পানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পানীৰ তিনিটা ৰূপ: পনীয়া, ঘনীভূত (বৰফ) আৰু গেছীয় (বাষ্প)।
দৈনন্দিন জীৱনত পানী

পানী বা জল (ৰাসায়নিক গঠন: H2O) হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। মান্য উষ্ণতা আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে যদিও ইয়াক কঠিন অৱস্থা অৰ্থাৎ বৰফ আৰু গেছীয় অৰ্থাৎ বাষ্প অৱস্থাতো পোৱা যায়। হিম, কুঁৱলী, নিয়ৰ আৰু ডাৱৰো পানীৰেই ভিন্ন ৰূপ।

পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭১% পানীয়ে আগুৰি আছে।[1] এতিয়ালৈকে আৱিষ্কৃত সকলোধৰণৰ জীৱৰ জীৱন ধাৰণৰ বাবে পানী অপৰিহাৰ্য। পৃথিৱীৰ ৯৬.৫% পানী সাগৰ আৰু মহাসাগৰসমূহত, ১.৭% ভূমিৰ অভ্যন্তৰত, ১.৭% এণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ডৰ হিমখণ্ডত আৰু ০.০০১% বাষ্প অথবা ডাৱৰৰ ৰূপত পোৱা যায়।[2][3] পৃথিৱীৰ পানীভাগৰ ২.৫%-হে সতেজ পানী আৰু বাকী ৯৮.৮% বৰফ আকাৰে (ডাৱৰত থকা বৰফ বাদ দি) আৰু ভূমিৰ অভ্যন্তৰত জমা হৈ আছে। সতেজ পানীভাগৰ ০.৩%-তকৈয়ো কম অংশ নদী, হ্ৰদ আৰু আমাৰ চাৰিওফালৰ পৰিৱেশত নিহিত হৈ থাকে। তাতোকৈয়ো কম একাংশ পানী (০.০০৩%) জীৱদেহ আৰু অন্যান্য সামগ্ৰীত নিহিত হৈ থাকে।[2]

পৃথিৱীৰ পানীভাগৰ জলচক্ৰৰ যোগেদি অহৰহ ৰূপান্তৰ ঘটি থাকে। সাগৰ-মহাসাগৰ, নদী-হ্ৰদৰ পানী সূৰ্যৰ তাপত শুকাই জলীয় বাষ্পৰ ৰূপত আকাশলৈ উৰি যায়। এই বাষ্পই ঘনীভূত হৈ ডাৱৰৰ ৰূপ লয় আৰু বৰষুণ হিচাপে পুনৰ ভূমিপৃষ্ঠলৈ নামি আহে। পানীয়ে কোনো কেল’ৰি বা পুষ্টিৰ যোগান নধৰিলেও সকলো জীৱকে বিশুদ্ধ বা সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন। এতিয়াও বিশ্বৰ প্ৰায় ১০০ কোটি মানুহৰ বাবে বিশুদ্ধ খোৱাপানী উপলব্ধ নহয়।[4] বিশুদ্ধ খোৱাপানীৰ উপলব্ধতাৰ সৈতে মুঠ জনমূৰি আয়ৰ এক পোনপটীয়া সম্পৰ্ক আছে।[5] কিছুসংখ্যক পৰ্যবেক্ষকৰ মতে ২০২৫ চনলৈ বিশ্বৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকে জল সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’ব।[6] ২০০৯ চনৰ এক প্ৰতিবেদন মতে, ২০৩০ চনলৈ একাংশ উন্নয়নশীল অঞ্চলত পানীৰ চাহিদা ইয়াৰ যোগানতকৈ ৫০% বৃদ্ধি পাব।[7] উদ্যোগসমূহত শীতলীকৰণৰ বাবে আৰু দ্ৰৱণ হিচাপে পানীৰ ব্যৱহাৰ হয়। সতেজ পানীৰ প্ৰায় ৭০% কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়।[8]

ৰাসায়নিক আৰু ভৌতিক ধৰ্ম[সম্পাদনা কৰক]

পানীৰ ৰাসায়নিক গঠন হৈছে H2O: পানীৰ এটা অণুত দুটা হাইড্ৰ’জেনৰ পৰমাণু এটা অক্সিজেনৰ পৰমাণুৰ সৈতে বান্ধ খাই থাকে।

পানীৰ প্ৰধান ৰাসায়নিক আৰু ভৌতিক ধৰ্মসমূহ হ’ল:

  • মান্য উষ্ণতা আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে। ই স্বাদহীন আৰু গোন্ধহীন। পানী আৰু বৰফৰ ৰং কিঞ্চিৎ নীলা। কিন্তু পৰিমাণৰ কম হ’লে ইয়াৰ কোনো ৰং দেখা নাযায়। জলীয় বাষ্প সাধাৰণতে বায়ুৰ দৰেই অদৃশ্য।[9]
  • স্বচ্ছতা পানীৰ অন্যতম বৈশিষ্ট্য। পানীৰ মাজেদি সূৰ্যৰ পোহৰ পাৰ হৈ যাব পাৰে বাবে জলজ উদ্ভিদসমূহ পানীৰ তলতো জীয়াই থাকিব পাৰে।
  • পানীৰ দ্ৰৱণীয় গুণৰ বাবে ইয়াক সাৰ্বজনীন দ্ৰৱণ বোলা হয়। নিমখ, চেনী, এচিড, খাৰ আৰু কিছুসংখ্যক গেছ (বিশেষকৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড) পানীত দ্ৰৱীভূত হয়।
  • জীৱকোষত থকা প্ৰ’টিন, ডি এন এ আৰু পলিচেকেৰাইড পানীত দ্ৰৱীভূত হয়।
  • বিশুদ্ধ পানী বিদ্যুতৰ কুপৰিবাহী। অৱশ্যে অন্য পদাৰ্থৰ উপস্থিতিয়ে ইয়াক পৰিবাহীলৈ ৰূপান্তৰিত কৰে।
  • পানীৰ উতলাংক(Boiling Point) বায়ুমণ্ডলৰ চাপৰ লগত ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ চাপৰ পৰিমাণ ভিন্ন হ’লে প্ৰয়োজনীয় উষ্ণতাৰো তাৰতম্য ঘটে।
  • ৪ ডিগ্ৰী ছেলচিয়াছ উষ্ঞতাত পানীৰ ঘনত্ব ১০০০কিল'গ্ৰাম প্ৰতি ঘনমিটাৰ(৬২.৪৩ পাউণ্ড প্ৰতি ঘনফুট)৷বৰফৰ ঘনত্ব ৯১৭কিল'গ্ৰাম প্ৰতি ঘনমিটাৰ(৫৭.২৫ পাউণ্ড প্ৰতি ঘনফুট)
  • ৩.৯৮ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়[10]৷বেছিভাগ বিশুদ্ধ পদাৰ্থৰ উষ্ণতা কমিলে ঘনত্ব বাঢ়ি যায় কিন্তু ব্যতিক্ৰমীভাৱে পানী ঠাণ্ডা হৈ গোট মাৰিলে ইয়াৰ ঘনত্ব কমি যায়৷পানী ক্ৰমান্বয়ে ঠাণ্ডা কৰি কৰি এটা সময়ত যেতিয়া ৩.৯৮ডিগ্ৰী ছেলচিয়াছ উষ্ণতা পায় তেতিয়া ইয়াৰ ঘনত্ব সৰ্বোচ্চ হয়৷উষ্ণতা আৰু কমিলে বৰফ গঠন হোৱা আৰম্ভ হয়৷পানীৰ অণুবোৰ বিশৃঙ্খলভাৱে সজ্জিত হৈ থাকে আৰু সজ্জা গঠনৰ বাবে উপযুক্ত তাপমাত্ৰা দৰকাৰ৷তাপমাত্ৰা ৩.৯৮ডিগ্ৰী ছেলচিয়াছৰ তললৈ নামিলে পানীৰ অণুবোৰে বিশৃঙ্খল সজ্জা হেৰুৱাই পেলায় আৰু শৃঙ্খলাবদ্ধ হ'বলৈ ধৰে৷গতিকে বৰফৰ অণুবোৰ পানীতকৈ বেছি শৃঙ্খল৷পানীৰ তাপমাত্ৰা কমাৰ লগতে দুটা প্ৰতিদন্দ্বী ঘটনা ঘটে ১)আয়তন কমি যায় ২)পানী বৰফলৈ ৰূপান্তৰিত হোৱাত পানীৰ অণুবোৰ শৃঙ্খলাবদ্ধ হৈ পৰে আৰু সামগ্ৰিক আয়তন কমি যায়৷৩.৯৮ডিগ্ৰী ছেলচিয়াছৰপৰা ০ ডিগ্ৰী ছেলচিয়াছৰ ভিতৰৰ যিকোনো তাপমাত্ৰাত প্ৰথম ঘটনাটোৱে দ্বিতীয়টোক বাতিল কৰি পেলায় আৰু আয়তন বৃদ্ধি পায়‍[11]৷সেইবাবে বৰফৰ ঘনত্ব পানীতকৈ কম আৰু বৰফ পানীত ওপঙে৷
  • পানীয়ে বহুসংখ্যক জুলীয়া পদাৰ্থ যেনে ইথানলৰ সৈতে মিহলি হৈ সমসত্ব মিশ্ৰণ সৃষ্টি কৰে৷আনহাতে তেল আৰু পানী মিহলি নহয়৷মিহলি কৰিব গ'লে দুটা স্তৰৰ সৃষ্টি হয় য'ত বেছি ঘন স্তৰটো তলত আৰু কম ঘন স্তৰটো ওপৰত থাকে৷
  • পানীৰ অণুত থকা হাইড্ৰ'জেন আৰু অক্সিজেনক বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে পৃথক দিব পাৰি৷কিন্তু ইয়াৰ বাবে প্ৰয়োজনীয় শক্তি হাইড্ৰ'জেন আৰু অক্সিজেন যুক্ত কৰিবলৈ প্ৰয়োজন হোৱা শক্তিতকৈ বেছি৷[12]

বিশ্বব্ৰহ্মাণ্ডত পানীৰ উপস্থিতি[সম্পাদনা কৰক]

বিশ্বব্ৰহ্মাণ্ডৰ সৰহভাগ পানী তাৰকা একোটাৰ জন্ম হওঁতে তাৰ লগতে উৎপন্ন হয়। তাৰকা এটাৰ জন্মৰ সময়ত গেছ আৰু ধূলিৰ এক প্ৰৱল বৰ্হিগামী সোঁতৰ সৃষ্টি হয়। এই সোঁতত থকা পদাৰ্থকণাসমূহে চাৰিওকাষৰ গেছত খুন্দা মাৰি প্ৰচণ্ড উত্তাপ আৰু চাপৰ সৃষ্টি কৰে। ইয়াৰ ফলত গেছৰ ঘনত্ব বৃদ্ধি পায় আৰু পানীৰ সৃষ্টি হয়।[13]

২০১১ চনৰ ২২ জুলাইত যুগুত কৰা এক প্ৰতিবেদনৰ মতে পৃথিৱীৰ পৰা ১,২০,০০০ কোটি আলোক-বৰ্ষ দূৰত্বত এক বিশালাকাৰ ডাৱৰপুঞ্জৰ সন্ধান পোৱা গৈছে। ইয়াত নিহিত হৈ থকা পানীৰ পৰিমাণ পৃথিৱীৰ মহাসাগৰকেইখনৰ পানীৰ ১৪০ ট্ৰিলিয়ন গুণ।[14][15]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "CIA - The world factbook". Central Intelligence Agency. https://www.cia.gov/library/publications/the-world-factbook/geos/xx.html#Geo। আহৰণ কৰা হৈছে: 20 December 2008. 
  2. 2.0 2.1 Gleick, P.H., ed (1993). Water in Crisis: A Guide to the World's Freshwater Resources. Oxford University Press. পৃষ্ঠা. 13, Table 2.1 "Water reserves on the earth". http://www.oup.com/us/catalog/general/subject/EarthSciences/Oceanography/?view=usa&ci=9780195076288. 
  3. Water Vapor in the Climate System, Special Report, [AGU], December 1995 (linked 4/2007). Vital Water UNEP. Archived 24 March 2015 at the Wayback Machine
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; UN নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. "Public Services", Gapminder video
  6. Kulshreshtha, S.N (1998). "A Global Outlook for Water Resources to the Year 2025". Water Resources Management খণ্ড 12 (3): 167–184. doi:10.1023/A:1007957229865. 
  7. "Charting Our Water Future: Economic frameworks to inform decision-making" (PDF). http://www.mckinsey.com/App_Media/Reports/Water/Charting_Our_Water_Future_Full_Report_001.pdf। আহৰণ কৰা হৈছে: 25 July 2010. 
  8. Baroni, L.; Cenci, L.; Tettamanti, M.; Berati, M. (2007). "Evaluating the environmental impact of various dietary patterns combined with different food production systems". European Journal of Clinical Nutrition খণ্ড 61 (2): 279–286. doi:10.1038/sj.ejcn.1602522. PMID 17035955. 
  9. Braun, Charles L.; Sergei N. Smirnov (1993). "Why is water blue?". J. Chem. Educ. খণ্ড 70 (8): 612. doi:10.1021/ed070p612. http://www.dartmouth.edu/~etrnsfer/water.htm. 
  10. Kotz, J. C., Treichel, P., & Weaver, G. C. (2005). Chemistry & Chemical Reactivity. Thomson Brooks/Cole. ISBN 0-534-39597-X. 
  11. Ben-Naim, Arielএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "etal" (2011). Alice's Adventures in Water-land. প্ৰকাশক Singapore. doi:10.1142/8068. ISBN 978-981-4338-96-7. 
  12. Ball, Philip (14 September 2007). "Burning water and other myths". Nature News. http://www.nature.com/news/2007/070910/full/070910-13.html। আহৰণ কৰা হৈছে: 14 September 2007. 
  13. Melnick, Gary, Harvard-Smithsonian Center for Astrophysics and Neufeld, David, Johns Hopkins University quoted in: "Discover of Water Vapor Near Orion Nebula Suggests Possible Origin of H20 in Solar System (sic)". The Harvard University Gazette. 23 April 1998. http://www.news.harvard.edu/gazette/1998/04.23/DiscoverofWater.html.  "Space Cloud Holds Enough Water to Fill Earth's Oceans 1 Million Times". Headlines@Hopkins, JHU. 9 April 1998. http://www.jhu.edu/news_info/news/home98/apr98/clouds.html.  "Water, Water Everywhere: Radio telescope finds water is common in universe". The Harvard University Gazette. 25 February 1999. http://news.harvard.edu/gazette/1999/02.25/telescope.html. (linked 4/2007)
  14. Clavin, Whitney; Buis, Alan (22 July 2011). "Astronomers Find Largest, Most Distant Reservoir of Water". NASA. http://www.nasa.gov/topics/universe/features/universe20110722.html। আহৰণ কৰা হৈছে: 25 July 2011. 
  15. Staff (22 July 2011). "Astronomers Find Largest, Oldest Mass of Water in Universe". Space.com. http://www.space.com/12400-universe-biggest-oldest-cloud-water.html। আহৰণ কৰা হৈছে: 23 July 2011.