জগৎ (জীৱবিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীৱজগতৰ বৰ্গীকৰণ তালিকা ।

জীৱবিজ্ঞানত, ৰাজ্য বা জগৎ ( English: Kingdom, Latin: regnum, pl. regna ) অধিজগতৰ তলতেই বৰ্গীকৰণৰ দ্বিতীয় উচ্চ স্থানত অৱস্থান কৰিছে । ৰাজ্য সমূহক পৰ্ব নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে । পৰম্মৰাগতভাৱে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাঠ্যপুথিত ছখন ৰাজ্যৰ ( প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, প্ৰটিষ্টা, আৰ্কেৰিয়া, আৰু বেক্টেৰিয়া ) পদ্ধতি ব্যৱহাৰ কৰা হয় আনহাতে ব্ৰিটিছ, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ পাঠ্যপুথিত পাঁচ খন ৰাজ্যৰ ( প্ৰাণী, উদ্ভিদ, ভেকুৰ, প্ৰ'ট'কটিষ্টা, আৰু প্ৰকোষকেন্দ্ৰীয়/ ম'নেৰা ) পদ্ধতি ব্যৱহাৰ কৰা হয় ।

সংজ্ঞা আৰু সম্বন্ধিত পদবোৰ[সম্পাদনা কৰক]

যেতিয়া কাৰ্ল লিনিয়াচে (Carl Linnaeus) জীৱবিজ্ঞানত স্থান-ভিত্তিক নামাকৰণ পদ্ধতি প্ৰৱৰ্তন কৰিলে, একেবাৰে উচ্চ স্থানটোক "ৰাজ্য" নাম দিছিল আৰু তাৰ তলতেই অন্য চাৰিটা প্ৰধান স্থান ৰাখিছিল; শ্ৰেণী, বৰ্গ, আৰু জাতি । পাছত বাকী দুটা প্ৰধান স্থান প্ৰৱৰ্তন কৰি, ৰাজ্য, পৰ্ব বা বিভাগ , শ্ৰেণী , বৰ্গ , পৰিয়াল, গণ , আৰু প্ৰজাতি এই ক্ৰমটো সম্পূৰ্ণ কৰিলে ।[1] ১৯৬০ চনত ৰাজ্যৰ ওপৰত, অধিজগৎ ( Domain বা Empire) নামে এটা নতুন স্থান অন্তৰ্ভুক্ত কৰা হ'ল, সেই বাবে, ৰাজ্য আটাইতকৈ উচ্চ স্থান হৈ নাথাকিল ।

উপসৰ্গ সংযুক্তহৈ উপৰাজ্য আৰু অৱৰাজ্য নামে দুটা নতুন স্থান ৰাজ্যৰ ঠিক তলতেই গঠন হ'ল । অধিৰাজ্যৰ সমান্তৰালভাৱে বা ৰাজ্য আৰু অধিজগৎ বা উপঅধিজগতৰ মাজত স্বতন্ত্ৰভাৱে অতিৰাজ্যক বিবেচনা কৰা হ'ল । কিছুমান বৰ্গীকৰণ পদ্ধতিত উপৰাজ্য আৰু অৱৰাজ্যৰ মাজত অতিৰিক্ত শাখা স্থান (Latin: ramus) অন্তৰ্ভুক্ত কৰা হ'ল । ( যেনে:- কেভেলিয়াৰ - স্মিথৰ বৰ্গীকৰণৰ প্ৰ'ট'ষ্ট'মিয়া আৰু ডিউটাৰ'ষ্ট'মিয়া[2]).

আধুনিক দৃষ্টিভঙ্গী[সম্পাদনা কৰক]

জীৱৰ তিনিখন অধিজগৎ[সম্পাদনা কৰক]

১৯৭০ চনৰ মাজভাগৰ আগৰে পৰা বৰ্গীকৰণৰ প্ৰাথমিক কাৰক হিচাপে, জিনৰ আনৱিক প্ৰৰ্যায় ( প্ৰথমতে ৰিব'জমেল ‍আৰএনএ জিন )ৰ তুলনাৰ অৱধাৰণা বাঢ়ি আহিছিল; বাহ্যিক অভিব্যক্তি আৰু আচৰণতকৈ জিনীয় সাদৃশ্য অধিক গুৰুত্বপূৰ্ণ । মন'ফাইলেটিক (সকলো একে সাধাৰণ পূৰ্বজৰ সন্ততি ) বা পেৰাফাইলেটিক (মাত্ৰ কিছুমান একে সাধাৰণ পূৰ্বজৰ সন্ততি) যিয়েই নহওক, ৰাজ্যকে ধৰি, বৰ্গীকৰণৰ স্থান সমুহ, একে সাধাৰণ পূৰ্বজৰ সন্ততিৰ গোট কৰা হৈছিল । এনে আৰএনএ (RNA) অধ্যয়নৰ ভিত্তিত, কাৰ্ল ৱেইছে (Carl Woese), ভাৱিছিল যে, জীৱ তিনিটা বৃহৎ ভাগত বিভক্ত আৰু ইয়াকে "তিনিখন প্ৰাথমিক জগৎ" আৰ্হি বা "ইউৰিকিংডম" আৰ্হি বুলিছিল[3] ১৯৯০ চনত, আটাইতকৈ উচ্চ স্থানটোৰ বাবে "অধিজগৎ" নামটো প্ৰস্তাৱ কৰা হৈছিল ।[4] ৱেইছে প্ৰকোষকেন্দ্ৰীয় (prokaryote) বোৰক (পিছলৈ ম'নেৰা হিচাপে শ্ৰেণীবিভাজন কৰা হৈছিল) ইউবেক্টেৰিয়া আৰু আৰ্কেবেক্টেৰিয়া বা আৰ্কাইয়া নামেৰে দুটা ভাগত ভাগ কৰিছিল, চিন্তনীয় যে, সিহঁতৰ যিকোনোৰ আৰু সকলো সংকোষকেন্দ্ৰীয়ৰ (eukaryote) মাজত থকা জিনীয় পাৰ্থক্যৰ সমানেই এই গোট দুটাৰ মাজটো পাৰ্থক্য আছিল । জিনীয় তথ্য মতে, উদ্ভিদ, ভেঁকুৰ, আৰু জন্তুৰ দৰে সংকোষকেন্দ্ৰীয় গোটবোৰ দেখাত ভিন্ন হ'লেও, সিহঁত ইউবেক্টেৰিয়া বা আৰ্কাইয়াতকৈ পৰস্পৰে বেছি নিকট সমন্ধীয় । দেখা গৈছে যে, সংকোষকেন্দ্ৰীয়বোৰ ইউবেক্টেৰিয়া বোৰতকৈ আৰ্কাইয়াবোৰৰহে বেছি নিকট সমন্ধীয় । ইউবেক্টেৰিয়া - আৰ্কাইয়া বিভাজন প্ৰসংগটো যদিও বিতৰ্কিত, ইয়াক সদায়ে গুৰুত্ব দি অহা হৈছে ।[5] ৱেইছৰ প্ৰস্তাৱিত বৰ্গীকৰণ যোজনাত কিমানখন ৰাজ্য আছিল সেই সম্পৰ্কত মতভেদ আছে ।

সংকোষকেন্দ্ৰীয় জীৱৰ কিমানখন ৰাজ্য আছে?[সম্পাদনা কৰক]

One hypothesis of eukaryotic relationships, modified from Simpson and Roger (2004).

২০০৪ চনত, ছিম্পছন আৰু ৰ'জাৰে এটা প্ৰবন্ধত উল্লেখ আছিল যে প্ৰটিষ্টাবোৰ আছিল "সকলো সংকোষকেন্দ্ৰীয়ৰ এটা grab-bag, সেইবোৰ জন্তু, উদ্ভিদ বা ভেঁকুৰ নহয় ।" তেওঁলোকে ধৰি লৈছিল যে, কেৱল মন'ফাইলেটিক গোটকহে বৰ্গীকৰণৰ আনুষ্ঠানিক স্থান হিচাপে গ্ৰহণ কৰা উচিত আৰু, যদিও এই প্ৰস্তাৱ আগেয়ে ব্যৱহাৰ্য নাছিল (necessitating "literally dozens of eukaryotic ‘kingdoms’"), এতিয়াহে সংকোষকেন্দ্ৰীয়বোৰক "সম্ভৱতঃ সকলো মন'ফাইলেটিকৰ মাত্ৰ কেইটামান প্ৰধান গোট" হিচাপে ভাগ কৰা সম্ভৱ হৈছে ।[6] এই অনুসৰি প্ৰস্তুত কৰা এখন শ্ৰেণীবিভাজন "কেইবাখনো সমাজৰ বিশেষজ্ঞৰ সহযোগত কাম কৰা" এখন সমিতিৰ দ্বাৰা ২০০৫ চনত, "প্ৰটিষ্টবিদসকলৰ আন্তৰাষ্ট্ৰীয় সমাজ"ৰ (International Society of Protistologists) আগত উত্থাপন কৰা হৈছিল । ইয়াত সংকোষকেন্দ্ৰীয়ক ছটা "অতিবৰ্গ"ত ভাগ কৰা হৈছিল ।[7] প্ৰকাশিত শ্ৰেণীবিভাজন খনত সজ্ঞানে আনুষ্ঠানিক বৰ্গীকৰণ স্থান সমুহ ("ৰাজ্য"কে ধৰি) ব্যৱহাৰ কৰা হোৱা নাই ।


এই পদ্ধতিত, এককোষী ক্ৰন'ফ্লগেলটাবোৰ (choanoflagellate) আৰু অপিষ্ঠ'কণ্টাৰ (Opisthokonta) পৰা হোৱা ভেঁকুৰবোৰৰ দৰে বহু কোষী প্ৰাণীবোৰো (মেটায'ৱা) একে পূৰ্বজৰ সন্ততি ।[7] প্ৰাণী আৰু ভেঁকুৰৰ সৈতে উদ্ভিদবোৰ তাতোকৈও স্পষ্টভাৱে সম্বন্ধিত বুলি বিচাৰ কৰা হয় ।

তথাপি, "প্ৰটিষ্টবিদসকলৰ আন্তৰাষ্ট্ৰীয় সমাজ"ৰ বৰ্গীকৰণখন প্ৰকাশ হোৱা বছৰতে (২০০৫), এই অতিগোটবোৰৰ কিছুমান মন'ফাইলেটিত বুলি সন্দেহ কৰা হৈছিল, বিশেষকৈ ক্ৰ'মেলভেঅ'লাটা (Chromalveolata),[8] আৰু ২০০৬ চনৰ এটা সমীক্ষাত, এই তথাকথিত ছটা অতিগোটবোৰৰ কেইবাটাৰো প্ৰমাণৰ অভাৱ লিপিবদ্ধ কৰা হৈছিল ।[9]

২০১০চন, এখন ব্যাপক চুক্তিত ষ্টামেন'পাইলছ (Stramenopiles) আৰু এলভেঅ'লাটা (Alveolata) সৈতে ৰাইজেৰিয়া (Rhizaria) সম্বন্ধিত কৰি, এছএআৰ অতিগোটত (SAR supergroup) অন্তৰ্ভুক্ত কৰা হল,[10] সেয়ে ৰাইজেৰিয়া এটা প্ৰধান সংকোষকেন্দ্ৰীয় গোট নহয়[11][12][13][14] ইফালে, কোনো সহমতৰ সৃষ্টি নহ'ল । ৰগজিন আৰু সংগীসকলে (Rogozin et al.) ২০০৯ চনত লিখিলে যে, "সংকোষকেন্দ্ৰীয়ৰ গভীৰ জাতি বৃত্তটো এটা অত্যধিক জটিল আৰু বিতৰ্কিত সমস্যা"[15] ২০১০ৰ ডিচেম্বৰত, সকলো সহমত হল যে ২০০৫ৰ ছটা অতিগোটৰ আৰ্হিয়ে (six supergroup model) সংকোষকেন্দ্ৰীয়ৰ প্ৰকৃত জাতি বৃত্তটো প্ৰতিফলিত কৰিব নোৱাৰে আৰু সেইবোৰ যিদৰে বৰ্গীকৰণ কৰা হৈছে, আৰ্হিটোৰ কোনো চুক্তিয়েই ইয়াক প্ৰতিস্থাপন কৰিব নোৱাৰে[11][12][16]

ঐতিহাসিক বিকাশ[সম্পাদনা কৰক]

পুৰণি কালতে জীৱক প্ৰাণী আৰু উদ্ভিদ হিচাপে ভাগ কৰা হৈছিল । এৰিষ্ট'টলে (Aristotle) (খ্ৰী. পূ. ৩৮৪-৩২২) তেওঁৰ হিষ্ট্ৰি অৱ এনিমেল (History of Animals) গ্ৰন্থত প্ৰাণী প্ৰজাতি বৰ্গীকৰণ কৰিছিল, আনহাতে তেওঁৰ শিষ্য থেঅফ্ৰাষ্টাছে (Theophrastus) উদ্ভিদ সম্পৰ্কে সমান্তৰালভাৱে, হিষ্ট্ৰিয়া প্লেণ্টাৰাম (Historia Plantarum) নামে অন্য এখন গ্ৰন্থ লিখিছিল ।[17]

১৭৩৫ চনত, আধুনিক বৈজ্ঞানিক নামাকৰণৰ (biological nomenclature) আধাৰশিলা স্থাপন কৰিছিল কেৰলাছ লিনিয়াছে (Carolus Linnaeus ,১৭০৭–১৭৭৮) । তেওঁ জীৱসমুহ দুখন ৰাজ্যত ভাগ কৰিছিল: ৰেগ্নাম এনিমেল (Regnum Animale ,'প্ৰাণী জগৎ') আৰু ৰেগ্নাম ভেজিটেবিল (Regnum Vegetabile ,'শাকপাঁচলি জগৎ' অৰ্থাৎ উদ্ভিদ ) । লিনিয়াছে তেওঁৰ বৰ্গীকৰণ পদ্ধতিত মাণিকবোৰক ৰেগ্নাম লেপিডিয়াম (Regnum Lapideum) নামেৰে তৃতীয় এখন ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল ।


১৬৭৪ চনত, "মাইক্ৰ'স্কপিৰ জনক" ৰূপে খ্যাত এণ্টনি ভান লিউৱেনহুকে (Antonie van Leeuwenhoek) তেওঁৰ প্ৰথম এককোষী জীৱৰ আনুবীক্ষণিক নিৰীক্ষণ লণ্ডনৰ ৰয়েল চছাইটিলৈ (Royal Society) প্ৰেৰণ কৰে । তেতিয়ালৈকে এনে আনুবীক্ষণিক জীৱসমুহৰ অৱস্থিতি সম্পূৰ্ণৰূপে অজ্ঞাত আছিল । সেইবাবে, লিনিয়াছে তেওঁৰ বৰ্গীকৰণত আনুবীক্ষণিক জীৱসমূহ অন্তৰ্ভুক্ত কৰা নাছিল ।

Haeckel's original (1866) conception of the three kingdoms of life, including the new kingdom Protista. Notice the inclusion of the cyanobacterium Nostoc with plants.

প্ৰথমে আনুবীক্ষণিক জীৱসমূহ প্ৰাণী আৰু উদ্ভিদ ৰাজ্যৰ ভিতৰতেই শ্ৰেণীবদ্ধ কৰা হৈছিল । তথাপি উনবিংশ শতিকাৰ মাজভাগৰ পৰা এইটো স্পষ্ট হ'ল যে, "the existing dichotomy of the plant and animal kingdoms [had become] rapidly blurred at its boundaries and outmoded".[18] ১৮৬৬ চনত, আৰ্নষ্ট হেকেলে (Ernst Haeckel), যিবোৰ "উদাসীন জীৱ", প্ৰাণীও নহয় উদ্ভিদো নহয়, সেইবোৰৰ বাবে প্ৰটিষ্টা নামৰ এখন তৃতীয় ৰাজ্যৰ প্ৰস্তাৱ আগবঢ়াইছিল । হেকেলে ৰাজ্যৰ এই বিষয়টো, জীৱবোৰ এককোষী (প্ৰটিষ্টা) নে বহুকোষী (প্ৰাণী আৰু উদ্ভিদ) তাৰ ওপৰত ভিত্তি কৰি বিভাজনৰ সিদ্ধান্ত লোৱাৰ আগত কেইবাবাৰো পৰীক্ষা কৰিছিল ।[18]

তিনি ৰাজ্য পদ্ধতি ।

ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰৰ (electron microscope) বিকাশে, সেই এককোষী জীৱ যিবোৰ এটা স্পষ্ট কোষকেন্দ্ৰ নাই (প্ৰকোষকেন্দ্ৰীয়বোৰ) আৰু বহুকোষী জীৱবোৰ যিবোৰৰ এটা স্পষ্ট কোষকেন্দ্ৰ আছে (সংকোষকেন্দ্ৰীয়বোৰ), সিহঁতৰ মাজৰ গুৰুত্বপূৰ্ণ ভিন্নতাবোৰ প্ৰকাশিত কৰিছিল । ১৯৩৮ চনত হাৰ্বাৰ্ট কপলেণ্ডে (Herbert F. Copeland), প্ৰটিষ্টাত শ্ৰেণী হিচাপে থকা বেক্টেৰিয়া (ম'নেৰা) আৰু নীল-সেউজ শেলাইক (ফাইক'ক্ৰমাচিয়া) পৰ্বলৈ উন্নীতকৰণ কৰি ম'নেৰা নামৰ নতুন ৰাজ্যত অন্তৰ্ভুক্তিৰে, এখন চাৰি-ৰাজ্যৰ বৰ্গীকৰণৰ প্ৰস্তাৱ দাঙি ধৰিছিল ।[18]

প্ৰকোষকেন্দ্ৰীয আৰু সংকোষকেন্দ্ৰীয় জীৱৰ ভিন্নতাৰ গুৰুত্ব ক্ৰমে স্পষ্ট হ'বলৈ ধৰিলে ।১৯৬০ চনত, ষ্টেনিয়ৰ আৰু ভান নীলে, এডৱাৰ্ড চাটনৰ (Édouard Chatton) বৰ্গীকৰণত ভাগ চিনাক্তকৰণৰ পুৰণা প্ৰস্তাৱটো জনপ্ৰিয় কৰি তুলিছিল । ইয়াতেই প্ৰথম বাৰৰ বাবে ৰাজ্যতকৈ উচ্চ স্থানত এখন "অতিৰাজ্য বা সাম্ৰাজ্য" সৃষ্টিৰ প্ৰয়োজন হৈছিল, পাছলৈ ইয়াকেই অধিজগৎ বুলি কোৱা হৈছিল ।.[19]

চাৰি ৰাজ্য পদ্ধতি ।


উদ্ভিদ বুলি বিবেচনা কৰা জীৱবোৰ আৰু ভেঁকুৰৰ মাজৰ পাৰ্থক্য বহুতে ধৰা পেলাইছিল; হেকেলে তেওঁৰ মৌলিক বৰ্গীকৰণত ভেঁকুৰক উদ্ভিদৰ পৰা প্ৰটিষ্টালৈ স্থানান্তৰ কৰিছিল ,[18]কিন্তু সেইসময়ৰ অধিকাংশ বিজ্ঞানীয়ে ইয়াক উপেক্ষা কৰিছিল ।ৰবাৰ্ট হুইটকাৰে (Robert Whittaker) ভেঁকুৰৰ বাবে এখন অন্য ৰাজ্য দেখুৱাইছিল । ফলত পাঁচ ৰাজ্যৰ ধাৰণাটোৰ সৃষ্টি হৈছিল, ১৯৬৯ চনত তেওঁ এই প্ৰস্তাৱ আগবঢ়াইছিল । তেওঁৰ নতুন বহু ৰাজ্যৰ পদ্ধতিটো প্ৰধানকৈ পৰিপুষ্টিৰ (nutrition) ভিন্নতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল । উদ্ভিদবোৰ বহুকোষী স্বপোষী (autotroph), প্ৰাণীবোৰ বহুকোষী পৰপোষী (heterotroph) আৰু ভেঁকুৰবোৰ বহুকোষী চাপ্ৰটফ (saprotroph) । বাকী দুখন ৰাজ্য ক্ৰমে প্ৰটিষ্টা আৰু ম'নেৰা এককোষী আৰু সাধাৰণ সংঘকোষীয় (cellular colonies) জীৱৰ অন্তৰ্গত ।[20] পঞ্চ-ৰাজ্য প্ৰণালীক, দ্বি-সাম্ৰাজ্য প্ৰণালীৰ লগত সাঙুৰিব পাৰি ।

পঞ্চ-ৰাজ্য পদ্ধতি ।

হুইটকাৰৰ প্ৰদ্ধতিত, উদ্ভিদ বুলিলে কিছুমান শেলাইও পৰিছিল । অন্য পদ্ধতিবোৰত ( যেনে- মাৰ্গুলিৰ পদ্ধতি) উদ্ভিদে কেৱল স্থলজ উদ্ভিদকহে বুজাইছিল ।

পঞ্চ ৰাজ্যৰ ধাৰণাটো বিকাশ হোৱাৰ পাছতো বহু বিজ্ঞানীয়ে, উদ্ভিদক প্ৰকোষকেন্দ্ৰীয় ( বেক্টেৰিয়া আৰু চাইন'ফাইট ), মাইক'টা (Mycota; ভেঁকুৰ আৰু সম্বন্ধীয়বোৰ ) আৰু ক্ল'ৰাটা (Chlorota; শেলাই আৰু স্থলজ উদ্ভিদ ) হিচাপে উপৰাজ্যত ভাগ কৰি, উদ্ভিদ আৰু প্ৰাণীৰ দ্বি ৰাজ্য পদ্ধতিটোকেই মানি চলিছিল ।[21]

অন্য প্ৰস্তাৱিত পদ্ধতিবোৰ[সম্পাদনা কৰক]

অষ্ট ৰাজ্য[সম্পাদনা কৰক]

ষষ্ঠ ৰাজ্য[সম্পাদনা কৰক]

তলৰ চিত্ৰটোৱে কোনো বিৱৰ্তনিক বৃক্ষ প্ৰদৰ্শন কৰা নাই ।

ছয় ৰাজ্য পদ্ধতি


ভাইৰাছ[সম্পাদনা কৰক]

ভাইৰাছক (viruses) জীৱ-বৃক্ষত স্থান দিব পাৰিনে নোৱাৰি এয়া আজিও বিতৰ্কৰ বিষয়, কিয়নো ইহঁত পোষক জীৱৰ কোষৰ বাহিৰত একেবাৰে নিস্ক্ৰিয় অবস্থাত থাকে ।[22][23] মিমিভাইৰাছৰ (Mimivirus) দৰে আপেক্ষিকভাৱে ডাঙৰ আৰু জটিল ভাইৰাছৰ আবিস্কাৰ অন্তৰ্ভুক্তিকৰণৰ এটা প্ৰধান কাৰণ, কিয়নো সিহঁতৰ বিশেষ কোষীয় জিন আছে ।[24]

সাৰাংশ[সম্পাদনা কৰক]

বিভিন্ন প্ৰকাৰৰ বৰ্গীকৰণ যোজনাৰ সাৰাংশ তলৰ তালিকাত দেখুওৱা হৈছে ।

বিজ্ঞানী ৰাজ্যৰ সংখ্যা
লিনিয়াছ,১৭৩৫ ২খন ৰাজ্য Vegetabilia প্ৰাণী
হেকেল,১৮৬৬ ৩খন ৰাজ্য প্ৰটিষ্টা উদ্ভিদ প্ৰাণী
চাটন,১৯২৫ ২খন সাম্ৰাজ্য প্ৰকোষকেন্দ্ৰীয় সংকোষকেন্দ্ৰীয়
কপলেণ্ড,১৯৩৮ ৪খন ৰাজ্য ম'নেৰা প্ৰটিষ্টা উদ্ভিদ প্ৰাণী
হুইটকাৰ১৯৬৯ ৫খন ৰাজ্য ম'নেৰা প্ৰটিষ্টা উদ্ভিদ ভেঁকুৰ প্ৰাণী
Woese et al.১৯৭৭ ৬খন ৰাজ্য ইউবেক্টেৰিয়া আৰ্কেবেক্টেৰিয়া প্ৰটিষ্টা উদ্ভিদ ভেঁকুৰ প্ৰাণী
Woese et al.,১৯৯০ ৩খন অধিজগৎ বেক্টেৰিয়া আৰ্কেইয়া ইউকাৰিয়া
কেলিভাৰ-স্মিথ,১৯৯৩ ৮খন ৰাজ্য ইউবেক্টেৰিয়া আৰ্কেবেক্টেৰিয়া আৰ্কেয'ৱা প্ৰটিষ্টা ক্ৰমিষ্টা উদ্ভিদ ভেঁকুৰ প্ৰাণী
কেলিভাৰ-স্মিথ,১৯৯৮ ৬খন ৰাজ্য বেক্টেৰিয়া প্ৰটয'ৱা ক্ৰমিষ্টা উদ্ভিদ ভেঁকুৰ প্ৰাণী

জীৱৰ গোটগঠনৰ বাবে ৰাজ্য পৰ্যায়ত বৰ্গীকৰণ আজিও অতি প্ৰয়োজনীয় ।[citation needed]

  • সংকোষকেন্দ্ৰীয় জীৱৰ কিমান ৰাজ্য আছে সেই বিষয়ত আজিও সকলো সহমত নহয় । ২০০৯ চনত, এন্ডিঅ' ৰ'জাৰ (Andrew Roger) আৰু এলষ্টেৰ ছিমছনে (Alastair Simpson) নতুন আবিষ্কাৰৰ বিশ্লেষণৰ বাবে আৰু অধিক পৰিশ্ৰমৰ প্ৰয়োজনৰ ওপৰত জোৰ দিছিল; "জীৱৰ সংকোষকেন্দ্ৰীয় বৃক্ষ সম্পৰ্কে আমাৰ বোধশক্তিৰ পৰিবৰ্তনৰ গতিৰ সৈতে, আমি সাবধানে আগবঢ়া উচিত ।"[25]

আৰু চাওক[সম্পাদনা কৰক]

প্ৰসংগ সমুহ[সম্পাদনা কৰক]

  1. See e.g. McNeill, J.; Barrie, F. R.; Burdet, H. M. et al., eds. (2006), International Code of Botanical Nomenclature (Vienna Code) Adopted by the Seventeenth International Botanical Congress, Vienna, Austria, July 2005 (electronic সম্পাদনা), প্ৰকাশক Vienna: International Association for Plant Taxonomy, http://ibot.sav.sk/icbn/main.htm, r কৰা হৈছে: 2011-02-20 , article 3.1
  2. Cavalier-Smith, T. (1998), "A revised six-kingdom system of life", Biological Reviews খণ্ড 73 (3): 203–66, doi:10.1111/j.1469-185X.1998.tb00030.x, PMID 9809012, http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=685 
  3. Balch, W.E.; Magrum, L.J.; Fox, G.E.; Wolfe, C.R.; & Woese, C.R. (August 1977), "An ancient divergence among the bacteria", J. Mol. Evol. খণ্ড 9 (4): 305–11, doi:10.1007/BF01796092, PMID 408502 
  4. Woese, C.R.; Kandler, O. & Wheelis, M. (1990), "Towards a natural system of organisms: proposal for the domains Archaea, Bacteria, and Eucarya", Proc Natl Acad Sci U S A খণ্ড 87 (12): 4576–9, doi:10.1073/pnas.87.12.4576, PMID 2112744, Bibcode 1990PNAS...87.4576W 
  5. Dagan, T.; Roettger, M.; Bryant & Martin, W. (2010), "Genome Networks Root the Tree of Life between Prokaryotic Domains", Genome Biology and Evolution খণ্ড 2:: 379–92, doi:10.1093/gbe/evq025 
  6. Simpson, Alastair G.B. & Roger, Andrew J. (2004), "The real ‘kingdoms’ of eukaryotes", Current Biology খণ্ড 14 (17): R693–6, doi:10.1016/j.cub.2004.08.038, PMID 15341755 
  7. 7.0 7.1 Adl, Sina M.; et al. (2005), "The New Higher Level Classification of Eukaryotes with Emphasis on the Taxonomy of Protists", Journal of Eukaryotic Microbiology খণ্ড 52 (5): 399, doi:10.1111/j.1550-7408.2005.00053.x, PMID 16248873 
  8. Harper, J.T.; Waanders, E. & Keeling, P. J. (2005), "On the monophyly of chromalveolates using a six-protein phylogeny of eukaryotes", Nt. J. System. Evol. Microbiol. খণ্ড 55 (Pt 1): 487–496, doi:10.1099/ijs.0.63216-0, PMID 15653923, archived from the original on 2008-12-17, http://web.archive.org/web/20081217052013/http://www.botany.ubc.ca/keeling/PDF/05chromalvJSEM.pdf 
  9. Parfrey, Laura W.; Barbero, Erika; Lasser, Elyse; Dunthorn, Micah; Bhattacharya, Debashish; Patterson, David J. & Katz, Laura A. (2006), "Evaluating Support for the Current Classification of Eukaryotic Diversity", PLoS Genet. খণ্ড 2 (12): e220, doi:10.1371/journal.pgen.0020220, PMID 17194223 
  10. Burki et al. 2007, পৃষ্ঠা 4
  11. 11.0 11.1 Burki, Fabien; Shalchian-Tabrizi, Kamran; Minge, Marianne; Skjæveland, Åsmund; Nikolaev, Sergey I.; Jakobsen, Kjetill S. & Pawlowski, Jan (2007), Butler, Geraldine, ed., "Phylogenomics Reshuffles the Eukaryotic Supergroups", PLoS ONE খণ্ড 2 (8): e790, doi:10.1371/journal.pone.0000790, PMID 17726520, PMC 1949142, Bibcode 2007PLoSO...2..790B, http://www.plosone.org/article/info%3Adoi%2F10.1371%2Fjournal.pone.0000790 
  12. 12.0 12.1 Burki, Fabien; Shalchian-Tabrizi, Kamran & Pawlowski, Jan (2008), "Phylogenomics reveals a new 'megagroup' including most photosynthetic eukaryotes", Biology Letters খণ্ড 4 (4): 366–369, doi:10.1098/rsbl.2008.0224, PMID 18522922.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Burki2008" defined multiple times with different content
  13. Burki, F. et al.; Inagaki, Y.; Brate, J.; Archibald, J. M.; Keeling, P. J.; Cavalier-Smith, T.; Sakaguchi, M.; Hashimoto, T. et al. (2009), "Large-Scale Phylogenomic Analyses Reveal That Two Enigmatic Protist Lineages, Telonemia and Centroheliozoa, Are Related to Photosynthetic Chromalveolates", Genome Biology and Evolution খণ্ড 1: 231–8, doi:10.1093/gbe/evp022, PMID 20333193 
  14. Hackett, J.D.; Yoon, H.S.; Li, S.; Reyes-Prieto, A.; Rummele, S.E. & Bhattacharya, D. (2007), "Phylogenomic analysis supports the monophyly of cryptophytes and haptophytes and the association of Rhizaria with chromalveolates", Mol. Biol. Evol. খণ্ড 24 (8): 1702–13, doi:10.1093/molbev/msm089, PMID 17488740 
  15. Rogozin, I.B.; Basu, M.K.; Csürös, M. & Koonin, E.V. (2009), "Analysis of Rare Genomic Changes Does Not Support the Unikont–Bikont Phylogeny and Suggests Cyanobacterial Symbiosis as the Point of Primary Radiation of Eukaryotes", Genome Biology and Evolution খণ্ড 1: 99–113, doi:10.1093/gbe/evp011, PMID 20333181 
  16. Kim, E.; Graham, L.E. & Redfield, Rosemary Jeanne (2008), Redfield, Rosemary Jeanne, ed., "EEF2 analysis challenges the monophyly of Archaeplastida and Chromalveolata", PLoS ONE খণ্ড 3 (7): e2621, doi:10.1371/journal.pone.0002621, PMID 18612431, Bibcode 2008PLoSO...3.2621K 
  17. Singer, Charles J. (1931), A short history of biology, a general introduction to the study of living things, প্ৰকাশক Oxford: Clarendon Press, OCLC 1197036 
  18. 18.0 18.1 18.2 18.3 Scamardella, Joseph M. (1999), "Not plants or animals: a brief history of the origin of Kingdoms Protozoa, Protista and Protoctista", International Microbiology খণ্ড 2 (4): 207–16, PMID 10943416 
  19. Stanier, R.Y. & Van Neil, C.B. (1962), "The concept of a bacterium", Archiv für Mikrobiologie খণ্ড 42 (1): 17–35, doi:10.1007/BF00425185, PMID 13916221 
  20. Whittaker, R.H. (January 1969), "New concepts of kingdoms or organisms. Evolutionary relations are better represented by new classifications than by the traditional two kingdoms", Science খণ্ড 163 (3863): 150–60, doi:10.1126/science.163.3863.150, PMID 5762760, Bibcode 1969Sci...163..150W, http://www.sciencemag.org/cgi/pmidlookup?view=long&pmid=5762760 
  21. Palmer, E. Laurence; Fowler, Seymour H (January 1975), Fieldbook of Natural History: Second Edition, McGraw-Hill, ISBN 978-0070484252 
  22. Moreira, David; Purificación López-García (2009). "Ten reasons to exclude viruses from the tree of life". Nature Reviews Microbiology খণ্ড 7 (4): 306–311. doi:10.1038/nrmicro2108. http://www.nature.com/nrmicro/journal/v7/n4/full/nrmicro2108.html. 
  23. Hegde, Nagendra; Mohan S. Maddur, Srini V. Kaveri & Jagadeesh Bayry (2009). "Reasons to include viruses in the tree of life". Nature Reviews Microbiology খণ্ড 7 (8): 615. doi:10.1038/nrmicro2108-c1. http://www.nature.com/nrmicro/journal/v7/n8/full/nrmicro2108-c1.html. 
  24. Raoult, Didier; Stéphane Audic, Catherine Robert, Chantal Abergel, Patricia Renesto, Hiroyuki Ogata, Bernard La Scola, Marie Suzan, Jean-Michel Claverie (2004). "The 1.2-Megabase Genome Sequence of Mimivirus". Science খণ্ড 306 (5700): 1344–1350. doi:10.1126/science.1101485. PMID 15486256. http://www.sciencemag.org/content/306/5700/1344.long. 
  25. Roger, A.J. & Simpson, A.G.B. (2009), "Evolution: Revisiting the Root of the Eukaryote Tree", Current Biology খণ্ড 19 (4): R165–7, doi:10.1016/j.cub.2008.12.032, PMID 19243692 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]