সমললৈ যাওক

নাছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় বিমান চালনবিদ্যা আৰু মহাকাশ প্ৰশাসন
সংক্ষিপ্ত নাছা
Headquarters ৱাশ্বিংটন, ডি চি
Parent organisation
 আমেৰিকা যুক্তৰাষ্ট্ৰ
Budget বৃদ্ধি US$22.629 billion (2020)[1]
Staff ১৭,৩৭৩ (২০২০)[2]
ৱেবছাইট NASA.gov

 

ৰাষ্ট্ৰীয় বিমান চালনবিদ্যা আৰু মহাকাশ প্ৰশাসন (নাছা) হৈছে অসামৰিক মহাকাশ কাৰ্য্যসূচী, বিমান চালন আৰু মহাকাশ গৱেষণাৰ বাবে দায়বদ্ধ আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এক স্বতন্ত্ৰ সংস্থা। [3][4]

নেশ্বনেল এডভাইজৰী কমিটি ফৰ এৰোনটিকছৰ (নাকা) উত্তৰসূৰী হিচাপে ১৯৫৮ চনত নাছাৰ জন্ম হৈছিল। নতুন সংস্থাটোৱে অসামৰিক দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলগীয়া আছিল, আৰু মহাকাশ বিজ্ঞানৰ শান্তিপূৰ্ণ প্ৰয়োগত উদগণি যোগাইছিল। [5][6][7] ইয়াৰ প্ৰতিষ্ঠাকালৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিকাংশ মহাকাশ অন্বেষণ কাৰ্য্যসূচী নাছাৰ নেতৃত্বত হৈছে। ইয়াৰ ভিতৰত আছে এপ'লোৰ চন্দ্ৰ অৱতৰণ অভিযান, স্কাইলেব মহাকাশ কেন্দ্ৰ আৰু পৰৱৰ্তী সময়ৰ স্পেছ শ্বাটল। নাছাই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটো পৰিচালনাত অংশীদাৰিত্ব পালন কৰি আহিছে; অৰিয়ন মহাকাশযান, মহাকাশ উৎক্ষেপণ ব্যৱস্থা আৰু বাণিজ্যিক মানৱবাহী যানৰ বিকাশ তদাৰক কৰি আহিছে। সংস্থাটোৱে উৎক্ষেপণ সেৱা কাৰ্য্যক্ৰমো পৰিচালনা কৰে, যাৰ দ্বাৰা নাছাৰ মানৱবিহীন উৎক্ষেপণসমূহৰ অন্তিম সময়ৰ কাউণ্টডাউন প্ৰক্ৰিয়া আৰু উৎক্ষেপণ অভিযানসমূহ নিৰীক্ষণ কৰা হয়।

নাছাই মনোনিৱেশ কৰা বিজ্ঞানখণ্ডত আছে - ভূ নিৰীক্ষণ ব্যৱস্থাৰ যোগেদি পৃথিৱীখনক ভালদৰে বুজি উঠা, [8] হেলিঅ'ফিজিক্স ৰিচাৰ্ছ প্ৰগ্ৰেমৰ প্ৰচেষ্টাৰ জৰিয়তে সৌৰকেন্দ্ৰিক পদাৰ্থবিজ্ঞানৰ উন্নয়ন, [9] নিউ হৰাইজনছৰ দৰে অত্যাধুনিক ৰব'টিক মহাকাশযানৰ দ্বাৰা সৌৰজগতত থকা বস্তুসমূহৰ অন্বেষণ, [10] আৰু নিৰীক্ষণকেন্দ্ৰসমূহৰ জৰিয়তে মহানাদ তত্ত্বৰ দৰে জ্যোতিঃপদাৰ্থবৈজ্ঞানিক বিষয়ৰ গৱেষণা। [11]

১৯৪৬ চনৰ পৰা নেচনেল এডভাইজাৰী কমিটি ফৰ এৰোনটিক্সে (NACA) ছুপাৰছনিক বেল এক্স-১ৰ দৰে ৰকেট বিমানৰ সৈতে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। [12] ১৯৫০ৰ দশকৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় ভূ-ভৌতিক বৰ্ষ (১৯৫৭–১৯৫৮)ৰ বাবে এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। ইয়াৰ বাবে গঢ়ি উঠা এটা প্ৰচেষ্টা আছিল আমেৰিকান প্ৰজেক্ট ভ্যানগাৰ্ড। ১৯৫৭ চনৰ ৪ অক্টোবৰত ছোভিয়েট মহাকাশ কাৰ্যসূচীয়ে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ (স্পুটনিক ১) উৎক্ষেপণ কৰাৰ পিছত আমেৰিকাৰ মনোযোগ নিজৰ নৱজাত মহাকাশ প্ৰচেষ্টাৰ ফালে ধাৱমান হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰযুক্তিগত নেতৃত্বৰ প্ৰতি অনুভূত ভাবুকিৰ বাবে (ইয়াক 'স্পুটনিক সংকটকাল' হিচাপে জনা যায়) আতংকিত হৈ আমেৰিকান কংগ্ৰেছে তাৎক্ষণিক আৰু দ্ৰুত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ৰাষ্ট্ৰপতি ডুৱাইট ডি আইজেনহাৱাৰে অধিক সুচিন্তিত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল। ফলত হোয়াইট হাউছে মূল স্বাৰ্থজড়িত গোটসমূহৰ মাজত এক ঐকমত গঢ়ি তুলিছিল। ইয়াৰ ভিতৰত আছিল- মৌলিক গৱেষণাৰ প্ৰতি দায়বদ্ধ বিজ্ঞানীসকল; পেন্টাগন, যাৰ পৰ্য্যায় ছোভিয়েট সামৰিক কৃতিত্বৰ সৈতে মিলাবলগীয়া আছিল; নতুন ব্যৱসায়ৰ সন্ধানৰত আমেৰিকাৰ বৃহৎ ব্যৱসায় সংঘ; আৰু মহাকাশ অন্বেষণৰ প্ৰতি আগ্ৰহী জনমতৰ এক শক্তিশালী নতুন ধাৰা। [13]

১৯৫৮ চনৰ ১২ জানুৱাৰীত নাকাই গাইফৰ্ড ষ্টিভাৰৰ নেতৃত্বত মহাকাশ প্ৰযুক্তিৰ এখন বিশেষ সমিতি গঠন কৰে। [7] ১৯৫৮ চনৰ ১৪ জানুৱাৰীত নাকাৰ সঞ্চালক হিউ ড্ৰাইডেনে "এ নেচনেল ৰিচাৰ্চ প্ৰগ্ৰেম ফৰ স্পেচ টেকন'লজি" প্ৰকাশ কৰি কয় যে, [14]

জাতি হিচাপে আমাৰ মৰ্য্যাদাৰ লগতে সামৰিক প্ৰয়োজনীয়তাৰ বিবেচনাৰে আমাৰ দেশৰ বাবে ই অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ যে এই প্ৰত্যাহ্বানৰ [স্পুটনিক] উত্তৰ হোৱা উচিত- মহাকাশ বিজয়ৰ বাবে গৱেষণা আৰু উন্নয়নৰ এক শক্তিশালী কাৰ্যসূচীৰ সূচনা... সেই অনুসৰি প্ৰস্তাৱ কৰা হৈছে যে বৈজ্ঞানিক গৱেষণা এটা ৰাষ্ট্ৰীয় অসামৰিক সংস্থাৰ দায়িত্ব হ'ব লাগে... নাকাই নিজৰ প্ৰচেষ্টাৰ দ্ৰুত বিবৰ্ধন আৰু সম্প্ৰসাৰণৰ দ্বাৰা মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম [14]

এই নতুন যুক্তৰাষ্ট্ৰীয় সংস্থাটোৱে সকলো অসামৰিক মহাকাশ কাৰ্য্যকলাপ চলাব যদিও সামৰিক প্ৰয়োগৰ বাবে মহাকাশ প্ৰযুক্তি বিকাশ কৰিবলৈ ১৯৫৮ চনৰ ফেব্ৰুৱাৰী মাহত এডভাঞ্চড্ ৰিচাৰ্ছ্ প্ৰজেক্টছ্ এজেঞ্চিৰ (ARPA) গঠন কৰা হৈছিল। [15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Casey Dreier (December 30, 2019). "NASA's FY 2020 Budget". The Planetary Society. https://www.planetary.org/get-involved/be-a-space-advocate/become-an-expert/fy2020-nasa-budget.html আহৰণ কৰা হৈছে: December 31, 2019.
  2. "Workforce Profile". NASA. https://wicn.nssc.nasa.gov/c10/cgi-bin/cognosisapi.dll?b_action=powerPlayService&m_encoding=UTF-8&BZ=1AAABgNNr_f942m2PQWuDQBCF%7E8yOaS9hdlTUgwd1DRHamEahZ6NjCTFuUFOaf981KYTSzu7wHm__gV2ryJdFme%7ESTIXjpAfO1BMQHSShS5TK2I89x%7ENXsYt24AfKd4Mg8mLHMM%7EWvJtGu2S9jcp1CLSqdT9xPxnX6q7hAdwYHOyrE4OtFttBt4eOgTC57HlcgKsMea7qY%7EXBv9F3PRxbPdQz%7ELM245YqkmWSbzZpUmZGotc0%7EAe14rewRRQSEaVEIQQKFwWhmI8QUdcZOD2dO31lHgGDvDeBukxXI0DtPP0yP2m4MfaFq082kADygWwDsATaAwX3QD4C8afk7c7m%7EqBbP_obQJNj2A%3D%3D আহৰণ কৰা হৈছে: April 23, 2020.
  3. "Official US Executive Branch Web Sites – Newspaper and Current Periodical Reading Room (Serial and Government Publications Division, Library of Congress)". loc.gov. https://www.loc.gov/rr/news/fedgov.html আহৰণ কৰা হৈছে: May 24, 2016.
  4. "Frequently Asked Questions". hq.nasa.gov. Archived from the original on May 4, 2016. https://web.archive.org/web/20160504112711/http://www.hq.nasa.gov/office/hqlibrary/ic/faqs.html আহৰণ কৰা হৈছে: May 24, 2016.
  5. "Ike in History: Eisenhower Creates NASA". Eisenhower Memorial. 2013. http://www.eisenhowermemorial.org/#/news?nid=244 আহৰণ কৰা হৈছে: November 27, 2013.
  6. "The National Aeronautics and Space Act". NASA. 2005. https://www.nasa.gov/offices/ogc/about/space_act1.html আহৰণ কৰা হৈছে: August 29, 2007.
  7. 1 2 Bilstein, Roger E. (1996). "From NACA to NASA". NASA SP-4206, Stages to Saturn: A Technological History of the Apollo/Saturn Launch Vehicles. NASA. পৃষ্ঠা. 32–33. ISBN 978-0-16-004259-1. https://history.nasa.gov/SP-4206/ch2.htm#32 আহৰণ কৰা হৈছে: May 6, 2013.
  8. Netting, Ruth (June 30, 2009). "Earth—NASA Science". Archived from the original on July 16, 2009. https://web.archive.org/web/20090716013403/http://nasascience.nasa.gov/earth-science আহৰণ কৰা হৈছে: July 15, 2009.
  9. Netting, Ruth (January 8, 2009). "Heliophysics—NASA Science". Archived from the original on July 16, 2009. https://web.archive.org/web/20090716023622/http://nasascience.nasa.gov/heliophysics আহৰণ কৰা হৈছে: July 15, 2009.
  10. Roston, Michael (August 28, 2015). "NASA's Next Horizon in Space". https://www.nytimes.com/interactive/2015/08/25/science/space/nasa-next-mission.html.
  11. Netting, Ruth (July 13, 2009). "Astrophysics—NASA Science". Archived from the original on July 16, 2009. https://web.archive.org/web/20090716013614/http://nasascience.nasa.gov/astrophysics আহৰণ কৰা হৈছে: July 15, 2009.
  12. "The NACA, NASA, and the Supersonic-Hypersonic Frontier". NASA. https://ntrs.nasa.gov/archive/nasa/casi.ntrs.nasa.gov/20100025896_2010028361.pdf আহৰণ কৰা হৈছে: September 30, 2011.
  13. Roger D. Launius, "Eisenhower, Sputnik, and the Creation of NASA." Prologue-Quarterly of the National Archives 28.2 (1996): 127-143.
  14. 1 2 Erickson, Mark (2005). Into the Unknown Together—The DOD, NASA, and Early Spaceflight. ISBN 978-1-58566-140-4. Archived from the original on March 8, 2003. https://web.archive.org/web/20030308054904/http://aupress.au.af.mil/Books/Erickson/erickson.pdf আহৰণ কৰা হৈছে: May 13, 2022.
  15. Subcommittee On Military Construction, United States. Congress. Senate. Committee on Armed Services (January 21–24, 1958). Supplemental military construction authorization (Air Force).: Hearings, Eighty-fifth Congress, second session, on H.R. 9739.. https://books.google.com/books?id=N-IPAAAAIAAJ আহৰণ কৰা হৈছে: June 27, 2015.