সমললৈ যাওক

নামনি অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নামনি অসম
পশ্চিম অসম
Country ভাৰত
Cities বৰপেটা, বঙাইগাঁও, গুৱাহাটী, নলবাৰী
Time zone +5.30 (UTC+5.30)
গুৱাহাটী চহৰৰ এক দৃশ্য

ভাৰতব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমাংশৰ সমতল ভূমি অঞ্চলটোক নামনি অসম নাইবা পশ্চিম অসম (ইংৰাজী: Lower Assam বা Western Assam) বুলি জনা যায়[1]। এই অঞ্চলতেই এক সময়ত শক্তিশালী কামৰূপ ৰাজ্য আছিল (৩ চনৰ পৰা ১২ চনলৈকে)। উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ চহৰ গুৱাহাটী এই নামনি অসমতেই আছে। গুৱাহাটী চহৰত অসমৰ ৰাজধানী দিছপুৰ অৱস্থিত।

৩০০ চনৰ কামৰূপ অঞ্চলৰ ৰাজ্যসমূহ
প্ৰাচীন অসমৰ প্ৰথম ৰাজ্য
মদন-কামদেৱৰ শৈল ভাস্কৰ্য্য, কামৰূপ ৰাজ্যৰ শক্তি প্ৰদৰ্শন কৰে
সপ্তম অষ্টম শতিকাৰ কামৰূপৰ চহৰসমূহ

বুৰঞ্জী

[সম্পাদনা কৰক]

নামনি অসমক অতীজত কামৰূপ ৰাজ্যৰ ৰাজধানী বুলি জনা গৈছিল[2]। ইয়াত বিভিন্ন সময়ত কেইবাটাও শক্তিশালী ৰাজবংশই ৰাজত্ব কৰিছিল। কেইটামান উল্লেখযোগ্য ৰাজবংশ হৈছে বৰ্মণ সকল (৩৫০ চনৰ পৰা ৬৫০ চনলৈকে), শালস্তম্ভ সকল (৬৫৫ চনৰ পৰা ৯০০ চনলৈকে) আৰু কামৰূপী পাল সকল (৯০০ চনৰ পৰা ১১০০ চনলৈকে)।

বৰ্মণ ৰজা ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত (৬০০ চনৰপৰা ৬৫০ চনলৈকে) চীনা পৰিব্ৰাজক হিউৱেন চাঙে এই অঞ্চল ভ্ৰমণ কৰিছিল আৰু ইয়াৰ বিষয়ে বিভিন্ন তথ্য লিপিবদ্ধ কৰিছিল। কামৰূপী পালসকলৰ পিছত কামৰূপ ৰাজ্যৰ পতন আৰম্ভ হৈছিল যদিও প্ৰথম চন্দ্ৰবংশ (১১২০ চনৰ পৰা ১১৮৫ চনলৈকে) আৰু দ্বিতীয় চন্দ্ৰবংশই (১১৫৫ চনৰ পৰা ১২৫৫ চনলৈকে) কামৰূপী পৰম্পৰা ৰক্ষা কৰি চলিছিল।

পুষ্য বৰ্মণে (৩৫০ চনৰ পৰা ৩৭৪ চনলৈকে) বৰ্মণ বংশ স্থাপন কৰিছিল। এই কাম কৰোঁতে তেওঁ ৰাজ্যৰ বাহিৰে ভিতৰে বহুতো শত্ৰুৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল। তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মণক (৩৭৪ চনৰ পৰা ৩৯৮ চনলৈকে) বিভিন্ন স্থানীয় শাসক সকলে নিজৰ ৰজা বুলি স্বীকাৰ কৰি লৈছিল। সমুদ্ৰ বৰ্মণে পিছলৈ নাম সলাই সমুদ্ৰগুপ্ত নামেৰে বিখ্যাত হৈছিল। তেওঁৰ পিছৰ সময়ৰ ৰজাসকলেও কামৰূপ ৰাজ্য বহলাইছিল আৰু ইয়াত শান্তি স্থাপন কৰিছিল। নিধানপুৰ শিলালিপিত উল্লেখ থকামতে কামৰূপ ৰাজ্যই এক সময়ত চন্দ্ৰপুৰী বিষয়াৰ এলেকাও সামৰি লৈছিল (বৰ্তমানৰ ছিলেট অঞ্চল)। নাৰায়ণ বৰ্মণ (৪৯৪ চনৰ পৰা ৫১৮ চনলৈকে) আৰু তেওঁৰ পুত্ৰ ভুতি বৰ্মণৰ (৫১৮ চনৰ পৰা ৫৪২ চনলৈকে) সময়ত কামৰূপত অশ্বমেধ যজ্ঞ পতা হৈছিল। পুষ্য বৰ্মণে স্থাপন কৰা সৰু ৰাজ্য খনে এটা সময়ত ইয়াৰ ওচৰৰ অঞ্চল সমূহ সামৰি এখন বৃহৎ কামৰূপ ৰাজ্যৰ ৰূপ লৈছিলগৈ।

বৰ্মণ ৰাজ্য স্থাপনৰ পিছৰ পৰা ভুতি বৰ্মণৰ শাসনকাললৈকে এই ৰাজ্য এবাৰ মালৱা ৰাজ্যৰ ৰজা য়শোধৰ্মনে আক্ৰমণ কৰিছিল। পশ্চিমৰ ৰাজ্যসমূহে কৰা আক্ৰমণবিলাকৰ ভিতৰত এইটো প্ৰথম আক্ৰমণ আছিল। এই আক্ৰমণে কেনেধৰণৰ প্ৰভাৱ কামৰূপত পেলাইছিল এইটো ভালকৈ জনা নাযায়। কিন্তু ভুতি বৰ্মণৰ নাতিয়েক স্থিত বৰ্মণে (৫৬৬ চনৰ পৰা ৫৯০ চনলৈকে) কৰ্ণসুবৰ্ণৰ গৌড় ৰজাক যুদ্ধত হৰুৱাইছিল আৰু দুখনকৈ অশ্বমেধ যজ্ঞ পাতিছিল, এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে আগৰ আক্ৰমণত যদিও কিবা ক্ষতি হৈছিল, সেই ক্ষতিৰপৰা কামৰূপ ৰাজ্যই নিজকে উদ্ধাৰ কৰিব পাৰিছিল। স্থিত বৰ্মণৰ পুত্ৰ সুস্থিত বৰ্মণৰ ৰাজত্বকালত (৫৯০ চনৰ পৰা ৬০০ চনলৈকে) তেওঁৰ ৰাজ্যক পূব মালৱা ৰাজ্যৰ মহাসেনগুপ্তই আক্ৰমণ কৰিছিল। কামৰূপৰ ৰজাসকল মৌখাৰি ৰজাসকলৰ মিত্ৰ আছিল আৰু এই কাৰণে তেওঁলোক গৌড়ৰ ৰজাসকলৰ শত্ৰু হৈ পৰিছিল, গৌড়ৰ ৰজাসকলৰ মিত্ৰ আছিল পূব মালৱা ৰাজ্যৰ ৰজাসকল। গৌড়ৰ ৰজাসকলৰ আক্ৰমণ চলি থকা সময়তে সুস্থিত বৰ্মণৰ মৃত্যু হয়। তেওঁৰ দুই পুত্ৰ, সুপ্ৰতিস্থিত বৰ্মণ আৰু ভাস্কৰ বৰ্মণক যুদ্ধ বন্দীৰূপে গৌড় ৰাজ্যলৈ লৈ যোৱা হয়, কিন্তু পিছত হয়তো মিত্ৰতাৰ হাত আগবঢ়োৱা কাৰণে তেওঁলোকক মুক্তি দিয়া হয় আৰু তেওঁলোকে এনেদৰে ৰাজ্য উদ্ধাৰ কৰিবলৈও সক্ষম হয়। সুপ্ৰতিস্থিত বৰ্মণে ৫৯৫ চনৰ পৰা ৬০০ চনলৈকে এক চমু শাসন কাল চলায় আৰু তাৰ পিছত কোনো উত্তৰাধিকাৰী নোহোৱাকৈয়ে তেওঁৰ মৃত্যু হয়।

সুপ্ৰতিস্থিত বৰ্মণৰ পিছত ৰাজ্যৰ শাসন তেওঁৰ ভায়েক ভাস্কৰ বৰ্মণৰ হাতলৈ যায় আৰু ভাস্কৰ বৰ্মণৰ ৰাজত্বকালক (৬০০ চনৰ পৰা ৬৫০ চনলৈকে) বৰ্মণ বংশৰ সোণালী দিন বুলি ধৰা হয়। তেওঁ আনকি তেওঁক আগতে বন্দী কৰি নিয়া গৌড় ৰাজ্যকো আক্ৰমণ কৰিব পৰাকৈ শক্তিশালী হৈ উঠে। গৌড়ৰ ৰজা শশাংকই ককায়েকক হত্যা কৰাৰ পিছত হৰ্ষবৰ্ধনে ৬০৬ চনত সিংহাসন আৰোহণ কৰে আৰু পিছলৈ তেওঁ মৌখাৰি ৰাজ্যৰ ৰজা হয়গৈ আৰু কনৌজত ৰাজধানী স্থাপন কৰে। এই হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মণে মিত্ৰতা কৰে তেওঁলোক দুয়ো মিলি শশাংকৰ গৌড় ৰাজ্য দুয়োদিশৰপৰা আক্ৰমণ কৰে। কিন্তু এই মিত্ৰতাৰ ফলতেই যে গৌড় ৰাজ্যৰ পতন ঘটে, সেইটো ঠাৱৰ কৰা হোৱা নাই। সি যি কি নহওক, গৌড় ৰাজ্যৰ ৰাজধানী কৰ্ণসুবৰ্নত (বৰ্তমান পশ্চিম বংগৰ মুৰ্ছিদাবাদ) বিজয়ৰ চিনস্বৰূপে ভাস্কৰ বৰ্মণে তাম্ৰফলি লিখোৱাই।

৬৪৩ চনত চীনা পৰিব্ৰাজক হিউৱেন চাঙে ভাস্কৰ বৰ্মণৰ ৰাজ্য ভ্ৰমণ কৰে। এই পৰিব্ৰাজকজনে উল্লেখ কৰা মতে তেতিয়াৰ কামৰূপ ৰাজ্যৰ পশ্চিম সীমা আছিল কৰতোৱা নদী। এওঁৰ ভ্ৰমণ কালৰ শেষৰফালে ভাস্কৰ বৰ্মণে তেওঁৰ লগত কনৌজলৈ যায় আৰু তাৰ পৰা হৰ্ষবৰ্ধনক লগত লৈ প্ৰয়াগত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ভাগ লয়, এই কামৰ বাবে ভাস্কৰ বৰ্মণ প্ৰায় এবছৰ কাল ৰাজ্যৰপৰা আঁতৰি থাকে। জনা যায় যে ভাস্কৰ বৰ্মণে চীন দেশৰ লগত সম্পৰ্ক বজাই চলিছিল। তেওঁ হিউৱেন চাঙৰ আগত চীনৰ জিন বংশৰ বিষয়ে এক চীনা গীতৰ উল্লেখ কৰিছিল। হৰ্ষবৰ্ধনৰ মৃত্যুৰ পিছত ৱাং হিউৱেন চ’ৰ নেতৃত্বত অহা আন এক চীনা পৰিব্ৰাজক দলকো ভাস্কৰ বৰ্মণে সহায় কৰিছিল। ভাস্কৰ বৰ্মণক কুমাৰ নাইবা শ্ৰী-কুমাৰ নামেৰেও জনা গৈছিল। তেওঁ অবিবাহিত আছিল আৰু কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু বৰণ কৰিছিল।

ব্ৰহ্মপালে (৯০০ চনৰ পৰা ৯২০ চনলৈ) কামৰূপী পাল বংশ (৯০০ চনৰ পৰা ১১০০ চনলৈ) স্থাপন কৰিছিল। এই বংশই দুৰ্জয়া (এতিয়াৰ গুৱাহাটী) নামেৰে ৰাজধানী স্থাপন কৰি শাসন চলাইছিল। এই বংশৰ আটাইতকৈ সফল ৰজা আছিল ধৰ্মপাল আৰু তেওঁৰ ৰাজধানী আছিল কামৰূপ-নগৰ, এতিয়াৰ উত্তৰ গুৱাহাটী। কামৰূপী পাল বংশৰ শেষ ৰজা আছিল জয়পাল (১০৭৫ চনৰ পৰা ১১০০ চনলৈ)[3]

জনগাঁথনি

[সম্পাদনা কৰক]

নামনি অসমৰ জনগাঁথনিত ইণ্ডো-আৰ্য্য আৰু জনজাতীয় মূলৰ লোক আছে। জনজাতি বিলাকৰ ভিতৰত উল্লেখযোগ্য হৈছে বড়োসকল, ৰাভাসকল আৰু কোঁচসকল।

নামনি অসমত উদযাপন কৰা উৎসৱ সমূহৰ ভিতৰত পৰে বিহু, ঈদ, দুৰ্গা পূজা, কালী পূজা আৰু অন্যান্য পূজা সমূহ। খেতি চপোৱাৰ সময়ৰ বিভিন্ন উৎসৱ নামনি অসমত পালন কৰা হয়।

হিন্দু আৰু মুছলমান, দুয়ো ধৰ্মৰ লোক নামনি অসমত আছে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৈষ্ণৱ আৰু শাক্ত, এই দুই বিশ্বাসৰ লোক পোৱা যায়।

সংস্কৃতি

[সম্পাদনা কৰক]

এই অঞ্চলৰ গাঁও বিলাকত সৰল জনজাতীয় পৰম্পৰা, বৈদিক পৰম্পৰা আৰু সাধাৰণ অসমীয়া কৃষিজীৱী মানুহৰ সংস্কৃতি দেখা পোৱা যায়। চহৰাঞ্চল সমূহত আধুনিক সংস্কৃতিৰ পৰশ পৰা দেখা যায়। নামনি অসমত দেখা পোৱা বৈদিক সংস্কৃতিৰ আৰম্ভণি বৰ্মণ ৰজা পুষ্য বৰ্মণৰ শাসনকালতে হৈছিল।

ভাষাতত্ত্বত কামৰূপী ভাষাৰ স্থান

পূৰ্বৰ অবিভক্ত কামৰূপ জিলাৰ ঠাইবিলাকৰ কামৰূপীয়া ভাষাৰ প্ৰচলন আছে। গোৱালপাৰা জিলাত গোৱালপৰীয়া ভাষা কোৱা হয়। বড়ো, ৰাভা আৰু কোঁচ ভাষাৰ প্ৰচলনো ইয়াত দেখা পোৱা যায়। ভাষাতত্ত্বৰ মতে কামৰূপী ভাষা "ইষ্টাৰ্ণ ইণ্ডো আৰ্য্য" ভাষা সমূহৰ গোটত ধৰা হয়।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. A.C Banerjee, A.K Borpujari, The Comprehensive History of Assam, 1992 territory from Biswanath to Goalpara—was known as Western Assam; but another name—Lower Assam—gradually came into use.
  2. Sharma, Sharma, Suresh Kant, Usha (2005). Discovery of North-East India. Mittal Publications. পৃষ্ঠা. 265. 
  3. Samiti, Kamarupa Anusandhana (1984). Readings in the history & culture of Assam. Kamarupa Anusandhana Samiti. পৃষ্ঠা. 227. 

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • Vasu, Nagendranath (1922). The Social History of Kamarupa. 
  • Tripathi, Chandra Dhar (2008). Kamarupa-Kalinga-Mithila politico-cultural alignment in Eastern India : history, art, traditions. Indian Institute of Advanced Study. পৃষ্ঠা. 197. 
  • Wilt, Verne David (1995). Kamarupa. V.D. Wilt. পৃষ্ঠা. 47. 
  • Majumdar, Ramesh Chandra (1977). Ancient India. Motilal Banarsidass Publications. পৃষ্ঠা. 538. 
  • Kapoor, Subodh (2002). Encyclopaedia of ancient Indian geography. Cosmo Publications. পৃষ্ঠা. 364. 
  • Sen, Sailendra Nath (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 668. 
  • Kapoor, Subodh (2002). The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific. Genesis Publishing Pvt Ltd. পৃষ্ঠা. 320. 
  • Sarkar, Ichhimuddin (1992). Aspects of historical geography of Pragjyotisha-Kamarupa (ancient Assam). Naya Prokash. পৃষ্ঠা. 295. 
  • Deka, Phani (2007). The great Indian corridor in the east. Mittal Publications. পৃষ্ঠা. 404. 
  • Pathak, Guptajit (2008). Assam's history and its graphics. Mittal Publications. পৃষ্ঠা. 211. 
  • Samiti, Kamarupa Anusandhana (1984). Readings in the history & culture of Assam. Kamarupa Anusandhana Samiti. পৃষ্ঠা. 227. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]