সমললৈ যাওক

ৰাষ্ট্ৰসংঘ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰসংঘ
Flag of ৰাষ্ট্ৰসংঘ
Flag
Emblem of ৰাষ্ট্ৰসংঘ
Emblem
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক মানচিত্ৰ খনত সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে
ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক মানচিত্ৰ খনত সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে[2]
মুখ্য কাৰ্যালয়নিউয়ৰ্ক মহানগৰ (আন্তঃৰাষ্ট্ৰীয় অঞ্চল)
আধিকাৰীক ভাষা
Typeআন্তঃচৰকাৰী সংস্থা
Membership১৯৩খন সদস্য ৰাষ্ট্ৰ
২খন পৰ্যবেক্ষক ৰাষ্ট্ৰ
Leaders
 সচিবপ্ৰধান
এণ্টনিও গুটেৰেছ
 উপ-সচিবপ্ৰধান
আমীনা মহম্মদ
 সাধাৰণ সভাৰ সভাপতি
মাৰিয়া ফাৰ্ণাণ্ডা এচপিন'চা
 অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সভাপতি
মাৰিয়া চাটৰড'ভা
 সুৰক্ষা পৰিষদৰ সভাপতি
কাকৌ হৌৱাডজা লেঅন এডম
Establishment
 ৰাষ্ট্ৰসংঘৰ চুক্তিপত্ৰ স্বাক্ষৰ হয়
২৬ জুন ১৯৪৫ (৮১ বছৰ আগত) (1945-06-26)
 চুক্তিপত্ৰ কাৰ্যকৰী হয়
২৪ অক্টোবৰ ১৯৪৫ (৮০ বছৰ আগত) (1945-10-24)

ৰাষ্ট্ৰসংঘ (ইংৰাজী: United Nations) এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হ'ল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়। ই ইয়াৰ পুৰ্বসুৰী জাতিসংঘ (League of Nations)-ৰ স্থান দখল কৰে। ৰাষ্ট্ৰসংঘৰ আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ ইয়াৰ অধীনত কেইবাটাও সংগঠন আছে।

ৰাষ্ট্ৰসংঘৰ মুঠ সদস্য ৰাষ্ট্ৰ ১৯৩ খন। ইয়াৰ প্ৰধান ৬টা অংগ হৈছে সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, সচিবালয়, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু ন্যাসৰক্ষী পৰিষদ (বৰ্তমান নিষ্ক্ৰিয়)। ইয়াৰ বাদেও বিশ্ব স্বাস্থ্য সংস্থা (WHO), বিশ্ব খাদ্য কাৰ্যসূচী (WFP), ইউনিচেফ আদিৰ নাম উল্লেখযোগ্য। ৰাষ্ট্ৰসংঘৰ আটাইতকৈ দায়িত্বশীল পদবী হ'ল সচিবপ্ৰধান। পৰ্তুগালৰ এণ্টনিও গুটেৰছ এই পদত ২০১৭ৰ পৰা আছে।

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক মহানগৰত আছে। ইয়াৰ বাদেও জেনেভা, নাইৰোবি আৰু ভিয়েনাত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয় আছে। ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থসাহায্য লাভ কৰে। ৬টা ভাষাত ইয়াৰ কাম কাজ সমূহ কৰা হয়– আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনিছ[4]

ৰাষ্ট্ৰসংঘ গঠনৰ পূৰ্বে দেশসমূহৰ মাজৰ সংঘাত মিলামিচা কৰিবৰ বাবে ৰেডক্ৰচ, হেগ মহাসভা আদি আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন কৰা হয়। প্ৰথম বিশ্বযুদ্ধৰ পিচতে পেৰিচত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ অৰ্থে জাতিসংঘ (League of Nations)-ৰ গঠন হয়। পিছে জাতিসংঘত উপনিৱেশসমূহত বাস কৰা জনগণৰ কোনো প্ৰতিনিধিত্ব নাছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, জাপান, জাৰ্মানীৰ দৰে বৃহৎ শক্তিয়ে যোগদান কৰা নাছিল। জাপানৰ চীন আক্ৰমণ ১৯৩৭, ইটালীৰ ইথিওপিয়া আক্ৰমণ ১৯৩৫ আৰু হিটলাৰৰ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি ৰোধ কৰাত জাতিসংঘ ব্যৰ্থ হয়।

দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘ গঠন হয়। ১৯৪৫ চনৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে সুৰক্ষা পৰিষদৰ পাঁচখন স্থায়ী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ছ'ভিয়েট সংঘ, যুক্তৰাজ্য, ফ্ৰান্স আৰু চীনৰ লগতে প্ৰায় ৫০খন ৰাষ্ট্ৰৰ স্বাক্ষৰেৰে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হয়।

ৰাষ্ট্ৰসংঘৰ প্ৰধান ৬টা অংগ হৈছে: সাধাৰণ পৰিষদ (UN General Assembly), নিৰাপত্তা পৰিষদ (UN Security Council), অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (UN Economic and Social Council), সচিবালয় (UN Secretariat), আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (International Court of Justice) আৰু ন্যাসৰক্ষী পৰিষদ (UN Trusteeship Council, বৰ্তমান নিষ্ক্ৰিয়)।

সচিবপ্ৰধান

[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘৰ মূল পদবী হ'ল সচিবপ্ৰধান। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান হৈছে পৰ্তুগালৰ এণ্টনিও গুটেৰছ। বৰ্তমানলৈ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ পদবীত অধিষ্ঠিত লোকসকল হৈছে:[5]

নংনামদেশকাৰ্যভাৰ গ্ৰহণকাৰ্যভাৰ সমাপ্ত
ট্ৰিগৱা লী নৰৱে ফেব্ৰুৱাৰী ১৯৪৬১০ নৱেম্বৰ ১৯৬২
ডগ হেমাৰহোল্ড ছুইডেন১০ এপ্ৰিল ১৯৫৩১৮ ছেপ্টেম্বৰ ১৯৬১
ইউ থাণ্ট বাৰ্মা৩০ নৱেম্বৰ ১৯৬১৩১ ডিচেম্বৰ ১৯৭১
কাৰ্ট ৱাল্ডহেইম অষ্ট্ৰিয়া জানুৱাৰী ১৯৭২৩১ ডিচেম্বৰ ১৯৮১
হাভিয়েৰ পেৰেজ দে কুইয়াৰ পেৰু জানুৱাৰী ১৯৮২৩১ ডিচেম্বৰ ১৯৯১
বুত্ৰোচ বুত্ৰোচ-ঘালি ইজিপ্ত জানুৱাৰী ১৯৯২৩১ ডিচেম্বৰ ১৯৯৬
কফি আন্নান ঘানা জানুৱাৰী ১৯৯৭৩১ ডিচেম্বৰ ২০০৬
বান কি মুন দক্ষিণ কোৰিয়া জানুৱাৰী ২০০৭৩১ ডিচেম্বৰ ২০১৬
এণ্টনিও গুটেৰেছ পৰ্তুগাল জানুৱাৰী ২০১৭বৰ্তমানলৈ

বিশেষ অভিকৰণসমূহ

[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাকৰ উপৰি ভালেকেইটা এজেন্সি বা অভিকৰণ আছে যাৰ সহায়ত বিভিন্ন ক্ষেত্ৰত কাম-কাজ চলোৱা হয়। এনে বিশেষ অভিকৰণসমূহ হৈছে:

নংচমু নামনামমুখ্য কাৰ্যালয়স্থাপন
FAOখাদ্য আৰু কৃষি সংস্থাইটালী ৰোম, ইটালী১৯৪৫
IAEAআন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাঅষ্ট্ৰিয়া ভিয়েনা, অষ্ট্ৰিয়া১৯৫৭
ICAOআন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান সংস্থাকানাডা মণ্টৰিয়েল, কানাডা১৯৪৭
IFADআন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন নিধিইটালী ৰোম, ইটালী১৯৭৭
ILOআন্তঃৰাষ্ট্ৰীয় শ্ৰম পৰিষদছুইজাৰলেণ্ড জেনেভা, ছুইজাৰলেণ্ড১৯৪৬ (১৯১৯)
IMOআন্তঃৰাষ্ট্ৰীয় সাগৰীয় সংস্থাসংযুক্ত যুক্তৰাজ্য লণ্ডন, যুক্তৰাজ্য১৯৪৮
IMFআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিআমেৰিকা যুক্তৰাষ্ট্ৰ ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ১৯৪৫ (১৯৪৪)
ITUআন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংগঠনছুইজাৰলেণ্ড জেনেভা, ছুইজাৰলেণ্ড১৯৪৭ (১৮৬৫)
UNESCOৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাফ্ৰান্স পেৰিচ, ফ্ৰান্স১৯৪৬
১০UNIDOৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থাঅষ্ট্ৰিয়া ভিয়েনা, অষ্ট্ৰিয়া১৯৬৭
১১UNWTOবিশ্ব পৰ্যটন সংস্থাস্পেইন মাদ্ৰিদ, স্পেইন১৯৭৪
১২UPUবিশ্ব ডাক সংগঠনছুইজাৰলেণ্ড বাৰ্ণ, ছুইজাৰলেণ্ড১৯৪৭ (১৮৭৪)
১৩WBGবিশ্ব বেংক গোটআমেৰিকা যুক্তৰাষ্ট্ৰ ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ১৯৪৫ (১৯৪৪)
১৪WFPবিশ্ব খাদ্য কাৰ্যসূচীইটালী ৰোম, ইটালী১৯৬৩
১৫WHOবিশ্ব স্বাস্থ্য সংস্থাছুইজাৰলেণ্ড জেনেভা, ছুইজাৰলেণ্ড১৯৪৮
১৬WIPOবিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাছুইজাৰলেণ্ড জেনেভা, ছুইজাৰলেণ্ড১৯৭৪
১৭WMOবিশ্ব জলবায়ু সংস্থাছুইজাৰলেণ্ড জেনেভা, ছুইজাৰলেণ্ড১৯৫০ (১৮৭৩)
১৮UNICEFৰাষ্ট্ৰসংঘৰ শিশুৰ নিধি
(পূৰ্বতে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশুৰ বাবে থকা জৰুৰী নিধি)
আমেৰিকা যুক্তৰাষ্ট্ৰ নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ১৯৪৬

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The World Today" (PDF). https://www.un.org/Depts/Cartographic/map/profile/world00.pdf আহৰণ কৰা হৈছে: 18 June 2009. "The designations employed and the presentation of material on this map do not imply the expression of any opinion whatsoever on the part of the Secretariat of the United Nations concerning the legal status of any country"
  2. "The World Today" (PDF). https://www.un.org/Depts/Cartographic/map/profile/world00.pdf আহৰণ কৰা হৈছে: 18 June 2009. "The designations employed and the presentation of material on this map do not imply the expression of any opinion whatsoever on the part of the Secretariat of the United Nations concerning the legal status of any country"
  3. Official Languages, www.un.org. Retrieved 22 May 2015.
  4. "General Assembly of the United Nations – Rules of Procedure". UN Department for General Assembly. http://www.un.org/en/ga/about/ropga/lang.shtml আহৰণ কৰা হৈছে: 15 December 2010.
  5. "Former Secretaries-General". United Nations. https://www.un.org/sg/formersgs.shtml আহৰণ কৰা হৈছে: 6 November 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
প্ৰতিষ্ঠনিক ৱেবছাইটসমূহ