পালি ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
পালি
पालि/𑀧𑀸𑀮𑀺/𐨤𐨫𐨁/បាលី/ပါဠိ/บาลี/පාලි/Pāli
উচ্চাৰণ [paːli]
থলুৱা অঞ্চল ভাৰতীয় উপমহাদেশ
যুগ খ্ৰীষ্টপূৰ্ব ৩য় শতিকা – বৰ্তমান[1]
থেৰাবাদ বৌদ্ধ ধৰ্মৰ লিটাৰ্জিকেল ভাষা
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
  • ইণ্ডো-ইৰাণীয়
    • ইণ্ডো-আৰ্য
      • মধ্য ইণ্ডো-আৰ্য
        • পালি
লিখন প্ৰণালী ব্ৰাহ্মী, খাৰোস্তি, খ্মেৰ, বাৰ্মিজ, থাই, সিংহালা আৰু লেটিন বৰ্ণমালালৈ লিপিবদ্ধ কৰা।
ভাষা সংকেত
ISO 639-1 pi
ISO 639-2 pli
ISO 639-3 pli
ভাষাতাত্বিক
pli
গ্লোটোলগ pali1273[2]
'বাৰ্মিজ' লিপিত পালি ভাষাত লিখা বাৰ্মিজ কামমাভাকা পাণ্ডুলিপি।

পালি (/ˈpɑːli/) হৈছে ভাৰতীয় উপমহাদেশৰ এটা থলুৱা মধ্য ভাৰত-আৰ্য লিটাৰ্জিকেল ভাষা। বৌদ্ধ ধৰ্মৰ পালি কেনন বা টিপিটকৰ ভাষাৰ লগতে থেৰাবাদ বৌদ্ধ ধৰ্মৰ পবিত্ৰ ভাষা হিচাপে এই ভাষাৰ বহুল অধ্যয়ন হোৱা দেখা যায়।[3] প্ৰাৰম্ভিক কালত ইয়াক ব্ৰাহ্মী লিপিৰে লিখা হৈছিল।

ব্যুৎপত্তি[সম্পাদনা কৰক]

থেৰাবাদ কেননৰ ভাষাৰ নাম হিচাপে ‘পালি’ শব্দটো ব্যৱহাৰ কৰা হয়। এই শব্দটোৰ উৎপত্তি ধাৰাভাষ্যমূলক পৰম্পৰাত হোৱা যেন লাগে, য'ত পালি (উদ্ধৃত মূল পাঠ্যৰ শাৰীৰ অৰ্থত) পাণ্ডুলিপিত ইয়াৰ পিছত অহা ধাৰাভাষ্য বা স্থানীয় ভাষাৰ অনুবাদৰ পৰা পৃথক কৰা হৈছিল।[4] কে.আৰ.নৰ্মানে কৈছে যে ইয়াৰ উত্থান পালি-ভাস যৌগটোৰ ভুল বুজাবুজিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল, পালিক এটা বিশেষ ভাষাৰ নাম হিচাপে ব্যাখ্যা কৰা হৈছিল।[4]:1

পালি নামটো কেননিক সাহিত্যত দেখা নাযায়, আৰু ধাৰাভাষ্য সাহিত্যত কেতিয়াবা তান্তিৰে প্ৰতিষ্ঠাপন কৰা হয়, অৰ্থাৎ এটা বংশ হিচাপে।[4]:1 এই নামটো শ্ৰীলংকাত পালি ভাষাক দৰবাৰী আৰু সাহিত্যিক ভাষা হিচাপে ব্যৱহাৰ কৰাৰ ফালৰ পৰা চাবলৈ গ'লে খ্ৰীষ্টীয় দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিতে পুনৰুত্থানৰ সময়ত উত্থাপন হোৱা যেন লাগে।[4]:1[5]

সেই হিচাপে ভাষাটোৰ নামটোৱে বিভিন্ন বয়সৰ পণ্ডিতসকলৰ মাজত কিছু বিতৰ্কৰ সৃষ্টি কৰিছে; কিয়নো ভাষাটোৰ নামৰ ক্ষেত্ৰত "আ" আৰু "অ" দুয়োটাৰ ব্যৱহাৰ পোৱা যায়, ইয়াৰোপৰি "ল" আখৰৰ ব্যৱহাৰৰ ক্ষেত্ৰটো হস্ৰ আৰু দীৰ্ঘ উচ্চাৰণৰ পাৰ্থক্য বিদ্যমান। (দুয়োটা ISO 15919/ALA-LC ৰেণ্ডাৰ, Pāḷi ত দেখা যায়) কিন্তু আজিলৈকে শব্দটোৰ কোনো এটা মানক বানান নাই আৰু চাৰিওটা সম্ভাৱ্য বানান পাঠ্যপুথিত পোৱা যায়। আৰ চি চিল্ডাৰ্ছে এই শব্দৰ পাৰ্থক্যক শব্দ "শৃংখলা" ​​বুলি কৈছে লগতে তেওঁ উল্লেখ কৰিছে ভাষাটোৱে "ইয়াৰ ব্যাকৰণগত গঠনৰ নিখুঁততাৰ ফলস্বৰূপে উপনামটো বহন কৰে।" [6]

পাণ্ডুলিপি[সম্পাদনা কৰক]

পালি ভাষাক সাধাৰণতে প্ৰাচীন ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে যদিও এইভাষাত লিখিত আদিম যুগৰ কোনো এপিগ্ৰাফিক বা পাণ্ডুলিপিৰ প্ৰমাণ এতিয়ালৈকে জীয়াই থকা নাই।[7][8] আৱিষ্কৃত পালিৰ আটাইতকৈ প্ৰাচীন নমুনাসমূহ হৈছে মূল ভূখণ্ড দক্ষিণ-পূব এছিয়া, বিশেষকৈ মধ্য চিয়াম আৰু নিম্ন বাৰ্মাত অৱস্থিত পঞ্চম শতিকাৰ পৰা অষ্টম শতিকাৰ বুলি ধৰা শিলালিপি।[8] এই শিলালিপিসমূহ সাধাৰণতে পালি কেনন আৰু অ-কেননিক গ্ৰন্থসমূহৰ চুটি অংশৰে গঠিত।[8]

আচৰিত কথাটো হ'ল, নেপালত নৱম শতিকাৰ আটাইতকৈ পুৰণি পালি পাণ্ডুলিপি আৱিষ্কাৰ কৰা হৈছিল।[8] ই চাৰিটা টকৌজাতীয় পাতৰ ফলিঅ'ৰ আকাৰত আছে, গুপ্ত লিপিৰ পৰা উদ্ভৱ হোৱা এটা পৰিৱৰ্তনশীল লিপি ব্যৱহাৰ কৰি কুল্লাভাগৰ এটা খণ্ড লিপিবদ্ধ কৰা হৈছে।[9] শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ পৰা অহা আটাইতকৈ পুৰণি জ্ঞাত পাণ্ডুলিপিসমূহ ত্ৰয়োদশ-পঞ্চদশ শতিকাৰ, ইয়াৰ উদাহৰণ কমেইহে আছে।[8][10] ৪০০ বছৰতকৈ পুৰণি অতি কম সংখ্যক পাণ্ডুলিপিহে বৰ্তমানো অক্ষত অৱস্থাত আছে আৰু চাৰিটা নিকায়ৰ সম্পূৰ্ণ পাণ্ডুলিপি কেৱল সপ্তদশ শতিকা আৰু তাৰ পিছৰ উদাহৰণতহে উপলব্ধ।[7]

ধ্বনিব্যৱস্থা[সম্পাদনা কৰক]

স্বৰধ্বনি[সম্পাদনা কৰক]

সম্মুখ কেন্দ্ৰীয় পশ্চাৎ
সংবৃত [i]

[iː]

[u]

[uː]

মধ্য [e], [eː] [ɐ] [o], [oː]
বিবৃত [aː]

ব্যঞ্জনধ্বনি[সম্পাদনা কৰক]

উভয়ৌষ্ঠ্য দন্ত্য দন্তমূলীয় মূৰ্ধন্য জিহ্বাগ্ৰ্য-পশ্চাৎ-দন্তমূলীয় জিহ্ব্য-পশ্চাৎ-দন্তমূলীয় কণ্ঠনালীয়
স্পৰ্শ নাসিক্য [m] [n̪]} [ɳ] [ɲ] ( [ŋ])
অঘোষ অঘোষ [p] [t̪] [ʈ] [tʃ] [k]
ঘোষ [pʰ] [t̪ʰ] [ʈʰ] [tʃʰ] [kʰ]
ঘোষ অঘোষ [b] [d̪] [ɖ] [dʒ] [ɡ]
ঘোষ [bʱ] [d̪ʱ] [ɖʱ] [dʒʱ] [ɡʱ]
ঊষ্ম [s] [h]
নৈকট্য মধ্য [ɻ] [j]
পাৰ্শ্বীয় [l] ( [ɭ])
ঘোষ ( [ɭʱ])

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Nagrajji (2003) "Pali language and the Buddhist Canonical Literature". Agama and Tripitaka, vol. 2: Language and Literature.
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "পালি". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/pali1273. 
  3. Stargardt, Janice. Tracing Thoughts Through Things: The Oldest Pali Texts and the Early Buddhist Archaeology of India and Burma., Royal Netherlands Academy of Arts and Sciences, 2000, page 25.
  4. 4.0 4.1 4.2 4.3 Norman, Kenneth Roy (1983) (en ভাষাত). Pali Literature. প্ৰকাশক Wiesbaden: Otto Harrassowitz. পৃষ্ঠা. 2 – 3. ISBN 3-447-02285-X. 
  5. Wijithadhamma, Ven. M. (2015). "Pali Grammar and Kingship in Medieval Sri Lanka". Journal of the Royal Asiatic Society of Sri Lanka খণ্ড 60 (2): 49–58. 
  6. Hazra, Kanai Lal. Pāli Language and Literature; a systematic survey and historical study. D.K. Printworld Lrd., New Delhi, 1994, page 19.
  7. 7.0 7.1 Anālayo (2012). "The Historical Value of the Pāli Discourses". Indo-Iranian Journal খণ্ড 55 (3): 223–253. doi:10.1163/001972412X620187. 
  8. 8.0 8.1 8.2 8.3 8.4 Skilling, Peter (2014). "Reflections on the Pali Literature of Siam". From Birch Bark to Digital Data: Recent Advances in Buddhist Manuscript Research: Papers Presented at the Conference Indic Buddhist Manuscripts: The State of the Field. Stanford, June 15-19 2009. Austrian Academy of Sciences Press. পৃষ্ঠা. 347–366. doi:10.2307/j.ctt1vw0q4q.25. ISBN 978-3-7001-7581-0. 
  9. Nepalese-German Manuscript Cataloguing Project. "A 1151-2 (Pālībhāṣāvinaya)". http://catalogue-old.ngmcp.uni-hamburg.de/mediawiki/index.php/A_1151-2_(P%C4%81l%C4%ABbh%C4%81%E1%B9%A3%C4%81vinaya). 
  10. Ñāṇatusita, Bhikkhu (2014). "Pali Manuscripts of Sri Lanka". From Birch Bark to Digital Data: Recent Advances in Buddhist Manuscript Research: Papers Presented at the Conference Indic Buddhist Manuscripts: The State of the Field. Stanford, June 15-19 2009. Austrian Academy of Sciences Press. পৃষ্ঠা. 367–404. doi:10.2307/j.ctt1vw0q4q.26. ISBN 978-3-7001-7581-0. "The four oldest known Sinhalese Pali manuscripts date from the Dambadeniya kingdom period.......The oldest manuscript, the Cullavagga in the possession of the library of the Colombo National Museum, dates from the reign of King Parakramabahu II (1236-1237)......Another old manuscript dating from this period is a manuscript of the Paramatthamañjusā, the Visuddhimagga commentary......Another old manuscript, of the Sāratthadīpanī, a sub-commentary on the Samantapāsādikā Vinaya commentary......According to Wickramaratne (1967: 21) another 13th-century manuscript, containing the Mahavagga of the Vinaya Pitaka......Another source ascribes it to the 15th century, along with a Visuddhimagga manuscript......Another 15th-century manuscript of the Sāratthadīpanī is at the Bibliothèque Nationale in Paris."