া, সৰুপেটা আৰু টিহু।[5] বাক্সা জিলাৰ বৰ্তমান উপায়ুক্ত গৌতম দাস (২০২৫ চন)। মুঠ গাঁৱৰ সংখ্যা ৬৮৭ খন। বাক্সাৰ বিধানসভা সমষ্টিকেইটা হৈছে তামোলপুৰ,বাক্সা আৰু মানাহ [6]এইসমূহ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।


পৰ্যটন ক্ষেত্ৰ

[সম্পাদনা কৰক]

বাক্সা জিলাত কেইবাটাও পৰ্যটন ক্ষেত্ৰ আৰু বনভোজ স্থলী আছে। তাৰ ভিতৰৰ মানস ৰাষ্ট্ৰীয় উদ্যান [7], ভূটান-চৌকি,[8] বগামাটি,[9] দাৰাগাঁও, [10] আদি উল্লেখযোগ্য।

বাক্সা জিলাৰ প্ৰধান শিক্ষানুষ্ঠানসমূহ হ’ল-

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "About the Baksa district". District administration, Baksa. http://baksa.gov.in/about_baksa.html আহৰণ কৰা হৈছে: June 22, 2012.
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html আহৰণ কৰা হৈছে: 2011-10-11.
  3. 1 2 3 4 5 6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 2011-09-30.
  4. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html আহৰণ কৰা হৈছে: 2011-10-01. "Fiji 883,125 July 2011 est."
  5. "District information- Baksa". Government of Assam. Archived from the original on April 9, 2009. https://web.archive.org/web/20090409223524/http://assamgovt.nic.in/districts/district.asp?disp=adm&distId=20 আহৰণ কৰা হৈছে: June 22, 2012.
  6. https://www.facebook.com/time8news/videos/1587130208487045/?mibextid=rS40aB7S9Ucbxw6v
  7. NE, India Today (24 January 2025). [https://www.indiatodayne.in/assam/video/manas-festival-aims-to-put-manas-national-park-in-the-global-spotlight-1160006-2025-01-24 "spotlight Manas festival aims to put Manas National Park in the global spotlight"]. ETV Bharat. https://www.indiatodayne.in/assam/video/manas-festival-aims-to-put-manas-national-park-in-the-global-spotlight-1160006-2025-01-24 আহৰণ কৰা হৈছে: 4-3-2025.
  8. Sentinel, The (6 January 2023). "Discover Salarpara: Assam's Hidden Winter Picnic Paradise". The Sentinel. https://www.sentinelassam.com/more-news/life/chill-out-in-these-picnic-spots-631840 আহৰণ কৰা হৈছে: ৪ মাৰ্চ ২০২৫.
  9. Etv, Bharat (২৯ ডিচেম্বৰ ২০২১). "বগামাটিৰ সৌন্দৰ্যই মুহিছে বনভোজ দলক - জনজাতীয় খাদ্য সম্ভাৰ". ETV Bharat. https://www.etvbharat.com/assamese/assam/videos/state/large-number-of-picnic-parties-gathered-in-bogamati-picnic-spots-of-baksa/assam20211229173218966 আহৰণ কৰা হৈছে: ৪ মাৰ্চ ২০২৫.
  10. Etv, Bharat (3 January 2022). "বছৰৰ প্ৰথমটো দেওবাৰে জনসমুদ্ৰত পৰিণত হ’ল বনভোজস্থলী দাৰাগাঁও -". ETV Bharat. https://www.etvbharat.com/assamese/assam/state/baksha/on-the-first-sunday-of-the-year-picnic-spot-daragaon-filled-with-many-groups-of-picnic/assam20220103193145276 আহৰণ কৰা হৈছে: ৪ মাৰ্চ ২০২৫.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

স্থানাংক: 26°34′51″N 91°25′13″E / 26.58083°N 91.42028°E / 26.58083; 91.42028