সমললৈ যাওক

অসমৰ চাহ জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাহ জনগোষ্ঠী
দৰং জিলাৰ কলাইগাঁও অঞ্চলৰ চাহ বাগিচাত চাহ জনগোষ্ঠীৰ শ্ৰমিক
মুঠ জনসংখ্যা
৬৫ লাখ
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
        অসম ৬৫  লাখ
প্ৰধান জিলা: ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, নগাঁও জিলা, শোণিতপুৰ জিলা, ওদালগুৰি জিলা, কোকৰাঝাৰ জিলা, কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলা
ধৰ্ম

হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, শৰণ ধৰ্ম

অসমৰ চাহ জনগোষ্ঠী বুলিলে অসমৰ চাহ বাগিচাসমূহৰ কৰ্মচাৰী আৰু প্ৰাক্তন কৰ্মচাৰীসকলক বুজায়। কেইবাটাও ভিন ভিন জনগোষ্ঠীৰ অন্তৰ্ভুক্ত চাহ জনগোষ্ঠীৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ পৰিয়াল ঘাইকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত প্ৰায় ৮০০ চাহ বাগিচাৰ ভিতৰৰ আৱাসিক এলেকাত বসবাস কৰে।[1][2][3] অসম চৰকাৰে তেওঁলোকক আনুষ্ঠানিকভাবে চাহ জনজাতি (ইংৰাজী: Tea tribes) নামেৰে অভিহিত কৰে।[4] তেওঁলোকক ব্ৰিটিছ চৰকাৰে অসমৰ চাহ উদ্যোগ আৰু বাগিচাসমূহত কাম কৰিবলৈ শ্ৰমিক হিচাপে অসমলৈ আনিছিল। তেওঁলোক মূলতঃ ঝাৰখণ্ড, ওড়িশা, ছত্তীছগঢ়, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰৰ জনজাতীয় আৰু আদিবাসীলোক আছিল। ব্ৰিটিছ সকলে ১৮৬০ চনৰ পৰা ১৮৯০ৰ সময়ছোৱাত কেইবাটাও পৰ্যায়ত শ্ৰমিক হিচাপে তেওঁলোকক অসমলৈ আনিছিল। অসমৰ চাহ জনগোষ্ঠী কেইবাটাও বহুভাষী জাতি-জনজাতীয় লোকৰ অসমসত্ত্ব মিশ্ৰণ। চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকল সাধাৰণতে উজনি অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ বেছিকৈ চাহ বাগিচা থকা অঞ্চলত পোৱা যায়। ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, চৰাইদেউ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, নগাঁও জিলা, শোণিতপুৰ জিলা, ওদালগুৰি জিলা আৰু কোকৰাঝাৰ জিলাত চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ জনবসতি অধিক। ইয়াৰ লগতে বৰাক উপত্যকাৰ কাছাৰ জিলা, কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। অসমৰ মুঠ চাহ জনগোষ্ঠীৰ মুঠ জনসংখ্যা প্ৰায় ৬৫ লাখ। ইয়াৰে প্ৰায় ৪০ লাখ মানুহ চাহ বাগিচাৰ ভিতৰৰ পৰিসৰত অৱস্থিত আৱাসিক এলেকাৰ আৱাসত বাস কৰে। ভিন ভিন জাতি-জনগোষ্ঠীৰ হোৱাৰ বাবে তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য দেখা যায়। তেওঁলোকে চাওৰা,ওড়িয়া, চাদ্ৰী, কুৰমালি, বঙালী, চাঁওতালি, খুৰুখ, খাৰিয়া, কুই, গণ্ডী আৰু মুণ্ডাৰী ভাষা ব্যৱহাৰ কৰে। বৰ্তমান বহুবছৰ একেলগে বসবাস কৰা বাবে তেওঁলোকৰ এক সংমিশ্ৰিত উমৈহতীয়া ভাষা আৰু সংস্কৃতি গঢ় লৈ উঠিছে। যদিও এক নিৰ্দিষ্ট সীমাত জন-সমাজৰ পৰা দূৰত্ব বজাই থকা বাবে ঠাই ভেদে তেওঁলোকৰ উমৈহতীয়া ভাষা আৰু সংস্কৃতিৰো তাৰতম্য দেখা যায়। তেওঁলোকে ঘাইকৈ অসমীয়া আৰু চাদ্ৰী ভাষা মিশ্ৰিত ভাষাক প্ৰচলিত মূল ভাষা বা লিংগুৱা ফ্ৰেনকা হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ লগতে তেওঁলোকৰ আন আন ভাষাৰ শব্দয়ো এই মিশ্ৰিত ভাষাক সমৃদ্ধ কৰিছে।

অসমৰ বাহিৰত বসবাস কৰা চাহ জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ জাতি-জনগোষ্ঠীৰ কিছুমানে নিজ নিজ অঞ্চলত ভাৰতীয় সংবিধানৰ অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে। তেওঁলোকে নিজকে আদিবাসী বুলি অভিহিত কৰে। বৰ্তমান অসমতো চাহ জনগোষ্ঠীৰ লোকসকলে নিজকে আদিবাসী বুলিবলৈ আৰম্ভ কৰিছে।[5][6][7]

জন-গাঁথনি

[সম্পাদনা কৰক]
পৰম্পৰাগত সাজত এগৰাকী চাহ জনগোষ্ঠীৰ ছোৱালী

জাতি আৰু ভাষিক সংখ্যালঘু হিচাপে অসমৰ চাহ জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৬৫ লাখ আৰু অসমৰ মুঠ জনসংখ্যাৰ ১৮%।[8] তেওঁলোকৰ জনঘনত্ব অসমৰ প্ৰতিখন জিলাৰ চাহ বাগিচাৰ সংখ্যাৰ লগত নিৰ্ভৰ কৰে। তেওঁলোকৰ জনবসতি সাধাৰণতে উজনি আৰু মধ্য অসমত বেছি। ব্ৰিটিছসকলে তেওঁলোকক কেৱল শ্ৰমিক হিচাপেই অসমলৈ অনা নাছিল। বহুতো জনজাতি যেনে চাওঁতাল, কুৰুখ আৰু মুণ্ডা সকলক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত বলপূৰ্বকভাবে ছোটা নাগপুৰ অঞ্চলৰৰ পৰা অসমলৈ অনা হৈছিল। তেওঁলোকৰ বেছি ভাগকে ১৮৫০ৰ দশকৰ চাওঁতাল বিদ্ৰোহ আৰু ১৮৯৯-১৯০০ চনৰ বীৰ বিৰসা মুণ্ডাৰ নেতৃত্বত সংঘটিত বিদ্ৰোহত যোগদান কৰাৰ শাস্তি স্বৰূপে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু দৰং জিলাত নিৰ্বাসন দিয়া হৈছিল।

অসমৰ উজনি অসমত চাহ জনগোষ্ঠীৰ ঘনত্ব বেছি যদিও বৰাক উপত্যকা আৰু বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত জিলা সমূহতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। বড়োলেণ্ডত মুঠ জনসংখ্যাৰ ১৭% আৰু বৰাক উপত্যকাৰ ১১% লোক চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। চাহ জনগোষ্ঠীত অন্তৰ্ভুক্ত জাতি-জনগোষ্ঠী সমূহ হ'ল: অচুৰ, আৰ্যমালা, বাইগা, বণিয়া, বাঞ্জাৰা, বেদিয়া, ভূমিজ, ভূঁইয়া, ভীল, বিনঝিয়া, বিড়হৰ, বাছপোৰ, বিড়িজীয়া, বাউৰী, ভক্ত, বেলদাৰ, বাৰাইক, বাগতি, বন্দ, ভট্ট, বাছৰ, চামাৰ, চেৰ', চিক বাৰাইক, ধানোৱাৰ, ধাণ্ডাৰী, ধোবি, দুশ্বাদ, দানদাসী, ডোম, গৌড়, ঘাঁছি, গাণ্ডা, গৰাইট, ঘাটোৱাৰ, গণ্ডী, গোঁসাই, গানঝু, গোৱালা, হৰি, হলৰা, জুলাহা, কৰ্মকাৰ, কৈৰী, খাৰিয়া, কালাহান্দি, কাৰমালি, কাৰৱা, কল, কুমহাৰ, খেৰৱাৰ, খণ্ড, খদাল, কয়া, কন্দপান, কহৰ, কিছান, কুদুমী মাহাতো, কেৱাত, লোধি, লোধা, মাহীল, মালাৰ, মাল পাহাৰীয়া, মিৰ্ধা, মোদী, মুণ্ডা, মানকী, মাদগী, মাজৱাৰ, নায়ক, পটনায়ক, নুনিয়া, কুৰুখ, পাৰ্যা, প্ৰধান, পাশি, পাইডি, পানীকা, পত্ৰতাঁতী, পান, ৰাজপুত, ৰাজৱাৰ, ৰাজৱাল, ৰেইলি, ৰেড্ডী, ৰাজবংশী, ৰৌত, ৰাউতিয়া, চাওঁতাল, সোণাৰ, চাভাৰ, চাউৰা, তাঁতী, তান্তবাঈ, তুৰী, তাছা, টেলেঙা, তেলী ইত্যাদি।[9]

অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ নিজা জাতি-জনগোষ্ঠী অনুসৰি ভিন ভিন ভাষা ব্যৱহাৰ কৰে। তাৰে ভিতৰত উল্লেখযোগ্য ভাষাসমূহ হ'ল: চৰা, ওড়িয়া, চাদ্ৰী, কুৰমালি, বঙালী, চাঁওতালি, খুৰুখ, খাৰিয়া, কুই, গণ্ডী, মুণ্ডাৰী ইত্যাদি। ইয়াৰ ভিতৰত আটাইতকৈ বেছি ব্যৱহৃত হোৱা ভাষাটো হল চাদ্ৰী ভাষা। বহুলভাৱে প্ৰচলিত হোৱা বাবে এই ভাষা লিংগুৱা ফ্ৰেনকা হিচাপে ব্যৱহাৰ হয়। এই ভাষাৰ সুৰ আৰু অন্যান্য শব্দৰ সংমিশ্ৰিত ৰূপ ছোটানাগপুৰত প্ৰচলিত চাদ্ৰী ভাষাতকৈ বেলেগ। অসমীয়া ভাষাৰ প্ৰভাৱ পৰিলক্ষিত হোৱা এই ভাষাক অসম চাদ্ৰী ভাষা বুলিও কোৱা হয়।[10] বৰ্তমান শিক্ষা ব্যৱস্থাৰ ফলত নৱপ্ৰজন্মৰ সকলে হিন্দী, অসমীয়া আৰু ইংৰাজী ভাষাও আয়ত্ত কৰিবলৈ সক্ষম হৈছে।

ধৰ্মীয় শ্ৰেণীবিভাজন
ধৰ্ম শতাংশ
হিন্দু ধৰ্ম (শাক্ত, বৈষ্ণৱ)
  
৬০%
ছৗৰি-শাৰণা ধৰ্ম
  
২৫%
খ্ৰীষ্টান ধৰ্ম
(ৰোমান কেথলিক, বাপিষ্ট, লিউথাৰ্ন)
  
১৫%

চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বেছিভাগেই পাৰম্পৰিক হিন্দু ধৰ্ম আৰু আদিম লোকধৰ্মৰ অন্যতম প্ৰাকৄতিক উপাসনা কৰা ছৗৰি-শাৰণা ধৰ্ম পালন কৰে। তেওঁলোকৰ প্ৰায় ১৫% লোকে খ্ৰীষ্টান ধৰ্ম পালন কৰে।

হিন্দু ধৰ্ম অৱলম্বন কৰা সকলে বিভিন্ন ঋতু অনুসৰি ভিন ভিন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰে। ইয়াৰ বেছিভাগেই জনজাতীয় লোক দেৱ-দেৱী আৰু তন্ত্ৰ সম্পৰ্কীয় দেৱ-দেৱীৰ পূজা কৰে। বৈদিক হিন্দু ধৰ্মৰ প্ৰভাৱ কম যদিও শক্তি উপাসনা কৰা শাক্ত সম্প্ৰদায়ৰ লোকৰ সংখ্যা অধিক। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ কিছুমানে একশৰণ নামধৰ্ম গ্ৰহণ কৰিছে। প্ৰাচীন লোক ধৰ্মসমূহৰ ভিতৰত অন্যতম শৰণ ধৰ্ম চাহ জনগোষ্ঠীৰ লোকসকলৰ বহুতে পালন কৰে। তেওঁলোক প্ৰকৃতি উপাসক। কেইবিধো গছক তেওঁলোকে পৱিত্ৰ জ্ঞান কৰে। তেওঁলোকৰ প্ৰতিখন গাঁৱতে সমূহীয়া উপাসনাৰ বাবে মন্দিৰ থাকে। খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত চাহ জনজাতিৰ বহু সংখ্যক লোকে ধৰ্মান্তৰিত হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। খাৰিয়া, চাওঁতাল, কুৰুখ আৰু মুণ্ডা সকলৰ ভিতৰত খ্ৰীষ্টান ধৰ্ম বেছি জনপ্ৰিয়। কেথলিক, প্ৰটেষ্টান, বাপিষ্ট, লুইথাৰ্ন আদি শাখাৰ খ্ৰীষ্টান ধৰ্ম তেওঁলোকে পালন কৰে।

অন্যান্য উৎসৱ-পাৰ্বন

[সম্পাদনা কৰক]

ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদি ৰাজ্যৰ দৰে অসমৰ চাহ জনজাতীয় লোকসকলে ভাদ মাহৰ একাদশী তিথিত কৰম পূজা পালন কৰে।[11] মাদল বজাই সমূহীয়াকৈ কৰা ঝুমুৰ নৃত্য এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ। একেদৰে পুহ মাহৰ সংক্ৰান্তিৰ দিনাখন তেওঁলোকে টুচু পূজা পালন কৰে।[12]

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "The Tea Labourers of North East India: An Anthropo-historical Perspective". books.google.co.in. https://books.google.com/books?id=_6p9OG1wltMC&pg=PA47&dq. 
  2. "Development of Tea Garden Community and Adivasi Identity Politics in Assam". asthabharati. Archived from the original on 2020-02-23. https://web.archive.org/web/20200223175848/http://www.asthabharati.org/Dia_Jan%2009/bisw.htm। আহৰণ কৰা হৈছে: 2020-04-18. 
  3. "আৰ্কাইভ কপি". Archived from the original on 2020-08-09. https://web.archive.org/web/20200809173253/https://teatribes.assam.gov.in/information-services/tea-tribes-community। আহৰণ কৰা হৈছে: 2020-04-18. 
  4. "অসম চৰকাৰ | চাহ জনজাতি". Archived from the original on 2020-10-27. https://web.archive.org/web/20201027121053/https://teatribes.assam.gov.in/as। আহৰণ কৰা হৈছে: ৭ জুন ২০২০. 
  5. "Battleground Assam : No party can take Adivasis for granted". Economic Times. https://m.economictimes.com/news/politics-and-nation/battleground-assam-no-party-can-take-adivasis-for-granted/articleshow/51627719.cms. 
  6. "The story of Adivasis in Assam". Boomlive. https://www.boomlive.in/the-story-of-adivasis-in-assam/. 
  7. "Tea tag blurs ST status:Adivasis". Telegraph India. https://www.telegraphindia.com/states/north-east/tea-tag-blurs-st-status-adivasis/cid/453735. 
  8. "Tribal votes a key factor in Assam polls | Opinion | Nelive". www.nelive.in. https://www.nelive.in/assam/opinion/tribal-votes-key-factor-assam-polls. 
  9. "The Tea Labourers of North East India: An Anthropo-historical Perspective". books.google.co.in. https://books.google.com/books?id=_6p9OG1wltMC&pg=PA47&dq=Sadri+language&hl=en&sa=X&ved=0ahUKEwjY-urCycziAhUNbisKHXb4D60Q6AEIHzAB#v. 
  10. "Argument selection in Sadani/Sadri as spoken in Assam". shodhganga. https://shodhganga.inflibnet.ac.in/handle/10603/9001. 
  11. "Karam Puja". assaminfo. http://www.assaminfo.com/festivals/68/karam-puja.htm. 
  12. Gogoi Manabendra (24 May 2012). "Tusu Puja : a festival of the tea tribes of Assam". Assam Spider. http://www.assamspider.com/resources/4062-Tusu-Puja-festival-tea-tribes-Assam.aspx। আহৰণ কৰা হৈছে: 20 April 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]