মৈথিলী সাহিত্য
মৈথিলী সাহিত্য হ'ল মৈথিলী ভাষাৰ কবিতা, উপন্যাস, চুটিগল্প, নথি-পত্ৰ আৰু অন্যান্য লেখাৰ সম্পূৰ্ণ সংগ্ৰহ। মৈথিলী ভাষাৰ বিখ্যাত কবি হ'ল বিদ্যাপতি (১৩৫০-১৪৫০)।
মৈথিলী ভাষা লিখা লিপিটোক মিথিলাক্ষৰ বা তিৰহুতা লিপি নামেৰে জনা যায়।
লিপিৰ আদিম লিখিত প্ৰমাণ খ্ৰীষ্টীয় সপ্তম শতিকাৰ আদিত্যসেনৰ মন্দাৰ শিলালিপিত পোৱা যায়, যিটো বৰ্তমান দেওঘৰৰ বৈদ্যনাথ মন্দিৰত অৱস্থিত। [1]
বৌদ্ধ দোহাত থকা ভাষাটোক মিশ্ৰিত মৈথিলী-কামৰূপী ভাষাৰ অন্তৰ্গত বুলি বৰ্ণনা কৰা হৈছে। [2]
আদি কাল (প্ৰায় ৭০০–১৩৫০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]এই সময়ছোৱাত মূলতঃ বেলাড, গীত আৰু দোহা ৰচনা কৰা হৈছিল। এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ মৈথিলি সাহিত্যিক আছিল-
- জ্যোতিৰিশ্বৰ ঠাকুৰ (১২৯০–১৩৫০) যাৰ বৰ্ণাৰ্থনাকৰ উত্তৰ ভাৰতীয় ভাষাৰ প্ৰথম গদ্য আৰু বিশ্বকোষ।
মধ্য কাল (প্ৰায় ১৩৫০–১৮৩০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]সেই সময়ছোৱা আছিল নাটক ৰচনাৰ সময়। এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ মৈথিলি সাহিত্যিক আছিল-
- বিদ্যাপতি (১৩৫০–১৪৫০)
- শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮)
- গোবিন্দদাস (১৭ শতিকাৰ শেষৰ ফালে)
আধুনিক কাল (১৮৩০ খ্ৰীষ্টাব্দৰ পৰা বৰ্তমানলৈকে)
[সম্পাদনা কৰক]আইৰিছ ভাষাবিদ তথা চৰকাৰী কৰ্মচাৰী জৰ্জ আব্ৰাহাম গ্ৰীয়াৰ্ছনে অক্লান্তভাৱে মৈথিলী লোককথাৰ ওপৰত গৱেষণা কৰি ব্যাকৰণ লিপিবদ্ধ কৰাৰ পিছত আধুনিক মৈথিলী ভাষাই তাৰ ছন্দ ঘূৰাই পায়। পল আৰ. ব্ৰাছে লিখিছে যে "গ্ৰিয়াৰচনে ভাবিছিল যে মৈথিলী আৰু ইয়াৰ উপভাষাসমূহক জনকপুৰ, চিৰাহা, সপ্তৰী, সৰলাহী, দৰভংগা আৰু মধুবনীৰ সমগ্ৰ জনসংখ্যাৰ ভাষা হিচাপে চিনাক্ত কৰিব পাৰি"। [3]
২০১০ চনৰ এপ্ৰিল মাহত ভাৰতীয় বাইবেল ছ'চাইটিয়ে নেপাল উইক্লিফ বাইবেল অনুবাদকসকলৰ সৈতে যৌথ কপিৰাইটৰ অধীনত নিউ টেষ্টামেণ্টৰ এটা অনুবাদ প্ৰকাশিত হৈছিল।
আধুনিক যুগত বাতৰি কাকত আৰু আলোচনীৰ যোগেদি মৈথিলী ভাষাৰ বিকাশ হৈছে। এই যুগৰ কেইজনমান গুৰুত্বপূৰ্ণ সাহিত্যিক হ’ল-
- বলদেৱ মিশ্ৰ (১৮৯০–১৯৭৫) [4]
- সুৰেন্দ্ৰ ঝা ‘সুমন’ (১৯১০–২০০২) সাহিত্য অকাডেমীত মৈথিলী ভাষাক প্ৰতিনিধিত্ব কৰিছিল।
- ৰাধা কৃষ্ণ চৌধুৰী (১৯২১–১৯৮৫)
- জয়কান্ত মিশ্ৰ (২০ ডিচেম্বৰ ২০০৩ – ৩ ফেব্ৰুৱাৰী ২০০৯) সাহিত্য অকাডেমীত মৈথিলী ভাষাক প্ৰতিনিধিত্ব কৰিছিল।
- বিনোদ বিহাৰী বৰ্মা (১৯৩৭–২০০৩)
- পৰিচয় দাস (১৯৬৪– )
- গজেন্দ্ৰ ঠাকুৰ (১৯৭১– )
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Choudhary, R. (1976). A survey of Maithili literature. Ram Vilas Sahu.
- ↑ Barua, K. L. (1933). Early history of Kamarupa. Published by the Author. https://archive.org/details/EarlyHistoryOfKamarupa.
- ↑ Brass, P. R. (1974). Language, Religion and Politics in North India. Cambridge: Cambridge University Press, 1974. page 64
- ↑ Mishra, V. (1998). Makers of Indian Literature series (Maithili): Baldev Mishra. Sahitya Akademi, New Delhi. ISBN 81-260-0465-7.