সৌৰজগত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৌৰজগত
Solar System true color.jpg
সৌৰজগতৰ গ্ৰহ আৰু বাওনা গ্ৰহ; আকাৰ স্কেলত আছে, কিন্তু সূৰ্যৰ পৰা দূৰত্ব স্কেলত নাই।
বয়স 4.568 billion years
অৱস্থান Local Interstellar Cloud, Local Bubble, Orion–Cygnus Arm, Milky Way
প্ৰণালীটোৰ ভৰ 1.0014 solar masses
নিকটতম তৰা Proxima Centauri (4.22 ly), Alpha Centauri system (4.37 ly)
Nearest known planetary system Alpha Centauri system (4.37 ly)
গ্ৰহীয় প্ৰণালী
Semi-major axis of outer planet (Neptune) 4.503 billion km (30.10 AU)
কুইপাৰ ক্লিফলৈ দূৰত্ব 50 AU
জনসংখ্যা
তৰা 1
গ্ৰহ 8
জ্ঞাত বাওনা গ্ৰহ 5 (dozens more awaiting confirmation, possibly hundreds)
জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ 403 (176 of planets[1] and 227 of minor planets[2])
জ্ঞাত গৌণ গ্ৰহ 590,543[1]
জ্ঞাত ধূমকেতু 3,162[1]
চিনাক্তকৃত গোলাকাৰ উপগ্ৰহ 19
Orbit about Galactic Center
Invariable-to-galactic plane inclination 60.19° (ecliptic)
গেলেক্টিক কেন্দ্ৰলৈ দূৰত্ব 27,000±1,000 ly
কক্ষীয় দ্ৰুতি 220 km/s
কক্ষীয় কাল 225–250 Myr
তৰা-বিষয়ক ধৰ্মসমূহ
বৰ্ণালী-সম্বন্ধীয় প্ৰকাৰ G2V
ফ্ৰ'ষ্ট ৰেখা 2.7 AU
হেলিঅ'প'জলৈ দূৰত্ব ~120 AU
Hill sphere radius ~1–2 ly

সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বান্ধ খাই ইয়াক প্ৰদক্ষিণ কৰি থকা সকলো মহাজাগতিক পদাৰ্থক একেলগে সৌৰজগত (ইংৰাজী: Solar System) বোলে। আজিৰ পৰা প্ৰায় ৪.৬ বিলিয়ন বছৰৰ পূৰ্বে এক বৃহৎ আণৱিক ডাৱৰৰ খুন্দাৰ ফলত সৌৰজগতৰ সৃষ্টি হৈছিল। সূৰ্য ইয়াৰ সকলো সদস্যৰ সৈতে প্ৰায় কাঁহী আকাৰত আছে যাক “ইক্লিপ্টিক প্লে’ন” (ইংৰাজী: ecliptic plane) বুলি কোৱা হয়। ইক্লিপ্তিক প্লে’নৰ মূঠ ভৰৰ অধিকাংশ অধিকাৰ কৰি থকা গ্ৰহ কেইটাই প্ৰায় বৃত্তকাৰ কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে। ইয়াৰে তুলনামূলক ভাৱে সৰু ৪টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল বিশেষকৈ শিল আৰু ধাতুৰ দ্বাৰা গঠিত। এই গ্ৰহ কেইটাক অভ্যন্তৰীণ গ্ৰহ বোলে। বাকী চাৰিটা গ্ৰহক বাহ্যিক গ্ৰহ বোলে। এই গ্ৰহকেইটা প্ৰধানকৈ হাইড্ৰ’জেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত।
সৌৰজগতত ৫টা গ্ৰহাণুপুঞ্জৰ পটি আছে – এটা মংগল আৰু বৃহস্পতিৰ মাজত যি শিল আৰু ধাতুৰে গঠিত আৰু আনটো পতি আছে নেপচুন গ্ৰহৰ পাছত যাক কুইপাৰ বেল্ট (ইংৰাজী: Kuiper belt) বোলা হয়, ই বৰফ, এম’নিয়া আৰু মিথেনৰ দ্বাৰা গঠিত। এই বেল্টৰ ৫টা মহাজাগতিক খণ্ড – প্লুট', হাউনেয়া, মাকেমাকে (ইংৰাজী: makemake) আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ(dwarf planet) বুলিও কোৱা হয়। কাল্পনিক অ’ৰ্ট ক্লাওড (oort cloud) যি অতি দীৰ্ঘ সময়ৰ মূৰত দেখা দিয়া ধুমকেতুৰ উৎস বুলি ভৱা হয়, এই ক্ষেত্ৰৰ পৰা প্ৰায় এহেজাৰ গুণ আঁতৰত।
সৌৰজগতৰ অন্যান্য সদস্য সমূহ হ’ল ধুমকেতু, আন্তঃগ্ৰহীয় ধূলি, আৰু উপগ্ৰহ সমূহ। উপগ্ৰহ হ’ল গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গ্ৰহ গুণ সম্পন্ন মহাকাশীয় অৱয়ব।

আৱিষ্কাৰ আৰু অনুসন্ধান[সম্পাদনা কৰক]

কেইবা হাজাৰ বছৰ ধৰি মানুহে, দুই এজন মনিষীৰ বাদে, সৌৰজগতৰ অস্তিত্ব স্বীকাৰ কৰা নাছিল। তেতিয়া বিশ্বাস আছিল যে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু সকলো গ্ৰহ-নক্ষত্ৰ পৃথিৱীক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে। অৱশ্যে ভাৰতীয় গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰ্য্যভট্ট আৰু গ্ৰীক দাৰ্শিনক এৰিষ্টাৰকাছে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰা ব্ৰহ্মাণ্ডৰ কথা উল্লেখ কৰিছিল। নিক’লাছ ক’পাৰনিকাছএ প্ৰথমে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহৰ গাণিতিক ব্যাখ্যা আগবঢ়ায়। পাছত ১৭ শ শতাব্দীত গেলিলিও গেলিলি, জ’হাঞ্চ কেপ্‌লাৰ, আৰু আইজাক নিউটনৰ দিনত পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতি হোৱাত সূৰ্যক কেন্দ্ৰ কৰা সৌৰজগতৰ প্ৰমাণ হয় আৰু ইয়াক গ্ৰহণ কৰা হয়।

গাঁথনি[সম্পাদনা কৰক]

সৌৰ সদস্যৰ কক্ষপথ স্কেলত (ঘড়ীৰ কাটাৰ দিশত ওপৰৰ বাঁও ফালৰ পৰা)

মূল সূঁতি (main sequence) ৰ G2 নক্ষত্ৰ সূৰ্যৰ ভৰ সৌৰজগতৰ মুঠ ভৰৰ ৯৯.৮৬% আৰু সকলোতকৈ অধিক মধ্যাকৰ্ষণ শক্তিৰ অধিকাৰী। বাকী ভৰৰ ৯০% ভৰ বৃহস্পতি আৰু শনি গ্ৰহৰ।
প্ৰায় সকলো গ্ৰহ আদিৰ কক্ষপথ পৃথিৱীৰ কক্ষপথ তলৰ লগত প্ৰায় সমান যাক এক্লিপ্তিক (ecliptic) বোলা হয়। গ্ৰহ বোৰৰ এক্লিপিকৰ লগত কোণৰ মান যথেষ্ট কম আনহাতে ধুমকেতু আৰু কুইপাৰ বেল্টৰ পদাৰ্থবোৰৰ কোণৰ মান যথেষ্ট বেছি।
সকলো গ্ৰহ আৰু সৌৰ সদস্যই সূৰ্যৰ আৱৰ্তনৰ লগত নিজ কক্ষপথত গতি কৰে (সূৰ্যৰ উত্তৰ মেৰু ওপৰ ফালে ৰাখি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰ্ণন)। অৱশ্যে হেলিৰ ধুমকেতুৰ দৰে দুই এক ব্যতিক্ৰমো আছে।
কেপ্লাৰৰ গ্ৰহগতি সূত্ৰই সৰ্যক প্ৰদক্ষিণ কৰা অৱয়ব সমূহৰ কক্ষপথ ব্যাখ্যা কৰে। এই সূত্ৰমেত সকলো অৱয়েব উপবৃত্তকাৰ (ellipse) পথেৰে সূৰ্যক ইয়াৰ এটা ফ’কাচ (focus)-ত ৰাখি গতি কৰে। উপবৃত্তকাৰ কক্ষপথটোত আৱয়বটোৰ দূৰত্ব মুঠ পৰিভ্ৰমণ কাল ভিন্ন সময়ত ভিন্ন হয়। সূৰ্যৰ আটাইতকৈ ওচৰত থকা বিন্দুটোক perihelion আৰু আটাইতকৈ আঁতৰত থকা বিন্দুটোক aphelion বোলে। Perihelion বিন্দুটোত অৱয়বটোৰ গতি সৰ্বোচ্ছ আৰু aphelion বিন্দুত গতি সৰ্বনিম্ন হয়। গ্ৰহবোৰৰ কক্ষপথ প্ৰায় বৃত্তকাৰ যদিও ধুমকেতু আৰু কুইপাৰ বেল্টৰ বস্তুবোৰৰ কক্ষপথ অতিকৈ ellipse আকাৰৰ।
৬টা গ্ৰহৰ নিজা উপগ্ৰহ আছে। কিছুমান উপগ্ৰহ কিছুমান গ্ৰহতকৈও ডাঙৰ। বেছিভাগ উপগ্ৰেহ নিজৰ এটা ফাল সদায়ে নিজ মূল গ্ৰহটোৰ দিশত ৰাখে। বাহ্যিক গ্ৰহ কেইটাৰ আঙঠি আছে। আঙঠিবোৰ হ’ল বহু সৰু শিলাখণ্ড, ধূলি আদিৰ সমষ্টি।

নামাৱলী[সম্পাদনা কৰক]

সৌৰজগতৰ অঞ্চলসমূহ (চিত্ৰ স্কেলত নাই)

অনানুষ্ঠানিকভাৱে কেতিয়াবা কেতিয়াবা সৌৰজগতক কেইবাটাও ভাগত ভাগ কৰা দেখা যায়। আন্তঃসৌৰজগত য’ত অভ্যন্তৰীণ গ্ৰহ চাৰিটা আৰু মূল গ্ৰহাণুপুঞ্জৰ পতিটো আন্তৰ্ভুক্ত কৰা হয়। বৰ্হি-সৌৰজগতত বাহ্যিক গ্ৰহ চাৰিটা অন্তৰ্ভুক্ত কৰা হয়। কুইপাৰ বেল্টৰ আৱিষ্কাৰৰ পাছত নেপচুন গ্ৰহৰ পাছৰ অঞ্চলক এক নিৰ্দিষ্ট অঞ্চল বুলি গণ্য কৰা হয়।
সূৰ্যক প্ৰদক্ষিণ কৰা অৱয়ব বোৰক তিনি ভাগত ভাগ কৰা হৈছে – গ্ৰহ, বাওনা গ্ৰহ আৰু সূক্ষ্ম সৌৰজাগতিক অৱয়ব। গ্ৰহ হ’ল সূৰ্যৰ চাৰিওকাষে প্ৰদক্ষিণ কৰা এনে এটা অৱয়ব যাৰ নিজ গোলাকাৰ ৰূপ তাৰ নিজ ভৰৰ বাবে সৃষ্টি হৈছে আৰু নিজ দাতিকাষৰ সূক্ষ্ম মহাজাগতিক বস্তু বোৰ আঁতৰাই চৌপাশ নিকা কৰি লৈছে। বাওনা গ্ৰহ হ’ল যি গ্ৰহৰ উপৰোক্ত সংজ্ঞা নামানে অৰ্থাৎ এনে গ্ৰহ সদৃশ অৱয়ব যাৰ গতিপথ চৌপাশৰ সামগ্ৰীৰে ভিৰ থাকে। বাকী থকা সকলো সৌৰ সদস্যক সূক্ষ্ম সৌৰজাগিতক অৱয়বৰ ভিতৰত ধৰা হয়।

দৰ্শনগত সাৰাংশ[সম্পাদনা কৰক]

সৌৰজগত
Sun in February (black version).jpg
Jupiter and its shrunken Great Red Spot (cropped).jpg
Saturn closeup.jpg
Uranus2 (cropped)-1.jpg
Neptune Full (cropped).jpg
Africa and Europe from a Million Miles Away (cropped).png Venus-real color.jpg
সূৰ্য
(নক্ষত্ৰ)
বৃহস্পতি
(গ্ৰহ)
শনি
(গ্ৰহ)
ইউৰেনাচ
(গ্ৰহ)
নেপচুন
(গ্ৰহ)
পৃথিৱী
(গ্ৰহ)
শুক্ৰ
(গ্ৰহ)
Mars 23 aug 2003 hubble (cropped).jpg
Ganymede g1 true-edit1.jpg
Two Halves of Titan.png
Mercury in color - Prockter07-edit1.jpg
Callisto (cropped)-1.jpg
Io highest resolution true color (non-edit version).jpg
FullMoon2010 (cropped)-1.jpg
মঙ্গল
(গ্ৰহ)
গেনিমীড
(বৃহস্পতিৰ উপগ্ৰহ)
টাইটান
(শনিৰ উপগ্ৰহ)
বুধ
(গ্ৰহ)
কেলিষ্ট'
(বৃহস্পতিৰ উপগ্ৰহ)
আইঅ'
(বৃহস্পতিৰ উপগ্ৰহ)
চন্দ্ৰ
(পৃথিৱীৰ উপগ্ৰহ)
Europa-moon.jpg
Triton Voyager 2.jpg
Nh-pluto-in-true-color 2x JPEG-edit.jpg
Titania (moon) color, cropped.jpg
PIA07763 Rhea full globe5.jpg
Voyager 2 picture of Oberon.jpg
Iapetus as seen by the Cassini probe - 20071008 (cropped).jpg
ইউৰোপা
(বৃহস্পতিৰ উপগ্ৰহ)
ট্ৰাইটন
(বৃহস্পতিৰ উপগ্ৰহ)
প্লুটো
(কাইপাৰ বেষ্টনীৰ গ্ৰহাণু)
টাইটেনিয়া
(ইউৰেনাচৰ উপগ্ৰহ)
ৰিয়া
(শনিৰ উপগ্ৰহ)
অবেৰন
(ইউৰেনাচৰ উপগ্ৰহ)
ইয়াপেটাচ
(শনিৰ উপগ্ৰহ)
Charon in Color (HQ).jpg
PIA00040 Umbrielx2.47.jpg
Dione color south.jpg
PIA18317-SaturnMoon-Tethys-Cassini-20150411.jpg
PIA19562-Ceres-DwarfPlanet-Dawn-RC3-image19-20150506.jpg
Vesta full mosaic.jpg
চেৰন
(প্লুটোৰ উপগ্ৰহ)
আমব্ৰিয়েল
(ইউৰেনাচৰ উপগ্ৰহ)
এৰিয়েল
(ইউৰেনাচৰ উপগ্ৰহ)
ডায়ন
(শনিৰ উপগ্ৰহ)
টেথিচ
(শনিৰ উপগ্ৰহ)
চেৰেছ
(গ্ৰহাণু)
ভেষ্টা
(গ্ৰহাণু)
PIA17202-SaturnMoon-Enceladus-ApproachingFlyby-20151028-cropped.jpg
PIA18185 Miranda's Icy Face.jpg
Proteus Voyager 2 cropped.jpg
Mimas PIA12568.jpg
Hyperion in natural colours.jpg
Phoebe cassini.jpg
PIA12714 Janus crop.jpg
এনক্লেডাচ
(শনিৰ উপগ্ৰহ)
মিৰাণ্ডা
(শনিৰ উপগ্ৰহ)
প্ৰটচ
(নেপচুনৰ উপগ্ৰহ)
মিমাচ
(শনিৰ উপগ্ৰহ)
হাইপিৰিয়ন
(শনিৰ উপগ্ৰহ)
ফিবি
(শনিৰ উপগ্ৰহ)
জুনাচ
(শনিৰ উপগ্ৰহ)
PIA09813 Epimetheus S. polar region.jpg
Rosetta triumphs at asteroid Lutetia.jpg
Prometheus 12-26-09a.jpg
PIA21055 - Pandora Up Close (cropped).jpg
(253) mathilde crop.jpg
Leading hemisphere of Helene - 20110618.jpg
243 Ida large.jpg
এপিমেথাচ
(শনিৰ উপগ্ৰহ)
লুটেৰিয়া
(গ্ৰহাণু)
প্ৰমিথিয়াচ
(শনিৰ উপগ্ৰহ)
পেণ্ডোৰা
(শনিৰ উপগ্ৰহ)
মাটিল্ডে
(গ্ৰহাণু)
হেলেনি
(শনিৰ উপগ্ৰহ)
আইডা
(গ্ৰহাণু)
Phobos colour 2008.jpg
Deimos-MRO.jpg
First color image of Ultima Thule (LORRI crop, sharpened).jpg
ফ'বছ
(মঙ্গলৰ উপগ্ৰহ)
ডিমছ
(মঙ্গলৰ উপগ্ৰহ)
2014 MU69
(কাইপাৰ বেষ্টনীৰ গ্ৰহাণু)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "How Many Solar System Bodies". NASA/JPL Solar System Dynamics. http://ssd.jpl.nasa.gov/?body_count। আহৰণ কৰা হৈছে: 2012-10-03. 
  2. Wm. Robert Johnston (2012-08-13). "Asteroids with Satellites". Johnston's Archive. http://www.johnstonsarchive.net/astro/asteroidmoons.html। আহৰণ কৰা হৈছে: 2012-10-03. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সূৰ্যবুধশুক্ৰচন্দ্ৰপৃথিৱীPhobos and Deimosমঙ্গলCeresThe asteroid beltবৃহস্পতিJupiter's natural satellitesশনিSaturn's natural satellitesইউৰেনাচUranus' natural satellitesNeptune's natural satellitesনেপচুনCharon, Nix, and Hydraপ্লুটোThe Kuiper beltDysnomiaএৰিছThe scattered discওৰ্ট মেঘSolar System XXVII.png
সূৰ্য

সৌৰ গোলক
সৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ = বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী
বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়নকিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান