গ্ৰহাণু
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি ৷ সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্হান মঙল আৰু বৃহস্পতিৰ মাজত ৷ এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ ৷ আন কেইটামান গ্ৰহানু হ'ল: আটেনছ, এপ'লোছ,এম'ৰ্ছ, ফ্ল'ৰা, থেমিছ আদি ৷
পৃথিৱীৰ সৈতে সংঘৰ্ষ[সম্পাদনা কৰক]
বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে মেক্সিকোৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল৷ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল৷১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত ৰাছিয়াৰ ছাইবেৰিয়া অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল৷২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল৷গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ হিৰোশ্বিমাত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে৷[1]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫