আলোক-বৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আলোক-বৰ্ষ
12lightyears.gif
Map showing the stars that lie within 12.5 light years of the Sun[1]
Unit information
একক পদ্ধতি জ্যোতিৰ্বিদ্যাৰ একক
কিহৰ একক দৈৰ্ঘ্য
সংকেত ly 
একক পৰিৱৰ্তন
১ ly ... পদ্ধতিত ...ৰ সমান
   মেট্ৰিক (এচ আই) একক    ৯.৪৬০৭×১০১৫ মি
   ইম্পেৰিয়েল একক    ৫.৮৭৮৬×১০১২ মাইল
   জ্যোতিৰ্বৈজ্ঞানিক একক    ৬.৩২৪১×১০ জ্যোতিৰ্বিদ্যাৰ একক
   ০.৩০৬৬ পাৰছেক


এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly), [2] মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিল’-মিটাৰ(বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষপোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব[3] যিহেতু ইয়াত বৰ্ষ শব্দটো সোমাই আছে, সেয়ে বহুসময়ত আলোক-বৰ্ষক সময়ৰ একক বুলি ভুল কৰা হয়।

জনপ্ৰিয় বিজ্ঞান লেখা(পত্ৰিকা) সমূহত, তাৰকাপুঞ্জৰ মাজৰ দূৰত্ব বা ইহঁতৰ তৰাবোৰৰ মাজৰ দূৰত্ব প্ৰকাশ কৰিবলৈ সাধাৰণভাৱে আলোক-বৰ্ষ ব্যৱহাৰ কৰা হয়, ই অৱ্শ্যে মানক বৈজ্ঞানিক একক নহয়। পেচাদাৰী জ্যোতিৰ্বিদ্যাত ব্যৱহাৰ কৰা দূৰত্বৰ একক হৈছে পাৰছেক, (সংকেত: pc, এক পাৰছেক প্ৰায় ৩.২৬ আলোক-বৰ্ষৰ সমান)। ১ পাৰছেক হৈছে, ১ জ্যোতিৰ্বৈজ্ঞানিক একক দৈৰ্ঘৰ এডাল ৰেখাৰ দুইমূৰৰ পৰা টনা আন দূডাল ৰেখাই য’ত এক আৰ্ক-ছেকেণ্ড কোণ কৰি মিলিত হ’ব, সিমান দূৰত্ব।[3]


সংজ্ঞা[সম্পাদনা কৰক]

IAUৰ মতে এক-আলোক বৰ্ষ হৈছে, জুলিয়ান বৰ্ষ [টোকা 1] (৩৬৫.২৫ দিন) আৰু পোহৰৰ বেগ (২৯৯৭৯২৪৫৮ মি/ছে)ৰ পূৰণফল।[টোকা 2] ১৯৮৪ চনৰ পৰা ব্যৱহাৰ হৈ অহা জ্যোতিৰ্বিজ্ঞানৰ ধ্ৰুৱ সংখ্যা প্ৰণালীত এই দুটা মান অন্তৰ্ভুক্ত হৈ আহিছে।[5] ইয়াৰ পৰা তলৰ একক পৰিৱৰ্তন সমূহ কৰিব পাৰি, আলোক-বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাৱে স্বীকৃত সংক্ষিপ্ত ৰূপ হৈছে, "l.y."[6][7]).

১ আলোক-বৰ্ষ = ৯৪৬০৭৩০৪৭২৫৮০৮০০ মিটাৰ (সঠিকভাৱে)
≈ ৯.৪৬১ পেটামিটাৰ
≈ ৫.৮৭৮৬২৫ লাখ-কোটি মাইল
≈ ৬৩২৪১.০৭৭ জ্যোতিৰ্বৈজ্ঞানিক একক
≈ ০.৩০৬৬০১ পাৰছেক্‌

ব্যৱহাৰ[সম্পাদনা কৰক]

আলোক-বৰ্ষত দূৰত্ব লিখা তৰাসমূহৰ ভিতৰত সেইবোৰ তৰা থাকে যিবোৰ একেখন সাধাৰণ ক্ষেত্ৰৰ যেনে, একোটা সৰ্পিল বাহু বা গ্ল’বুলাৰ ক্লাষ্টাৰত থাকে। একোখন তাৰকাৰাজ্য‍ৰ ব্যাস কেইবাশৰ পৰা কেইবা হাজাৰ আলোক-বৰ্ষ হ’ব পাৰে, আৰু এখন তাৰকাৰাজ্যৰ পৰা কাষৰ আন এখনলৈ দূৰত্ব কেইবা নিযুত আলোক-বৰ্ষ হ’ব পাৰে। অতি বেছি দূৰত্বৰ মাহাজাগতিক ক্ষেত্ৰ যেনে, ক’ছাৰ (Quasar) বা চ’লান বৃহত্‍ প্ৰাচীৰ (Solan Great Wall)ৰ দূৰত্ব কেইবা শত-কোটি আলোক বৰ্ষ হ’ব পাৰে।


দূৰত্বৰ মাত্ৰাৰ তালিকা
স্কেল (ly) মান বিৱৰণ
১০−৯ ৪০.৪×১০−৯ চন্দ্ৰৰ পৃষ্ঠত প্ৰতিফলিত হোৱা সূৰ্য্যৰ পোহৰ প্ৰায় ৩,৫০,০০০-৪,০০,০০০ কিল’মিটাৰ অতিক্ৰম কৰি আহি পৃথিৱী পাবলৈ প্ৰায় ১.২-১.৩ছে মান সময় লাগে।
১০−৬ ১৫.৮×১০−৬ এক জ্যোতিৰ্বৈজ্ঞানিক একক (পৃথিৱীৰ পৰা সূৰ্য্যলৈ দূৰত্ব), পোহৰক এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৪৯৯ছে (৮.৩২ মিনিট) লাগে।[8]
১২৭×১০−৬ পৃথিৱীৰ পৰা ১২০ কোটি কিল’মিটাৰ দূৰত থকা শণিৰ উপগ্ৰহ টাইটানত ইউৰোপীয় মহাকাশ সংস্থাৰ হাইজেন প্ৰ’বে ২০০৫ চনত অৱতৰণ কৰে, ই টাইটানৰ ছবি পৃথিৱীলৈ প্ৰেৰণ কৰি আছে।
১০−৩ ২.০৪×১০−৩ ভয়েজাৰ ১ পৃথিৱীৰ পৰা প্ৰেৰণ কৰা আৰু বৰ্তমান পৃথিৱীৰ পৰা সকলোতকৈ দূৰত থকা মহাকাশযান, ই বৰ্তমান প্ৰায় ১৮ আলোক ঘণ্টা দূৰত আছে, [9] এক আলোক-বৰ্ষ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক প্ৰায় ১৭,৫০০ বছৰ লাগিব, ইয়াৰ বৰ্তমান বেগ সূৰ্য্যৰ সাপেক্ষে প্ৰায় ১৭ কিমি/ছে। ২০১৩ চনৰ ১২ চেপ্টেম্বৰত, নাছাই ঘোষণা কৰে যে ভয়েজাৰে ২০১২ৰ ২৫ আগষ্টত আন্তঃতাৰকীয় মাধ্যম (intersteller medium)ত প্ৰৱেশ কৰিছে। সৌৰজগতৰ সীমা অতিক্ৰম কৰি পাৰ হৈ যোৱা ভয়েজাৰ প্ৰথম মানৱনিৰ্মিত বস্তু।[10]
১০ ১.৬×১০−০ উৰ্ট মেঘৰ ব্যাস প্ৰায় ২ আলোক-বৰ্ষ, ইয়াৰ অন্তৰভাগৰ সীমা প্ৰায় ৫০,০০০ সাঁচ:Convert/LonAonDunit or textSoff, আৰু বৰ্হিসীমা প্ৰায় ১,০০,০০০ সাঁচ:Convert/LonAonDunit or textSoff
২.০×১০−০ সূৰ্য্যৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ সৰ্বোচ্চ মাত্ৰা হিল গোলক ১,২৫,০০০ সাঁচ:Convert/LonAonDunit or textSoff)। এই দূৰত্ব পাৰ হৈ গ’লে বৰ্হি সৌৰজাগতিক আন্তঃতাৰকীৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱ পোৱা যাব।
৪.২২×১০−০ সূৰ্য্যক বাদ দি আমাৰ নিকটতম তৰা প্ৰক্সিমা চেন্টাউৰি, আমাৰ পৰা প্ৰায় ৪.২২ আলোক-বৰ্ষ দূৰত্বত অৱস্থিত।[11][12]
৮.৬০×১০−০ এই দূৰত্বত থকা Sirius ৰাতিৰ আকাশৰ সকলোতকৈ উজ্জ্বল তৰা, ই সূৰ্য্যতকৈ দুগুণ অধিক ভৰযুক্ত আৰু ২৫ গুণ অধিক উজ্জ্বল তৰা।
১১.৯০×১০−০ HD 10700 e, সোৰজগতৰ বাহিৰৰ বাসপোযোগী গ্ৰহ, ই পৃথিৱীতকৈ প্ৰায় ৬.৬ গুণ ডাঙৰ।[13][14]
২০.৫×১০−০ Gliese 581, কেইবাটাও দৈত্যকায় গ্ৰহৰ সৈতে থকা এটা ৰঙা বাউনা।
৩১০×১০−০ Canopus, আকাশত দেখা দ্বিতীয় উজ্জ্বল তৰা, এটা টাইপ-এফ অতিকায় আৰু অতি উজ্জ্বল তৰা (চুপাৰ-জায়েন্ত)। ইয়াৰ উজ্জ্বলতা সূৰ্য্যতকৈ প্ৰায় ১৫,০০০ গুণ বেছি।
১০ ২৬×১০ আমাৰ তাৰকাৰাজ্য হাটীপতিৰ কেন্দ্ৰ প্ৰায় আমাৰ পৰা প্ৰায় ২৬,০০০ আলোক বৰ্ষ দূৰত।[15][16]
১০০×১০ হাটীপতিৰ ব্যাস প্ৰায় ১,০০,০০০ আলোক-বৰ্ষ।
১৬৫×১০ R136a1, Large Magellanic Cloudত থকা প্ৰায়বোৰ তৰাই সূৰ্য্যতকৈ ৮৭ লাখ গুণে অধিক উজ্জ্বল।
১০ ২.৫×১০ চুবুৰীয়া তাৰকাৰাজ্য এণ্ড্ৰ’মেডাৰ দূৰত্ব প্ৰায় ২৫ লাখ আলোক বৰ্ষ।
৩×১০ ত্ৰায়েংগুলাম তাৰকাৰাজ্য প্ৰায় ৩০ লাখ আলোক-বৰ্ষ দূৰত, ই খালী চকুৰে দেখা পোৱা সৰ্বোচ্চ দূৰত্বত থকা বস্তু।
৫৯×১০ নিকটম বহত্‍ তাৰকাৰাজ্যপুঞ্জ কন্যাৰাশি-পুঞ্জ (Virgo Cluster)ৰ দূৰত্ব প্ৰায় ৫.৯ কোটি আলোক বৰ্ষ।
১৫০×১০ - ২৫০×১০ দা গ্ৰেইট এট্ৰেক্টৰ প্ৰায় ১৫ৰ পৰা ২৫কোটি আলোক-বৰ্ষৰ মাজৰ কোনো দূৰত্বত অৱস্থিত।
১০ ১.২×১০ চ’লান বৃহত্‍ প্ৰাচীৰ প্ৰায় এশ কোটি আলোক-বৰ্ষ দূৰত্বত অৱ্স্থিত।
২.৪×১০ এই দূৰত্বত অৱস্থিত 3C 273, হৈছে সকলোতকৈ উজ্জ্বলতম ক’ছাৰ
৪৫.৭×১০ The comoving distance from the Earth to the edge of the visible universe is about 45.7 gigalight-years in any direction; this is the comoving radius of the observable universe. This is larger than the age of the universe dictated by the cosmic background radiation; see size of the universe: misconceptions for why this is possible.

টোকা[সম্পাদনা কৰক]

  1. জুলিয়ান বৰ্ষত এবছৰত ৩৬৫.২৫ দিন থাকে (বা এছ.আই. এককত, এদিনত ৮৬৪০০ ছেকেণ্ডকৈ মুঠ ৩১৫৫৭৬০০ ছেকেণ্ড, আনহাতেদি জৰ্জিয়ান বৰ্ষত ৩৬৫.২৪২৫দিন থাকে[4]
  2. মিটাৰৰ সংজ্ঞা মতে, পোহৰৰ বেগ সঠিকভাৱে ২৯৯৭৯২৪৫৮ মি/ছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.atlasoftheuniverse.com/12lys.html
  2. ISO 80000-3, Quantities and Units - Space and Time
  3. 3.0 3.1 International Astronomical Union, Measuring the Universe: The IAU and Astronomical Units, http://www.iau.org/public/themes/measuring/, r কৰা হৈছে: 10 November 2013 
  4. IAU Recommendations concerning Units, http://www.iau.org/Units.234.0.html 
  5. "Selected Astronomical Constants" in Astronomical Almanac, p. 6..
  6. ISO 80000-3:2006 Quantities and Units - Space and Time
  7. IEEE/ASTM SI 10-2010, American National Standard for Metric Practice
  8. "Chapter 1, Table 1-1", IERS Conventions (2003), http://www.iers.org/MainDisp.csl?pid=46-25776 
  9. WHERE ARE THE VOYAGERS?, http://voyager.jpl.nasa.gov/where/index.html, r কৰা হৈছে: 14 October 2014 
  10. NASA Spacecraft Embarks on Historic Journey Into Interstellar Space, http://www.nasa.gov/mission_pages/voyager/voyager20130912.html#.VD37P410yCg, r কৰা হৈছে: 14 October 2014 
  11. NASA, Cosmic Distance Scales - The Nearest Star, http://heasarc.gsfc.nasa.gov/docs/cosmic/nearest_star_info.html 
  12. "Proxima Centauri (Gliese 551)", Encyclopedia of Astrobiology, Astronomy, and Spaceflight, http://www.daviddarling.info/encyclopedia/P/ProximaCen.html 
  13. "Tau Ceti's planets nearest around single, Sun-like star". BBC News. 19 December 2012. http://www.bbc.co.uk/news/science-environment-20770103। আহৰণ কৰা হৈছে: 1 November 2014. 
  14. "Signals embedded in the radial velocity noise — Periodic variations in the τ Ceti velocities" M. Tuomi, H. R. A. Jones, J. S. Jenkins, C. G. Tinney, R. P. Butler, S. S. Vogt, J. R. Barnes, R. A. Wittenmyer, S. O’Toole, J. Horner, J. Bailey, B. D. Carter, D. J. Wright, G. S. Salter, and D. Pinfield of various of University of Hertfordshire, Centre for Astrophysics Research, Science and Technology Research Institute, College Lane, AL10 9AB, Hatfield, UK University of Turku, Tuorla Observatory, Department of Physics and Astronomy, V¨ais¨al¨antie 20, FI-21500, Piikki¨o, Finland Departamento de Astronomıa, Universidad de Chile, Camino del Observatorio 1515, Las Condes, Santiago, Chile; School of Physics, University of New South Wales, 2052, Sydney, Australia, Australian Centre for Astrobiology (ibid) Department of Terrestrial Magnetism, Carnegie Institution of Washington, Washington, DC 20015, USA; UCO Lick Observatory, Department of Astronomy and Astrophysics, University of California at Santa Cruz, Santa Cruz, CA 95064, December 14, 2012]
  15. Eisenhauer, F.; Schdel, R.; Genzel, R.; Ott, T.; Tecza, M.; Abuter, R.; Eckart, A.; Alexander, T. (2003), "A Geometric Determination of the Distance to the Galactic Center", The Astrophysical Journal খণ্ড 597 (2): L121, doi:10.1086/380188, Bibcode 2003ApJ...597L.121E 
  16. McNamara, D. H.; Madsen, J. B.; Barnes, J.; Ericksen, B. F. (2000), "The Distance to the Galactic Center", Publications of the Astronomical Society of the Pacific খণ্ড 112 (768): 202, doi:10.1086/316512, Bibcode 2000PASP..112..202M, http://www.journals.uchicago.edu/PASP/journal/issues/v112n768/200037/200037.web.pdf [সংযোগবিহীন উৎস]