সমললৈ যাওক

ব্ৰাজিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল
República Federativa do Brasil  (Script error: The function "name_from_code" does not exist.)
Flag of ব্ৰাজিল
Flag
Coat of arms of ব্ৰাজিল
Coat of arms
Motto: "Ordem e Progresso"
পৰ্টূগীজ
(অসমীয়া: "শৃংখলা আৰু প্ৰগতি")
Anthem: 
noicon

(ব্ৰাজিলৰ জাতীয় সংগীত))
পৰ্টূগীজ
(অসমীয়া: ব্ৰাজিলৰ জাতীয় সংগীত)
ৰাষ্ট্ৰীয় মোহৰ
ৰাষ্ট্ৰীয় মোহৰ
পৰ্টূগীজ
(ইংৰাজী: "National Seal of Brazil")
ৰাজধানী(ব্ৰাছিলিয়া)
Largest cityচাও পাওল'
Official languagesপৰ্তুগীজ[1]
Ethnic groups
(2010[2])
47.73% শ্বেতাংগ
43.13% Brown (Multiracial)
7.61% কৃষ্ণাংগ‍
1.09% এছীয়
0.43% আমেৰিকান-ইণ্ডিয়ান
DemonymBrazilian
GovernmentFederal presidential constitutional republic
Dilma Rousseff (PT)
Michel Temer (PMDB)
Marco Maia (PT)
José Sarney (PMDB)
Ayres Britto
LegislatureNational Congress
Federal Senate
Chamber of Deputies
Independence 
 Declared
7 September 1822
29 August 1825
 Republic
15 November 1889
5 October 1988
Area
 Total
85,14,877 বৰ্গ কি.মি. (৩২,৮৭,৬১২ বৰ্গ মাইল) (5th)
 Water (%)
0.65
Population
 2012[3] estimate
193,946,886
 2010 census
190,732,694[4] (5th)
 Density
22 /কিমি (৫৭.০ /বৰ্গ মাইল) (182nd)
GDP (PPP)2011 estimate
 Total
$2.294 trillion[5] (7th)
 Per capita
$11,769[5] (75th)
GDP (nominal)2011 estimate
 Total
$2.493 trillion[5] (6th)
 Per capita
$12,788[5] (53rd)
Gini (2012)51.9[6]
Error: Invalid Gini value
HDI (2011)0.718[7]
Error: Invalid HDI value (84th)
CurrencyReal (R$) (BRL)
Time zoneUTC−2 to −4 (BRT)
 Summer (DST)
UTC−2 to −4 (BRST)
Date formatdd/mm/yyyy (CE)
Calling code+55
Internet TLD.br

ব্ৰাজিল, যাৰ আধিকাৰিক নাম ফেডাৰেটীভ ৰিপাব্লিক অৱ ব্ৰাজিল, দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ দেশ। ভৌগোলিক আকাৰ আৰু জনসংখ্যা দুয়ো দিশৰ পৰাই ই পৃথীৱীৰ পঞ্চম সৰ্ববৃহৎ দেশ। ইয়াৰ জনসংখ্যা ১৯২ মিলিয়ন।[8][9] তদুপৰি ব্ৰাজিল আমেৰিকা মহাদেশৰ একমাত্ৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ পৰ্তুগীজভা‍ষী দেশ।[8]

পূব দিশত আটলাণ্টিক মহাসাগৰেৰে আৱৰা ব্ৰাজিলৰ তটৰেখা ৭৪৯১ কি.মি. দীঘল।[8] উত্তৰে ভেনিজুৱেলা, গায়ানা, ছুৰিনাম আৰু ফ্ৰেন্স গায়ানাৰ ফৰাচী উপনিবেশ, উত্তৰ-পশ্চিমে কলম্বিয়া, পশ্চিমে ব'লিভিয়া আৰু পেৰু, দক্ষিণ-পশ্চিমে আৰ্জেণ্টিনা আৰু পাৰাগুৱে আৰু দক্ষিণে উৰুগুৱে অৱস্থিত। ইয়াৰ উপৰিও ফাৰ্ণাণ্ড’ডে ন’ৰ’ন্‌‌হা (ইংৰাজী: Fernando de Noronha), ৰ’কাছ এটল (ইংৰাজী: Rocas Atoll), ছেইণ্ট পিটাৰ আৰু প’ল ৰক্স (ইংৰাজী: Saint Peter and Paul Rocks), আৰু ট্ৰিণ্ডাডে আৰু মাৰ্টিম ভাজ (ইংৰাজী: Trindade and Martim Vaz) আদি বহুতো দ্বীপপুঞ্জ ব্ৰাজিলৰ অন্তৰ্ভুক্ত।[8] ইকুৱেডৰ আৰু চিলিৰ বাদে সকলো দক্ষিণ আমেৰিকীয় দেশৰে সীমা ব্ৰাজিলৰ লগত লাগি আছে।

১৫০০ খ্ৰীষ্টাব্দত পেড্ৰ’ এলভাৰেছ কাব্ৰালে (ইংৰাজী: Pedro Álvares Cabral) এই ভূখণ্ডত পদাৰ্পণ কৰাৰ পাছত ১৮১৫ চনলৈকে ব্ৰাজিল পৰ্তুগালৰ উপনিবেশ আছিল, তাৰ পাছত ইয়াক এখন ৰাজতন্ত্ৰলৈ উন্নীত কৰা হয় আৰু “পৰ্তুগাল, ব্ৰাজিল আৰু এল্‌গাৰ্ভ্‌ছ সংযুক্ত ৰাজতন্ত্ৰ (ইংৰাজী: United Kingdom of Portugal, Brazil and the Algarves) প্ৰতিষ্ঠা হয়। ১৮০৮ চনত নাপ’লেয়পৰ্তুগাল অধিকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত “পৰ্তুগীজ ঔপনিবেশিক সাম্ৰাজ্যৰ” ৰাজধানী লিছ্‌বনৰ পৰা ৰিঅ’ ডে জেনিৰ’লৈ স্থানান্তিৰত কৰাত এই ঔপনিবেশীয় জোঁটবন্ধন ভাগি যায়।[10] ১৮২২ চনত ব্ৰাজিল স্বাধীন হয় আৰু সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদ ব্যৱস্থাৰে পৰিচালিত একক দেশ "ব্ৰাজিল সাম্ৰাজ্য" প্ৰতিষ্ঠা হয়। ১৮৮৯ চনত হোৱা এক সামৰিক অভ্যুত্থানৰ যোগে ৰাষ্ট্ৰখনত "ৰাষ্ট্ৰপতীয় গণতন্ত্ৰ" প্ৰতিষ্ঠা হয়, যদিও ইয়াৰ দুতৰপীয়া সংসদ ব্যৱস্থা (আজিকালিৰ কংগ্ৰেছ) ১৮২৪ চনৰ প্ৰথম সংবিধানৰ দিনৰ পৰা চলি আহিছিল।[10] ১৯৮৮ চনত প্ৰবৰ্তন কৰা বৰ্তমানৰ সংবিধানে ব্ৰাজিলক এক যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ আখ্যা দিয়ে।[11]২৬খন প্ৰদেশ আৰু ৫৫৬৪টা পৌৰ নিগমেৰে এই যুক্তৰাষ্ট্ৰ গঠিত কৰে।[11][12]

নমিনেল জি.ডি.পি.-ৰ হিচাপত ব্ৰাজিলৰ অৰ্থনীতি বিশ্বৰ ভিতৰত ৬ষ্ঠ আৰু ক্ৰয় ক্ষমতা সাম্যৰ (ইংৰাজী: Purchasing Power Parity) আধাৰত ৭ম(২০১১ চনত)।[13][14] ব্ৰাজিল পৃথিৱীৰ সকলোতকৈ ক্ষিপ্ৰ গতিৰে উন্নতি কৰা বৃহৎ অৰ্থনীতিবিলাকৰ অন্যতম। অৰ্থনৈতিক সংস্কাৰে ব্ৰাজিলক বিশ্বত এক উল্লেযোগ্য স্থানত অধীস্থিত কৰিছে।[15] ব্ৰাজিল ৰাষ্ট্ৰসংঘ, জি ২০ (ইংৰাজী: G20), চি.পি.এল.পি. (ইংৰাজী: CPLP), লেটিন সংঘ (ইংৰাজী: Latin Union), Organization of Ibero-American States, ‘আমেৰিকীয় দেশসমূহৰ সংগঠন’ (ইংৰাজী: Organization of American States), মাৰ্ক’ছুল (ইংৰাজী: Mercosul) আৰু দক্ষিণ আমেৰিকীয় জাতিসংঘ (ইংৰাজী: Union of South American Nations) আদিৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে, (ইংৰাজী: BRIC) দেশসমূহৰো এখন। ইয়াৰ বাদেও ব্ৰাজিল পৃথিৱীৰ ১৭খন জৈৱ-বিচিত্ৰ দেশৰ এখন, ইয়াত বন্যজীৱ, প্ৰাকৃতিক পৰিৱেশৰ লগতে ব্ৰাজিলৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল বিলাকত অফুৰন্ত প্ৰাকৃতিক সম্পদ পোৱা যায়।[8] নিশ্চিতভাৱে পৰিচিত ৬৭টা বিচ্ছিন্ন উপজাতিৰে (isolated tribes) ব্ৰাজিল পৃথিৱীৰ ভিতৰত সৰ্বাধিক অসংস্পৰ্শিত লোকৰ (uncontacted peoples) বাসস্থান।[16]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

ব্ৰাজিল শব্দটো ব্ৰাজিলউড নামৰ এবিধ গছৰ পৰা আহিছে, ব্ৰজিলৰ সমুদ্ৰতীৰত এই গছ উভৈনদী কৈ পোৱা যায়। .পৰ্তুগীজ ভাষাত ব্ৰাজিলউডক ‘পউ ব্ৰাচিল’ (pau-brasil) বোলা হয়, এই ব্ৰাচিল শব্দই “ অঙঠাৰ দৰে ৰঙা” বুজায়। .[17][18][19] ব্ৰাজিলউডৰ পৰা গভীৰ ৰঙা ডাই বা ৰং প্ৰস্তুত কৰিব পাৰি, গতিকে ইউৰোপীয় বস্ত্ৰ উদ্যোগত ইয়াৰ ই এক বহুমূলীয়া সামগ্ৰী ৰূপে পৰিগণিত হৈছিল। এই ব্ৰাজিলউড ব্ৰাজিলৰ প্ৰথম ব্যৱসায়িক ভাৱে উৎপাদিত সামগ্ৰী। ১৬ শ শতিকাত ব্ৰাজিলৰ থলুৱা লোকসকলে ব্যাপক পৰিমাণে সমুদ্ৰতীৰবৰ্তী অঞ্চলসমূহৰ এই ব্ৰাজিলউড আহৰণ কৰি ইউৰোপীয় ব্যৱসায়ী সকলক (মূলতঃ পৰ্তুগীজসকলক, কেতিয়াবা ফৰাচী সকলকো) বিক্ৰী কৰি তাৰ বিনিময়ত নানান ইউৰোপীয় উদ্যোগজাত সামগ্ৰী ক্ৰয় কৰিছিল।[20]

প্ৰাচীন পৰ্তুগীজ অভিলেখসমূহৰ মতে এই দেশৰ আধিকাৰিক নাম "পৱিত্ৰ ক্ৰুছৰ দেশ" (The land of the Holy Cross- Terra da Santa Cruz), কিন্তু ইউৰপোৰ নাৱিক সকলে সাধাৰণতে ইয়াক "ব্ৰাজিলৰ দেশ" - (ব্ৰাজিলউডৰ ব্যৱসায়ৰ বাবে) বুলিয়েই কৈছিল। এই জনপ্ৰিয় নামে কালক্ৰমত আধিকাৰিক নামক নাইকিয়া কৰি পেলালে। প্ৰাচীন নাৱিক সকলে কেতিয়াবা ব্ৰাজিলক "ভাটৌৰ দেশ" বুলিও কৈছিল।

পাৰাগুৱেৰ ৰাষ্ট্ৰীয় ভাষা “গুৱাৰানি” ত ব্ৰাজিলক পিণ্ডোৰামা বুলি কোৱা হয়। থলুৱা বাসিন্দা সকলে দিয়া এই নামৰ অৰ্থ হ’ল পাম গছেৰে আৱৰা ভূখণ্ড।

পৰ্তুগীজ উপনিবে‍শ হিচাপে

[সম্পাদনা কৰক]
১৫০০ চনৰ ব্ৰাজিলৰ প্ৰথম খ্ৰীষ্টান সমাৰোহ

১৫০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত,ব্ৰাজিল নামেৰে প্ৰসিদ্ধ এই ভূখণ্ডত, Pedro Álvares Cabral ৰ অধীনস্থ পৰ্তুগীজ জাহাজৰ এটা ফ্লীট প্ৰবেশ কৰে আৰু তাৰ পাছৰ পৰাই ইয়াত এই ভূখণ্ডত পৰ্তুগাল সাম্ৰাজ্যৰ দাবী সাব্যস্ত হয়।[21] পৰ্তুগীজ সকল বিভিন্ন থলুৱা উপজাতি সমূহৰ সম্মুখীন হয়, যি সকলে গুৱাৰানি ভাষা ব্যৱহাৰ কৰিছিল আৰু নিজৰ মাজতে যুদ্ধ বিগ্ৰহত ব্যস্ত আছিল।[22] যদিও থলুৱা লোক সকলৰ লগত ১৫৩২ চনতে সন্ধি স্থাপন হৈছিল, আচলতে ১৫৩৪ চনৰ পৰাহে প্ৰকৃতাৰ্থত ব্ৰাজিলৰ পৰ্তুগীজ উপনিবেশ স্থাপন হয়। কাৰণ সেই বছৰতে পৰ্তুগীজ সম্ৰাট Dom João III য়ে ব্ৰাজিলক বাৰখন উত্তৰাধীকাৰী ৰাজ্যত ভাগ কৰি এক পৰিকল্পিত শাসনধাৰা আৰম্ভ কৰে।[23][24]পিছে এই শাসনধাৰাত বহু সমস্যাই দেখা দিয়ে আৰু ১৫৪৯ চনত পৰ্তুগীজ সম্ৰাটে এই ভূখ্ণ্ড শাসন কৰিবৰ বাবে এজন গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰে।[24][25]পৰ্তুগীজ সকলে মাত্ৰ কেইটামান থলুৱা উপজাতিক নিজৰ লগত লয়[26] আৰু বাকীবোৰক দাস হিচাপে ব্যৱহাৰ কৰে, এই বাকী উপজাতি বিলাক, হয় দীৰ্ঘদিনীয়া যুদ্ধ, নহয় ইউৰোপৰ পৰা অহা নতুন ৰোগ বিলাকৰ বিৰুদ্ধে যুঁজি যুঁজি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হয়।[27][28] ১৬শ শতিকাৰ মাজভগলৈ চেনি ব্ৰাজিলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰপ্তানি সামগ্ৰী হিচাপে পৰিগণিত হয়[22][29] আৰু তেতিয়াই পৰ্তুগীজসকলে বৰ্ধিত আন্তৰ্জাতিক বজাৰৰ মোকাবিলা কৰিবলৈ আফ্ৰিকাৰ পৰা কুঁহিয়াৰ খেতিৰ বাবে দাস অনা আৰম্ভ কৰে।[30][31][27][32]

ফ্ৰান্সৰ সৈতে একেৰাহে হৈ থকা যুদ্ধৰ পৰিপ্ৰক্ষিততো, পৰ্তুগীজ সকলে লাহে লাহে এই ভূখণ্ডত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰে আৰু ১৫৬৭ খ্ৰীষ্টাব্দত দক্ষিণ-পূবৰ ৰিঅ’ ডে জেনিৰ’ আৰু ১৬১৫ চনত উত্তৰ পূবৰ চাও লুইচ নিজৰ দখললৈ আনে।[33] তেওঁলোকে আমাজনৰ বৰ্ষাৰণ্যত সামৰিক অভিযান চলাই ইংৰাজ আৰু ডাচ্ছ সকলৰ শক্তিশালী অধিকাৰ থকা অঞ্চলসমূহতো নিজৰ স্থিতি সবল কৰি তোলে।[34] আৰু ১৬৬৯ চনৰ পৰা বিভিন্ন ঠাইত নিজৰ সৰু সুৰা চহৰ আৰু দুৰ্গ প্ৰতিষ্ঠা কৰে[35] ১৬৮০ চনত তেওঁলোকে এই ভুখণ্ডৰ দক্ষিণতম সীমালৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে আৰু পূব তীৰবৰ্তী অঞ্চলত কলনিয়া ডেল চাক্ৰামাণ্টো চহৰৰ প্ৰতিষ্ঠা কৰে।[36] ১৭ শ শতিকাৰ শেষৰ ফালে চেনিৰ ৰপ্তানি ক্ৰমাগত ভাৱে হ্ৰাস পাবলৈ আৰম্ভ কৰে,[37] কিন্তু ১৬৯০ৰ আৰম্ভণিতে সোণৰ খনিৰ আৱিষ্কাৰে এই উপনিবেশক অৱশ্যম্ভাৱী ধ্বংসৰ পৰা ৰক্ষা কৰে।[38] ব্ৰাজিলৰ সকলো স্থানৰ লগতে পৰ্তুগালৰ পৰাও এই খনি বিলাকলৈ প্ৰব্ৰজন আৰম্ভ হয়।[39]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Demographics". Brazilian Government. 2011. http://www.brasil.gov.br/sobre/brazil/brazil-in-numbers/demographics আহৰণ কৰা হৈছে: 2011-10-08. (ইংৰাজী )
  2. "Caracteristicas da População e dos Domicílios do Censo Demográfico 2010 — Cor ou raça" (PDF). http://www.ibge.gov.br/home/estatistica/populacao/censo2010/caracteristicas_da_populacao/tabelas_pdf/tab3.pdf আহৰণ কৰা হৈছে: 2012-04-07.
  3. IBGE. 2011 Population Projection
  4. IBGE. Censo 2010: população do Brasil é de 190.732.694 pessoas.
  5. 1 2 3 4 "Brazil". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?pr.x=48&pr.y=11&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=223&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a= আহৰণ কৰা হৈছে: 2012-04-17.
  6. Country Comparison to the World: Gini Index – Brazil Archived 2009-05-13 at the Wayback Machine The World Factbook. Retrieved on 2012-04-03.
  7. UNDP Human Development Report 2011. "Table 1: Human development index 2011 and its components" (PDF). UNDP. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf আহৰণ কৰা হৈছে: 2011-12-04.
  8. 1 2 3 4 5 "Geography of Brazil". Central Intelligence Agency. 2008. Archived from the original on 2020-12-29. https://web.archive.org/web/20201229014518/https://www.cia.gov/library/publications/the-world-factbook/geos/br.html আহৰণ কৰা হৈছে: 2008-06-03.
  9. "People of Brazil". Central Intelligence Agency. 2008. Archived from the original on 2020-12-29. https://web.archive.org/web/20201229014518/https://www.cia.gov/library/publications/the-world-factbook/geos/br.html আহৰণ কৰা হৈছে: 2008-06-03.
  10. 1 2 "Introduction of Brazil". Central Intelligence Agency. 2008. Archived from the original on 2020-12-29. https://web.archive.org/web/20201229014518/https://www.cia.gov/library/publications/the-world-factbook/geos/br.html আহৰণ কৰা হৈছে: 2008-06-03.
  11. 1 2 "Brazilian Federal Constitution" (Portuguese ভাষাত). Presidency of the Republic. 1988. http://www.planalto.gov.br/ccivil_03/Constituicao/Constituiçao.htm আহৰণ কৰা হৈছে: 2008-06-03. "Brazilian Federal Constitution". v-brazil.com. 2007. http://www.v-brazil.com/government/laws/titleI.html আহৰণ কৰা হৈছে: 2008-06-03. "Unofficial translate"
  12. "Territorial units of the municipality level" (Portuguese ভাষাত). Brazilian Institute of Geography and Statistics. 2008. http://www.sidra.ibge.gov.br/bda/territorio/tabunit.asp?n=6&t=2&z=t&o=4 আহৰণ কৰা হৈছে: 2008-06-03.
  13. "World Development Indicators database" (PDF file), World Bank, 7 October 2009.
  14. "CIA – The World Factbook – Country Comparisons – GDP (purchasing power parity)". Cia.gov. Archived from the original on 4 June 2011. https://web.archive.org/web/20110604195034/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2001rank.html আহৰণ কৰা হৈছে: 25 January 2011.
  15. Clendenning, Alan (2008-04-17). "Booming Brazil could be world power soon". USA Today – The Associated Press. পৃষ্ঠা 2. http://www.usatoday.com/money/economy/2008-04-17-310212789_x.htm আহৰণ কৰা হৈছে: 2008-12-12.
  16. "Brazil sees traces of more isolated Amazon tribes", Reuters
  17. CNRTL – Centre National de Ressources Textuelles et Lexicales ফৰাছী
  18. Michaelis – Moderno Dicionário da Língua Portuguesa পৰ্টূগীজ
  19. iDicionário Aulete Archived 2012-02-29 at the Wayback Machine পৰ্টূগীজ
  20. পৰ্টূগীজ Eduardo Bueno, Brasil: uma História (São Paulo: Ática, 2003; ISBN 85-08-08213-4), p.36.
  21. Boxer, p. 98.
  22. 1 2 Boxer, p. 100.
  23. Boxer, pp. 100–101.
  24. 1 2 Skidmore, p. 27.
  25. Boxer, p. 101.
  26. Boxer, p. 108
  27. 1 2 Boxer, p. 102.
  28. Skidmore, pp. 30, 32.
  29. Skidmore, p. 36.
  30. Boxer, p. 110
  31. Skidmore, p. 34.
  32. Skidmore, pp. 32–33.
  33. Bueno, pp. 80–81.
  34. Facsimiles of multiple original documents relating about the events in Brazil in the 17th century that led to a Dutch influence and their final defeat
  35. Calmon, p. 294.
  36. Bueno, p. 86.
  37. Boxer, p. 164.
  38. Boxer, pp. 168, 170.
  39. Boxer, p. 169.
  • Azevedo, Aroldo. O Brasil e suas regiões. São Paulo: Companhia Editora Nacional, 1971. পৰ্টূগীজ
  • Barman, Roderick J. Citizen Emperor: Pedro II and the Making of Brazil, 1825–1891. Stanford: Stanford University Press, 1999. ISBN 0-8047-3510-7 ইংৰাজী
  • Boxer, Charles R.. O império marítimo português 1415–1825. São Paulo: Companhia das Letras, 2002. ISBN 85-359-0292-9 পৰ্টূগীজ
  • Bueno, Eduardo. Brasil: uma História. São Paulo: Ática, 2003. পৰ্টূগীজ ISBN 85-08-08213-4
  • Calmon, Pedro. História da Civilização Brasileira. Brasília: Senado Federal, 2002. পৰ্টূগীজ
  • Carvalho, José Murilo de. D. Pedro II. São Paulo: Companhia das Letras, 2007. পৰ্টূগীজ
  • Coelho, Marcos Amorim. Geografia do Brasil. 4th ed. São Paulo: Moderna, 1996. পৰ্টূগীজ
  • Diégues, Fernando. A revolução brasílica. Rio de Janeiro: Objetiva, 2004. পৰ্টূগীজ
  • Enciclopédia Barsa. Volume 4: Batráquio – Camarão, Filipe. Rio de Janeiro: Encyclopædia Britannica do Brasil, 1987. পৰ্টূগীজ
  • Fausto, Boris and Devoto, Fernando J. Brasil e Argentina: Um ensaio de história comparada (1850–2002), 2nd ed. São Paulo: Editoria 34, 2005. ISBN 8573263083 পৰ্টূগীজ
  • Gaspari, Elio. A ditadura envergonhada. São Paulo: Companhia das Letras, 2002. ISBN 85-359-0277-5 পৰ্টূগীজ
  • Janotti, Aldo. O Marquês de Paraná: inícios de uma carreira política num momento crítico da história da nacionalidade. Belo Horizonte: Itatiaia, 1990. পৰ্টূগীজ
  • Lyra, Heitor. História de Dom Pedro II (1825–1891): Ascenção (1825–1870). v.1. Belo Horizonte: Itatiaia, 1977. পৰ্টূগীজ
  • Lyra, Heitor. História de Dom Pedro II (1825–1891): Declínio (1880–1891). v.3. Belo Horizonte: Itatiaia, 1977. পৰ্টূগীজ
  • Lustosa, Isabel. D. Pedro I: um herói sem nenhum caráter. São Paulo: Companhia das letras, 2006. ISBN 85-359-0807-2 পৰ্টূগীজ
  • Moreira, Igor A. G. O Espaço Geográfico, geografia geral e do Brasil. 18. Ed. São Paulo: Ática, 1981. পৰ্টূগীজ
  • Munro, Dana Gardner. The Latin American Republics; A History. New York: D. Appleton, 1942. ইংৰাজী
  • Schwarcz, Lilia Moritz. As barbas do Imperador: D. Pedro II, um monarca nos trópicos. 2nd ed. São Paulo: Companhia das Letras, 1998. ISBN 85-7164-837-9 পৰ্টূগীজ
  • Skidmore, Thomas E. Uma História do Brasil. 4th ed. São Paulo: Paz e Terra, 2003. পৰ্টূগীজ ISBN 85-219-0313-8
  • Souza, Adriana Barreto de. Duque de Caxias: o homem por trás do monumento. Rio de Janeiro: Civilização Brasileira, 2008. পৰ্টূগীজ ISBN 978-85-200-0864-5
  • Vainfas, Ronaldo. Dicionário do Brasil Imperial. Rio de Janeiro: Objetiva, 2002. ISBN 85-7302-441-0 পৰ্টূগীজ
  • Vesentini, José William. Brasil, sociedade e espaço – Geografia do Brasil. 7th Ed. São Paulo: Ática, 1988. পৰ্টূগীজ
  • Vianna, Hélio. História do Brasil: período colonial, monarquia e república, 15th ed. São Paulo: Melhoramentos, 1994. পৰ্টূগীজ

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]