সমললৈ যাওক

টোকি পোনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Toki Pona
toki pona

The words toki pona written in sitelen pona
উচ্চাৰণ [ˈtoki ˈpona]
সৃষ্টিকৰ্তা Sonja Lang
সৃষ্টিৰ তাৰিখ 2001
ব্যৱহাৰ Testing principles of minimalism, the Sapir–Whorf hypothesis and pidgins
ব্যৱহাৰকাৰী 500 ~ 5000 (2021)[1]
উদ্দেশ্য
Constructed language, combining elements of the subgenres personal language and philosophical language
লিখন প্ৰণালী Latin script; sitelen pona (logographic); sitelen sitelen (logographic with an alphasyllabary for foreign words); and numerous other community-made scripts
সংকেতিক ৰূপ
luka pona, toki pona luka
উৎস A posteriori language, with elements of English, Tok Pisin, Finnish, Georgian, Dutch, Acadian French, Esperanto, Serbo-Croatian and Chinese
ভাষা সংকেত
ISO 639-3 tok
গ্লোটোলগ toki1239[2]
IETF tok
টোকি পোনা ভাষাৰ এটা চিহ্ন।

টোকি পোনা হৈছে এটা দাৰ্শনিক কলাত্মক নিৰ্মিত ভাষা, যিটো কম শব্দভাণ্ডাৰ, সৰলতা আৰু সহজলভ্যতাৰ বাবে জনাজাত। ইয়াক কানাডাৰ টৰণ্টোৰ ভাষাবিদ আৰু অনুবাদক ছ'ঞ্জা এলিন কিছা লেঙ-এ সৃষ্টি কৰিছিল। [3] এই ভাষাটো সকলো সংস্কৃতিৰেই পৰিচিত বা প্ৰায় একেধৰণৰ কিছুমান সহজ ধাৰণা আৰু প্ৰতীকৰ ওপৰত আধাৰিত। টোকি পোনা সংখ্যালঘু ভাষা। ইয়াত মাত্ৰ ১১৮টা শব্দ আছিল। ২০০১ চনৰ গ্ৰীষ্মকালত ইণ্টাৰনেটত প্ৰথম প্ৰকাশ পাইছিল৷ [4] এই ভাষাৰ প্ৰথম খচৰাসমূহ ২০০১ চনত অনলাইনত প্ৰকাশ কৰা হয়, আনহাতে সম্পূৰ্ণ প্ৰপত্ৰখন ২০১৪ চনত টোকি পোনা: দা লেংগুৱেজ অৱ গুড নামৰ কিতাপখনত প্ৰকাশ কৰা হয়। লেঙে ২০২১ চনৰ জুলাই মাহত সম্প্ৰদায়ৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি এখন পৰিপূৰক অভিধানো মুকলি কৰে। বৰ্তমান এই ভাষাত আছে মাত্ৰ ১৩৭ টা শব্দ। শব্দৰ সলনি ইংগিতক মনত ৰাখিয়েই সৃষ্টি কৰা হৈছে, অৰ্থাৎ ইয়াৰ ৰূপ যিমান পাৰি কম জটিল কৰি তোলা হৈছে। এই ভাষাত মাত্ৰ ১৪টা ভাষাৰ ধ্বনি আৰু ১১টা বৰ্ণ আছে। ইয়াক আন্তঃৰাষ্ট্ৰীয় সহায়ক ভাষা হিচাপে সৃষ্টি কৰা হোৱা নাছিল, বৰঞ্চ এই ভাষা তাও দৰ্শনৰ পৰা অনুপ্ৰাণিত। এই ভাষা শিকি অহাসকলে অতি সোনকালে সহজ শব্দৰে ইংগিত প্ৰকাশ কৰাৰ কলা শিকে।[5] ইয়াৰ শব্দসমূহ ভাষাৰ পটভূমিত উচ্চাৰণ কৰাটো সহজ, যাৰ ফলত ই বিভিন্ন সংস্কৃতিৰ লোকসকলৰ বাবে এক প্ৰকাৰৰ দলং হিচাপে কাম কৰিব পাৰে। কিন্তু আন্তৰ্জাতিক সহায়ক ভাষা হিচাপে ইয়াৰ সৃষ্টি হোৱা নাছিল। ছাপিৰ-হৰ্ফৰ অনুমান অনুসৰি আংশিকভাৱে তাওবাদী দৰ্শনৰ পৰা অনুপ্ৰাণিত এই ভাষাটো ব্যৱহাৰকাৰীসকলক মৌলিক কথাবোৰত মনোনিৱেশ কৰাত সহায় কৰিবলৈ আৰু ইতিবাচক চিন্তাধাৰাক প্ৰসাৰিত কৰিবলৈ ডিজাইন কৰা হৈছে। এই ভাষা অধ্যয়ন কৰি থকা মানুহৰ সংখ্যা প্ৰায় ৫ হাজাৰ জন যদিও বৰ্তমানলৈকে এই ভাষা ভালদৰে জনা মানুহৰ সংখ্যা এশৰ বেছি নহয়।

ইয়াৰ অৰ্থ হ’ল, হয়, ই শুদ্ধ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Request for New Language Code Element in ISO 639-3". https://iso639-3.sil.org/sites/iso639-3/files/change_requests/2021/2021-043_tok.pdf। আহৰণ কৰা হৈছে: 2023-11-16. 
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Toki Pona". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/toki1239. 
  3. Morin, Roc (2015-07-15). "How to Say (Almost) Everything in a Hundred-Word Language". The Atlantic. https://www.theatlantic.com/technology/archive/2015/07/toki-pona-smallest-language/398363/. 
  4. Lang 2014, পৃষ্ঠা. 134.
  5. Lang 2014, পৃষ্ঠা. 10.