সমললৈ যাওক

ওড়িয়া ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওড়িয়া
Odia
ଓଡ଼ିଆ (ওড়িআ)
থলুৱা অঞ্চল ভাৰত
অঞ্চল ওড়িশা, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ। লগতে চুৰাট, বেংগালুৰু, নতুন দিল্লী, মুম্বাই, পুণে, হায়দৰাবাদ আৰু চেন্নাই
জাতীয়তা ওড়িয়া
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
  • ইণ্ডো-ইৰাণীয়
লিখন প্ৰণালী ওড়িয়া (ব্ৰাহ্মীয়)
ওড়িয়া ব্ৰেইলী
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
ওড়িশা, ঝাৰখণ্ড
ভাষা সংকেত
ISO 639-1 or
ISO 639-2 ori
ISO 639-3 oriinclusive code
Individual codes:
ory  Oriya
spv  Sambalpuri
bgw  Bhatri
ort  Adivasi Oriya
dso  Desiya

ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত এই ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী। ইয়াৰ উপৰিও পশ্চিমবঙ্গ আৰু ঝাড়খণ্ড ৰাজ্যতো ওড়িয়া ভাষা প্ৰচলিত। ওড়িয়া ভাৰতৰ ২২টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মাজত এটা; ই ওড়িশাৰ চৰকাৰী ভাষা আৰু ঝাৰখণ্ডৰ দ্বিতীয় চৰকাৰী ভাষা।[1][2][3]

ওদিয়া ভাৰত-আৰ্য্য ভাষা পৰিয়ালৰ অন্তৰ্গত পূবৰ ভাৰত-আৰ্য্য ভাষা। ই ওদ্ৰা প্ৰাকৃতৰ পৰা বংশধৰ যি নিজেই মগধি প্ৰাকৃতৰ পৰা বিকশিত হৈছে৷[4] অন্যান্য প্ৰধান ভাৰত-আৰ্য্য ভাষাৰ তুলনাত ওড়িয়া ভাষাত পাৰ্চী আৰু আৰবী ভাষাৰ প্ৰভাৱ তুলনামূলকভাৱে কম হোৱা যেন লাগে। [5]

শ্ৰেণী বিভাজন

[সম্পাদনা কৰক]
  • প্ৰাচীন ওড়িয়া ১০ম শতাব্দী-১৩০০),
  • প্ৰাৰম্ভিক মধ্য ওড়িয়া (১৩০০-১৫০০),
  • মধ্য ওড়িয়া (১৫০০-১৭০০),
  • নতুন মধ্য ওড়িয়া (১৭০০-১৮৫০), আৰু
  • আধুনিক ওড়িয়া (১৮৫০-বৰ্তমান)।

ওড়িয়া ভাষাৰ মূল উপভাষাবিলাক হ'ল:

  • মুঘলবন্দী; ইয়াক মান্য ওড়িয়া-ও বোলা হয়।
  • দক্ষিণীয় ওড়িয়া
  • উত্তৰ-পশ্চিমীয় ওড়িয়া
  • পশ্চিমীয় ওড়িয়া
  • বালেশ্বৰী ওড়িয়া
  • মেদিনীপুৰী ওড়িয়া
  • হালবি
  • সিংহভূমীয় ওড়িয়া
  • গঞ্জামী ওড়িয়া
  • কালাহাণ্ডী ভাষা
  • দেশিয়া ওড়িয়া
  • সম্বলপুৰী
  • ভাত্ৰী

শব্দ-ভাণ্ডাৰ

[সম্পাদনা কৰক]

ওড়িয়া ভাষাৰ অধিকাংশ শব্দভাণ্ডাৰ সংস্কৃত ভাষাৰ পৰাই আহিছে। এই ভাষাত আৰবী, পাৰ্চী ভাষাৰ পৰাও ধাৰলৈ লোৱা শব্দ আছে। প্ৰাচীন কলিংগ ৰাজ্যত (যিখনে বৰ্তমানৰ সমগ্ৰ ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশ সামৰি লৈছিল) কথিত অষ্ট্ৰনেছিয়ান শব্দও ওড়িয়া ভাষাত পোৱা যায়।

ধ্বনি-সংশ্ৰয়

[সম্পাদনা কৰক]

উড়িয়াত ২৮টা ব্যঞ্জনধ্বনি আৰু ৬টা স্বৰধ্বনি আছে।

স্বৰধ্বনি
 সম্মুখপশ্চাৎ
উচ্চ iu
মধ্য eo
নিম্ন aɔ
ব্যঞ্জনধ্বনি
 ওষ্ঠ্যদন্ত্যদন্তমূলীয়মূৰ্ধন্যতালব্যকণ্ঠ্যকণ্ঠনালীয়
অঘোষ স্পৰ্শধ্বনি p

t̪ʰ
 ʈ
ʈʰ
ʧ
ʧʰ
k
 
ঘোষ স্পৰ্শধ্বনি b

d̪ʰ
 ɖ
ɖʰ
ʤ
ʤʰ
ɡ
ɡʰ
 
অঘোষ উষ্মধ্বনি   s   h
নাসিক্যধ্বনি m nɳ   
তৰল   l, rɭ   

শ্বাসাঘাত

[সম্পাদনা কৰক]

উড়িয়াত সাধাৰণতে শব্দৰ শেষ আখৰৰ আগৰ আখৰত শ্বাসাঘাত পৰে।

লিখন পদ্ধতি

[সম্পাদনা কৰক]

ওড়িয়া ভাষা নিজস্ব ওড়িয়া লিপিত লিখা হয়৷ ই আবুগিদা লিপি যি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছে। ওড়িয়া লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে। ওড়িয়া লিপিৰ আখৰবোৰ ঘূৰণীয়া হোৱাৰ কাৰণ বুলি কোৱা হয় যে, কলমৰ দৰে চোকা বস্তুৰে কলপাতত লিখিলে পাতবোৰ ফালি যোৱাৰ ভয় আছে বাবে ওড়িয়া লিখকে পোন ৰেখা আৰু কৌণিক আখৰ ব্যৱহাৰ কৰা নাছিল।

ওড়িয়া লিপি
Vowels ସ୍ୱର ବର୍ଣ୍ଣ (স্বৰবৰ্ণ)
Consonants ବ୍ୟଞ୍ଜନ ବର୍ଣ୍ଣ (ব্যঞ্জনবৰ্ণ)

য়

ଡ଼

ড়

ଢ଼

ঢ়

କ୍ଷ

ক্ষ

Diacritics
ି ি
Signs, Punctuation
ଓଁ
Numbers ସଂଖ୍ୟା

১৯৯১ চনৰ অক্টোবৰ মাহত ১.০ সংস্কৰণৰ মুক্তিৰ লগে লগে ইউনিক'ড ষ্টেণ্ডাৰ্ডত ওড়িয়া লিপি অন্তৰ্ভুক্ত কৰা হয়।

ওড়িয়াৰ বাবে ইউনিকোড ব্লক হৈছে U+0B00–U+0B7F:

ছ’ফ্টৱেৰ

[সম্পাদনা কৰক]

গুগলে ২০২০ চনত ওডিয়াৰ বাবে প্ৰথমটো স্বয়ংক্ৰিয় অনুবাদক প্ৰৱৰ্তন কৰে।[6] মাইক্ৰ'ছফটেও সেই বছৰৰ শেষৰ ফালে ওডিয়াক নিজৰ স্বয়ংক্ৰিয় অনুবাদকত অন্তৰ্ভুক্ত কৰে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Oriya gets its due in neighbouring state- Odisha- IBNLive". Ibnlive.in.com. 2011-09-04. Archived from the original on 2012-08-15. https://web.archive.org/web/20120815161939/http://ibnlive.in.com/news/oriya-gets-its-due-in-neighbouring-state/181258-60-117.html আহৰণ কৰা হৈছে: 2012-11-29.
  2. Naresh Chandra Pattanayak Sep 1, 2011, 08.04am IST (2011-09-01). "Oriya second language in Jharkhand - Times Of India". Articles.timesofindia.indiatimes.com. Archived from the original on 2011-11-07. https://web.archive.org/web/20111107021623/http://articles.timesofindia.indiatimes.com/2011-09-01/bhubaneswar/29953104_1_oriya-jharkhand-assembly-jharkhand-cabinet আহৰণ কৰা হৈছে: 2012-11-29.
  3. "Bengali, Oriya among 12 dialects as 2nd language in Jharkhand". daily.bhaskar.com. 2011-08-31. Archived from the original on 2013-06-15. https://web.archive.org/web/20130615085005/http://daily.bhaskar.com/article/BIH-bengali-Oriya-among-12-dialects-as-2nd-language-in-jharkhand-2392920.html আহৰণ কৰা হৈছে: 2012-11-29.
  4. (Toulmin 2006:306)
  5. "Odia Language". Odisha Tourism. Archived from the original on 10 October 2021. https://web.archive.org/web/20211010094555/https://www.odishatourism.net/odisha-language/ আহৰণ কৰা হৈছে: 8 February 2021.
  6. Statt, Nick (26 February 2020). "Google Translate supports new languages for the first time in four years, including Uyghur" (en ভাষাত). The Verge. https://www.theverge.com/2020/2/26/21154417/google-translate-new-languages-support-odia-tatar-turkmen-uyghur-kinyarwanda আহৰণ কৰা হৈছে: 27 February 2020.
  7. "Odia Language Text Translation is Now Available in Microsoft Translator". Microsoft. 13 August 2020. https://www.microsoft.com/en-us/translator/blog/2020/08/13/odia-language-text-translation-is-now-available-in-microsoft-translator/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Odia ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা