মঙ্গল গ্ৰহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

মঙ্গল   মঙ্গল গ্ৰহৰ জ্যোতিৰ্বৈজ্ঞানিক প্ৰতীক
মঙ্গল গ্ৰহ
হাবল মহাকাশ দূৰবীনৰ যোগেদি দেখা মঙ্গল গ্ৰহ
কক্ষীয় বৈশিষ্ট্যসমূহ
ইপক জে২০০০[1]
অপসূৰ দূৰত্ব: ২৪৯,২২৮,৭৩০ কিমি (১৫৪.৮৬৩,৫৫৩ মাইল)
১.৬৬৫ ৯৯১ ১৬ এইউ
অনুসূৰ দূৰত্ব: ২০৬,৬৪৪,৫৪৫ কিমি (১২৮,৪০২,৯৬৭ mi)
১.৩৮১ ৩৩৩ ৪৬ এইউ
অৰ্ধ-মুখ্য অক্ষ: ২২৭,৯৩৬,৬৩৭ কিমি (১৪১,৬৩২,৯৭৬ মাইল)
১.৫২৩ ৬৬২ ৩১ এইউ
কক্ষীয় পৰিধি: ~১,৪৩০,০০০,০০০ কিমি (৮৮৮,০০০,০০০ mi)
৯.৫৫ এইউ
কক্ষীয় উৎকেন্দ্ৰিকতা: ০.০৯৩ ৪১২ ৩৩
নাক্ষত্ৰিক পৰ্য্যায়: ৬৮৬.৯৬০০ দিন
(১.৮৮০৮ বছৰ)
যুতিকাল: ৭৭৯.৯৬ দিন
(২.১৩৫ বছৰ)
গড় কক্ষীয় দ্ৰুতি: ২৪.০৭৭ কিমি/ছে
(৫৩,৮৫৯ মাইল/ঘ)
সৰ্বোচ্চ কক্ষীয় দ্ৰুতি: ২৬.৪৯৯ কিমি/ছে
(৫৯,২৭৭ মাইল/ঘ)
সৰ্বনিম্ন কক্ষীয় দ্ৰুতি: ২১.৯৭২ কিমি/ছে
(৪৯,১৫০ মাইল/ঘ)
নতি: ১.৮৫০ ৬১°
(সৌৰবিষুবৰ সৈতে ৫.৬৫°)
উদ্বিন্দুৰ দ্ৰাঘিমা: ৪৯.৫৭৮ ৫৪°
অনুসূৰ কোণ: ২৮৬.৪৬২ ৩০°
উপগ্ৰহসমূহ:
ভৌত বৈশিষ্ট্যসমূহ
বিষুৱীয় ব্যাসাৰ্ধ্য: ৩৪০২.৫ কিমি (২১১৪.২ মাইল)
(পৃথিৱীৰ ০.৫৩৩ গুণ)
মেৰু ব্যাসাৰ্ধ্য: ৩৩৭৭.৪ কিমি (২০৯৮.৬ mi)
(পৃথিৱীৰ ০.৫৩৩ গুণ)
কমলাকৃতি: ০.০০৭ ৩৬
পৃষ্ঠতলৰ ক্ষেত্ৰফল: ১.৪৪৮×10 কিমি²)
৫৫,৯০৭,০০০ বৰ্গমাইল (১৪৪ ৭৯৮ ৪৬৫ বৰ্গকিমি)
(পৃথিৱীৰ ০.২৮৪ গুণ)
আয়তন: ১.৬৩১৮×10১১ কিমি³
(পৃথিৱীৰ ০.১৫১ গুণ)
ভৰ: ৬.৪১৮৫×10২৩ কেজি
(পৃথিৱীৰ ০.১০৭ গুণ)
গড় ঘনত্ব: ৩.৯৩৪ গ্ৰাম/ছেমি³
বিষুবীয় পৃষ্ঠৰ অভিকৰ্ষ: ৩.৬৯ মি/ছে
(০.৩৭৬g)
মুক্তি বেগ: ৫.০২৭ কিমি/ছে (১১,২৪৫ মাইল/ঘ)
বিষুবীয় অঞ্চলত ঘূৰ্ণন বেগ: ৮৬৮.২২ কিমি/ঘ (৫৩৯.৪৯ মাইল/ঘ)
এক্সিয়েল টিল্ট: ২৫.১৯°
উত্তৰ মেৰুৰ বিষুবাংশ: ৩১৭.৬৮১ ৪৩°
(২১ ঘ ১০ মি ৪৪ ছে)
বিষুবলম্ব: ৫২.৮৮৬ ৫০°
প্ৰতিফলন অনুপাত: ০.১৫
পৃষ্ঠৰ তাপমাত্ৰা:
   ছেলছিয়াচ
সৰ্বনিম্নগড়সৰ্বোচ্চ
−১১৩ °ছে−২৫ °ছে৭.৩ °ছে
বিশেষণসমূহ: মঙ্গলীয়
বায়ুমণ্ডল
পৃষ্ঠৰ চাপ: ০.৭–০.৯ কিলো পাস্কেল
গাঠনিক উপাদান: ৯৫.৭২% কাৰ্বন ডাই অক্সাইড
২.৭% নাইট্ৰজেন
১.৬% আৰ্গন
০.২% অক্সিজেন
০.০৭% কাৰ্বন মনোক্সাইড
০.০৩% পানী বাষ্প
০.০১% নাইট্ৰিক অক্সাইড
২.৫ পিপিএম নিয়ন
৩০০ পিপিবি ক্ৰিপ্টন
১৩০ পিপিবি ফৰমেল ডি হাইড
৮০ পিপিবি জেনন
৩০ পিপিবি অ’জন
১০ পিপিবি মিথেন


সৌৰজগতৰ চতুৰ্থ গ্ৰহ হৈছে মঙ্গল গ্ৰহ। পৃথিৱীৰ পৰা এই গ্ৰহটো ৰঙা বৰণৰ দৰে দেখি। মঙ্গলগ্ৰহ সৌৰজগতৰ শেষ পাৰ্থিৱ গ্ৰহ। অৰ্থাৎ এই গ্ৰহটোৰো ভূ-ত্বক পৃথিৱী ভূ-ত্বকৰ সৈতে বহুখিনি সাদৃশ্য আছে। ইয়াত অতি ক্ষীণ বায়ুমণ্ডল আছে, আৰু ইয়াৰ ভূ-পৃষ্ঠত চন্দ্ৰৰ দৰে অসংখ্য খাদ, আৰু পৃথিৱীৰ দৰে আগ্নেয়গিৰি, মৰুভূমি আৰু মেৰুদেশীয় বৰফো আছে। সৌৰ জগতৰ সৰ্ববৃহৎ পাহাৰ এই গ্ৰহটোতেই অৱস্থিত। ইয়াৰ নাম অলিম্পাছ মন্‌চ। সৰ্ববৃহৎ গভীৰ গিৰিখাতটোও এই গ্ৰহতে আছে আৰু ইয়াৰ নাম ভ্যালিছ মেৰিনাৰিছ। মঙ্গল গ্ৰহৰ ঘূৰ্ণন কাল আৰু ঋতু পৰিবৰ্তনো বহুকাংশে পৃথিৱীৰ দৰেই।

১৯৬৫ চনত মেৰিনাৰ ৪ মহাকাশযানখনে প্ৰথমবাৰৰ বাবে মঙ্গল গ্ৰহত অভিযান চলাইছিল। এই অভিযানৰ পিছৰ পৰা মঙ্গল গ্ৰহত তৰল পানীৰ অস্তিত্ব আছে বুলি অনেকেই ধাৰণা কৰিছিল । মঙ্গলৰ পৰা পোৱা পোহৰ আৰু আন্ধাৰৰ তৰঙ্গৰ মাজত পর্যাবৃত্ত পৰিবর্তন পর্যবেক্ষণ কৰি এই ধাৰণা কৰা হৈছিল । বিশেষভাবে মঙ্গলৰ মেৰু অঞ্চলৰ পৰা এই ধৰণৰ পৰিবর্তন চকুত পৰে, যি মহাসাগৰ বা জলাশৰ প্রমাণ হিচাপে অনেকেই গ্রহণ কৰিছিল ।

ভৌতিক বৈশিষ্ট্যসমূহ[সম্পাদনা কৰক]

মঙ্গল গ্রহৰ ব্যাসার্ধ্য পৃথিৱীৰ আধা আৰু ভৰ পৃথিৱীৰ এক দশমাংশ । ইয়াৰ ঘনত্ব পৃথিৱীতকৈ কম আৰু ভূপৃষ্ঠৰ ক্ষেত্রফল পৃথিৱীৰ শুকান ভূমিৰ মুঠ ক্ষেত্রফলতকৈ পৰা সামান্য কম। মঙ্গল বুধ গ্রহতকৈ ডাঙৰ হ'লেও বুধৰ ঘনত্ব মঙ্গল গ্রহতকৈ বেছি । ইয়াৰ ফলত বুধ গ্রহৰ পৃষ্ঠতলৰ মধ্যাকৰ্ষণ শক্তি তুলনামূলকভাবে বেছি । মঙ্গল গ্রহ দেখিবলৈ বহু পৰিমাণে ৰঙা ৰঙৰ কমলাৰ দৰে । ইয়াৰ কাৰণ হ’ল মঙ্গলৰ পৃষ্ঠতলত প্রচুৰ পৰিমাণে আয়ৰন অক্সাইডৰ উপস্থিতি । এই যৌগটিক সাধাৰণভাবে মামৰ বুলি কোৱা হয় ।

মার্স পাথফাইন্ডাৰে লোৱা এখন ফট’ য’ত মঙ্গল গ্ৰহৰ শিলাময় ধৰাপৃষ্ঠ দেখা গৈছে।

মঙ্গলৰ পৃষ্ঠ মূলত বেছল্ট দ্বাৰা গঠিত । ইয়াৰ কক্ষীয় বৈশিষ্ট্য পর্যবেক্ষণ আৰু প্রচুৰ পৰিমাণে মঙ্গলীয় উল্কাৰ গবেষণা কৰি এই তথ্য নিশ্চিত কৰা হৈছিল । কিছুমান গবেষণাত প্রমাণিত হৈছিল মঙ্গলৰ কিছু কিছু অংশত বেছল্টৰ তকৈ ছিলিকা জাতীয় পদার্থ বেছি আছে । এই অঞ্চলটি বহুকেইটা পৃথিৱীৰ এন্ডেসাইট (এক ধৰণৰ আগ্নেয় শিল) জাতীয় পাথৰৰ দৰে । এই পর্যবেক্ষণবোৰক ছিলিকা কাচৰ মাধ্যমতো ব্যাখ্যা কৰা যায় পৰা । পৃষ্ঠাৰ বহুকেইটা অংশ সূক্ষ্ণ আয়ৰণ অক্সাইড যৌগ দ্বাৰা আবৃত । ধূলিকণা নামত পৰিচিত এই যৌগটি বহু পৰিমাণে ট্যালকম পাউডাৰৰ দৰে ।

মঙ্গল গ্ৰহৰ কোনো অভ্যন্তৰীণ চৌম্বক ক্ষেত্ৰ নাই । কিন্তু কিছু পর্যবেক্ষণত দেখা গৈছে ইয়াৰ ভূ-ত্বকৰ কিছু অংশত চুম্বকত্ব এতিয়াও আছে । চুম্বকীয়ভাবে susceptible খনিজ পদার্থৰ কাৰণে সৃষ্ট এই চৌম্বকত্বক প্যালিম্যেগনেটিজ্‌ম বুলি কোৱা হয় । এই প্যালিম্যেগনেটিজম বহু পৰিমাণে পৃথিৱীৰ মহাসাগৰীয় গর্ভতলত প্রাপ্ত অলটাৰনেটিং বেন্ডৰ দৰে । এই বিষয়ক লৈ কৰা অধ্যয়ন আৰু মার্চ গ্লোবাল চার্ভেয়াৰৰ সাহায্যত চলোৱা বিস্তৰ গবেষণা সহায়ত ১৯৯৯ চনত এটা তত্ত্ব স্থাপিত হয় যাৰ ২০০৫ চনৰ অক্টোবৰত পুনৰ পৰীক্ষণ হয় । এই তত্ত্ব মতে পর্যবেক্ষণকৃত বেন্ডবোৰ হ'ল মঙ্গলত প্লেট-টাক্টনিক সঞ্চালন ভূ-গঠন প্রণালীৰ এটা নিদর্শন । এই ধৰণৰ ভূ-গঠনপ্রণালী ৪ বিলিয়ন বছৰ আগলৈকে মঙ্গলত বিদ্যমান আছিল । কিন্তু ৪ বিলয়ন বছৰ আগত গ্রহীয় ডায়নাম’ বিকল হৈ পৰাত চৌম্বক ক্ষেত্ৰ নাইকিয়া হৈ যায় ।

ইয়াৰ কেন্দ্রীয় অংশটোৰ (core) ব্যাসার্ধ্য প্রায় ১,৪৮০ কিলোমিটাৰ (৯২০ মাইল) । এই কেন্দ্রভাগ মূলত লৌহ পদাৰ্থৰ দ্বাৰা গঠিত । লোহাৰ লগত ১৫ ৰ পৰা ১৭% ছালফাৰ আছে বুলি জানা গৈছে । এই হিচাপে মঙ্গলৰ কেন্দ্রভাগ আয়ৰণ ছালফাইড দ্বাৰা গঠিত যি বহু পৰিমাণে তৰল । এই পদার্থটোৰ ঘনত্ব পৃথিৱীৰ কেন্দ্রত অবস্থিত পদার্থৰ তুলনাত প্রায় দুগুণ । কেন্দ্রৰ চাৰিও দিশ ঘেৰি ছিলিকেট দ্বাৰা গঠিত এটা ম্যান্টল (mantle) আছে যি গ্রহটোৰ বহু পৰিমাণে প্লেট্ টেক্টনিক সঞ্চালন আৰু আগ্নেয় প্রকৃতিৰ সংৰচনা তৈয়াৰীত মূল ভূমিকা পালন কৰিছিল । কিন্তু বর্তমান এই ম্যান্টলটো নিষ্ক্রিয় অবস্থাত আছে । মঙ্গল গ্রহৰ ভূ-ত্বকৰ গড় গভীৰতা ৫০ কিলোমিটাৰ (৩১ মাইল) । এই গভীৰতা সর্বোচ্চ ১২৫ কিলোমিটাৰ (৭৮ মাইল) পর্যন্তলৈকে । অন্যদিশত পৃথিৱীৰ ভূ-ত্বকৰ গভীৰতা গঢ়/গড়ে ৪০ কিমি (২৫ মাইল) । পৃথিৱী আৰু মঙ্গল গ্রহ দুটাৰ আকৃতিৰ অনুপাত তুলনা কৰিলে পৃথিৱীৰ ভূ-ত্বক মঙ্গলৰ ভূ-ত্বকতকৈ তিনিগুণ শকত ।

মঙ্গলৰ ভূ-তাত্ত্বিক ইতিহাসক কেইবাটাও যুগত বিভক্ত কৰিব পৰা যায় । তাৰে তলত উল্লেখিত তিনিটা যুগ সকলোতকৈ গুৰুত্বপূর্ণ আৰু সুস্পষ্ট:

নোয়াচিয়ান যুগ: (নোয়াচিস টেৰাৰ নামত নামাঙ্কিত), ইংৰাজীত Noachian epoch. ৩.৮ বিলিয়ন বছৰৰ পৰা ৩.৫ বিলিয়ন বছৰ পূর্বৰ সময় কালটো নোয়াচিয়ান যুগ নামে পৰিচিত । এই সময়ত মঙ্গলৰ পৃষ্ঠতল গঠন হয় যি এতিয়াও বিদ্যমান । সেই যুগত সৃষ্টি হোৱা পৃষ্ঠতলত পৰবৰ্তী কালত প্রচুৰ বিশালাকাৰ গাঁতৰ সৃষ্টি হৈছিল । থাৰচিচ বাল্‌জ নামৰ এটা আগ্নেয় উচ্চভূমি এই সময়ত সৃষ্টি হৈছিল বুলি ধাৰণা কৰা হৈছে । এই যুগৰ শেষৰ ফালে তৰল পানীৰ বানপানী হৈছিল বুলি বদ্ধমূল ধাৰণা কৰা হৈছে ।

হেচপাৰিয়ান যুগ: (Hesperia Planum-এৰ নামত নামাঙ্কিত), ইংৰাজীত Hesperian epoch. ৩.৫ বিলিয়ন বছৰৰ পৰা ১.৮ বিলিয়ন বছৰ পূর্ব পর্যন্ত এই যুগৰ সীমা । এই যুগত লাভা দ্বাৰা আচ্ছাদিত সমভূমিৰ সৃষ্টি হয় ।

আমাজোনিয়ান যুগ: (আমাজোনিচ প্ল্যানিটিয়াৰ পৰা আহিছে), ইংৰাজীত Amazonian epoch. ১.৮ বিলিয়ন বছৰ আগৰ পৰা বর্তমান পর্যন্ত এই যুগৰ সীমাৰেখা । এই যুগত উল্কাপাতৰ ফলত কিছু সংখ্যক বিশালাকাৰ গাঁতৰ সৃষ্টি হৈছিল আৰু এই সময়তেই বিভিন্ন ধৰণৰ বহু সংৰচনা তৈয়াৰ হৈছিল । এই সময়তেই সৌৰ জগতৰ সর্বোচ্চ পর্বতশৃঙ্গ অলিম্পাস মন্‌চ সৃষ্টি হৈছিল । ইয়াৰ বাহিৰে এই সময়ত মঙ্গলৰ অন্যান্য স্থানত লাভাৰ প্রবাহ বৃদ্ধি পাইছিল ।

জলবিজ্ঞান[সম্পাদনা কৰক]

বর্তমান মঙ্গল গ্ৰহৰ বায়ুমণ্ডলীয় চাপ ইমান কম যে ইয়াত তৰল পানী থাকা সম্ভব নহয় । কিন্তু মঙ্গলত বৰফ আছে । ইয়াৰ দুই মেৰু সম্পূর্ণ বৰফ দ্বাৰা গঠিত । ২০০৭ চনৰ মার্চত নাছাই এক বিশেষ বিজ্ঞপ্তিত জনাইছিল, মঙ্গলৰ দক্ষিণ মেৰুত যি পৰিমাণৰ বৰফ আছে সেয়া গলাই দিলে সমগ্ৰ গ্রহটো পানীত ডুবি যাব আৰু এই জলভাগৰ গভীৰতা হ'ব প্রায় ১১ মিটাৰ (৩৬ ফুট)। ইয়াৰ লগতে বৰফৰ এটা পাৰমাফ্রস্ট ম্যান্ট্‌ল মেৰু অঞ্চলৰ পৰা ৬০° অক্ষাংশ এলাকা জুড়ি প্রলম্বিত আছে । মঙ্গলৰ শকত ক্রায়োস্ফেয়াৰৰ অভ্যন্তৰত আৰু বিপুল পৰিমাণ পানী লুকাই আছে বুলি ধাৰণা কৰা হয় । কোনো আগ্নেয় বিস্ফোৰণৰ সহায়ত ক্রায়োস্ফেয়াৰ ধ্বংস হ'লে এই পানী ওলাই আহিব পৰে । এই ধৰণৰ এটা বিস্ফোৰণ বহুত আগত হৈছিল যাৰ কাৰণে মঙ্গলৰ ভ্যালিচ মেৰিনাৰিছ গঠিন হৈছিল । ইতিহাসৰ এই সময়ত বিপুল পৰিমাণ পানী ওলাইছিল যি এটা সুবৃহৎ নদী উপত্যকা গঠনৰ কাৰণে যথেষ্ট আছিল । আজিৰ পৰা ৫ মিলিয়ন বছৰ আগতে এনে ধৰণৰ আৰু এটা ঘটনা ঘটিছিল যাৰ কাৰণে সাৰবেৰাছ ফোছি নামৰ এটা গাঁত উন্মুক্ত হৈছিল । ইয়াৰ ফলত এটা বৰফৰ সাগৰ সৃষ্টি হৈছিল যি এতিয়াও দেখা যায় । এই সাগৰক বর্তমানত এলিছিয়াম প্ল্যানিটিয়া বুলি কোৱা হয়।

অতি সম্প্রতি মার্স গ্লোবাল ছার্ভেয়াৰত অৱস্থিত মাৰ্ছ্ অৰবিটাৰ কেমেৰাৰ সহায়ত মঙ্গলৰ কিছু উচ্চ ৰিজল্যুছন ছবি তোলা হৈছিল । ইয়াৰ ফলত মঙ্গলৰ পৃষ্ঠতলত তৰল পানীৰ অস্তিত্বৰ ইতিহাস সম্বন্ধত বহুকেইটা কথা বিস্তাৰ ভাবে জনা গৈছে । তাত বানপানী সৃষ্টকাৰী বিশালাকাৰ কিছু চেনেলৰ সম্ভাদ পোৱা গৈছে আৰু ইয়াৰ লগত সংশ্লিষ্ট প্রচুৰ শাখা নদী সদৃশ প্রবাহৰ অস্তিত্বও প্রমাণিত হৈছে । কিন্তু এনে কোনো সংৰচনা পোৱা নগ’ল যাক বানপানী সৃষ্টিকাৰী এই জলস্রোতৰ উৎস হিচাপে চিহ্নিত কৰিব পৰা যায় । বর্তমান অৱশ্যে এইবোৰৰ কোনটোৱেই জীৱিত নহয় । আছে শুদা এইবোৰৰ নিদর্শন । বতৰৰ পৰিবর্তনেই এইবোৰৰ বিলুপ্তিৰ কাৰণ বুলি অনুমান কৰা হয় । ইয়াৰ পৰা বুজা যায়, এই সংৰচনাবোৰ কিমান পুৰণা আছিল । আকৌ আগ্নেয়গিৰিৰ জ্বালামুখ আৰু গভীৰ গিৰিপথৰ পার্শ্ববর্তী অঞ্চল জুড়ি ভালেমান সংৰচনা বিভিন্ন চিত্রত ধৰা পৰিছে যিবোৰ বহুপৰিমাণে পৃথিৱীৰ সমুদ্ৰ সন্নিবিষ্ট নিষ্কাশন নালী আকৃতিৰ গিৰিপথৰ দৰে । এই গিৰিপথবোৰ মঙ্গলৰ দক্ষিণ গোলার্ধৰ উচ্চ অঞ্চলবোৰত অবস্থিত । ইহঁতৰ মুখ বিষুবৰেখাৰ ফালে আৰু সকলোবোৰ ৩০° অক্ষাংশত মেৰুমুখী হৈ আছে। গবেষকসকলে এনে কোনো গিৰিপথ বিচাৰি পোৱা নাই সেইবোৰ আংশিক বা সম্পূর্ণভাবে ক্ষতিগ্রস্ত । ইয়াৰ ওপৰিও পৰষ্পৰ উপৰিপাতিত কোনো ইমপ্যাক্ট জ্বালামুখও বিচাৰি পোৱা নাই । ইয়াৰ পৰা বুজা যায় যে এই গঠনবোৰ বেছ নতুন ।


বহিঃসংযোগ[সম্পাদনা কৰক]


সূৰ্যবুধশুক্ৰচন্দ্ৰপৃথিৱীPhobos and Deimosমঙ্গলCeresThe asteroid beltবৃহস্পতিJupiter's natural satellitesশনিSaturn's natural satellitesইউৰেনাচUranus' natural satellitesNeptune's natural satellitesনেপচুনCharon, Nix, and Hydraপ্লুটোThe Kuiper beltDysnomiaএৰিছThe scattered discওৰ্ট মেঘSolar System XXVII.png
সূৰ্য

সৌৰ গোলক
সৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ = বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী
বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়নকিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান