মাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাছ
জীৱাশ্ম কাল: Mid Cambrian–Recent
অন্য মাছৰ জাকৰ সৈতে Giant grouperৰ সাঁতোৰ
red lionfishৰ সন্মুখভাগ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
(অশ্ৰেণীকৃত): Craniata

মাছ (ইংৰাজী: fish) একপ্ৰকাৰৰ জলজ প্ৰাণী। মাছে ফুলৰ সহায়ত উশাহ লয়। ইহঁতৰ আঙুলি অথবা ভৰি নেথাকে। বেছিভাগ মাছেই শীতল ৰক্তৰ প্ৰাণী।[1][2] পৰ্বতীয়া জল ধাৰাৰ পৰা, অতি গভীৰ সমুদ্ৰ পৰ্যন্ত মাছ পোৱা যায়। বৰ্তমানলৈকে অন্য যিকোনো মেৰুদণ্ডীৰ তুলনাত মাছৰ সৰ্বাধিক, প্ৰায় ৩৩,১০০টা নথিভুক্ত প্ৰজাতি পোৱা গৈছে।[3]

মাছবোৰ মানুহৰ খাদ্যৰ এটা প্ৰধান উৎস। খাদ্যৰ বাবে মানুহে সাগৰ আৰু পুখুৰীত মাছৰ চিকাৰ কৰে আৰু ব্যৱসায়িক ভাৱে পালনো কৰে। বহু লোকে আলংকৰিক মাছক সৌন্দৰ্যবৰ্ধনৰ বাবে একুৰিয়ামতো ৰাখে। ধৰ্মীয় চিহ্ন, কলা, কিতাপ আৰু চলচ্চিত্ৰৰ বিষয় হিচাপে যুগ যুগ ধৰি মাছ সংস্কৃতিৰ এক অবিছেদ্য অংগ ৰূপে পৰিগণিত হৈ আহিছে।

সাধাৰণতে মাছ বুলিলে একে পূৰ্বজৰ পৰা সৃষ্টি হোৱা উভচৰ, সৰীসৃপ, চৰাই আৰু স্তন্যপায়ীবোৰক ধৰা নহয়, যদিও ইয়াক জীৱ বৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা সঠিক গোট বুলি গণ্য কৰা নহয়, কিয়নো তিমি মাছৰ দৰে স্তন্যপায়ী তথা মিছামাছৰ দৰে পতংগকো মাছ বুলিয়েই কোৱা হয়। শ্ৰেণীবিভাজনত পৰম্পৰাগত মৎস বা মাছ শব্দক এক প্ৰকাৰগত গোট বুলিহে কোৱা হয়।

মাছ হিচাপে গণ্য কৰা জীৱবোৰ হৈছে কেম্ব্ৰিয়ান যুগত উদ্ভৱ হোৱা কিছুমান কোমল দেহৰ পৃষ্ঠদণ্ডী। সকলো মাছৰে এ়ডাল প্ৰকৃত মেৰুদণ্ড নেথাকিবও পাৰে।

মাছৰ সাধাৰণ লক্ষণসমূহ(General characters of Pisces):[সম্পাদনা কৰক]

  1. জলজ, অলুণীয়া বা সাগৰীয় পানীত বাস কৰা শীতলৰক্তী কশেৰুকী প্ৰাণী।
  2. শৰীৰটো প্ৰৱাহৰৈশিক, দীঘলীয়া।
  3. দেহটোক তিনিটা খণ্ডত ভগাব পাৰি, যেনে - মূৰ, কাণ্ড আৰু নেজ।
  4. মুখত হনু আৰু দাঁত নেথাকে।
  5. মূৰত এযোৰ চকু, এখন মুখ আৰু এযোৰ বাহ্যিক নাসাৰন্ধ্ৰ থাকে।
  6. ইহঁতৰ গাত সাধাৰণতে যুগ্ম আৰু অযুগ্ম পক্ষ বা ফান থাকে। ফানৰ সহায়ত মাছে পানীত সাঁতুৰি ফুৰে আৰু দেহৰ ভাৰসাম্য বজাই ৰাখে। যুগ্ম ফানবোৰ হ’ল বক্ষ ফান (Pectoral fin), আৰু শ্ৰোণী ফান (Pelvic fin)। অযুগ্ম ফানবোৰ হ’ল পৃষ্ঠীয় ফান (Dorsal fin), পায়ু ফান (Anal fin) আৰু পুচ্ছ ফান (Caudal fin)।
  7. নেজডাল মঙহাল আৰু প্ৰাণীটোক চলনৰ সময়ত সন্মুখৰ পিনে ঠেলি দিয়াত সহায় কৰে।
  8. মাছৰ শৰীৰটো বাকলিৰে আবৃত। অৱশ্যে বাকলিবিহীন মাছো আছে।
  9. হাওঁফাঁওৰে উশাহ লোৱা ডিপ্‌নই উপশ্ৰেণীৰ মাছবোৰৰ বাহিৰে আনবোৰ মাছৰ নাসাৰন্ধ্ৰ গ্ৰসনীৰ লগত সংযুক্ত নহয়।
  10. মাছে জলক্লোমৰ দ্বাৰা উশাহ নিশাহ লয়। কিছুমান মাছৰ অতিৰিক্ত শ্বসনাংগও থাকে।
  11. ক্লোমৰন্ধ্ৰৰ সংখ্যা ১০ যোৰতকৈ অধিক নহয়। সাৰাৰণতে ৫ যোৰকৈ থাকে।
  12. সংবেদী পাৰ্শ্বৰেখাবোৰ সুবিকশিত।
  13. হৃদযন্ত্ৰটো দুটা কোঠালীযুক্ত – এটা অলিন্দ আৰু এটা নিলয়।
  14. বহিঃকৰ্ণ আৰু মধ্যকৰ্ণ নেথাকে কিন্তু অন্তঃকৰ্ণ থাকে আৰু ইয়াত তিনিটা অৰ্ধবৃত্তাকাৰ নলিকাযুক্ত।
  15. ১০ যোৰ কপালীয় স্নায়ু থাকে।
  16. বৃক্ক মেছ’নেফ্ৰিক প্ৰকাৰৰ। কিছুমানত প্ৰনেফ্ৰিক নলিকাও থাকে।
  17. জননাংত প্ৰকৃত জনন নলী থাকে।
  18. লিংগভেদ আছে।
  19. ভ্ৰূণাত্মক স্তৰত এমনিঅ’ন আৰু কৰিয়ন নামৰ বীজাৱৰণ নেথাকে।
  20. নিষেচন বাহ্যিক।

মাছৰ শ্ৰেণীবিভাজন (Classification of Pisces)[সম্পাদনা কৰক]

মাছৰ শ্ৰেণীটো অতি ডাঙৰ আৰু ইয়াৰ শ্ৰেণীবিভাজন প্ৰক্ৰিয়াও জটিল। বহুতো মাছৰ চৰিত্ৰ ইহঁতৰ জীৱাশ্মবোৰৰ পৰাহে জানিব পৰা গৈছে। মুলাৰে প্ৰথমতে নিম্নখাপৰ কশেৰুকী প্ৰাণীবোৰৰ শ্ৰেণীবিভাজন কৰিছিল আৰু মৎস্যক শ্ৰেণী হিচাপে গণ্য কৰি ইয়াক 6টা উপশ্ৰেণীত ভাগ কৰিছিল। এই ৬টা উপশ্ৰেণী হ’ল – ডিপ্ন’ই (Dipnoi), টেলিঅ’ষ্টি (Teleostei), গেন’ইডি (Ganoidei), ইলাছম’ব্ৰাংকি (Elasmobranchi), মাৰ্ছিপ’ব্ৰাংকি (Marsipobranchi) আৰু লেপ্ট’কাৰ্ডি (Leptocardi)। বিস্তৃতি, প্ৰাচীন ইতিহাস, আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ লগত লগত তুলনা কৰি মাছবোৰক বৰ্তমানৰ বিজ্ঞানীসকলে ইয়াক অতিশ্ৰেণী (Super Class) হিচাপে গণ্য কৰিছে। আধুনিক যুগৰ বিজ্ঞানী বাৰ্গে (Berg, 1940) মৎস্যসমূহক ৭টা শ্ৰেণীত ভাগ কৰিছে, যেনে – টেৰিক্‌থিছ (Pterichthys), কক্ক’’ষ্টি (Coccostei), একান্‌থ’ডি (Acanthodii), ইলাছম’ব্ৰাংকি (Elasmobranchii), হল’চেফালি (Holocephali), ডিপ্ন’ই (Dipnoi) আৰু টেলিঅ’ষ্টমি (Teleostomi)। এইবোৰৰ প্ৰথম তিনিটা পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্তি হৈছে আৰু ইহঁতক একেলগে প্লেক’ডাৰ্মি (Placodermi) বুলি কোৱা হয়।

শ্ৰেণী : ১. প্লেক’ডাৰ্মি (Placodermi):

  1. ইহঁতৰ শৰীৰটো অস্থিময় বৰ্মৰে সুৰক্ষিত হৈ থাকে বাবে ইহঁতক প্লেক’ডাৰ্ম বোলা হয়।
  2. হাইয়ড (Hyoid) হাড়ে নিলম্বিকাৰ কাম নকৰে।
  3. যুগ্ম ফান আছে।

উদাহৰণ: কক্ক’ষ্টিয়াছ (Coccosteus)

শ্ৰেণী : 2. কন্দ্ৰিক্‌থিছ (Chondricthyes) :

  1. দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা।
  2. ছালখন টান, শ্লেষ্মাগ্ৰন্থিযুক্ত আৰু প্লেক’ইড বাকলিৰে আবৃত।
  3. মুখখন অংকীয়।
  4. কংকালতন্ত্ৰ কোমলাস্থিৰ (Cartilage) দ্বাৰা গঠিত।
  5. মধ্য আৰু যুগ্ম ফান থাকে।
  6. মতা মাছৰ শ্ৰোণী ফানৰ গুৰিত এযোৰ আলিংগক (Clasper) থাকে।
  7. বায়ুথলী আৰু হাওঁফাওঁ নেথাকে।
  8. সংবেদী কোষবোৰ লাওঁখোলাৰ লগত সংযুক্ত।
  9. অৱস্তক গুহা (Cloaca) থাকে।
  10. কশেৰুকা সম্পূৰ্ণ আৰু পৃথক।
  11. ৫ যোৰ জলক্লোম আছে।
  12. নিষেচন আভ্যন্তৰিণ।

এই শ্ৰেণীটোক ২টা উপশ্ৰেণীত ভগোৱা হৈছে।

উপশ্ৰেণী : ১. ছিলাচি বা ইলাছম’ব্ৰেংকি (Selachii or Elasmobranchi)

  1. মধ্য অক্ষ অবিহনে যুগ্ম ফান থাকে।
  2. বক্ষ ফানৰ গুৰিটো ঠেক।
  3. ইহঁতৰ জলক্লোমবোৰ পৃথক পৃথক কোঠালিত থাকে।
  4. চকুৰ পিছফালে এটা সৰু ৰন্ধ্ৰ থাকে।
  5. আলিংগক থাকে।

এই উপশ্ৰেণীৰ বিলুপ্ত মাছবোৰক প্ৰট’ছিলাচি (Protoselachii) আৰু জীৱিত মাছবোৰক ইউছিলাচি (Euselachii) বোলা হয়।

অতিবৰ্গ : 1. প্লিউৰ’ট্ৰিমেটা (Pleurotremata):

  1. ক্লোমৰন্ধ্ৰবোৰ পাৰ্শ্বীয়ভাবে অৱস্থিত।
  2. দাঁতবোৰ চোকা আৰু শংকু আকৃতিৰ।
  3. বক্ষীয় চক্ৰৰ সোঁ আৰু বাওঁফালটো পৃষ্ঠীয়ভাৱে পৃথক।

বৰ্গ : 1. লেম্‌নিফৰমিছ (Lamniformes):

  1. পৃষ্ঠীয় ফান দুখন কণ্টকবিহীন।
  2. পায়ু ফান থাকে।

উদাহৰণ: ডগফিছ (Scoliodon), ষ্টেগ’ষ্ট’মেটা (Stegostoms, Tiger shark), হাতুৰিমুৰীয়া চাৰ্ক (Sphyrna) ইত্যাদি।

অতিবৰ্গ: 2. হাইপ’ট্ৰিমেটা (Hypotremata):

  1. ক্লোমৰন্ধ্ৰবোৰ অংকীয় দিশত অৱস্থিত।
  2. বক্ষীয় ফানৰ সন্মুখৰ ফালটো মূৰ নাইবা শৰীৰৰ লগত সংযুক্ত হৈ থাকে।
  3. হায়মেণ্ডিবুলাৰত (Hyomandibular) ক্লোমীয় ৰশ্মি (Branchial rays) নেথাকে।
  4. বক্ষচক্ৰ (Pectoral girdle) দুয়োটা ফাল প্ৰত্যেকে প্ৰত্যেকৰ লগত সংযুক্ত হৈ থাকে নতুবা ৰাজহাড়ৰ লগত সংযুক্ত হৈ থাকে।

বৰ্গ: 1. ৰাজিফৰ্‌মিছ (Rajiformes):

  1. মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ নেথাকে।
  2. আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি নহয়।

উদাহৰণ: স্কেট বা ৰাইন’বেটাছ (Rhinobatus),। ঈগল ৰে (Myliobatus)।

বৰ্গ: 2. ট’ৰপেডিনিফ’ৰমিছ (Torpediniformes):

  1. মূৰ আৰু বক্ষীয় ফানৰ মাজত বৈদ্যুতিক অংগ থাকে।
  2. আদিনেত্ৰকোটৰ (Preorbital) কোমলাস্থিৰ বৃদ্ধি হৈ বৃহৎ আকৃতি ধাৰণ কৰে।

উদাহৰণ: ট’ৰপেড’ বা ইলেট্ৰিক ৰে (Torpedo)।

শ্ৰেণী: 3. হল’ছেফালি (Holocephalii):

  1. লাওঁখোলাৰ পেলেট’-কোৱাৰ্ডেট (Palato-quadrate) কোমলাস্থিডাল নিউৰ’ক্ৰেনিয়ামৰ (Neuro-cranium) লগত সংযুক্ত হৈ থাকে।
  2. জলক্লোম 4যোৰ আৰু ইহঁতক অপাৰকুলামে ঢাকি ৰাখে।
  3. ক্ল’আকা নেথাকে।
  4. শ্ৰোণীচক্ৰৰ সোঁ আৰু বাওঁফালটো সংযুক্ত হৈ নেথাকে।

উপশ্ৰেণী: 2. কাইমেৰা (Chimarae):

  1. পৃষ্ঠদণ্ড আছে আৰু ইয়াক অসংখ্য কেলছিয়ামযুক্ত আঙুঠিয়ে আংশিকভাৱে আৱৰি ৰাখে।
  2. বক্ষ ফানবোৰ সাধাৰণ প্ৰকৃতিৰ।


বৰ্গ: 1. কাইমেৰিফৰমিছ (Chimaeriformes):

উদাহৰণ: কাইমেৰা (Chimerae)

শ্ৰেণী: 3. ডিপ্ন’ই (Dipnoi):

1.দুই ধৰণৰ শ্বসনাংগ থাকে – জলক্লোম আৰু হাওঁফাওঁ।

2.মাত্ৰ এযোৰ জলক্লোম থাকে।

3.অপাৰকুলাম, বায়ু থলী আৰু ক্ল’য়েকা আছে।

4.ছাইক্ল’ইত বাকলিৰ ছালখন আবৃত।

5.যুগ্ম ফানবোৰ খণ্ডিত।

6.শ্ৰোনীচক্ৰ যুৰীয়া নহয়।

বৰ্গ: 1. ছেৰাট’ডিফ’ৰমিছ (Ceratodformes):

1.অন্তঃলাওঁখোলাটো (Endocranium) কোমলাস্থিযুক্ত।

2.বায়ুথলী এটা।

উদাহৰণ: ছেৰাট’ডাছ (Ceratodus), নিঅ’ছেৰাট’ডাছ (Neoceratodus)।

বৰ্গ: 2. ছেৰাট’ডিফ’ৰমিছ (Lepidosireniformes):

1.অন্তঃলাওঁখোলাটো আৱৰণযুক্ত।

2.বায়ুথলী যুৰীয়া।

উদাহৰণ : প্ৰট’পটেৰাছ (Protopterus), লেপিড’চাইৰেন (Lepidosiren)

শ্ৰেণী: 4. টেলিঅ’ষ্টমি (Teleostomi):

1.অন্তঃকংকাল কম বেছি পৰিমাণে অস্থিযুক্ত।

2.লাওঁখোলাটো সাধাৰণতে হায়’ষ্টাইলিক (Hyostylic)।

3.ছালখন গ্লেনইড, ছাইক্লইড বা টিন’ইড বাকলিৰে আবৃত। 4.অপাৰকুলাম থাকে।

5.যুগ্ম আৰু অযুগ্ম ফান থাকে।

6.ক্ল’য়েকা আৰু আলিংগক থাকে।

এই শ্ৰেণীটোক দুটা উপশ্ৰেণীত ভগোৱা হৈছে।

উপশ্ৰেণী: 1. ক্ৰছপ্‌টেৰিজি (Crossopterygii):

1.যুৰীয়া ফানযুক্ত আৰু এইবোৰ মধ্যস্থ খলপাযুক্ত।

2.দেহটো বাকলিৰি ঢাক খোৱা।

3.অন্তঃনাসাৰন্ধ্ৰ আছে আৰু মুখগহ্বৰৰ লগত যুক্ত।

4.কেইটা জীৱিত প্ৰজাতিত বাহিৰে বাকীবোৰ বিলুপ্ত হৈছে।

উদাহৰণ: লেটিমেৰিয়া (Letimeria), ছিলাকেন্‌থাছ (Celacanthus, বিলুপ্ত)।

উপশ্ৰেণী: 2. একটিন’প্‌টেৰিজি (Actinopterygii):

1.ইহঁতে আদিম চৰিত্ৰ দেখুৱায়। 2.অন্তঃনাসাৰন্ধ্ৰ নেথাকে। 3.শল্কীয় (Squamosal) অস্থি নেথাকে। 4.যুগ্মফানৰ পক্ষৰশ্মিৰ (Fin rays) চেছেলিয়াবোৰে (Basalia) ছালৰ লগত লাগি নেথাকে। এই উপশ্ৰেণীটো 18টা বৰ্গত বিভক্ত।

বৰ্গ: 1. পলিপটেৰিফৰমিছ (Polypteriformes):

1.ছালখন সাধাৰণ তীৰ্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।

2.পৃষ্ঠীয় ফানৰ অসংখ্য ফিনলেটছ্‌ (Finlets) আছে।

3.নেজডাল বিষমপুচ্ছীয়।

4.বক্ষীয় ফানৰ সংযোগ স্থলত এটা সুস্পষ্ট ভূমি আছে।

5.বায়ুথলী দ্বিখণ্ডিত আৰু অন্ত্ৰৰ অংকীয় দিশৰ লগত সংযুক্ত হৈছে।

উদাহৰণ: পলিপটেৰাছ (Polypterus)

বৰ্গ: 2. এছিপেনচেৰিফৰমিছ (Acipenseriformes):

1.দেহটোত 5 শাৰী অস্থিযুক্ত প্ৰশক্ল (Scutes) আছে।

2.নাসামণ্ডল দীঘলীয়া।

3.অন্তঃলাওঁখোলা কোমলাস্থিযুক্ত।

4.পুচ্ছফান বিষমপুচ্ছীয় (Heterocercal)।

উদাহৰণ: এছিপেন্‌চাৰ (Acipenser)

বৰ্গ: 3. এমিফৰমিছ (Amiiformes):

1 বাকলি ছাইক্ল’ইড প্ৰকৃতিৰ।

2.কশেৰুকাকায় (Vertebral centra) পশ্চগৰ্তী (Opisthocoelus) নহয়।

3.বক্ষীয় প্ৰকোষ্ঠিকা (Pectoral radials) স্কেপুলা-কোৰাকয়ড কোমলাস্থিৰ লগত সংযুক্ত।

উদাহৰণ: এমিয়া (Amia)

বৰ্গ: 4. লেপিড’ষ্টেইফৰমিছ (Lepidosteiformes):

1.ছালখন তীৰ্যককোণী (Rhombic) গেনইড বাকলিৰে আবৃত।

2.নাসাৰন্ধ্ৰটো দীঘলীয়া নাসামণ্ডলৰ প্ৰান্তত অৱস্থিত।

3.পুচ্ছ ফান কিছু পৰিমাণে বিষমপুচ্ছীয়।

4.কশেৰুকাবোৰ সম্পূৰ্ণকৈ অস্থিভূত (Ossified) আৰু পশ্চগৰ্তী।

উদাহৰণ: লেপিড’ষ্টিয়াছ (Lepidosteus)

বৰ্গ: 5. ক্লুপিফৰমিছ (Clupeiformes):

1.বাকলিবোৰ সুবিকশিত আৰু ছাইক্লইড প্ৰকৃতিৰ।

2.পুচ্ছ ফান সমপুচ্ছীয় (Homocercal)।

3.পৃষ্ঠীয় আৰু পায়ু ফানত কণ্টক নেথাকে।

4.কশেৰুকাকায় সম্পূৰ্ণৰূপে অস্থিভূত।

5.ৱেবাৰ অস্থিকা (Weberian ossicle) নেথাকে।

উদাহৰণ: নট’পটেৰাছ (Notopterus), ক্লুপিয়া (Clupeia)।

বৰ্গ: 6. স্কপেলিফৰমিছ (Scopeliformes):

1.পৃষ্ঠীয় আৰু পায়ু ফানত কণ্টক নেথাকে।

2.এখন চৰ্বীময় ফান (Adipose fin) থাকে।

3.মুখখন ডাঙৰ আৰু ইয়াত অসংখ্য সৰসৰু দাঁত থাকে।

4.সাধাৰণতে সংদীপ্তি অংগ থাকে।

উদাহৰণ: হাৰপ’ডন (Harpodon)

বৰ্গ: 7. ছাইপ্ৰিনিফৰমিছ (Cypriniformes):

1.ৱেবাৰ অস্থিয়ে অন্তঃকৰ্ণ আৰু বায়ুথলীক সংযোক কৰে।

2.বায়ুথলীটো পাচন নলীৰ লগত এডাল নলিকাৰ দ্বাৰা সংযুক্ত হৈ থাকে।

3.উদৰৰ তলফালে অংকীয় ফান থাকে।

ইয়াক আকৌ দুটা উপভাগত ভগোৱা হৈছে –

ভাগ : 1. ছাইপ্ৰিনি (Cyprini): শৰীৰটোত সাধাৰণতে বাকলি থাকে যদিও কিছুমানৰ নেথাকে।

ইহঁতৰ তৃতীয় আৰু চতুৰ্থ কশেৰুকা ইটোৱে সিটোৰ লগত যুক্ত হৈ নেথাকে। উদাহৰণ: ৰৌ মাছ (Labeo rohita), ভকুৱা (Catla)।

ভাগ : 2. চিলুৰি (Siluri): বাকলি নেথাকে। উৰ্দ্ধহনুৰ হাড়ডাল সৰু হৈ পিচ্ছিকাবোৰক Barbules) ধৰিৰাখে। দ্বিতীয়, তৃতীয়, চতুৰ্থ আনকি কেতিয়াবা পঞ্চম কশেৰুকাও একেলগে সংযুক্ত হৈথাকে। উদাহৰণ: এৰিয়াছ (Arius), শিঙি মাছ (Heteropneustes), মাগুৰ মাছ (Clarius), বৰালী মাছ (Wallago)।

বৰ্গ: 8. এংগুইলিফৰমিছ (Anguilliformes):

1.দেহটো চুঙা আকৃতিৰ আৰু দীঘলীয়া।

2.ছালখন নগ্ন যদিও সৰু সৰু বাকলি কিছুমান ছালত পোত খাই থাকে।

3.পৃষ্ঠীয় আৰু পায়ু ফান দীঘলীয়া আৰু ঠেক।

4.শ্ৰোণী ফান থাকিলে উদৰীয় অঞ্চলত থাকে।

5.ফানবোৰত কণ্টক নেথাকে।

6.বায়ুথলীটো অন্ত্ৰৰ লগত সংযুক্ত হৈ থাকে।

উদাহৰণ: এংগুইলা (Anguilla)

বৰ্গ:9. বেলনিফৰমিছ (Beloniformes):

1.দেহটো দীঘলীয়া আৰু ছালত ছাইক্ল’ইড বাকলি থাকে।

2.ফানত কণ্টকনেথাকে।

3.অংকীয় ফান উদৰীয়।

4.ইহঁতৰ কিছুমানে মাছে গ্লাইডিং প্ৰক্ৰিয়াৰে পানীৰ ওপৰলৈ জাপ মাৰি কিছু সময়ৰ বাবে ভাসমান হৈ উৰিব পাৰে।

উদাহৰণ: বেল’নি (Beloni), উৰণীয়া মাছ (Exocoetus)

বৰ্গ:10. চিগ্‌নাথিফৰমিছ (Syngnathifomes):

1.দেহটো বাকলি নাইবা অস্থিযুক্ত আঙুঠিৰে আবৃত।

2.মুখখন অগ্ৰপ্ৰান্তৰ মূৰত অৱস্থিত আৰু নাসামণ্ডল নলি আকৃতিৰ।

3.পৃষ্ঠীয়, পায়ু আৰু বক্ষীয় পক্ষ বা ফানৰ পক্ষৰশ্মিবোৰ শাখাযুক্ত নহয়।

উদাহৰণ: সামূদ্ৰিক ঘোঁৰা (Hippocampus), চিগ্‌নেথাছ (Syngnathus)

বৰ্গ:11. অফিঅ’চেফালিফৰমিছ (Ophiocephaliformes):

1.দেহটো ছাইক্ল’ইড বাকলিৰে আবৃত।

2.মূৰটো দোপাখোৱা আৰু ডাঙৰ ডাঙৰ বাকলিৰে আবৃত।

3.ফানবোৰ কণ্টকহীন।

4.অতিৰিক্ত শ্বসনাংগ থাকে।

5.বায়ুথলী দীঘলীয়া আৰু পুচ্ছ অঞ্চললৈ বিস্তৃত।

গৰৈ মাছ (Channa)

বৰ্গ:12. চিমব্ৰেংকিফৰমিছ (Symbranchiformes):

1.দেহটো সাপৰ নিচিনা দীঘলীয়া আৰু ছালত বাকলি নেথাকে।

2.বায়ুথলী নেথাকে।

3.ফানত কণ্টকনেথাকে।

4.পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান নীৰৱচ্ছিন্ন ভাৱে সংলগ্ন হৈ থাকে।

5.ক্লোমৰন্ধ্ৰ এটা, অনুপ্ৰস্থীয় আৰু অংকীয়।

উদাহৰণ: কুচিয়া (Amphipnous cuchia)।

বৰ্গ:13. পাৰ্চিফৰমিছ (Perciformes):

1.ফান কণ্টকযুক্ত।

2.দুখন পৃষ্ঠীয় ফান।

3.বক্ষীয় অঞ্চলত অংকীয় ফান থাকে আৰু ইয়াত 6 ডালতকে বেছি পক্ষৰশ্মি নেথাকে।

4.ৱেবাৰৰ অস্থি নেথাকে।

উদাহৰণ: কাৱৈ মাছ (Anabus), ট্ৰাইকিউৰাছ (Trichirus)।

বৰ্গ:14. প্লিউৰ’নেক্‌টিফৰমিছ (Pleuronectiformes):

1.পানীৰ তলত বাস কৰাৰ বাবে অভিযোজিত হ’বলৈ বাবে ইয়াৰ দেহটো চেপেটা। 2.চকু দুটা অংকীয় ফালে অৱস্থিত।

3.লাওঁখোলাটো অপ্ৰতিসম।

4.ফানত কণ্টক নেথাকে।

5.পূৰ্ণাংগ প্ৰাণীথ বায়ুথলী নেথাকে।

উদাহৰণ: চাইনাপ্‌টুৰা (Synaptura), প্লিউৰ’নেক্‌টাছ(Pleuronectus)।

বৰ্গ:15. মাষ্টাচেম্‌বেলিফৰমিছ (Mastacembeliformes):

1.দেহটো ঈল মাছৰ নিচিনা দীঘলীয়া।

2.পৃষ্ঠীয়, পুচ্ছ আৰু পায়ু ফান উপৰা উপৰিকৈ সংযুক্ত হৈ থাকে। কেতিয়াবা সৰু পুচ্ছ ফানখন পৃথক হৈ থাকে।

3.পৃষ্ঠীয় ফানৰ সন্মুখত কিছুমান মুক্ত কণ্টক থাকে।

4.পায়ু ফানৰ তিনিডাল কণ্টক থাকে।

5.অংকীয় ফান নেথাকে।

6.বক্ষ ফান থাকে।

উদাহৰণ: মাষ্টাচেম্‌বেলাছ (Mastacembelus)

বৰ্গ:16. ইকিনেইফৰমিছ (Echeneiformes):

1.প্ৰথম পৃষ্ঠীয় ফানখন ৰূপান্তৰিত হৈ এঠা খাই ধৰিবলৈ অভিযোজিত হয়।

2.বাকলিবোৰ চাইক্লইড প্ৰকৃতিৰ।

3.দ্বিতীয় পৃষ্ঠীয় ফান আৰু পায়ু ফানত কণ্টক নেথাকে

4.বায়ুথলী নেথাকে।

উদাহৰণ: ইকিনেইছ (Echeneis), ৰিম’ৰা (Remora)।

বৰ্গ:17. টেট্ৰ’দন্তীফৰমিছ (Tetrodontiformes):

1.বাকলিবোৰ কাইটলৈ ৰূপান্তৰিত হয়।

2.অস্থিযুক্ত প্লেটে দেহটো আগুৰি ৰাখে।

উদাহৰণ: অষ্ট্ৰাচিঅ’ন (Ostracion), টেট্ৰাড’ন (Tetradon)।

বৰ্গ:18. লফিফৰমিছ (Lophiformes):

1.পৃষ্ঠীয় ফান দুখন।

2.বায়ুথলী নেথাকে।

3.বক্ষফান ঠেংসদৃশ।

উদাহৰণ: লফিয়াছ (Lophius)।

  1. Goldman, K.J. (1997). "Regulation of body temperature in the white shark, Carcharodon carcharias". Journal of Comparative Physiology. B Biochemical Systemic and Environmental Physiology খণ্ড 167 (6): 423–429. doi:10.1007/s003600050092. Archived from the original on 6 April 2012. https://web.archive.org/web/20120406114844/http://www.mendeley.com/research/temperature-and-activities-of-a-white-shark-carcharodon-carcharias/। আহৰণ কৰা হৈছে: 12 October 2011. 
  2. Carey, F.G.; Lawson, K.D. (February 1973). "Temperature regulation in free-swimming bluefin tuna". Comparative Biochemistry and Physiology Part A: Physiology খণ্ড 44 (2): 375–392. doi:10.1016/0300-9629(73)90490-8. 
  3. "FishBase". FishBase. April 2015. http://www.fishbase.org/search.php। আহৰণ কৰা হৈছে: 29 August 2015.