অধিজগৎ (জীৱ বিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Australian green tree frog (Litoria caerulea) (Litoria caerulea)
Scanning electron micrograph of S. aureus; false color added
Electron micrograph of Sulfolobus infected with Sulfolobus virus STSV1.
ত্ৰি-সাম্ৰাজ্য পদ্ধতিৰ, ইউকাৰিয়া (প্ৰতিনিধি, অষ্ট্ৰেলিয়ান সেউজীয়া গছ ভেকুলি, বাওঁফালে), বেক্টেৰিয়া (প্ৰতিনিধি, S. aureus, মাজত) আৰু আৰ্কিয়া (প্ৰতিনিধি, Sulfolobus, সোঁফালে).

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনঅধিজগৎ বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ ত্ৰি-সাম্ৰাজ্য পদ্ধতিৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায় । ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি অধিজগতৰ জীৱন বৃক্ষৰ মতে, তিনিখন অধিজগৎ হ'ল - আৰ্কিয়া, বেক্টেৰিয়া আৰু ইউকাৰিয়া (সংকোষকেন্দ্ৰীয়) ।[1] ইয়াৰে প্ৰথম দুখন অধিজগতৰ সকলো সদস্য প্ৰকোষকেন্দ্ৰীয় অনুজীৱ বা কোষকেন্দ্ৰহীন এককোষী অনুজীৱ । সুনিৰ্দিষ্ট কোষকেন্দ্ৰ থকা আৰু প্ৰায় সকলো বহুকোষী জীৱ সংকোষকেন্দ্ৰীয় অধিজগতৰ অন্তৰ্ভুক্ত । অধিজগৎ সমূহক কেইবাখনো জগতত ভাগ কৰা হৈছে ।

বিকল্প শ্ৰেণীবিভাজন সমূহ[সম্পাদনা কৰক]

জীৱজগতৰ এতিয়ালৈকে প্ৰস্তাৱিত বিকল্প শ্ৰেণীবিভাজন সমূহঃ

  • দ্বি-সাম্ৰাজ্য পদ্ধতি বা অতিঅধিৰাজ্য পদ্ধতিঃ প্ৰকোষকেন্দ্ৰীয় (ম'নেৰা) আৰু সংকোষকেন্দ্ৰীয় নামৰ দুটা গোটত বিভক্ত কৰা হয় ।[2]
  • ইউকাইট হাইপ'থেছিছঃ বেক্টেৰিয়া আৰু আৰ্কিয়া (আৰ্কিয়া আৰু ইউকাৰিয়াক সাঙুৰি) নামৰ দুখন অধিজগতত ভাগ কৰা হৈছিল । এই প্ৰস্তাৱটো জেমছ অ্যা লেক আৰু সংগীসকলে, ১৯৮৪ চনত আগবঢ়াইছিল ।[3][4][5]

ভাইৰাছৰ বহিষ্কৰণ[সম্পাদনা কৰক]

ওপৰৰ কোনো এটা পদ্ধতিতে কোষবিহীন জীৱসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই । ২০১১ চনত ভাইৰাছ সমূহকলৈ এখন চতুৰ্থ অধিৰাজ্যৰ সম্ভাৱনাৰ কথা আলোচনা কৰা হৈছিল ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Woese C, Kandler O, Wheelis M (1990). "Towards a natural system of organisms: proposal for the domains Archaea, Bacteria, and Eucarya.". Proc Natl Acad Sci USA খণ্ড 87 (12): 4576–9. doi:10.1073/pnas.87.12.4576. PMID 2112744. PMC 54159. http://www.pnas.org/cgi/reprint/87/12/4576। আহৰণ কৰা হৈছে: 11 February 2010. 
  2. Mayr, Ernst (1998). "Two empires or three?". Proc Natl Acad Sci USA খণ্ড 95 (17): 9720–9723. doi:10.1073/pnas.95.17.9720. PMID 9707542. PMC 33883. http://www.pnas.org/content/95/17/9720.full। আহৰণ কৰা হৈছে: 5 September 2011. 
  3. Archibald, John M. (23 December 2008). "The eocyte hypothesis and the origin of eukaryotic cells". PNAS খণ্ড 105 (51): 20049–20050. doi:10.1073/pnas.0811118106. http://www.pnas.org/content/105/51/20049.full. 
  4. Lake, James A.; Henderson, Eric; Oakes, Melanie; Clark, Michael W. (June 1984). "Eocytes: A new ribosome structure indicates a kingdom with a close relationship to eukaryotes". PNAS খণ্ড 81: 3786–3790. doi:10.1073/pnas.81.12.3786. http://www.pnas.org/content/81/12/3786.short. 
  5. Williams, Tom A.; Foster, Peter G.; Cox, Cymon J.; Embley, T. Martin (December 2013). "An archaeal origin of eukaryotes supports only two primary domains of life". Nature খণ্ড 504 (7479): 231–236. doi:10.1038/nature12779. PMID 24336283. http://www.nature.com/nature/journal/v504/n7479/full/nature12779.html.