মহানাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
According to the Big Bang model, the universe expanded from an extremely dense and hot state and continues to expand today.

মহানাদ ব্ৰহ্মাণ্ডৰ আতাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত কস্মলজিকেল শাস্ত্ৰ।[1][2][3] এই শাস্ত্ৰৰ মতে আগতে ব্ৰহ্মাণ্ডৰ ঘণত্ব অতি অধিক আছিল আৰু পিছলৈ ব্ৰহ্মাণ্ড বিস্তাৰিত হ'ল।[4][5] আধুনিক বিজ্ঞানীয়ে এই ঘটনাৰ সময় প্ৰায় ১৩.৮ বিলিয়ন বছৰ পূৰ্বৰ বুলি কয়, যাক ব্ৰহ্মাণ্ডৰ বয়স বুলি গ্ৰহণ কৰা হৈছে।[6] প্ৰথমৰ বিস্ফোৰণৰ পিছত ব্ৰহ্মাণ্ডৰ তাপমাত্ৰা তীব্ৰ বেগেৰে কমি আহিল আৰু উপ-পৰমাণৱিক কণা আৰু পিছলৈ সাধাৰণ পৰমাণুৰ সৃষ্টি হ'ল। এই তত্বসমূহৰ ডাঙৰ ডাঙৰ ডাৱৰে পিছলৈ গুৰুত্বাকৰ্ষণৰ বাবে তৰা আৰু গেলেক্সি সৃষ্টি কৰিলে। মহানাদৰ শাস্ত্ৰই ব্ৰহ্মাণ্ডৰ আভ্যন্তৰীন অৱস্থাসমূহ নুবুজাই, বৰঞ্চ সাধাৰণ বিবৰ্তনহে বুজায়।[4]

১৯২৭ত জৰ্জেচ লেমাইটাৰে কৈছিল যে বহল হৈ গৈ থকা ব্ৰহ্মাণ্ডৰ আৰম্ভণি এটি বিন্দুৰ পৰা হ'ব পাৰে। বিজ্ঞানীসকলে সেই চিন্তাক গ্ৰহণ কৰিলে। মাজতে বিজ্ঞানীসকল দুটা ফৈদত বিভক্ত হৈছিল-- বহল হৈ থকা ব্ৰহ্মাণ্ডত বিশ্বাস কৰা আৰু ৰৈ থকা ব্ৰহ্মাণ্ডত বিশ্বাস কৰা। পিছে বিভিন্ন প্ৰমাণে ব্ৰহ্মাণ্ড যে বহল হৈ গৈ আছে, সেই কথাকহে দেখুৱাইছে।[7] ১৯২৯ত,এড্বিন হাবালে লক্ষ কৰিলে যে তাৰকাপুঞ্জসমূহ পৰস্পৰৰ পৰা আতৰি গৈ আছে। এই কথাই বহল হৈ গৈ থকা ব্ৰহ্মাণ্ডৰ ধাৰণাকেই সমৰ্থন কৰিলে। ১৯৬৪ৰ কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েচন আৱিষ্কাৰ হ'ল, যিয়ে মহানাদ আৰ্হিকেই সমৰ্থন কৰিলে। এই শাস্ত্ৰই আৱিষ্কাৰৰ আগতে ব্ৰহ্মাণ্ডব্যাপী বেকগ্ৰাউণ্ড ৰেডিয়েচন থকাৰ কথা কয়। তাৰো পিছত, চুপাৰ্নভেৰ ৰেডচিফ্টৰ জোখ-মাখে কয় যে ব্ৰহ্মাণ্ডৰ বহলীকৰণত ত্বৰণ দেখা গৈছে।[8] জনা ভৈতিক বিজ্ঞানৰ নীয়ম ব্যৱহাৰ কৰি আগৰ সময়ৰ ব্ৰহ্মাণ্ডৰ গুণাগুণ চাব পাৰি।[9][10][11]

অৱলোকন[সম্পাদনা কৰক]

History of the Universe - gravitational waves are hypothesized to arise from cosmic inflation, an expansion just after the Big Bang.[12][13][14][15]

হাবালে লক্ষ কৰিলে যে দুৰৰ তাৰকামণ্ডলসমূহৰ দূৰত্ব আৰু সিহঁতৰ ৰেডচিফ্টৰ মাজত বিশেষ সম্পৰ্ক আছে। বুজা গ'ল যে দূৰৰ তাৰকামণ্ডললবোৰ আমাৰ পৰা দূৰলৈ গৈ আছে, সিহঁতৰ দূৰত্বৰ সৈতে সমানুপাতিক গতিত, অৰ্থাৎ গেলেক্সিটো আমাৰ পৰা যিমান দূৰত আছে, সিমানেই বেগেৰে আমাৰ পৰা দূৰলৈ গৈ আছে।[16] কপাৰ্নিচিয়ান নীতিৰ মতে সকলো দেখি পোৱা প্ৰান্ত পৰস্পৰৰ পৰা আতৰি গৈ আছে, অৰ্থাৎ আগতে ব্ৰহ্মাণ্ড অধিক ঘণ আৰু উষ্ণ আছিল। বৃহৎ পাৰ্টিক্ল এক্সেলেৰেটৰসমূহে ব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ ক্ষণৰ নকল কৰিব পাৰে, যিয়ে মহানাদ শাস্ত্ৰকে সমৰ্থন কৰে।

প্ৰথম প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন সৃষ্টি হ'ল। সাধাৰণ হ'লেও প্ৰথম পৰমাণু মহানাদৰ ৩ মিনিটৰ ভিতৰত সৃষ্টি হ'ল। বৈদ্যুতিকভাৱে নিউট্ৰেল পৰমাণু সৃষ্টি হ'বলৈ কেইবাহাজাৰ বছৰ লাগিলে। মহানাদত সৃষ্ট এটমৰ প্ৰায়বোৰ হাইড্ৰজেন, হিলিয়াম আৰু লিথিয়াম আছিল। এই তত্বসমূহৰ ডাঙৰ ডাঙৰ ডাৱৰে মধ্যাকৰ্ষণৰ ফলত তৰা, তাৰকামণ্ডল সৃষ্টি কৰিলে। গধূৰ তত্ব তৰাত অথবা চুপাৰ্নভেত থাকিলে।

মহানাদ শাস্ত্ৰই বিভিন্ন পৰিঘটনা বুজাত সহায় কৰে, যেন পাতল তত্ব বিপুল পৰিমাণে পোৱা, কস্মিক মাইকক্ৰৱেভ বেকগ্ৰাউণ্ড, ডাঙৰ স্কেল ষ্ট্ৰাক্সাৰ আদি।[17] মহানাদৰ আৰ্হি এলবাৰ্ট আইনষ্টাইনৰ ৰিলেটিভিটি, আৰু ভৌতিক বিজ্ঞানৰ সৰলীকৃত হ'ম'জীনটি, আইচ'ট্ৰফি আদিৰ ওপৰত নিৰ্ভৰশীল। এলেক্সেণ্ডাৰ ফ্ৰাইডমেনে মুখ্য ইকুৱেচনসমূহ দিলে আৰু ৱিলেম দে চিটাৰেও বৰঙণি আগ বঢ়ালে। তাৰ পিছতো কেইবাজনো বিজ্ঞানীয়ে নতুন নতুন কথা যোগ কৰিলে। লাম্ব্দা-চিএমডি আৰ্হি মহানাদৰ প্ৰধান আৰু আতাইতকৈ সৰল আৰ্হি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Joseph Silk (2009). Horizons of Cosmology. Templeton Press. পৃষ্ঠা. 208. 
  2. Simon Singh (2005). Big Bang: The Origin of the Universe. Harper Perennial. পৃষ্ঠা. 560. 
  3. Wollack, E. J. (10 December 2010). "Cosmology: The Study of the Universe". Universe 101: Big Bang Theory. NASA. Archived from the original on 14 May 2011. http://map.gsfc.nasa.gov/universe/। আহৰণ কৰা হৈছে: 27 April 2011. "The second section discusses the classic tests of the Big Bang theory that make it so compelling as the likely valid description of our universe." 
  4. 4.0 4.1 "First Second of the Big Bang". How The Universe Works 3. 2014. Discovery Science. 
  5. "Big-bang model". http://www.britannica.com/EBchecked/topic/64893/big-bang-model। আহৰণ কৰা হৈছে: 11 February 2015. 
  6. "Planck reveals an almost perfect universe". Planck. ESA. 2013-03-21. http://www.esa.int/Our_Activities/Space_Science/Planck/Planck_reveals_an_almost_perfect_Universe। আহৰণ কৰা হৈছে: 2013-03-21. 
  7. Kragh, H. (1996). Cosmology and Controversy. Princeton University Press. পৃষ্ঠা. 318. ISBN 0-691-02623-8. 
  8. Peebles, P. J. E. and Ratra, Bharat (2003). "The cosmological constant and dark energy". Reviews of Modern Physics খণ্ড 75 (2): 559–606. doi:10.1103/RevModPhys.75.559. 
  9. Gibson, C. H. (2001). "The First Turbulent Mixing and Combustion". IUTAM Turbulent Mixing and Combustion. http://sdcc3.ucsd.edu/~ir118/GibsonAbstract.pdf. 
  10. Gibson, C. H. (2001). "Turbulence And Mixing In The Early Universe". arXiv:astro-ph/0110012 [astro-ph]. 
  11. Gibson, C. H. (2005). "The First Turbulent Combustion". arXiv:astro-ph/0501416 [astro-ph]. 
  12. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; BICEP2-2014 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; NASA-20140317 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; NYT-20140317 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; NYT-20140324 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  16. Hubble, E. (1929). "A Relation Between Distance and Radial Velocity Among Extra-Galactic Nebulae". Proceedings of the National Academy of Sciences খণ্ড 15 (3): 168–73. doi:10.1073/pnas.15.3.168. PMID 16577160. PMC 522427. http://antwrp.gsfc.nasa.gov/debate/1996/hub_1929.html. 
  17. Wright, E. L. (9 May 2009). "What is the evidence for the Big Bang?". Frequently Asked Questions in Cosmology. UCLA, Division of Astronomy and Astrophysics. http://www.astro.ucla.edu/~wright/cosmology_faq.html#BBevidence। আহৰণ কৰা হৈছে: 16 October 2009.