জুই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বনজুইৰ দৃশ্য।
কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা লোৱা ফটোত আমাজন বৰ্ষাৰণ্যত হোৱা বনজুইৰ দৃশ্য, ২২ আগষ্ট ২০১৯

জুই বা অগ্নি (ইংৰাজী: Fire) হৈছে দ্ৰুত প্ৰজ্জ্বলনশীল পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়াবিশেষ। ইয়াৰ ফলত উত্তাপ, পোহৰ আৰু বহুবিধ ৰাসায়নিক প্ৰতিক্ৰিয়া সৃষ্টি হয়।[1] ধীৰগতিত অম্লজাত প্ৰক্ৰিয়াৰে সংগঠিত জুই বা পৰিপাকতন্ত্ৰৰ বিক্ৰিয়াত সৃষ্ট জুইৰ সংজ্ঞা ইয়াৰ অন্তৰ্ভুক্ত নহয়।

শিখা[সম্পাদনা কৰক]

এডাল মমৰ জুইৰ শিখাৰ বিভিন্ন স্তৰ সমূহ

প্ৰাচীন কালত গ্ৰীক অ্যালকেমিষ্ট সকলে জুইক এটি মৌল বুলি ভাবিছিল। কিন্তু মৌলৰ আধুনিক সংজ্ঞাৰ মতে জুই মৌল নহয়, ই বিভিন্ন মৌলৰ সমন্বয়ত গঠিত কেতবোৰ পদাৰ্থ। জুই উত্তপ্ত গেছৰ এটি মিশ্ৰণ। ৰাসায়নিক বিক্ৰিয়াৰ ফলত, বায়ুৰ উপাদান অক্সিজেন আৰু বিভিন্ন ধৰণৰ দাহ্য পদাৰ্থৰ সংমিশ্ৰণত সৃষ্টি হোৱা তপত গেছীয় পদাৰ্থবোৰ জুইৰ শিখা ৰূপে দেখা যায়।[2] এনে বিক্ৰিয়াৰ ফলত কাৰ্বন ডাইঅক্সাইড, জলীয় বাষ্প, পোহৰ আৰু তাপ আদি উৎপন্ন হয়। এনে ধৰণৰ তাপবৰ্জী বিক্ৰিয়াত তাপৰ পৰিমাণ যিমানেই বাঢ়ে, দাহ্য পদাৰ্থত উপস্থিত থকা কাৰ্বন অথবা অন্যান্য মৌলৰ পৰমাণুসমূহে সিমানেই বেছি পোহৰ বিকিৰণ কৰে। এই তাপৰ দ্বাৰা পোহৰ উৎপাদন প্ৰক্ৰিয়াকেই Incandescence বা তাপোজ্বলতা বোলা হয়। যদি অগ্নিশিখা যথেষ্ট উত্তপ্ত হয়, তেতিয়া গেছীয় পৰমাণুবোৰ আয়নিত হয় আৰু পদাৰ্থৰ অন্য এটি অবস্থালৈ গুচি যায়। পদাৰ্থৰ এই অৱস্থাটোক প্লাজমা বোলা হয়। অগ্নিশিখাৰ ৰঙৰ তাৰতম্য নিৰ্ভৰ কৰে দহন কৰা পদাৰ্থৰ গুণাগুণ আৰু দাহ্য পদাৰ্থৰ উষ্ণতাৰ ওপৰত। জুইৰ আটাইতকৈ উত্তপ্ত অংশৰ বৰণ নীলা কাৰণ এই অংশই নীলা বৰণৰ পোহৰ বিকিৰণ কৰে।[3] জুইৰ শিখাৰ আটাইতকৈ শীতল অংশটো হ’ল শিখাৰ শীৰ্ষ অংশটো য’ত কমলা বা হালধীয়া-কমলা বৰণ দেখা যায়। জুইৰ শিখাৰ আকাৰ মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। জুইৰ শিখাৰ মধ্যবৰ্তী অৱস্থানত থকা উত্তপ্ত গেছৰ ঘনত্ব শিখাটোৰ চৌপাশৰ বায়ুৰ ঘণত্বত কৈ কম। কিন্তু এই অংশৰ গেছীয় পদাৰ্থৰ তাপমাত্ৰা চৌপাশৰ বায়ুৰ তুলনাত অনেক বেছি। সেয়ে এই উত্তপ্ত গেছীয় পদাৰ্থবোৰ অধিক ঘনত্বৰ অঞ্চলৰ পৰা কম ঘনত্বৰ দিশে গতি কৰে। মাধ্যাকৰ্ষণ বলৰ কাৰণে শিখাৰ গেছীয় পদাৰ্থবোৰে উৰ্ধমুখী গতি কৰে। আমি সদায়ে দেখি অহা জুইৰ শিখাৰ গতি সেয়ে উৰ্ধমুখী। কিন্তু মাধ্যাকৰ্ষণহীন পৰিবেশত, যেনে মহাকাশত অথবা স্পেচ শ্বাটলত জুই জ্বলালে জুইৰ শিখাটোৱে এটি গোলাকাৰ পিণ্ডৰ আকৃতি ধাৰণ কৰে।

বৈশিষ্ট্য[সম্পাদনা কৰক]

জুই খুবেই গৰম প্ৰকৃতিৰ। ইয়াক স্পৰ্শ কৰা অসম্ভৱ। ইয়াৰ সংস্পৰ্শলৈ যি আহে, সেয়ে পুৰি শেষ হৈ যায়।

বাস্তৱ জীৱনত জুই উপযোগী আৰু ইয়াৰ গুৰুত্ব অপৰিসীম। জুই ব্যৱহাৰত অত্যন্ত সচেতনতাৰ পৰিচয় দিব লাগে। ঠাণ্ডা অৰ্থাৎ শীতকালত অগ্নি প্ৰজ্জ্বলনৰ মাধ্যমেৰে ঘৰৰ পৰিৱেশ গৰম ৰাখা হয়, আন্ধাৰত পোহৰৰ ব্যৱস্থা কৰা হয়। ইয়াৰোপৰি তাপ শক্তিৰ সহায়ত ৰন্ধাকাৰ্য পৰিচালনাৰ মাধ্যমেৰে মানুহৰ জীৱনধাৰণ কাৰ্যক্ৰমক ব্যাপকভাবে নিয়ন্ত্ৰণ কৰা হয়।

সাবধানতাৰ সৈতে জুই নজ্বলালে ই মাৰাত্মক প্ৰতিক্ৰিয়া বা প্ৰভাৱ সৃষ্টি কৰে। জুই নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'লে ই ১৭,৪০০ বৰ্গ কিলোমিটাৰ অঞ্চলব্যাপী ক্ষতিসাধন কৰিবলৈ সক্ষম যি আমেৰিকানন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ সমান। সম্পূৰ্ণ বনাঞ্চল ধ্বংস হৈ যায় যদিহে জুইক নিয়ন্ত্ৰণত ৰাখিব পৰা নাযায়। প্ৰতিবছৰ ইউৰোপৰ বনাঞ্চলৰ এটি বৃহৎ অংশ অগ্নিজনিত কাৰণত ধ্বংস হৈ যায়। এই ধৰণৰ ঘটনাসমূহ মূলতঃ গ্ৰীষ্মকালত সংঘটিত হয়। অগ্নিনিৰ্বাপককৰ্মী বা প্ৰশিক্ষিত দলে আকস্মিকভাবে সৃষ্ট অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে কাম কৰে।

জুই জ্বলাবলৈ তিনিটা উপাদানৰ প্ৰয়োজন হয়- অক্সিজেন, দাহ্য পদাৰ্থ আৰু তাপ। কাঠ, কয়লা, তেল, আদিবোৰ হৈছে দাহ্য পদাৰ্থ। এবাৰ জুই জ্বলিবলৈ আৰম্ভ কৰিলে পিছত ই নিজেই তাপ উৎপাদন কৰিবলৈ সক্ষম।

জুই নিয়ন্ত্ৰণ[সম্পাদনা কৰক]

জুইক প্ৰধানকৈ তিনিটা পৃথক উপায়েৰে নিৰ্বাপণ কৰা সম্ভৱ। জুই জ্বলিবলৈ প্ৰয়োজন হোৱা উপাদান কেইটাৰ যিকোনো এটা উপাদানৰ উপস্থিতি যদি নোহোৱা কৰি দিয়া হয় তেন্তে জুই আপোনা আপুনি নুমাই যায়। এই পদ্ধতিক ষ্টাৰভেচন বুলি কোৱা হয়। অক্সিজেন প্ৰত্যাহাৰৰ মাধ্যমেৰে জুইৰ নিবাৰণ সম্ভৱ এই পদ্ধতিটো শ্বাসৰোধকাৰি জুই বা স্মুদাৰিং নামে পৰিচিত। জুই খালি স্থানত নজ্বলে অথবা ই কাৰ্বন ডাইঅক্সাইডৰ দ্বাৰা আবৃত স্থানটো নজ্বলে। তাপ শক্তিক দূৰৈত ৰখাৰ মাধ্যমেৰে জুই নিয়ন্ত্ৰণত ৰখা যায়। প্ৰধান আৰু সাধাৰণ উপায় হৈছে পানীৰ ব্যৱহাৰ কৰা জুইক বিস্তৃত হোৱাত বাধা দিয়ে। এই পদ্ধতিক কুলিং বোলা হয়। পানীয়ে দাহ্য পদাৰ্থবোৰক চেঁচা কৰে যাতে এইবোৰৰ উষ্ণতা জ্বলন উষ্ণতাতকৈ তললৈ নামি আহে। দাহ্য পদাৰ্থবোৰক জলীয় বাষ্পই আগুৰি ধৰিও জুইক বায়ু যোগান বন্ধ কৰাত সহায় কৰে। মেগনেচিয়াম জনিত শিখাৰ সহায়ত সৃষ্ট কিছুমান জুইৰ সৰ্বগ্ৰাসী বিচ্ছুৰণক বাধা দিব পৰা নাযায়। কাৰ্বন ডাই অক্সাইড, নাইট্ৰ'জেন আৰু অন্যান্য অগ্নিনিবাৰণৰ সহায়ক যৌগক পুৰি পেলাব পৰাকৈ সক্ষম। বৈদ্যুতিক আহিলা আৰু পেট্ৰ'লৰ নিচিনা প্ৰজ্বলক দ্ৰব্যৰ লগা জুই নুমাবৰ বাবে কাৰ্বন-ডাই-অক্সাইড হৈছে উত্তম নিৰ্বাপক। ই বায়ুতকৈ গধুৰ হোৱা বাবে জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰি ইন্ধন আৰু অক্সিজেনৰ সংস্পৰ্শৰ পৰা বিচ্ছিন্ন কৰে। ফলত জুই নিয়ন্ত্ৰণ হয়।

জুইয়ে আমাক তাপ দিয়ে তথা শক্তি স্থানান্তৰ প্ৰক্ৰিয়ায় শৰীৰত তাপ যোগায়।

  1. অক্সিহাইড্ৰ'জেন শিখা: ২০০০° চেলচিয়াছ অথবা তাৰো উৰ্দ্ধত (৩৬০০° ফেৰেনহাইট)[4]
  2. বুনচেন বাৰ্নাৰ বা ষ্ট'ভৰ শিখা: ১৩০০° চে ১৬০০°চে[5]
  3. ব্ল'টৰ্চ শিখা: ১৩০০° চে (২৪০০° ফেৰেনহাইট)|[6]
  4. মম বা মমৰ শিখা: ১০০০° চে (১৮০০° ফেৰেনহাইট)
  5. জ্বলন্ত চিগাৰেট:
    1. চিগাৰেট নোহোপা অৱস্থাত: প্ৰজ্জ্বলিত অংশ; ৪০০° চে (৭৫০° ফেৰেনহাইট); মধ্যস্থিত প্ৰজ্জ্বলিত অংশ: ৫৮৫° চে (১১০০° ফেৰেনহাইট)
    2. চিগাৰেট হোপা অৱস্থাত: মধ্যস্থিত প্ৰজ্জ্বলিত অংশ: ৭০০° চে. (১৩০০° ফেৰেনহাইট)
    3. সদায়েই মধ্যৱৰ্তী অংশত বেচিকৈ গৰম অনুভূত হয়।

আলোক চিত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]