চি ভি ৰামন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰশেখৰ ভেংকটাৰামন
জন্ম ৭ নৱেম্বৰ, ১৮৮৮
থিৰুভানা ইককেভাল গাঁও, চেন্নাই, তামিলনাডু
মৃত্যু ২১ নৱেম্বৰ, ১৯৭০ (৮২ বছৰ)
বাংগালোৰ
পেচা বিজ্ঞানী, গণিতজ্ঞ, অধ্যাপক
ভাষা তামিল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
শিক্ষা স্নাতকোত্তৰ
উল্লেখযোগ্য বঁটা ভাৰত ৰত্ন (১৯৫৪)
ন'বেল বঁটা (১৯৩০)
নাইট উপাধি(১৯২৯)
ম্যাটুৰ্হচি সোণৰ বঁটা(১৯২৯)
লেলিন বঁটা(১৯৫৭)

স্বাক্ষৰ

চি ভি ৰামন বা চন্দ্ৰশেখৰ ভেংকটাৰামন (ইংৰাজী: Chandrasekhara Venkata Raman) (১৮৮৮-১৯৭০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতলৈ ন'বেল বঁটাৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত ছাৰ চন্দ্ৰশেখৰ ভেংকটাৰামন অন্যতম। এছিয়াৰ ভিতৰতে ১৯৩০ চনত বিজ্ঞান বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেংকটাৰামন আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক ভাৰত চৰকাৰে ১৯৫৪ চনত ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি পেৰিছ, ৰাছিয়া, হাঙ্গেৰীৰ অকাডেমি অফ ছায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও ইউৰোপ আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।[1]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

চন্দ্ৰশেখৰ ভেংকটাৰামনৰ জন্ম হয় ১৮৮৮ চনৰ ৭ নৱেম্বৰত, চেন্নাইৰ (মাদ্ৰাজ, তামিলনাডু) ত্ৰিচিনাপল্লীৰ ওচৰৰ থিৰুভানা ইককেভাল গাঁৱত[2]। পিতৃৰ আঠোটা সন্তানৰ ভিতৰত তেওঁ আছিল দ্বিতীয় সন্তান। প্ৰাথমিক শিক্ষা ৱালটায়াৰৰ পৰা লাভ কৰিছিল। ১১ বছৰ বয়সতে তেও প্ৰৱেশিকা পৰীক্ষা আৰু ১৯০১ চনত তেওঁ ৱালটায়াৰৰ পৰাই আই-এ পৰীক্ষাত উৰ্ত্তীণ হয়। তাৰ পাছত তেওঁ মাদ্ৰাজৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হৈছিল। আৰু তাৰ পৰাই তেওঁ ১৫ বছৰ বয়সতে স্নাতক আৰু ১৮ বছৰ বয়সত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হয়। উল্লেখযোগ্য যে তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিছিল যদিও চলি প্ৰথা মতে তেওঁ স্নাতক কলা আৰু স্নাতকোত্তৰ কলা বুলিহে লিখিব লগা হৈছিল। কলেজত পঢ়া সময়ৰে পৰা তেওঁ বিজ্ঞান বিষয়ৰ শব্দ, তাপ, আৰু বিদ্যুত বিষয়ক ভালেমান তথ্য উলিয়াছিল। সেয়ে ১৯০৬ চনত তেওঁৰ দি লনদন ফিল'ছফিকেল মেগাজিনত এটা গধুৰ প্ৰবন্ধ প্ৰকাশ কৰি বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল। স্নাতকোত্তৰ পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাছত তেওঁৰ বিলাতলৈ যোৱাৰ সকলো খৰচ চৰকাৰেই বহন কৰিবলৈ বিচাৰিছিল যদিও তেওঁৰ সেই যাত্ৰা হৈ নুঠিল। তেওঁ সৰ্বভাৰতীয় বিত্ত বিভাগৰ প্ৰতিযোগিতামূলক পৰীক্ষা পাৰদৰ্শিতাৰে অৱত্তীৰ্ণ হৈছিল। তাৰ পাছতেই তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল[1]

কৰ্মজীৱন আৰু গবেষণা[সম্পাদনা কৰক]

চন্দ্ৰচেখৰ ভেংকটাৰামনে ১৯০৭ চনৰ পৰা ১৯১৭ চনলৈ তেওঁ চাকৰিৰ দায়িত্বত ৰেঙ্গুন আৰু নাগপুৰত আছিল। ১৯১৭ চনত তেওঁ বিত্তীয় বিভাগৰ চাকৰি এৰি দিলে। সেই সময়তে কলিকতা বিজ্ঞান কলেজ প্ৰতিষ্ঠা হোৱাত, সেই কলেজতে ৰামনে পালিত অধ্যাপক হিচাপে চাকৰিত যোগদান কৰিলে। ভায়লিনৰ তাঁৰৰ ওপৰত ৰমণে দেখুওৱা চমকপ্ৰদ গৱেষণাৰ বাবে মুগ্ধ হৈ আশুতোষ মুখাৰ্জীয়ে ৰমণক এই পদ দিয়ে, সেই সময়ত পালিত অধ্যাপকজন বিদেশৰ পৰা শিক্ষাপ্ৰাপ্ত হোৱাৰ নিয়ম আছিল। কিন্তু ৰমণ ইংলেণ্ডলৈ গৈ শিক্ষা লোৱাৰ পক্ষপাতী নাছিল বাবে আশুতোষ মুখাৰ্জীয়ে সেই নিয়মটোকেই উঠাই দিছিল। অধ্যাপক পদত থাকিয়ে তেওঁ গৱেষণাত মনোনিবেশ কৰি থাকিল আৰু এটাৰ পাছত এটা চমকপ্ৰদ বস্তু আৱিষ্কাৰ কৰি বিশ্বকে চমক লগাইছিল। ১৯১৯ চনৰ পৰা তেওঁ সন্থাৰ অবৈতনিক সম্পাদক নিযুক্ত হৈছিল।

চন্দ্ৰশেখৰ ভেংকটাৰামনৰ জীৱনৰ উদ্দেশ্য আছিল বিজ্ঞানিক হোৱা, বিজ্ঞানৰ চৰ্চাতে জীৱন কটোৱা। কিন্তু তাৰ সলনি তেওঁ হল এজন গাণিতিক-সেয়ে পাছলৈ অন্তৰ্দ্বগ্ধত ভুগি, কলিকতা চহৰৰ মাজেৰে ডেল হাউচী স্কোৱাৰৰ পৰা শিয়ালদহলৈ ট্ৰামেৰে গৈ থাকোঁতে বউবাজাৰ ষ্ট্ৰীটত তেওঁৰ চকু পৰিল এখন চাইন বোৰ্ডত, চাইন বোৰ্ডখনত লিখা আছিল--দি ইণ্ডিয়ান এচোচিয়েচন ফৰ দি কাল্টিভেচন অব্ চায়েন্স। তেওঁ যিমানদূৰ পাৰে সোনকালে ট্ৰামৰ পৰা নামি, চাইন বোৰ্ড দিয়া ঘৰটো বিচাৰি আহিল আৰু লগ পালে অনুষ্ঠানটিৰ সম্পাদক ডাঃ অমৃতলাল চৰকাৰক। তেতিয়াৰে পৰা গৱেষণাগাৰলৈ নিয়মিয়াকৈ আহিবলৈ ধৰিলে।

১৯২১ চনটো ৰামনৰ কাৰণে বৰ সৌভাগ্যৰ বছৰ আছিল, এই বছৰটোতে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে অক্সফোৰ্ডত অনুষ্ঠিত বিশ্ববিদ্যালয় কংগ্ৰছত যোগদান কৰিছিল। তাতেই তেওঁ পৃথিৱীৰ বিভিন্ন বিজ্ঞানীৰ লগত পদাৰ্থ বিজ্ঞানৰ জটিল সমস্যাবিলাক মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ভূমধ্য সাগৰেৰে তেওঁ লণ্ডনৰ পৰা ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত প্ৰসাৰিত হোৱা নীলা জলৰাশি দেখি কিয় নীলা ৰঙৰ হয় সেয়া জানিবলৈ তেওঁ নিজৰ হাতত থকা নিকল প্ৰিজমটো উলিয়াই সাগৰৰ জলৰাশিলৈ লক্ষ্য কৰিলে, আৰু পোহৰৰ প্ৰতিক্ৰিয়াৰ বাবেই হয় যে জানিব পাৰিলে। তেওঁৰ গৱেষণাৰ ফলতেই তৰংগ তত্ত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিদ্যা বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল। সুদীৰ্ঘ ১২ বছৰ গৱেষণাৰ অন্তত চন্দ্ৰশেখৰ ভেংকটাৰামনৰ ১৮০০ৰো ওপৰ গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯৩০ চনত ৰামনৰ এই আৱিষ্কাৰ সমূহে ৰামনলৈ বিশ্বখ্যাতি কঢ়িয়াই আনিলে। ইয়াৰ বাবেই তেওঁ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হল। ১৯৩০ চনৰ ১০ ডিচেম্বৰত ষ্টক’হমত অনুষ্ঠিত হোৱা ন'বেল বঁটা প্ৰদান অনুষ্ঠানত তেওঁ নিজে উপস্থিত হৈ এই বঁটা গ্ৰহণ কৰিছিল।

চন্দ্ৰশেখৰ ভেংকটাৰামনৰ সম্পাদনাত ভাৰতীয় পদাৰ্থ বিজ্ঞান নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। তদুপৰি তেওঁৰ তত্ত্বাৱদানত ওলাইছিল Procedings আৰু Current Science নামৰ দুখন আলোচনীৰো সভাপতিত্ব কৰিছিল তেৱেঁই। ন'বেল বঁটা পোৱাৰ পাছত কিছুদিন কলিকতাত থাকি, তেওঁ বাংগালোৰত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত যোগদান কৰিছিল। ইয়াৰ পিছত তেওঁ নিজে ১৯৪৮ চনৰ পৰা এটা ৰামন ৰিচাৰ্ছ ইনষ্টিটিউট নামৰ গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি মৃত্যুৰ আগলৈকে তাত গৱেষণাতে কটাইছিল। তেওঁ যিটো যন্ত্ৰৰ সহায়ত গৱেষণা কৰি ন'বেল বঁটা পাইছিল, তাৰ মূল্য আছিল মাত্ৰ দুশ টকাহে। তেওঁ দৈনিক সন্ধিয়া ৫-৩০ বাজৰ পৰা ১০ বজালৈ গৱেষণাগাৰতে কটাইছিল[1]

মৃত্যু[সম্পাদনা কৰক]

চন্দ্ৰশেখৰ ভভেংকটাৰামনৰ ১৯৭০ চনৰ ২১ নবেম্বৰত বাংগালোৰত পৰলোক প্ৰাপ্তি হয়।

পুৰস্কাৰ আৰু সন্মান সমূহ[সম্পাদনা কৰক]

  1. পদাৰ্থ বিজ্ঞানন'বেল বঁটা (১৯৩০),
  2. ভাৰত ৰত্ন বঁটা (১৯৫৪),[3]
  3. নাইট উপাধি (১৯২৯),
  4. ম্যাটুৰ্হচি সোণৰ বঁটা (১৯২৯),
  5. লেলিন শান্তি বঁটা, (১৯৫৭)[4]

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস[সম্পাদনা কৰক]

প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চি. ভি. ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়[5], ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১৬, ১৭,১৮,১৯. 
  2. Sir C. V. Raman (1988). Scientific Papers of C.V. Raman: Acoustics Volume 2. Indian Academy of Sciences. পৃষ্ঠা. ix. 
  3. "Padma Awards Directory (1954–2007)" (pdf). Ministry of Home Affairs. Archived from the original on 10 April 2009. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: 26 November 2010. 
  4. "C.V. Raman: The Raman Effect". American Chemical Society. http://portal.acs.org/portal/PublicWebSite/education/whatischemistry/landmarks/ramaneffect/index.htm। আহৰণ কৰা হৈছে: June 6, 2012. 
  5. "ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস". আকাশবাণী. Archived from the original on 2018-12-25. https://web.archive.org/web/20181225144150/http://www.newsonair.com/news.asp?cat=national&id=NN5654। আহৰণ কৰা হৈছে: ২০০৯-০২-২৮. 
  6. "Science Day: Remembering Raman". Zee News (India). 27 February 2009. http://zeenews.india.com/sci-tech/miscellaneous/2009-02-27/511267news.html. 

অধিক পঢ়ক[সম্পাদনা কৰক]

  • Miller, Foil A.; Kauffman, George (1989). "C. V. Raman and the Discovery of the Raman effect". Journal of Chemical Education খণ্ড 66 (10): 795–801. doi:10.1021/ed066p795. 
  • Ramaseshan S: C.V.Raman. Journal of Madras University, section B, Sept.1983, 46(1): 1–16.
  • Scientific Papers of CV Raman, Ed. S Ramaseshan, Indian Academy of Sciences, Bangalore 1988.
  • Sri Kantha S: The discovery of the Raman Effect and its impact in Biological Sciences. European Spectroscopy News, Aug/Sept. 1988, no.80, 20, 22, 24 & 26.
  • Sri Kantha S: Raman's prize. Nature, 1989; 340: 672.
  • Fabelinski I,L. Priority and the Raman Effect. Nature, 1990; 343: 686.
  • "CV Raman centennial issue". Journal of the Indian Institute of Science খণ্ড 68 (11–12). 1988. http://www.archive.org/details/RamanCentennial. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]