৫ ডিচেম্বৰ
Jump to navigation
Jump to search
৫ ডিচেম্বৰ (ইংৰাজী: 5 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৯ তম (অধিবৰ্ষত ৩৪০ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৫০ চনৰ আজিৰ দিনটোত চীনা সৈন্যই উত্তৰ কোৰিয়াৰ ৰাজধানী প্যংয়াংৰ পৰা ৰাষ্ট্ৰ সংঘৰ বাহিনীক খেদি পঠিয়াই।
- শ্ৰীলংকাৰ সৈন্যয়ে ১৯৯৫ চনৰ আজিৰ দিনটোত ৪৯ দিন চলা অভিযানৰ অন্তত টামিল টাইগাৰ বাহিনীৰ পৰা জাফনা দখল কৰে।
- ১৯৬৯ চনৰ ৫ ডিচেম্বৰ তাৰিখে অসমবাসীয়ে কৰা আন্দোলনৰ ফলস্বৰূপে অসমৰ তৃতীয়টো শোধনাগাৰ ভাৰত চৰকাৰে বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্ৰকল্প স্থাপন কৰিবলৈ লোৱাৰ কথা ঘোষণা কৰিছিল।
জন্ম[সম্পাদনা কৰক]
- ১৯০১ - ৱাল্ট ডিজনী, আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক (মৃ: ১৯৬৬)
- ১৯০১ - হাইজেনবাৰ্গ, ন'বেল বটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞান(quantum mechanics) ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা (মৃ: ১৯৭৬)
- ১৯১৩ - আজলীতৰা নেওগ, অসমীয়া শিশু সাহিত্যিক আৰু কবি (মৃ: ১৯৪৯)
মৃত্য[সম্পাদনা কৰক]
- ১৮৭০ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আৰু নাট্যকাৰ
- ১৯৫০ - শ্ৰী অৰবিন্দ (ইংৰাজী: Sri Aurobindo) , ভাৰতীয় ধৰ্মগুৰু আৰু কবি
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৫ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|