সমললৈ যাওক

পৰ্তুগীজ ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰ্তুগীজ হ'ল ইউৰোপৰ আইবেৰিয়ান উপদ্বীপৰ পৰা উৎপত্তি হোৱা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা পশ্চিমীয়া ৰোমান ভাষা। ই এংগোলা, ব্ৰাজিল, কেপ ভাৰ্ডে, গিনি-বিচাউ, মোজাম্বিক, পৰ্তুগাল, চাও টমে আৰু প্ৰিন্সিপেৰ চৰকাৰী ভাষা।[1] লগতে ইষ্ট টিমৰ, বিষুৱীয় গিনি আৰু মাকাউত ইয়াৰ সহ-ৰাজ্যিক ভাষাৰ মৰ্যাদা আছে। পৰ্তুগীজ ভাষী লোক বা জাতিসমূহক লুচোফোন (lusófono) নামেৰে জনা যায়। ঔপনিৱেশিক কালত সম্প্ৰসাৰণৰ ফলত পৰ্তুগীজ ভাষীসকলৰ সাংস্কৃতিক উপস্থিতিও সমগ্ৰ বিশ্বতে পোৱা যায়। পৰ্তুগীজ আইবেৰ'-ৰোমাঞ্চ গোটৰ অংশ যিয়ে মধ্যযুগীয় গালিচিয়া ৰাজ্য আৰু পৰ্তুগাল কাউন্টিত ভলগাৰ লেটিনৰ কেইবাটাও উপভাষাৰ পৰা বিকশিত হৈছে আৰু কিছু চেলটিক ধ্বনিবিজ্ঞান ৰাখিছে।[2][3] প্ৰায় ২৩.৬ কোটি স্থানীয় ভাষী আৰু ২.৭ কোটি দ্বিতীয় ভাষা ভাষীৰ সৈতে পৰ্তুগীজ ভাষাৰ মুঠ ভাষী প্ৰায় ২৬.৩৮ মিলিয়ন। সাধাৰণতে ইয়াক পঞ্চম সৰ্বাধিক কথিত থলুৱা ভাষা হিচাপে তালিকাভুক্ত কৰা হয়,[4] স্থানীয় ভাষা কোৱা লোকৰ ক্ষেত্ৰত ই বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ইউৰোপীয় ভাষা।[5] ১৯৯৭ চনত এক বিস্তৃত শৈক্ষিক অধ্যয়নত পৰ্তুগীজ ভাষাক বিশ্বৰ ১০টা প্ৰভাৱশালী ভাষাৰ ভিতৰত অন্যতম হিচাপে স্থান দিয়া হৈছিল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Estados-membros" (pt ভাষাত). Community of Portuguese Language Countries. 7 February 2017. https://www.cplp.org/id-2597.aspx। আহৰণ কৰা হৈছে: 7 February 2017. 
  2. "The Origin and Formation of The Portuguese Language". Duke UniversityJudeo-Lusitanica. https://sites.duke.edu/judeolusitanica/2013/07/21/the-origin-and-formation-of-the-portuguese-language/। আহৰণ কৰা হৈছে: 15 October 2016. 
  3. Bittencourt de Oliveira, João. "Breves considerações sobre o legado das línguas célticas". filologia.org.br. http://www.filologia.org.br/vcnlf/anais%20v/civ8_03.htm। আহৰণ কৰা হৈছে: 15 October 2016. 
  4. da Silva, Emmanuel (2015). "Socioliguistic Tensions in Toronoto". In Moita-Lopes, Luiz Paulo. Global Portuguese: Linguistic Ideologies in Late Modernity. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 129. ISBN 978-1-31763-304-4. 
  5. "CIA World Factbook". https://www.cia.gov/the-world-factbook/countries/world/। আহৰণ কৰা হৈছে: 12 June 2015. 
  6. Bernard Comrie, Encarta Encyclopedia (1998); George Weber, "Top Languages: The World's 10 Most Influential Languages", Language Today (Vol. 2, December 1997). Archived from the original on 2011-09-27. Retrieved 2011-09-28.