সমললৈ যাওক

চাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাহ

ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় মছলা চাহ, ছবিত ইয়াক বিস্কুটৰ লগত পৰিবেশন কৰা দেখা গৈছে
প্ৰকাৰ গৰম বা ঠাণ্ডা পানীয়
উৎপত্তিৰ দেশ চীন
প্ৰচলন হয় প্ৰায় খ্ৰীষ্টপূৰ্ব দশম শতিকাত[1]
ৰং প্ৰস্তুত প্ৰণালী অনুসৰি বিভিন্ন ৰঙৰ হয়

চাহ (ইংৰাজী: Tea) হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে : চেনি, গাখীৰ আদিও সংযোগ কৰা হয়।

পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়।[2]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

চাহৰ ইংৰাজী প্ৰতিশব্দ টি (Tea) চীনা ভাষাৰ শব্দ। বৰ্তমান টাইৱান দ্বীপৰ বিপৰীতে থকা চীনৰ ফুকিয়ান প্ৰদেশত চাহক টি (Te) বুলিছিল। ইংৰাজ সদাগৰ সকলে এই প্ৰদেশৰ এময় (Amoy) বন্দৰৰ মাজেদি বেহা-বেপাৰ কৰোঁতে চাহৰ সংস্পৰ্শলৈ আহে আৰু এই টি শব্দটোৰে অপভ্ৰংশ ইংৰাজী ভাষাৰ টি (Tea) শব্দ, যাক অসমীয়া ভাষাত চাহ বোলে। চাহ প্ৰথমেত ক'ত আৱিষ্কাৰ হৈছিল সঠিককৈ ক'ব নোৱাৰি। খ্ৰীষ্টজন্মৰ আগৰে পৰাই চীন,ম্যানমাৰ আৰু থাইলেণ্ডৰ কোনো কোনো ঠাইত চাহ জাতীয় এবিধ পানীয়ৰ প্ৰচলন আছিল বুলি জনা যায়। ঐতিহাসিক তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব ২৭০০-অত চীনত চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিল।[3]

একাপ লাল চাহ

সেৱনৰ ফালৰ পৰা চাহ হৈছে আটাইতকৈ জনপ্ৰিয় উৎপাদিত দ্ৰব্য। কেৱল চাহৰ উৎপাদনে কফি, চকলেট, চফ্ট ড্ৰিঙ্ক, আৰু সুৰাৰ সংগবদ্ধ উৎপাদনৰ সমকক্ষ।[2] ২০০৩ চনত বিশ্বৰ মুঠ বাৰ্ষিক চাহ উৎপাদন আছিল ৩২.১ লাখ টন।[4] ২০০৮ চনত ই হয় ৪৭.৩ লাখ টন।[4] পৃথিৱীৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী দেশকেইখন হৈছে চীন গণৰাজ্য, ভাৰত, কেনিয়া, শ্ৰীলঙ্কা, আৰু তুৰস্ক
তলত বিশ্বৰ বাৰ্ষিক চাহ উৎপাদনৰ তথ্য দিয়া হৈছে।[4]

২০১৭ চনৰ দেশ অনুসৰি শতকৰা বাৰ্ষিক চাহ উৎপাদন
   ০.৫% তকৈ কম বা নগণ্য
   ০.৫ ৰ পৰা ১%
   ১ ৰ পৰা ৫%
   ৫ ৰ পৰা ১০%
   ১০ ৰ পৰা ২০%
   ২০% তকৈ অধিক
কেনিয়াৰ এখন চাহ বাগিছা
দেশ২০০৬ (টন)২০০৭ (টন)২০০৮ (টন)
 চীন১০,৪৭,৩৪৫১১,৮৩,০০২১২,৭৫,৩৮৪
 ভাৰত৯,২৮,০০০৯,৪৯,২২০৮,০৫,১৮০
কেনিয়া৩,১০,৫৮০৩,৬৯,৬০০৩,৪৫,৮০০
শ্ৰীলঙ্কা৩,১০,৮০০৩,০৫,২২০৩,১৮,৪৭০
বুৰুণ্ডি২,০১,৮৬৬২,০৬,১৬০১,৯৮,০৪৬
ভিয়েটনাম১,৫১,০০০১,৬৪,০০০১,৭৪,৯০০
ইন্দোনেছিয়া১,৪৬,৮৫৮১,৫০,২২৪১,৫০,৮৫১
জাপান৯১,৮০০৯৪,১০০৯৪,১০০
আৰ্জেণ্টিনা৭২,১২৯৭৬,০০০৭৬,০০০
থাইলেণ্ড৫৯,১৮০৬০,০০০৬০,০০০
 ইৰান৫৮,০০০৫৮,৫০০৫৯,০০০
মালাউই৪৫,০০৯৪৬,০০০৪৬,০০০
উগাণ্ডা৩৪,৩৩৪৪৪,৯২৩৪২,৮০৮
অন্যান্য দেশ১,৮৯,৫৫১১,৯৩,৭৮২২,০৫,২১১
সৰ্বমুঠ৩৬,৪৬,৪৫২৩৮,৮৭,৩০৮৩৮,৩৩,৭৫০

অসম আৰু চাহ শিল্প

[সম্পাদনা কৰক]
অসমৰ চাহ বাগিছা

অসমৰ প্ৰায় দুই লাখ ত্ৰিশ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু প্ৰায় ৮৫০খন চাহ বাগিছা ৰাজ্যখনত আছে। পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ চাহ উৎপাদক অঞ্চল হিচাপে পৰিগণিত অসমৰ প্ৰায় দহ লাখ লোক চাহ উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে জড়িত।

আজি পৃথিৱীত কেঁচা সোনৰ দেশ বুলি অসমক এক সুকীয়া স্থানত বা আসনত অধিষ্ঠিত কৰিছে চাহ- জনগোষ্ঠীয়ে। ভিন্ন ভিন্ন ঠাইৰ সংস্কৃতিক পৰিবেশৰ পৰা অহা এই শ্ৰমিকখিনিয়ে একেধৰণৰ জীৱন নিৰ্ব্বাহ প্ৰণালীৰ মাজেৰে এক নতুন জনগোষ্ঠীৰ জন্ম দি অসমৰ চাহ জনগোষ্ঠী বা চাহ জনজাতি নামে পৰিচিত হয়গৈ। চাহ বাগিচাবোৰত মতা-মাইকীৰ কামৰ কোনো প্ৰভেদ নাই। যদিও পাত ছিঙা কাম কেৱল মহিলাৰহে, বৰ্তমান উভয়ে পাত ছিঙা কাম কৰে। ওখ শিৰীষৰ কোমল ছায়াতে বিকশিত হয় সেই চাহ গছবোৰ আৰু যেতিয়া চাহ পাত ছিঙাৰ সময় আহি পৰে, এটি কলি দুটি পাত(One Bud and Two Leave) নিয়মেৰে চাহ গছৰ পাত ছিঙাৰ পদ্ধতি। চাহ পাত ছিঙাৰ সময়ত মহিলা বা পুৰুষ উভয়ে পিঠিত মস্ত একোটা বাঁহৰ টুকুৰী ৰছীৰে বান্ধি মূৰত ওলোমাই লৈ এটি কলি, দুটি পাত প্ৰণালীৰে মাত্ৰ কুমলীয়া পাত ছিঙি , টুকুৰীবোৰ ভৰাই পেলায়। এঠাইত পাত ছিঙা শেষ হলে আন এঠাইত পাত ছিঙিবলৈ লয়। এনেদৰে চাহ বাগিছাত পাত ছিঙাৰ নিয়ম। এই দৰে ছিঙা পাতবোৰ ফেক্টৰীৰ ওচৰতে কেইবাখলপীয়া(Different Levels) কৈ সাজি থোৱা পাত ঘৰলৈ(Leaf House) আনি পাতবোৰ শুকাবলৈ সমানকৈ মেলি দিয়া হয়। এই ধৰণৰ পাত শুকুৱা নিয়মক Natural weathering system বোলা হয়। বৰ্ত্তমান Trough Weathering system(Mechanical weathering system) ৰ দ্বাৰাই চাহপাত শুকুৱাৰ ব্যৱস্থা কৰা হৈছে। Trough Withering system মানে কয়লা বা গেছ ব্যৱহাৰ কৰি গৰম বতাহেৰে কেঁচা পাতখিনিৰ আৰ্দ্ৰতা(Moisture)খিনি শুকুৱাই লোৱা হয়। এই নিয়মত আঠ-ন ঘণ্টাৰ ভিতৰত চাহপাত তৈয়াৰ কৰিব পৰা হয়। Orthodox চাহৰ বাবে শুকাই লেৰেলি যোৱা পাতবোৰ কলঘৰৰ (Factory rolling machine)ত ভৰাই দি পাতবোৰ মোহাৰি পেলোৱা হয়। C.T.C চাহ প্ৰস্তুত কৰিবৰ কাৰণে তেনেকৈ C.T.C machine ত পাত বিলাক ভৰাই দিয়া হয় য’ত পাতখিনি কাটি গুড়া কৰি পেলায়। ইয়াৰ পাচত পাতৰ সেউজীয়া ৰঙৰ পৰা Copper ধৰণৰ ৰংটো অনাৰ বাবে Fermenting room বোলা কোঠালৈ চাহপাতখিনি অনা হয়। Fermenting roomটো যথেষ্ট আহল-বহল ঠাণ্ডা, ৰ’দ নপৰা হয়, এই কোঠালীৰ পকাৰ মজিয়াত সেই চাহপাত Orthodox বা C.T.C য়ে হওক সমানকৈ মেলি দিয়া হয়। দুঘণ্টাৰ পৰা আঢ়ৈ ঘণ্টাৰ ভিতৰত Copper ৰংটো অহাৰ লগে লগে Dryer ত তাপ দি চাহপাত Orthodox বা C.T.C তৈয়াৰ কৰা হয়।

চাহপাত তৈয়াৰ হোৱাৰ পিচত Sorting বা Grading কৰা হয়। অৰ্থাৎ চাহপাত অনুযায়ী বেলেগ বেলেগ ভাগ কৰা হয়। ইয়াৰ পাচত Plywood ৰে সজোৱা সৰু, ডাঙৰ বাকচত, বৰ্তমান Jute Bag ত তৈয়াৰী চাহপাতবোৰ ভৰাই ভালদৰে মোহৰ মাৰি নিলাম কেন্দ্ৰলৈ পঠিওৱা হয়। অসমত পোন প্ৰথমে Orthodox ৰ প্ৰচলন আৰু চাহিদাও যথেষ্ট আছিল, পিচলৈ C.T.C চাহৰ প্ৰচলন হয়। বৰ্তমান Green Tea আৰু লগতে মানুহৰ চখ অনুযায়ী অসমত অনেক সুগন্ধিযুক্ত চাহ তৈয়াৰ হ’ব লাগিছে। বৰ্তমান "আছাম টি" য়ে ভাৰতত নালাগে, বিদেশতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ চাহ খেতিয়ক সকলৰ অসীম চেষ্টা-প্ৰচেষ্টাতে অসমৰ চাহ শিল্পলৈ নিতৌ এক নতুনত্ব আহি আছে। চাহ গছৰ পাতেৰে তৈয়াৰ কৰা চাহ- ইংৰাজী ভাষাত "টি"(Tea), অসমীয়া ভাষাত "চাহ" বেংগলত "চা" উত্তৰ ভাৰতত "চাই"(Chai) কে ধৰি বিভিন্ন ঠাই অনুসৰি বেলেগ বেলেগ নামেৰে পৰিচিত।

চাহে অচল দেহাক যথেষ্ট পৰিমাণে শক্তি দিয়ে। এপিয়লা চাহতেই যেন একোজনৰ জীৱন। যি কাৰণে চাহক সঞ্জীৱনী বুলিও কোৱা হয়। মানুহৰ দেহৰ হৃদপিণ্ড, মগজু সক্ৰিয় কৰাৰ লগতে মূৰৰ কামোৰণি, পানীলগা, ডিঙিৰ চেৰচেৰনি, বিষ আদিতো বিশেষভাৱে সহায় কৰে। বৰ্তমান জনপ্ৰিয়তা লাভ কৰা সেউজীয়া চাহে(Green Tea) অনেক অসুখত ঔষধিৰূপেও কাম কৰে। বৰ্তমান কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চাহক মহৌষধি বুলি কোৱা হৈছে। বিয়া-বাৰু,সকলো ধৰণৰ উৎসৱ-পাৰ্বণত, সকাম-নিকাম, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত, দোকান-পোহাৰ, মেল-মিটিঙকে ধৰি প্ৰতি কথাতে চাহকাপৰ বিশেষ প্ৰয়োজন হয়। অতিথিপৰায়ণৰ ক্ষেত্ৰটো চাহ কাপ যচাটো শিষ্টাচাৰৰ নিদৰ্শন বুলিয়েই ধৰা হয়। এইবোৰৰ বাদেও শীতৰ দিনত চাহকাপ খোৱাৰ আমেজেই বেলেগ। ই ঠেৰেঙা লগা শৰীৰলৈ অফুৰন্ত শক্তি সঞ্চাৰ কৰে। দিনে দিনে চাহৰ চাহিদা বঢ়াৰ লগতে অসমত আজি যথেষ্ট লোকে চাহ উদ্যোগত মন-প্ৰান দি অসমৰ চাহৰ জনপ্ৰিয়তা আৰু হেজাৰ গুণে বঢ়োৱাৰ লগতে অসমৰ চাহ খেতিয়ে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Tea". Encarta. Archived from the original on 2008-03-08. https://web.archive.org/web/20080308234307/http://encarta.msn.com/encyclopedia_761563182/Tea.html আহৰণ কৰা হৈছে: 2008-07-23.
  2. 1 2 Alan Macfarlane; Iris Macfarlane (2004). The Empire of Tea. The Overlook Press. পৃষ্ঠা. 32. ISBN 1-58567-493-1.
  3. চিত্ৰ-বিচিত্ৰ অসম; প্ৰদীপ বৰুৱা (২০০৩). চাহ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.
  4. 1 2 3 Food and Agiculture Oraganization of the United Nations—Production FAOSTAT Archived 2011-11-15 at the Wayback Machine. Retrieved January 9, 2010.