ধূমকেতু
![](http://upload.wikimedia.org/wikipedia/commons/thumb/4/43/HRIV_Impact.gif/220px-HRIV_Impact.gif)
ধূমকেতু (ইংৰাজী: Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক। ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়। ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মন'অক্সাইড,এম'নিয়া,মিথেন আদিৰে গঠিত। বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ পৃথিৱীত জীৱ সৃষ্টিত সহায় কৰিলে। ধূমকেতুৱে আন আন সৌৰজগতৰ সদস্যৰ দৰেই সূৰ্য্যক প্ৰদক্ষিণ কৰে। ধূমকেতুবোৰ উৰ্ট ডাৱৰৰ অঞ্চলত বসবাস কৰে। প্লুটুৰ পৰাও দূৰত উৰ্ট ডাৱৰ অৱস্থিত। কেতিয়াবা কোনোটো ধূমকেতু উৰ্ট ডাৱৰ এৰি সৌৰজগতৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰে। কিছুমানে নিয়মিয়াকৈ এনেদৰে প্ৰৱেশ কৰে। বহুতে বহু বছৰৰ মূৰত এবাৰ প্ৰৱেশ কৰে। [1]
গঠনপ্ৰণালী
[সম্পাদনা কৰক]![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/60/Comet_Wild2.jpg/220px-Comet_Wild2.jpg)
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা। কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ নিউক্লিয়াছ অৱস্থিত। নিউক্লিয়াছ প্ৰধানকৈ বৰফ আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত। বৰফৰ অংশত পানীৰ বৰফৰ লগতে গোটা অৱস্থাৰ এম'নিয়া,কাৰ্বন-মন'অক্সাইড,কাৰ্বন-ডাই অক্সাইড আৰু মিথেন থাকিব পাৰে। নিউক্লিয়াছত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে। সূৰ্য্যৰ ওচৰ চপাৰ লগে লগে নিউক্লিয়াছৰ পৃষ্ঠভাগৰ বৰফ বাষ্পীভূত হ'বলৈ ধৰে। এনেদৰে বাষ্পীভূত হোৱা গেছে নিউক্লিয়াছৰ চাৰিওফালে ডাৱৰৰ সৃষ্টি কৰে। সৰহভাগ ধূমকেতুৰ নিউক্লিয়াছৰ ব্যাস বা দৈৰ্ঘ্য ১৫ কিলোমিটাৰ বা তাতোকৈ কম হয়। ধূমকেতুৰ নেজৰ দৈৰ্ঘ্য ১৬ কোটি কিলোমিটাৰ পৰ্য্যন্ত হ'ব পাৰে। [1]
নামকৰণ
[সম্পাদনা কৰক]![](http://upload.wikimedia.org/wikipedia/commons/thumb/1/1f/Iss030e015472_Edit.jpg/220px-Iss030e015472_Edit.jpg)
ধূমকেতুৰ নামকৰণ সাধাৰণতে আৱিষ্কাৰকৰ নামানুসৰি হয়। যেনে - শ্বুমেকাৰ লেভি ধূমকেতু। ইয়াক ইউজিন শ্বুমেকাৰ,কেৰলিন শ্বুমেকাৰ আৰু ডেভিদ লেভিয়ে আৱিষ্কাৰ কৰিছিল। মহাকাশযানে অৱস্থিতি ধৰা পেলালে যানখনৰ নামেৰে ধূমকেতুৰ নাম হ'ব পাৰে। SOHO আৰু WISE নাম এনেদৰে দিয়া হৈছে। কেতিয়াবা ধূমকেতুৰ আৱিষ্কাৰকৰ ঠাইত কক্ষপথ নিৰ্ণয় কৰা জ্যোতিবিজ্ঞানীৰ নামেৰেও নাম দিয়া হয়। বিয়েলাৰ ধূমকেতুৰ নাম এনেদৰে দিয়া হৈছিল।[1]
কেইটামান উল্লেখযোগ্য ধূমকেতু
[সম্পাদনা কৰক]- হুমাছন ধূমকেতু - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল। ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো সূৰ্য্যৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল। এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা কাৰ্বন মন'অক্সাইডৰ আয়নৰ বাবে। সূৰ্য্যৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ পানী বাষ্পীভূত নহয়। ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ কাৰ্বন-মন'অক্সাইড বুলি কোৱা হৈছে।
- লাভজয় ধূমকেতু - এই ধূমকেতুটো অষ্ট্ৰেলিয়াৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল। এই জ্যোতিষ্কটোৱে সূৰ্য্যপৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত। সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল। ইয়াক দিনতো দেখা গৈছিল।
- এৰেণ্ড-ৰলাণ্ড ধূমকেতু - এই ধূমকেতুটো ১৯৫৭ চনত দেখা গৈছিল। ১৯৫৭ চনৰে ২৫ এপ্ৰিলত তোলা এখন ফটোৰ মতে এই ধূমকেতুটোৰ মূল নেজৰ বিপৰীত দিশত অৰ্থাৎ সূৰ্য্যৰ দিশতো এডাল পোন ক্ষীণ নেজ দেখা গৈছিল। এই অদ্ভুত নেজডাল ধূমকেতুটোৰ পৰা নিৰ্গত ধূলিৰ কণিকাৰ বুলি কোৱা হৈছিল। এই কণিকাবোৰ মিলি মিটাৰ আকাৰৰ হোৱাৰ বাবে সেইবোৰ সৌৰশক্তিয়ে সূৰ্য্যৰ বিপৰীত দিশলৈ ঠেলিব নোৱাৰিছিল।
- ৱেষ্ট ধূমকেতু - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল। ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু। ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ প্লাজমা আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল। মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত কাৰ্বনআৰু কাৰ্বন-মন'অক্সাইড থকা বুলি দেখুৱাইছিল। ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল।
- ইৰাছ-আৰাকি-এলকক ধূমকেতু - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল। অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ ডাৱৰ থকা বুলি জনা গৈছিল।
- ইকেয়া-ছাকি ধূমকেতু - ১৯৬৫ চনত ধৰা পৰা ইকেয়া-ছাকি ধূমকেতুটো এটা উল্লেখনীয় ধূমকেতু। ই সূৰ্য্যৰ অতি ওচৰ চপা ক্ৰে্টজ গোট ধূমকেতুৰ এটা। ইয়াৰ শৰীৰৰ ধূলিকণা সূৰ্য্যৰ বিকিৰণে বাষ্পীভূত কৰিছিল। ধাতৱীয় মৌল ইয়াৰ নেজ বৰ্ণালীবীক্ষণ অধ্যয়নত ধৰা পৰিছিল।
- বেনেট ধূমকেতু - এই ধূমকেতুটো ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত অতি উজ্জ্বল হৈ পৰিছিল। ইয়াক সেয়ে দিনৰ পোহৰতো দেখা গৈছিল। ১৮৮২ চনৰ ছেপ্টেম্বৰ মাহত ইয়াক হঠাতে আকাশত দেখা গৈছিল। প্ৰকাশ পোৱা মতে ইয়াক উত্তৰমালা অন্তৰীপৰ পৰা এক ছেপ্টেম্বৰৰ দিনাই দেখা পোৱা গৈছিল। ইয়াক দেখা পোৱা প্ৰথম জ্যোতিৰ্বিদজন আছিল জ্যোতিবিজ্ঞানী ফিনলে। তেওঁ ৭ ছেপ্টেম্বৰৰ দিনাই দেখা পাইছিল ধূমকেতুটো দ্ৰুতভাৱে উজ্জ্বল হৈ পৰিছিল। গণনামতে এই ধূমকেতুটো সূৰ্য্যৰ পৰা প্ৰায় পাঁচ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈ গৈছিল। কিছুদিন ধৰি দিনৰ আকাশতো সূৰ্য্যৰ পাছতে আন এটা উজ্জ্বল জ্যোতিষ্কৰূপে দেখা গৈছিল। ইয়াৰ উজ্জ্বলতা হৈছিল - ১৭| ১৭ ছেপ্টেম্বৰত ই সূৰ্য্যৰ আঁৰ হৈছিল। বহু পৰ্য্যৱেক্ষকৰ লগতে ফিনলে আৰু বাৰ্নাডে ৩০ ছেপ্টেম্বৰৰ দিনা দেখা পাইছিল যে ধূমকেতুটোৰ কেন্দ্ৰভাগ দীঘল হৈ পৰিছে আৰু কেইবাটাও উজ্জ্বল পোহৰৰ বল লৈ পৰিৱৰ্ত্তিত হৈছে। ১৭ অক্টোবৰৰ দিনা ই পাঁচটাৰো অধিক অংশলৈ বিভাজিত হৈছিল বুলি দেখা পোৱা গ'ল। ইয়াৰ সূৰ্য্যৰ দিশতো নেজ সৃষ্টি হোৱা দেখা গৈছিল। ধূমকেতুটো ১৮৮৩ চনৰ ফেব্ৰুৱাৰিলৈকে খালী চকুৰে দেখা পোৱা গৈছিল। ইয়াক শেষ বাৰৰ বাবে দেখা গৈছিল ১৯৮৩ চনৰ এক জুনত।
- মাৰ্কোছ ধূমকেতু - ১৯৫৭ চনত ধৰা পৰা এই ধূমকেতুৰ নেজ প্ৰধানকৈ কাৰ্বন-মন'অক্সাইডৰে গঠিত। সেয়ে ইয়াৰ নেজ নীলাভ ৰঙৰ; কিন্তু ধূমকেতুটোৰ নেজডাল দ্ৰুতভাৱে সলনি হৈছিল। নেজডালৰ ফিলামেণ্ট আৰু গুটি গুটি আকাৰৰ সৃষ্টি হোৱা দেখা গৈছিল। ধূমকেতুৰ নেজৰ এই গুটি গুটি আকাৰৰ অংশবোৰৰ পৰা ইয়াৰ গতিবেগ নিৰ্ণয় কৰিব পৰা হৈছিল। ইয়াৰ পৰা দেখা গৈছিল যে নেজৰ কণিকাৰ নিৰ্ণয় গতি ছেকেণ্ডত ৫০ কিলোমিটাৰ পৰ্য্যন্ত। সাধাৰণ সৌৰ বিকিৰণে নেজৰ কণিকাৰ ইমান গতিবেগ দিব নোৱাৰে। পাছত লুডৱিগ বিয়েমানে দেখুৱাইছিল যে সূৰ্য্যৰ পৰা ইয়াৰ ব্যাসাৰ্দ্ধৰ দিশত ৪০০ কিলোমিটাৰ প্ৰতি ছেকেণ্ডৰ বেগত অহৰহ প্ৰ'টন আৰু ইলেকট্ৰন নিৰ্গত হৈ আছে। এই প্ৰ'টন আৰু ইলেকট্ৰনেৰে গঠিত দ্ৰুতবেগী সৌৰ বতাহে কঢ়িয়াই নিয়া সৌৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত ধূমকেতুৰটোৰ কমা অংশৰ পৰা আয়নৰ ডাৱৰ সৃষ্টি হয়।
- বিয়েলাৰ ধূমকেতু - এই ধূমকেতুটো প্ৰথম মনটেইন আৰু মেডিয়াৰে ১৭৭২ চনত দেখা পাইছিল। উইলহেল্ম বিয়েলাৰে ইয়াৰ সবিশেষ ১৮২৬ চনত নিৰ্ণয় কৰিছিল বাবে ইয়াৰ নাম বিয়লাৰ ধূমকেতু। ১৮৪৬ চনৰ ফেব্ৰুৱাৰিত ইয়াৰ কেন্দ্ৰভাগ দুভাগ হোৱা দেখা গৈছিল। ইয়াৰ পাছত ইয়াক ১৮৫৯,১৮৬৫ আৰু ১৮৭২ চনত পৰ্য্যাব ক্ৰমে দেখা পাব লগা আছিল;কিন্তু দেখা পোৱা নগ'ল। ইয়াৰ সলনি ১৮৭২ চনৰ ২৭ নৱেম্বৰত এক প্ৰচণ্ড উজ্জ্বল উল্কাপাত হোৱা দেখা গৈছিল। ঘণ্টাত ৩০০০ ৰ অধিক উল্কাপাত ধূমকেতুটোৰ আকাশৰ সম্ভাব্য স্থানৰ দিশৰ পৰা হোৱা দেখা গৈছিল। ইয়াৰ পাছতো ১৯ শতিকাতো পৰ্য্যায়ক্ৰমে উল্কাপাত হৈছিল।
- টেম্পেল -১ ধূমকেতু - এই ধূমকেতুটো ১৮৬৭ চনত ইউহেল্ম টেম্পেলে আৱিষ্কাৰ কৰিছিল। ই সূৰ্য্যৰ চাৰিওফালে পাঁচ বছৰ ছমাহত এবাৰ প্ৰদক্ষিণ কৰে। গভীৰ মহাকাশৰ সংঘৰ্ষৰ বাবে পঠিওৱা ডিপ ইম্পেক্ট মহাকাশযানৰপৰা এটা প্ৰ'বে ইয়াক খুন্দিয়াইছিল।
- মেকনট ধূমকেতু - ই হ'ল যোৱা শতিকাৰ উজ্জ্বলতম ধূমকেতু। ইয়াক ২০০৭ চনৰ বৃহৎ ধূমকেতু বুলি আখ্যা দিয়া হৈছিল। ই শুক্ৰ গ্ৰহতকৈ উজ্জ্বল হৈছিল। পৃথিৱীৰ কোটি কোটি মানুহে ইয়াক দেখা পাইছিল। ইয়াৰ কক্ষপথ অতি দীঘলীয়া। ই ৯২,৬০০ বছৰৰ পাছত পৃথিৱীলৈ ঘূৰি আহিব।
- হেল-বপ ধূমকেতু - ১৯৯৫ চনত এলান হেল আৰু থমাছ বৰ্পে এই ধূমকেতুটো আৱিষ্কাৰ কৰিছিল। কুৰি শতিকাৰ ই আছিল আটাইতকৈ বেছি পৰ্য্যবেক্ষণ কৰা ধূমকেতু। ১৯৯৭ চনত ইয়াক উত্তৰ আকাশত গোটেই নিশা জুৰি দেখা পোৱা গৈছিল।
- হেলিৰ ধূমকেতু - হেলিৰ ধূমকেতু হ'ল এতিয়ালৈকে দেখা পোৱা আটাইতকৈ বিখ্যাত ধূমকেতু। প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে ইয়াক দেখা পোৱা যায়। যেতিয়া ই সূৰ্য্যৰ ওচৰ চাপে ইয়াক খালী চকুৰেও দেখা পোৱা যায়। ১৯৮৬ চনত ইয়াক শেষবাৰৰ বাবে দেখা গৈছিল,যেতিয়া ই পৃথিৱীৰ ওচৰ চাপিছিল। ইয়াৰ নিউক্লিয়াছটো আছিল আকাৰত আলুৰ দৰে ১৫ কিলোমিটাৰ দীঘল আৰু ই বৰফ আৰু ধূলিৰ কণাৰে গঠিত। ইয়াৰ বৰফৰ ৮০ শতাংশ পানী আৰু বাকীখিনি কাৰ্বন-মন'অক্সাইড। বিজ্ঞানীসকলৰ মতে,বাকী ধূমকেতুবোৰো হেলিৰ ধূমকেতুৰ দৰে। হেলিৰ ধূমকেতু আকৌ পৃথিৱীৰ ওচৰ চাপিব ২০৫২ চনত। খ্ৰীষ্টপূৰ্ব ২৪০ চনৰ পৰা মানুহে এই ধূমকেতুটো দেখি আহিছে।
- শ্বুমেকাৰ-লেভী ধূমকেতু - এই ধূমকেতুটোৱে ১৯৯৪ চনত বৃহস্পতি গ্ৰহক খুন্দা মাৰিছিল আৰু ২১টা দৃশ্যমান সংঘৰ্ষ দেখা পোৱা গৈছিল। বৃহৎ খুন্দাটোৱে সৃষ্টি কৰা জুইৰ বল বৃহস্পতি গ্ৰহৰ ডাৱৰৰ ওপৰত ৩০০০ কিলোমিটাৰ উচ্চতালৈকে সৃষ্টি কৰিছিল। এই সংঘৰ্ষৰ বিস্ফোৰণৰ শক্তি ৬ লাখ কোটি টিএনটি বিস্ফোৰণৰ সমান আছিল।[1]
ধূমকেতু সূৰ্য্যত জাহ যায়
[সম্পাদনা কৰক]সূৰ্য্যৰ কাষেদি যাওঁতে কেতিয়াবা সূৰ্য্যৰ প্ৰচণ্ড মহাকৰ্ষণে ধূমকেতু গ্ৰাহ কৰে। এনে ঘটনা ঘটিছিল ১৯৭৯ চনৰ ৩০ আৰু ৩১ আগষ্টত।
পৃথিৱীৰ সৈতে সংঘৰ্ষ
[সম্পাদনা কৰক]১৯০৮ চনৰ ৩০ জুনত ছাইবেৰিয়াৰ টুংগুস্কা নামৰ নদীখনৰ পাৰত জুইৰ বল এটা পৰা দেখিছিল। লগে লগে প্ৰচণ্ড ভূমিকম্প সংঘটিত হৈছিল।
শ্ৰেণী বিভাজন
[সম্পাদনা কৰক]পৰিভ্ৰমণকাল অনুসৰি ধূমকেতুৰ শ্ৰেণী বিভাজন কৰা হয়। চুটি পৰ্য্যায়কালৰ ধূমকেতুৰ সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে দুশ বছৰ মান লাগে। ইয়াৰ অধিক হ'লে দীৰ্ঘম্যাদী ধূমকেতু বোলা হয়।