মৈথিলী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মৈথিলী (মৈথিলী ভাষাত) এটা ইন্দো-আৰ্য ভাষা। ই মূলত ভাৰতৰ বিহাৰ ৰাজ্য আৰু নেপালেৰ পূৰ্বাঞ্চলীয় তেৰাই অঞ্চলত প্ৰচলিত। ভাষাবিজ্ঞানীসকলে মৈথিলীক এটা পূৰ্ব ইন্দো-আৰ্য ভাষা হিচাবে গণ্য কৰে । হিন্দীতকৈ বাংলা, অসমীয়া আৰু ওড়িয়াৰ লগত ইয়াৰ সম্পৰ্ক বেছি। এসয়ত মৈথিলী ভাষাক হিন্দীৰ উপভাষা হিচাবে গণ্য কৰা হৈছিল যদিও ২০০৩ চনত মৈথিলী ভাষাই ভাৰতৰ এটা স্বতন্ত্ৰ চৰকাৰী ভাষা হিচাবে সাংবিধানিক স্বীকৃতি লাভ কৰে।

মৈথিলি ভাষা মৈথিলী লিপিতে লিখা হৈছিল, যাৰ লগত অসমীয়া আৰু বাংলা লিপিৰ মিল আছে। কিন্তু বৰ্তমানে দেৱনাগৰী লিপিত এই ভাষা লিখা হয়।

মৈথিলী ভাষাৰ নাম প্ৰাচীন ভাৰতীয় ৰাজ্য মিথিলাৰ পৰা আহিছে। প্ৰায় চাৰে চাৰি কোটি মানুহে মৈথিলী ভাষাযত কথা পাতে। এই ভাষাৰ সবাতকৈ বিখ্যাত সাহিত্যিক হ'ল কবি বিদ্যাপতি

মৈথিলী লিপি[সম্পাদনা কৰক]

মৈথিলী লিপিক তিৰহুতা লিপি বা মিথিলাক্ষৰ নামে জনা যায় ।

মৈথিলী বাৰ মাহৰ নাম[সম্পাদনা কৰক]

বৈসাখ, জেঠ, আষাঢ়, সাৱোন, ভাদো, আসিন, কাতিক, অগহন, পূস, মাঘ, ফাগুন, চৈতি।

তথ্যসূত্র[সম্পাদনা কৰক]