৭ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

৭ নৱেম্বৰ (ইংৰাজী7 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১১ তম (অধিবৰ্ষত ৩১২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

১/ ১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ জন্ম হয়।

২/ ১৮৮৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ জন্ম হয়।

৩/ ১৯১৭ চনৰ আজিৰ দিনটোৰ পৰাই ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ হয়। জাৰৰ শাসন অন্ত পৰে।

৪/ ১৯১৯ চনৰ আজিৰ দিনটোতে অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ জন্ম হয়।

৫/ ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা কমল হাছানৰ জন্ম হয়।

৬/ ১৯৬২ চনৰ আজিৰ দিনটোতে নেলছন মেণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়। পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয়।

৭/ ২০০৫ চনৰ আজিৰ দিনটোতে লেখক অৰ্থনীতিবিদ ভুবন বৰুৱাৰ মৃত্যু হয়।

৮/ ১/ ২০১৩ চনৰ আজিৰ দিনটোত কবি, চল্লচিত্ৰ পৰিচালক মৃদুল বৰুৱাৰ মৃত্যু হয়।

৯/ নাট্যকাৰ ভৱেন বৰুৱাৰ আজি ওপজা দিন।


বাহ্যিক সংযোগ[সম্পাদনা কৰক]