দক্ষিণ শালমাৰা-মানকাচৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দক্ষিণ শালমাৰা-মানকাচৰ জিলা
Location of দক্ষিণ শালমাৰা-মানকাচৰ জিলা
দেশ ভাৰত
ৰাজ্য অসম
সদৰ হাটশিঙিমাৰি
মাটিকালি
 - মুঠ ৫৬৮ কি.মি. 
(২১৯.৩ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৫,৫৫,১১৪ জন
 - জনঘনত্ব ৯৭৭.৩ প্ৰতি বৰ্গ কি.মি. 
(২,৫৩১.২ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-AS-SSM

দক্ষিণ শালমাৰা-মানকাচৰ জিলা অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। গুৱাহাটীৰ পৰা প্ৰায় ২৪৫ কিঃমিঃ নিলগত অৱস্থিত হাটশিঙিমাৰি এই জিলাৰ সদৰ। জিলা গঠন হোৱাৰ আগত দক্ষিণ শালমাৰা-মানকাচৰ ধুবুৰী জিলাৰ মহকুমা আছিল।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

দক্ষিণ শালমাৰা-মানকাচৰ নাম দক্ষিণ শালমাৰা আৰু মানকাচৰ বিধানসভা সমষ্টিৰ পৰা আহিছে।[1]

ইতিহাস[সম্পাদনা কৰক]

দক্ষিণ শালমাৰা-মানকাচৰ জিলা ধুবুৰী জিলাৰ অংশবিশেষৰে ২০১৬ চনত গঠন কৰা হয়। ১৫ আগষ্ট ২০১৫ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ৫খন নতুন জিলা ঘোষণা কৰিছিল, দক্ষিণ শালমাৰা-মানকাচৰ জিলা এই ৫খন নতুন জিলাৰ ভিতৰত অন্যতম। ৯ ফেব্ৰুৱাৰী ২০১৬ চনত হাটশিঙিমাৰিৰ এক ৰাজহুৱা অনুষ্ঠানত সহস্ৰ নাগৰিকৰ উপস্থিতিত উপায়ুক্ত এম.আই. আহমেদে দক্ষিণ শালমাৰা-মানকাচৰক নতুন জিলা ৰূপে উদ্বোধন কৰে।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ মাটিকালি ৫৬৮ বৰ্গ কি.মি. (219 বৰ্গ মাইল)। ইয়াৰ পশ্চিম আৰু দক্ষিণে বাংলাদেশ, উত্তৰে গোৱালপাৰা জিলা আৰু ধুবুৰী জিলা আৰু পূব আৰু দক্ষিণে মেঘালয় অৱস্থিত।

অৰ্থনীতি[সম্পাদনা কৰক]

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰাথমিকভাবে কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। আয়ৰ প্ৰধান উৎস উদ্বৃত্ত উৎপাদন সহ ধান (শীত আৰু শৰৎ উভয়)) মৰাপাট আৰু সৰিয়হৰ বীজ নগদ ফচলৰ প্ৰধান অংশ দখল কৰিছে। গেহু, দাইল আৰু মাকৈৰ উৎপাদন হয়। বনৰ পৰা মূলত কাঠ আৰু বাহ আয়ৰ লগত যোগ কৰে, যদিও শিলগুটি আৰু বালিও পোৱা যায়। মাছ, গাখিৰ, মঙহ আৰু কণীৰ অৰ্থনীতিত সামান্য অৱদান দেখিবলৈ পোৱা যায়। বৰ্তমানত, তিনিটা চাহৰ বাগান, জিলা অৰ্থনীতিৰ ক্ষেত্ৰত যিটোৰ অৱদান প্ৰায় নগ০ণ্য, ১৩২62.৩৩ হেক্টৰ অঞ্চল আগুৰি। ভূমি ৰাজস্ব আদায় ন্যূনতম, আনফালে চেক গেট আৰু শুল্কৰ কৰৰ পৰা চৰকাৰী কোষাগাৰৰ বেছিভাগ অংশ আগুৰি ৰাখিছে। সৰু বৰ শিল্প উত্পাদন বাতিল, জিলা প্ৰশাসন, উন্নয়ন আৰু কল্যাণমূলক কামৰ বাবে যি পৰিমাণ অৰ্থ সৰবৰাহ কৰে তাতকৈ বেছি ঘাটিৰ ধন ব্যৱহাৰ কৰা হয়। ইয়াৰ সমৃদ্ধ প্ৰাকৃতিক সম্পদ অন্বেষণ কৰা এতিয়াও হোৱা নাই আৰু কোনোবাই কোনোবাই বিশ্বাস কৰে যে প্ৰাকৃতিক সম্পদৰ যথাযথ ব্যৱহাৰ যুদ্ধ সংগ্ৰামৰ অৰ্থনীতিৰ উন্নতি কৰিব পাৰে।[2]

শিক্ষা[সম্পাদনা কৰক]

বহুকেইটা নামীদামী চৰকাৰি বিদ্যালয় আছে। আৰু হাটশিঙিমাৰী অঞ্চলত বেচৰকাৰী স্কুল তথা কলেজ আছে। ইয়াৰ মাজত কিছুমান গ্লোবাল এডুকেচন এণ্ড টেকনোৱাৰ্ড, হাটশিঙিমাৰী যি সমগ্ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এটা অনন্য কম্পিউটাৰ প্ৰশিক্ষণ ইনষ্টিটিউট। 'মানকাচৰ মহাবিদ্যালয়' জিলাখনৰ খনৰ একমাত্ৰ প্ৰাদেশীকৰণ মহাবিদ্যালয়।

  • সৰ্বজনীন হাটশিঙিমাৰী জাতীয় বিদ্যালয়,
  • ৰেইনৱো ইংলিচ একাদেমি, হাটশিঙিমাৰী।
  • হাটশিঙিমাৰী বিজ্ঞান একাদেমী,
  • হাটশিঙিমাৰী চৌম্বক একাদেমী,
  • হাটশিঙিমাৰী আচাম প্ৰফেচনাল একাদেমী,
  • হাটসিঙিমাৰী নমনি অক্সম জাতীয় বিদ্যালয়,
  • শঙ্কৰ আজান জাতীয় বিদ্যালয়,
  • এলিট একাদেমি, হাটশিঙিমাৰী
  • জুনিঅৰ কলেজ, হাটশিঙিমাৰী
  • হাটশিঙীমাৰী কলেজ,
  • হাটশিঙিমাৰী ভিচন জাতীয় একাদেমি,
  • খাৰুবান্ধা অ্যাপোলো একাদেমি, হাটশিঙিমাৰী
  • মাৰ্জিত ইংলিচ একাদেমি, হাটশিঙিমাৰী
  • আজমল কলা আৰু বিজ্ঞান কলেজ, হাটশিঙিমাৰী
  • লিটিল ষ্টাৰ ইংলিশ একাডেমী, মানকাচৰ
  • যতীন্দ্ৰ মোহন উচ্চতৰ মাধ্যমিক বিদ্যালয়, মানকাচৰ
  • এ এ লতিফ গাৰ্লচ ইনষ্টিটিউট, মানকাচৰ
  • ৰাণী ভবাণী প্ৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়

তদুপৰি, এই ঠাইত বহুকেইটা প্ৰাইভেট কোচিং আৰু টিউচনৰ ক্লাস আছে। মেঘালয় আৰু জিলাৰ অন্যান্য অঞ্চলৰ পৰা শিক্ষাৰ্থীসকলে ইয়াত পঢ়িবলৈ আহে।

সংস্কৃতি[সম্পাদনা কৰক]

এই জিলাৰ মানুহে অসমীয়া আৰু বঙালী সংস্কৃতিৰ মিশ্ৰণ। প্ৰায় ৮৫% জনসংখ্যা মুছলিম, ১৪% হিন্দু আৰু বাকী ১% খ্ৰিষ্টান আৰু শিখ। বেছিভাগ মানুহ ময়মনসিংহী বঙালী (বাংলাদেশী উপভাষা) আৰু কিছুমান মানুহে গোৱালপৰীয়া উপভাষা (অসমীয়া ভাষা)ত কথা পাতে। যিসকলে গোৱালপৰীয়া উপভাষা(অসমীয়া) ত কথা পাতে সিহঁতে উজানী বা দেশী বুলি কোৱা হয় আৰু যিবিলাকে ময়মনসিংহী বঙালী ভাষা কয় সিহঁত জিলাখনত ভাটিয়া (ভটিয়া) বুলি কোৱা হয়। উজানী আৰু ভাটিয়া সংস্কৃতিসমূহৰ লগতে ভাষাৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। ঘোটি তথা আদিবাসী জনগোষ্ঠী, যিসকল সংখ্যাত কম, সিহঁতেও জিলাটোৰ সংস্কৃতিত অবদান ৰাখিছে। জিলাখনত বসবাস কৰা কোচ জনগোষ্ঠীৰ লোক সকলোৰ সংস্কৃতিও বাৰে বৰণীয়া |

যাতায়ত[সম্পাদনা কৰক]

আকাশপথ[সম্পাদনা কৰক]

ৰুপসীৰ ওচৰৰ বিমানবন্দৰ যিটো হাটশিঙিমাৰিৰ পৰা প্ৰায় .৭২.৮ কি.মি. দূৰত। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মূলতঃ সামৰিক উদ্দেশ্যত। ১৯৮৩ চন লৈকে, ইণ্ডিয়ান এয়াৰলাইনচ আৰু কিছুমান ব্যক্তিগত বাণিজ্যিক বিমান কলকাতা, গুৱাহাটী আৰু ধুবুৰী মাজত নিয়মিত চলিছিল। তাৰ পিছত প্ৰায় ৩৬ বছৰলৈকে সম্পূৰ্ণ ৰূপে বন্ধ আছিল এই বন্দৰখন। আকৌ প্ৰায় ৩৬ বছৰ পিছত এই ৰুপসী বিমানবন্দৰখন পুনৰ মেৰামতিৰ বাবে জিঅআই দ্বাৰা কাম চলি আছে যদিও এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই।

জলপথ[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই জিলাটোৰ এটা অত্যন্ত ব্যস্ত নদীবন্দৰ আছিল, যিটো প্ৰতিবেশী দেশবিলাকলৰ লগত বিশেষকৈ ব্ৰিটিছৰ সময়চোৱাত আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ হিচাপে ব্যৱহৃত হৈছিল। বৰ্তমান বন্দৰটো অচল অৱস্থাত পৰি আছে। যিকেই নহওক, সৰু সৰু ফেৰিবিালাক নিতৌ ধুবুৰীলৈ যোৱা মানুহবিলাকক পৰিবহণ কৰে।

ৰে’লপথ[সম্পাদনা কৰক]

এই জিলাত কোনোধৰণৰ ৰে’লসেৱা নাই। কাৰণ, ভৌগোলিক অৱস্থানৰ বাবে এই জিলাত ৰে’ল সেৱা আৰম্ভ কৰা বা পৰিকল্পনা কৰা হোৱা নাই। কাৰণ ৰে’ল সেৱা বা ৰে’ল ষ্টেচন দিবলৈ হ’লে ধুবুৰীৰ লগত সংযোগ দলং থাকিব লাগিব। নহলে সিফালে শিলচৰৰ পৰা ৰে’ল সেৱা আৰম্ভ কৰিব পৰা যাব। কিন্তু দূৰ্ভাগ্য এই যে, ধুবুৰীৰ পৰা দক্ষিণ শালমাৰা মানকাচৰলৈ যাব বিচাৰিলে একমাত্ৰ নাও পথেৰে যাব লাগিব।

স্থলপথ[সম্পাদনা কৰক]

জিলাখনত কোনো ৰাষ্ট্ৰীয় ঘাইপথ নাই। ৰাজ্য ৰক্ষণাবেক্ষণ কৰা পিডব্লিউডি ৰাস্তাসমূহ দি পৰিবহণ সঞ্চালিত হয়, যিবোৰ ওখ-দ খোৱা। হাটশিঙিমাৰি জিলাৰ কেন্দ্ৰস্থলত আৰু হাটশিঙিমাৰি চহৰৰ এটা অংশ অসম-মেঘালয় সীমান্তৰ লগত সংযুক্ত। দক্ষিণ শালমাৰা আৰু মানকাচৰৰ মাজত কোনো পিডব্লিউডি ৰাস্তা নাই। দক্ষিণ শালমাৰাৰ পৰা মানকাচৰ লৈকে কেৱল ওভাৰল্যাণ্ড যোগাযোগ মেঘালয় হৈ ফুলবাৰী – শিঙিমাৰি ৰাস্তা।

নগৰ[সম্পাদনা কৰক]

হাট শিঙিমাৰী আৰু মানকাচৰ জিলাখনৰ নগৰ |

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

স্থানাংক: 25°41′N 89°59′E / 25.68°N 89.98°E / 25.68; 89.98