শক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পদাৰ্থবিজ্ঞানত শক্তি হৈছে এনে এক বৈশিষ্ট্য( property) যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে। শক্তিৰ এছ আই একক(SI unit) হৈছে জুল। এক  জুল মানে হৈছে কোনো এক পদাৰ্থক এক নিউটন বল প্ৰয়োগ কৰি এক মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় শক্তি।

সৰ্বসাধাৰণ কিছু শক্তিৰ উদাহৰণৰ ভিতৰত গতি কৰা অৱস্থাত গতিশক্তি, ৰৈ থকা অৱস্থাত স্থিতি শক্তি, কোনো পদাৰ্থ টানি দীঘল কৰা অৱস্থাত লাভ কৰা ইলাষ্টিক শক্তি, কোনো পদাৰ্থ জ্বলন্ত অৱস্থাত ৰাসায়নিক শক্তি, পোহৰে কঢ়িয়াই নিয়া নিৰ্গমন শক্তি(radiant energy)আৰু কোনো পদাৰ্থৰ উষ্ণতাৰ দ্বাৰা তাপীয় শক্তি অন্যতম। ভৰ আৰু শক্তি দুয়োৰে এক ওচৰ সম্বন্ধ আছে। ভৰ-শক্তি সমতুল্যতাৰ বাবে, কোনো এক স্থিতিৱস্থাত থকা প্ৰসংগ প্ৰণালীৰ( frame of reference) এটা পদাৰ্থৰ বিশ্ৰাম ভৰ(rest mass) থকাৰ দৰে সম পৰিমাণৰ বিশ্ৰাম শক্তি(rest energy)ও লাভ কৰে (সেই একে প্ৰসংগ প্ৰণালী)। আৰু বিশ্ৰাম শক্তিৰ বাদে আন কোনো শক্তিৰ সংযোগে পদাৰ্থটোৰ ভৰো বঢ়াই তোলে। উদাহৰণস্বৰূপে, এক সংবেদনশীল স্কেল প্ৰয়োগৰ দ্বাৰা আমি বস্তু এটা তাপ দিয়াৰ পাছত ভৰৰ বৃদ্ধিৰ জোখ লাভ কৰিব পাৰো। জীয়াই থাকিবলৈ আমাক শক্তিৰ দৰকাৰ, মানুহে সেই শক্তি লাভ কৰে খাদ্যগ্ৰহণৰ দ্বাৰা। পৃথিৱীৰ জলবায়ু আৰু পৰিৱেশ তন্ত্ৰ সূৰ্যৰ পৰা লাভ কৰা নিৰ্গমণ শক্তি আৰু ভূতাপীয় শক্তিৰ দ্বাৰা পৰিচালিত হয়।

সংজ্ঞা[সম্পাদনা কৰক]

যিহেতু শক্তি ৰূপান্তৰিত অৱস্থাত থাকে আৰু ইয়াক কেতিয়াও বিনাশ অথবা সৃষ্টি কৰিব নোৱাৰি, গতিকে ইয়াৰ মাপ বা জোখ লোৱা(measurement) প্ৰক্ৰিয়াটোও ই বিভিন্ন ৰূপলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোতে সংজ্ঞাবদ্ধ কৰা হয়। উদাহৰণস্বৰূপে, কাৰ্য সম্পাদনৰ ৰূপত শক্তিৰ ৰূপান্তৰ(বল আৰু ত্বৰণৰ জোখৰ দ্বাৰা), বা তাপ( পদাৰ্থৰ ঊষ্ণতাৰ সলনিৰ জোখৰ দ্বাৰা) অথবা গতিশক্তি ( বস্তুৰ ভৰ আৰু গতিৰ জোখৰ দ্বাৰা) ইত্যাদি।

ৰূপ[সম্পাদনা কৰক]

কোনো এক তন্ত্ৰৰ সৰ্বমুঠ শক্তিক বিভিন্ন প্ৰকাৰে ভাগ কৰিব পৰা যায়। উদাহৰণস্বৰূপে, ধ্ৰুপদী বলবিজ্ঞানএ গৈ থকা বস্তু এটাৰ শক্তিক গতিশক্তি আৰু স্থিতি শক্তিক কোনো এক ক্ষেত্ৰৰ ভিতৰত বস্তুটোৰ স্থানৰ ফলন হিচাপে সংজ্ঞাবদ্ধ কৰি ভাগ কৰিছে। তাৰপৰি মহাকৰ্ষণিক শক্তি, তাপীয় শক্তি, বিভিন্ন ধৰণৰ পাৰমাণৱিক শক্তি, বৈদ্যুতিক শক্তি, চুম্বকীয় শক্তি ইত্যাদি অন্যতম। অৱশ্যে প্ৰায়ে এইসমূহ ইটো সিটোৰ লগত সংযুক্ত যেনে তাপীয় শক্তি কিছু পৰিমাণে স্থিতি শক্তি আৰু গতি শক্তিৰ দ্বাৰা গঠিত। তাপ আৰু কাৰ্য কোনো এক তন্ত্ৰৰ বৈশিষ্ট্য(properties) নহয়, আচলতে ইহঁত শক্তিৰ ৰূপান্তৰকৰণ প্ৰক্ৰিয়াটোৰহে বৈশিষ্ট্য। সাধাৰণতে, আমি কোনো এক পদাৰ্থৰ কিমান তাপ আছে অথবা কিমান কাৰ্য আছে, সেয়া জোখ ল'ব নোৱাৰো। তাৰ বিপৰীতে শক্তি ৰূপান্তৰকৰণ প্ৰক্ৰিয়াটোত কিমান পৰিমাণৰ শক্তি হস্তান্তৰ হ'ল তাৰ জোখহে ল'ব পৰা যায়। তাপ আৰু কাৰ্য কোনে কাৰ ওপৰত কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি ধনাত্মক আৰু ঋণাত্মক হিচাপে প্ৰকাশ কৰা হয়। স্থিতি শক্তিও কোনো এক নিৰ্দিষ্ট ভিত্তিৰ(base state) শক্তি অথবা প্ৰকৃতি(configuration) সাপেক্ষে ধনাত্মক অথবা ঋণাত্মক হিচাপে প্ৰকাশ কৰা হয়। তৰংগ শক্তি(যেনে নিৰ্গমণ বা শব্দ শক্তি) , গতিশক্তি আৰু বিশ্ৰাম শক্তি আদি শূণ্য অথবা তাতকো ডাঙৰ কাৰণ ইহঁতক শূণ্য শক্তিৰ ভিত্তিত( base state of zero energy) জোখ লোৱা হৈছে। বিভিন্ন শক্তিবোৰৰ পাৰ্থক্য ইমান স্বচ্ছ নহয়।

ইতিহাস[সম্পাদনা কৰক]

ইংৰাজী energy শব্দটোৰ মূল হৈছে পুৰণি গ্ৰীক ভাষাৰ ἐνέργεια energeia, অৰ্থাৎ কাৰ্য। খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত এৰিষ্টতলৰ সময়ত এই শব্দটোৰ প্ৰথম অাৱিৰ্ভাব হৈছিল। পাছত ১৭শ শতিকাত, গতফ্ৰাইড লেইবনিজে লেটিন শব্দ vis viva আগবঢ়ায়, যিয়ে কোনো বস্তুৰ ভৰ আৰু বেগৰ বৰ্গফলৰ পুৰণফলক বুজায়। আৰু তেওঁ বিশ্বাস কৰিছিল যে vis viva সদায় সংৰক্ষিত হৈ থাকে। ১৮০৭ চনত থমাছ ইয়ঙে পোনপ্ৰথমবাৰৰ বাবে সম্ভৱতঃ ইংৰাজী energy শব্দৰ ব্যৱহাৰ কৰে।