ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ
Jump to navigation
Jump to search
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ | |
---|---|
— স্বায়ত্বশাসিত অঞ্চল — | |
দেশ | ![]() |
ৰাজ্য | অসম |
পৰিষদ গঠন | ১৯৯৫ |
মুখ্য কাৰ্যালয় | দুধনৈ |
চৰকাৰ | |
- প্ৰকাৰ | স্বায়ত্বশাসিত পৰিষদ |
- পৰিষদ | ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ |
- মুখ্য কাৰ্যবাহী বিষয়া | টংকেশ্বৰ ৰাভা |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
PIN | |
আই এচ অ’ ৩১৬৬ কোড | IN-AS |
ৱেবছাইট | goalpara |
ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। ৰাভা জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল। ২০০৫ চনত অসম চৰকাৰে এই পৰিষদ গঠন কৰে। ৰাভা জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে এই পৰিষদে কাম কৰে।
ইয়াৰ মুখ্য কাৰ্যালয় গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত।[1]
কামৰূপ জিলাৰ ৰাণীৰ পৰা প্ৰায় গোটেই গোৱালপাৰা জিলালৈ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদৰ অধীনত। এই অঞ্চলত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল।
এই পৰিষদৰ প্ৰথম পৰিষদীয় সাধাৰণ নিৰ্বাচন ২০১৩ চনত হৈছিল।[2]
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ Rabha Council Act challenged in SC , The Assam Tribune
- ↑ Assam tribal council polls today amid bandh call , Indian Express