যুক্তৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ্রেইট ব্রিটেন অাৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য
United Kingdom of Great Britain and Northern Ireland
ৰাষ্ট্ৰীয় সঙ্গীত
গড চেভ দ্য কুইন"[1]

যুক্তৰাজ্য-ৰ অৱস্থান
 যুক্তৰাজ্যৰ অৱস্থান  (dark green)

– ইউৰোপৰ মেপত  (light green & dark grey)
– in ইউৰোপীয় ইউনিয়ন  (light green)

ৰাজধানী
(আৰু বৃহত্তম নগৰ)
লণ্ডন
51°30′N 0°7′W / 51.5°N 0.117°W / 51.5; -0.117
জাতীয় ভাষা
অাৰু ৰাষ্ট্রীয় ভাষা
ইংৰাজী
অন্যান্য
ভাষাসমূহ[2]
জনগোষ্ঠীসমূহ (২০১১)
  • ৮৭.১% শ্বেতাংগ
  • ৭.০% এছীয়
  • ৩.০% কৃষ্ণাংগ
  • ২.০% মিশ্রিত
  • ০.৯% অন্যান্য
জাতীয়তাসূচক বিশেষণ
  • ব্রিটিছ
  • ব্রিটন
চৰকাৰ সংসদীয় সাংবিধানিক ৰাজতন্ত্র
 -  ৰাজতন্ত্র দ্বিতীয় এলিজাবেথ
 -  প্রধানমন্ত্রী তেৰেছা মে'
গঠন
 -  ইউনিয়নৰ কার্য ১৭০৭ ১ মে ১৭০৭ 
 -  ইউনিয়নৰ কার্য ১৮০০ ১ জানুৱাৰী ১৮০১ 
 -  এংলো-আয়াৰলেণ্ডীয় সন্ধি ৫ ডিচেম্বৰ ১৯২২ 
মাটিকালি
 -  মুঠ ২,৪২,৪৯৫ বৰ্গ কিমি [3](৭৮তম)
৯৩,৬২৮ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৩৪ (৩,২৪৯ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৫ আনুমানিক ৬,৪৭,১৬,০০০'"`UNIQ--ref-০০০০০০০৩-QINU`"' (২২)
 -  ২০১১ লোকপিয়ল ৬,৩১,৮১,৭৭৫'"`UNIQ--ref-০০০০০০০৪-QINU`"' (২২)
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $২.৬৭৯ ট্রিলিয়ন (৯তম)
 -  জনমুৰি $৪১,১৫৯[6] (২৫তম)
জিডিপি (নামমাত্ৰ) ২০১৫ আনুমানিক
 -  মুঠ $২.৮৪৯ ট্রিলিয়ন (৫ম)
 -  জনমুৰি $৪৩,৭৭১[6] (১৩তম)
জিনি সহগ? (২০১৪) 31.6 (৩৩তম)
মানৱ উন্নয়ন সূচক (২০১৪) 0.907 (১৪তম)
মুদ্ৰা পাউণ্ড ষ্টাৰ্লিং (£) (GBP)
সময় স্থান GMT[7] (ইউটিচি​)
 -  গ্ৰীষ্মকালীন (ডিএছটি) BST (ইউটিচি+1)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় বাম
ইণ্টাৰনেট টিএলডি .uk
কলিং ক'ড ++৪৪

যুক্তৰাজ্য (ইংৰাজী: United Kingdom ইউনাইটেড্‌ কিংডম্‌) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্র। ৰাষ্ট্রখনৰ চৰকাৰী নাম হ'ল গ্রেইট ব্রিটেন অাৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (ইংৰাজী: The United Kingdom of Great Britain and Northern Ireland)। ৰাষ্ট্রখন চাৰিখন সাংবিধানিক ৰাষ্ট্র: ইংলেণ্ড, স্কটলেণ্ড, ৱেল্ছ অাৰু উত্তৰ আয়াৰলেণ্ডৰ সমন্বয়ত গঠিত।

যুক্তৰাজ্য বহুতো দ্বীপ লৈ গঠিত। দ্বীপসমূহক একেলগে ব্রিটিছ দ্বীপপুঞ্জ নামেৰে অভিহিত কৰা হয়। ইয়াৰে সর্ববৃহৎ দ্বীপটৌৰ নাম বৃহৎ ব্রিটেন বা গ্রেইট ব্রিটেন। গ্রেট ব্রিটেনৰ সকলোতকৈ বৃহৎ অাৰু জনবহুল অংশটিৰ নাম ইংলেণ্ড, যি দ্বীপটোৰ দক্ষিণ অাৰু পূব অংশ গঠন কৰিছে। পশ্চিমে আছে ৱেল্ছ অাৰু উত্তৰ অংশত অাছে স্কটলেণ্ড। অানহাতে আয়াৰলেণ্ড দ্বীপৰ উত্তৰ-পূব প্রান্তত উত্তৰ আয়াৰলেণ্ড অৱস্থিত। আয়াৰলেণ্ড দ্বীপ ব্রিটিছ দ্বীপপুঞ্জৰ দ্বিতীয় বৃহত্তম দ্বীপ। এই দ্বীপৰ অধিকাংশ তথা দক্ষিণ ভাগ জুৰি অৱস্থিত প্রজাতন্ত্রী আয়াৰলেণ্ড। যুক্তৰাজ্যৰ বাকী অংশক আটলান্টিক মহাসাগৰ, উত্তৰ সাগৰ, ইংলিছ চেনেল অাৰু আইৰিছ সাগৰে অাৱৰি ৰাখিছে। ইয়াৰোপৰি ব্রিটিছ সাম্রাজ্যকালৰ সময়ত হস্তগত ১৪টি বহিঃস্থ অঞ্চল এতিয়াও যুক্তৰাজ্যৰ অধীনত অাছে। গ্রেইট ব্রিটেন দ্বীপ চেনেল টানেলৰ মাধ্যমেৰে ফ্রান্সৰ সৈতেও সংযুক্ত।

যুক্তৰাজ্য একন সাংবিধানিক গণতন্ত্র। ৰণী দ্বিতীয় এলিজাবেথ ৰাষ্ট্রপ্রধান। ইয়াত এখন সংসদীয় গণতন্ত্র ব্যৱস্থা বিদ্যমান হৈ অাছে। লণ্ডন যুক্তৰাজ্যৰ ৰাজধানী অাৰু বৃহত্তম চহৰ; ই ইংলেণ্ডৰ দক্ষিণ-পূব প্রান্তত অৱস্থিত।

ভূগোল[সম্পাদনা কৰক]

ভৌগোলিক আকাৰৰ দিশৰ পৰা যুক্তৰাজ্য এখন ক্ষুদ্র ৰাষ্ট্র। উষ্ণ উপসাগৰীয় স্ৰোতৰ প্রভাৱৰ ফলত ইয়াৰ জলবায়ু মৃদু অাৰু আর্দ্র। উত্তৰ অংশত যথেষ্ট শীতৰ প্ৰভাৱ পৰে। বছৰৰ অধিকাংশ সময়তে ইয়াৰ আকাশ মেঘাচ্ছন্ন হৈ থাকে বাবে বৃষ্টিপাতৰ পৰিমাণ অধিক। ইয়াৰ দক্ষিণ অাৰু পূবে আছে বিস্তীর্ণ সমভূমি; পশ্চিম অাৰু উত্তৰে আছে সুউচ্চ পাহাৰ অাৰু পর্বত।

আকাৰত সৰু হ'লেও ব্রিটেইনৰ জনবসতি ঘন। ইয়াত প্রতি বর্গকিলোমিটাৰত প্রায় ২৫০ লোকে বাস কৰে। ব্রিটেইন অর্থনৈতিকভাবে অত্যন্ত সমৃদ্ধ, শিল্প অাৰু বিজ্ঞানত উন্নত, প্রযুক্তিত আধুনিক এখন শান্তিপূৰ্ণ ৰাষ্ট্র। ব্রিটেইন ইউৰোপৰ ধনী দেশসমূহৰ এখন অাৰু ইয়াৰ জনসাধাৰণৰ জীৱনযাত্রাৰ মান বিশ্বৰ অন্যান্য দেশৰ তুলনাত উন্নত।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]

চৰকাৰী
সাধাৰণ তথ্য
পর্যটন