সমললৈ যাওক

উৰ্ট মেঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিল্পীৰ তুলিকাত ওৰ্ট মেঘ আৰু কাইপাৰ বেষ্টনী (ইন্‌ছে'ট)।

ওৰ্ট মেঘ বা অ'পিক-ওৰ্ট মেঘ (/ˈɔːrt/ বা /ˈʊərt/[1]) জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ চাৰিওফালে ১,০০,০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত সূৰ্য্যক প্ৰদক্ষিণ কৰি থকা গ্ৰহাণুপুঞ্জ আৰু ধূমকেতুৰ অঞ্চল বা পটী।[2] জ্যোৰ্তিবিজ্ঞানীসকলে কৰা বিশ্বাসমতে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা দীৰ্ঘদূৰত্বৰ ধুমকেতূ আৰু বৃহস্পতি গোত্ৰ ধূমকেতূৰ এই অঞ্চলেই উৎপত্তিস্থল। ওৰ্ট মেঘ অঞ্চলৰ শেষ সীমাকেই সৌৰজগতৰ শেষ সীমা বুলি ধৰা হয়।[3] নেডাৰলেণ্ডৰ জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্ট আৰু ইষ্ট'নিয়ান জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট অ'পিকৰ নামেৰে নামকৰণ কৰা এই অঞ্চল সূৰ্য্যৰ পৰা ২০০০ ৰ পৰা ৫০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) ৰ পৰা 50,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) লৈ বিস্তৃত, য'ত নেকি প্লুট' বাওনা গ্ৰহৰ দূৰত্ব মাথোঁ ৩০ ৰ পৰা ৪৯ জ্যোৰ্তিবিজ্ঞান একক (A.U.)।

ওৰ্ট মেঘ অঞ্চল দুই অংশত বিভক্ত- ক) গোলাকৃতি বাহ্যিক অঞ্চল আৰু খ) কাহী আকৃতিৰ অন্তঃ ওৰ্ট মেঘ অঞ্চল। এই অঞ্চলৰ উৎপত্তি সম্বন্ধে ভবা হয় যে আদিম সৌৰজগতৰ সৃষ্টিৰ সময়ত ইয়াৰ অৱস্থান সূৰ্য্যৰ পৰা ইমান আঁতৰত নহৈ ওচৰত আছিল কিন্তু বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত পৰি বিতাৰিত হৈ আজিৰ এই অৱস্থান লয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]