ভেংকটৰমণ ৰামাকৃষ্ণণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভেংকটৰমণ ৰামাকৃষ্ণণ
Venkatraman Ramakrishnan
৬২ সংখ্যক ৰয়েল ছ'ছাইটিৰ সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০১৫
পূৰ্বসূৰী পল নাৰ্ছ
ব্যক্তিগত তথ্য
জন্ম
ভেংকটৰমণ ৰামাকৃষ্ণণ

১৯৫২ (বয়স ৭১–৭২)[1]
চিদাম্বৰম, তামিলনাডু, ভাৰত
নাগৰিকত্ব
  • ব্ৰিটিছ যুক্তৰাষ্ট্ৰ
  • আমেৰিকা যুক্তৰাষ্ট্ৰ
দাম্পত্যসঙ্গী ভেৰা ৰজেনবেৰী (বি. ১৯৭৫)[1]
সন্তান এজন পুত্ৰ
এজনী সতীয়া কন্যা[1]
বাসস্থান ব্ৰিটিছ যুক্তৰাষ্ট্ৰ
ৱেবছাইট www2.mrc-lmb.cam.ac.uk/group-leaders/n-to-s/venki-ramakrishnan
ক্ষেত্ৰ
কৰ্মস্থান
শিক্ষানুষ্ঠান
ডক্তৰেল পৰামৰ্শদাতা ট’ম'য়াচু টানাকা[1][4]
জনা যায়
প্ৰভাৱ
উল্লেখনীয় বঁটা

ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ (ইংৰাজী: Venkatraman "Venki" Ramakrishnan; জন্ম: ১৯৫২)[3] ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।[8] "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক যুটীয়াভাবে ৰসায়ন বিজ্ঞানন'বেল বঁটা প্ৰদান কৰা হয়।[6][9][10][11][12]

১৯৯৯ চনৰ পৰা ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ কেমব্ৰিজ বায়’মে’ডিকেল কেম্পাছত অৱস্থিত মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল (MRC) লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জি (LMB) ত গোটৰ লীডাৰ হিচাপে ভেংকি ৰামাকৃষ্ণণে কাম কৰি আহিছে।[13][14]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

তামিলনাডুৰ কাদ্দালোৰ জিলাৰ চিদাম্বৰম নামে ঠাইত এটা তামিল হিন্দু পৰিয়ালত ভেংকি ৰামাকৃষ্ণণৰ জন্ম হৈছিল।[15] ভেংকি ৰামাকৃষ্ণণৰ পিতৃ চি. ভি. ৰামাকৃষ্ণণ আছিল বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক আৰু মাতৃ ৰাজলক্ষ্মী ৰামাকৃষ্ণণো আছিল এগৰাকী বিজ্ঞানী।[1][16][17] ভেংকি ৰামাকৃষ্ণণৰ সৰু ভনীয়েক ললিতা ৰামাকৃষ্ণণ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান বিভাগত ইমিউনল'জি আৰু সংক্ৰমিত ৰোগৰ প্ৰাধ্যাপক[18] আৰু ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য।[19]

তিনি বছৰ বয়সত ভেংকি ৰামাকৃষ্ণণে পৰিয়ালৰ সৈতে গুজৰাটৰ বৰোদালৈ (বৰ্তমানৰ বদোদৰা) আহে আৰু ইয়াতেই প্ৰাৰম্ভিক শিক্ষা জীৱনৰ পাতনি মেলে। ১৯৭১ চনত ভেংকটৰমণে বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[10] স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই ভেংকটৰমণে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু ১৯৭৬ চনত অহিঅ’ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ট’ম'য়াচু টানাকাৰ নিৰীক্ষণত পি এইচ ডি লাভ কৰে।[20][4][21][22] ইয়াৰ পাছত ভেংকটৰমণে কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগ’ত স্নাতক ছাত্ৰ হিচাপে দুবছৰ জীৱবিজ্ঞান অধ্যয়ন কৰি কটাইছিল।[23]

জীৱিকা আৰু গৱেষণা[সম্পাদনা কৰক]

য়েল বিশ্ববিদ্যালয়ত প'ষ্ট-ডক্ট'ৰেল ফেল’ হিচাপে ভেংকি ৰামাকৃষ্ণণে পীটাৰ মূৰৰ সৈতে ৰাইব'জ'মৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰে।[10] প'ষ্ট-ডক্ট’ৰেট কৰাৰ পাছত প্ৰথমাৱস্থাত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত ৫০ খন বিশ্ববিদ্যালয়ত আৱেদন দিয়া সত্বেও ফেকাল্টি স্থান এটা যোগাৰ কৰিব পৰা নাছিল।[24]

১৯৮৩-৯৫ চনৰ পৰা ব্ৰুকহাভেন ৰাষ্ট্ৰীয় গৱেষণাগাৰত এজন বিজ্ঞানী হিচাপে ৰামাকৃষ্ণণে ৰাইব'জ'মৰ ওপৰত কাম অব্যাহত ৰাখে।[2] ১৯৯৫ চনত তেওঁ উটাহ বিশ্ববিদ্যালয়লৈ গৈ তাত জৈৱ ৰসায়নৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯৯ চনৰ পৰা ইংলেণ্ডৰ মে'ডিকেল ৰিচাৰ্ছ কাউঞ্চিল লেবৰেট'ৰি অৱ মলিকিউলাৰ বায়'ল'জিত গোটৰ লীডাৰ হিচাপে কাম কৰি আহিছে।

১৯৯৯ চনত ৰামাকৃষ্ণণৰ গৱেষণাগাৰত ৰাইব'জ'মৰ ৩০এছ উপএককৰ এটা ৫.৫ আংষ্ট্ৰম ৰে'য'লূশ্ব'নৰ গঠন প্ৰকাশ কৰা হৈছে। তাৰ পাছৰ বছৰত, তেওঁৰ গৱেষণাগাৰত ৰাইব'জ'মৰ ৩০এছ উপএককৰ সম্পূৰ্ণ আণৱিক গঠন আৰু কিছুসংখ্যক প্ৰতিজৈৱিকৰ সৈতে ইয়াৰ সংমিশ্ৰণ নিৰ্ণয় কৰা হয়। ২০০৭ চনত তেওঁৰ গৱেষণাগাৰত পৰিবাহী ৰাইব'নিউক্লিক এচিড (tRNA) আৰু বাৰ্তাবাহী ৰাইব'নিউক্লিক এচিডৰ (mRNA) লিগাণ্ডসমূহৰ সৈতে সম্পূৰ্ণ ৰাইব'জ'মৰ পাৰমাণৱিক গঠন জটিলতাৰে নিৰ্ধাৰণ কৰা হৈছিল। নতুন ৰাইব'জ'মৰ গঠন নিৰ্ণয় কৰিবলৈ ২০১৩ চনৰ পৰা ৰামাকৃষ্ণণে প্ৰাথমিকভাবে ক্ৰায়'-বিদ্যুৎচুম্বকীয় তৰংগ ব্যৱহাৰ কৰিছে।[25][26] উল্লেখযোগ্য যে হিষ্ট'ন আৰু ক্ৰ'মেটিনৰ গঠন সম্পৰ্কীয় গৱেষণাৰ বাবেও ভেংকি ৰামাকৃষ্ণণ জনাজাত।

স্ক'পাছৰ মতে[27] ২০১৫ চনলৈ ৰামাকৃষ্ণণৰ আটাইতকৈ উদ্ধৃত গৱেষণা পত্ৰসমূহ নেচাৰ[28][29][30], ছায়েন্স[31][32] আৰু চেল[33][34][35] জাৰ্ণেলত প্ৰকাশ হৈছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

২০০৯ চনত ন'বেল বঁটাৰ এখন সংবাদমেলত ভেংকটৰমণ ৰামাকৃষ্ণণ
নাইট উপাধিৰ প্ৰতীক

২০০২ চনত ইউৰোপীয়ান মলিকিউলাৰ বায়'ল'জি অগেনাইযেশ্বনৰ (EMBO) সদস্য[36], ২০০৩ চনত ৰয়েল ছ'ছাইটিৰ সদস্য (FRS)[37] আৰু ২০০৪ চনত ইউ.এছ. নেচনেল একাডেমী অৱ ছায়েন্সেছৰ সদস্য হিচাপে ভেংকি ৰামাকৃষ্ণণ নিৰ্বাচিত হয়। ২০০৭ চনত ৰামাকৃষ্ণণক চিকিৎসা বিজ্ঞানৰ লুইছ-জীনটেট বঁটা, দত্ত লে'কচাৰশ্বিপ আৰু ফেডাৰেচন অৱ ইউৰোপীয়ান বায়'কেমিকেল ছ'ছাইটিজৰ (FEBS) মেডেল প্ৰদান কৰা হয়। ২০০৮ চনত ৰামাকৃষ্ণণে ব্ৰিটিছ বায়'কেমিকেল ছ'ছাইটিৰ ‘হীটলী মেডেল’ লাভ কৰে। ২০০৮ চনৰ পৰা ৰামাকৃষ্ণণ কেমব্ৰিজৰ ট্ৰিনিটি কলেজৰ অধিসদস্য আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ বিদেশী অধিসদস্য। ২০১০ চনত একাডেমী অৱ মেডিকেল ছায়েন্সেছৰ এজন সন্মানীয় অধিসদস্য হিচাপে ৰামাকৃষ্ণণ নিৰ্বাচিত হয় আৰু বৰোদাৰ মহাৰাজা ছয়াজীৰাৱ বিশ্ববিদ্যালয়কে ধৰি উটাহ বিশ্ববিদ্যালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে। ইয়াৰোপৰি অ'ক্সফ'ৰ্ডৰ ছ'মাৰভিল কলেজৰ এজন সন্মানীয় অধিসদস্য হিচাপেও ৰামাকৃষ্ণণ নিৰ্বাচিত হৈছে।[38]

২০০৯ চনত থ'মাছ এ. ষ্টীটজ্ আৰু আডা য'নাটৰ সৈতে ভেংকি ৰামাকৃষ্ণণক ৰসায়ন বিজ্ঞানন'বেল বঁটা প্ৰদান কৰা হয়।[39] ২০১০ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে ৰামাকৃষ্ণণক সন্মানিত কৰা হয়।[40] আণৱিক জীৱবিজ্ঞানলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে ২০১২ নিউ ইয়েৰ অনাৰ্চত ভেংকি ৰামাকৃষ্ণণলৈ ‘নাইট’ উপাধি প্ৰদান কৰা হৈছিল।[7] সেই একেটা বছৰতে তেওঁক ফেডাৰেচন অৱ ইউৰোপীয়ান বায়'কেমিকেল ছ'ছাইটিজে (FEBS) ‘ছাৰ হানছ্ ক্ৰেবছ্’ মেডেল প্ৰদান কৰে। ২০১৪ চনত তেওঁক স্পেইনৰ ফাণ্ডাচিয়ন কনচিটা ৰাবাগোয়ে ৪৬ সংখ্যক জিমিনেজ-ডায়াজ বঁটা প্ৰদান কৰে। ২০১৩ চনৰ ১৪ ডিচেম্বৰত ভাৰতৰ এনডিটিভি চেনেলটোৱে ২৫ জন মহান গোলকীয় জীৱিত ভাৰতীয় ব্যক্তিৰ তালিকাত ভেংকি ৰামাকৃষ্ণণৰ নামো অন্তৰ্ভুক্ত কৰিছে। ভেংকি ৰামাকৃষ্ণণৰ ৰয়েল ছ'ছাইটিত নিৰ্বাচনৰ প্ৰমাণ পত্ৰত এইদৰে উল্লেখ আছে:

Ramakrishnan is internationally recognised for determination of the atomic structure of the 30S ribosomal subunit. Earlier he mapped the arrangement of proteins in the 30S subunit by neutron diffraction and solved X-ray structures of individual components and their RNA complexes. Fundamental insights came from his crystallographic studies of the complete 30S subunit. The atomic model included over 1500 bases of RNA and 20 associated proteins. The RNA interactions representing the P-site tRNA and the mRNA binding site were identified and the likely modes of action of many clinically important antibiotics determined. His most recent work goes to the heart of the decoding mechanism showing the 30S subunit complexed with poly-U mRNA and the stem-loop of the cognate phenylalanine tRNA. Anti-codon recognition leaves the "wobble" base free to accommodate certain non-Watson/Crick basepairs, thus providing an atomic description of both codon:anti-codon recognition and "wobble". He has also made substantial contributions to understanding how chromatin is organised, particularly the structure of linker histones and their role in higher order folding.[41]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৭৫ চনত ৰামাকৃষ্ণণ এগৰাকী লেখক তথা শিশু গ্ৰন্থৰ চিত্ৰকৰ ভেৰা ৰজেনবেৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[1] ভেংকটৰমণৰ সতীয়া কন্যা টানিয়া কাপকা অৰেগনত এগৰাকী চিকিৎসক আৰু পুত্ৰ ৰমণ ৰামাকৃষ্ণণ নিউ ইয়ৰ্কত এজন বেহেলাবাদক।[42]

সাহিত্যকৃতি[সম্পাদনা কৰক]

  • Gene machine. The race to decipher the secrets of the ribosome

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 "Venkatraman Ramakrishnan - Biography: From Chidambaram to Cambridge: A Life in Science". প্ৰকাশক Stockholm: nobelprize.org. Archived from the original on 2015-04-18. https://web.archive.org/web/20150418053610/http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2009/ramakrishnan-bio.html. 
  2. 2.0 2.1 Cerf, Corinne; Lippens, Guy; Muyldermans, Serge; Segers, Alain; Ramakrishnan, V.; Wodak, Shoshana J.; Hallenga, Klaas; Wyns, Lode (1993). "Homo- and heteronuclear two-dimensional NMR". Biochemistry খণ্ড 32 (42): 11345–11351. doi:10.1021/bi00093a011. 
  3. 3.0 3.1 RAMAKRISHNAN, Sir Venkatraman. Who's Who. 2015 (online Oxford University Press সম্পাদনা). A & C Black, an imprint of Bloomsbury Publishing plc. http://www.ukwhoswho.com/view/article/oupww/whoswho/U45543.  closed access publication – behind paywall (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  4. 4.0 4.1 Ramakrishnan, Venkatraman; Tanaka, Tomoyasu (1977). "Green's-function theory of the ferroelectric phase transition in potassium dihydrogen phosphate (KDP)". Physical Review B খণ্ড 16 (1): 422–426. doi:10.1103/physrevb.16.422. 
  5. Louis-Jeantet Prize
  6. 6.0 6.1 "2009 Chemistry Nobel Laureates". Nobel Foundation. 2009. http://nobelprize.org/nobel_prizes/chemistry/laureates/2009/। আহৰণ কৰা হৈছে: 2009-10-14. 
  7. 7.0 7.1 London Gazette, issue: 60009, date: 31 December 2011
  8. Peplow, M. (2015). "Structural biologist named president of UK Royal Society". Nature. doi:10.1038/nature.2015.17153. 
  9. Rodnina, Marina V.; Wintermeyer, Wolfgang (2010). "The ribosome goes Nobel". Trends in Biochemical Sciences খণ্ড 35 (1): 1–5. doi:10.1016/j.tibs.2009.11.003. PMID 19962317. 
  10. 10.0 10.1 10.2 "Venkatraman_Ramakrishnan". University of Cambridge. Archived from the original on 2015-04-19. https://web.archive.org/web/20150419055305/http://www.mrc-lmb.cam.ac.uk/ribo/homepage/ramak/. 
  11. Venkatraman Ramakrishnan Audio Interview Official Nobel Foundation website telephone interview
  12. Venki Ramakrishnan আধিকাৰিক ৱেবছাইট
  13. Nair, Prashant (2011). "Profile of Venkatraman Ramakrishnan". Proceedings of the National Academy of Sciences খণ্ড 108 (38): 15676–15678. doi:10.1073/pnas.1113044108. PMID 21914843.  open access publication – free to read
  14. "Biologist Venki Ramakrishnan to lead Royal Society". প্ৰকাশক London: BBC News. 2015-03-18. Archived from the original on 2015-10-10. https://web.archive.org/web/20151010063036/http://www.bbc.co.uk/news/science-environment-31869779. 
  15. "Common root: Tamil Nadu gets its third laureate". TNN. Times of India. 8 October 2009. http://timesofindia.indiatimes.com/articleshow/msid-5099742,prtpage-1.cms. 
  16. http://www.asianwindow.com/tag/venkatraman-venki-ramakrishnan/
  17. Ramakrishnan, C. V.; Banerjee, B. N. (1951). "Mould Lipase: Effect of Addition of Vitamins and Sterol to the Cake Medium on the Growth and the Activity of the Lipolytic Mould". Nature খণ্ড 168 (4282): 917–918. doi:10.1038/168917a0. PMID 14899529. 
  18. "Lalita Ramakrishnan Home page in Department of Medicine, University of Cambridge". Archived from the original on 2019-12-08. https://web.archive.org/web/20191208044916/https://www.med.cam.ac.uk/ramakrishnan/। আহৰণ কৰা হৈছে: 2019-01-13. 
  19. "Lalita Ramakrishnan elected to the U.S. National Academy of Sciences". University of Cambridge. http://www.cam.ac.uk/for-staff/awards/lalita-ramakrishnan-elected-to-the-us-national-academy-of-sciences। আহৰণ কৰা হৈছে: 30 January 2016. 
  20. Ramakrishnan, Venkatraman (1976). The Green function theory of the ferroelectric phase transition in KDP (PhD thesis). Ohio University. OCLC 3079828. http://search.proquest.com/docview/302809453/. 
  21. "Venkatraman Ramakrishnan: a profile". Times of India. 2009-10-07. http://timesofindia.indiatimes.com/articleshow/msid-5098151,prtpage-1.cms। আহৰণ কৰা হৈছে: 2009-10-07. 
  22. "FACTBOX: Nobel chemistry prize – Who are the winners?". Reuters. 2009-10-07. https://www.reuters.com/articlePrint?articleId=USTRE5962EE20091007। আহৰণ কৰা হৈছে: 2009-10-07. 
  23. "Profile: Dr Venkatraman Ramakrishnan". Indian Express. 7 October 2009. http://www.indianexpress.com/story-print/526251/। আহৰণ কৰা হৈছে: 2009-10-07. 
  24. "Nobel laureate Venkat Ramakrishnan failed IIT, medical entrance tests". The Times Of India. 2010-01-05. http://timesofindia.indiatimes.com/india/Nobel-laureate-Venkat-Ramakrishnan-failed-IIT-medical-entrance-tests/articleshow/5414148.cms. 
  25. Fernández, Israel S.; Bai, Xiao-Chen; Hussain, Tanweer; Kelley, Ann C.; Lorsch, Jon R.; Ramakrishnan, V.; Scheres, Sjors H. W. (2013-11-15). "Molecular architecture of a eukaryotic translational initiation complex". Science খণ্ড 342 (6160): 1240585. doi:10.1126/science.1240585. ISSN 1095-9203. PMID 24200810. 
  26. Amunts, Alexey; Brown, Alan; Bai, Xiao-Chen; Llácer, Jose L.; Hussain, Tanweer; Emsley, Paul; Long, Fei; Murshudov, Garib et al. (2014-03-28). "Structure of the yeast mitochondrial large ribosomal subunit". Science খণ্ড 343 (6178): 1485–1489. doi:10.1126/science.1249410. ISSN 1095-9203. PMID 24675956. 
  27. ভেংকটৰমণ ৰামাকৃষ্ণণ's publications indexed by the Scopus bibliographic database. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  28. Ramakrishnan, V.; Wimberly, Brian T.; Brodersen, Ditlev E.; Clemons, William M.; Morgan-Warren, Robert J.; Carter, Andrew P.; Vonrhein, Clemens; Hartsch, Thomas (2000). "Structure of the 30S ribosomal subunit". Nature খণ্ড 407 (6802): 327–339. doi:10.1038/35030006. PMID 11014182. 
  29. Ramakrishnan, V.; Carter, Andrew P.; Clemons, William M.; Brodersen, Ditlev E.; Morgan-Warren, Robert J.; Wimberly, Brian T. (2000). "Functional insights from the structure of the 30S ribosomal subunit and its interactions with antibiotics". Nature খণ্ড 407 (6802): 340–348. doi:10.1038/35030019. PMID 11014183. 
  30. Ramakrishnan, V.; Finch, J. T.; Graziano, V.; Lee, P. L.; Sweet, R. M. (1993). "Crystal structure of globular domain of histone H5 and its implications for nucleosome binding". Nature খণ্ড 362 (6417): 219–223. doi:10.1038/362219a0. PMID 8384699. 
  31. Ogle, J. M.; Brodersen, DE; Clemons, WM Jr; Tarry, MJ; Carter, AP; Ramakrishnan, V (2001). "Recognition of Cognate Transfer RNA by the 30S Ribosomal Subunit". Science খণ্ড 292 (5518): 897–902. doi:10.1126/science.1060612. PMID 11340196. 
  32. Semenza, C; Butterworth, B; Panzeri, M; Ferreri, T (1990). "Word formation: New evidence from aphasia". Neuropsychologia খণ্ড 28 (5): 499–502. doi:10.1016/0028-3932(90)90075-y. PMID 1695997. 
  33. Brodersen, Ditlev E.; Clemons, William M.; Carter, Andrew P.; Morgan-Warren, Robert J.; Wimberly, Brian T.; Ramakrishnan, V. (2000). "The Structural Basis for the Action of the Antibiotics Tetracycline, Pactamycin, and Hygromycin B on the 30S Ribosomal Subunit". Cell খণ্ড 103 (7): 1143–1154. doi:10.1016/s0092-8674(00)00216-6. PMID 11163189. 
  34. Ramakrishnan, V. (2002). "Ribosome Structure and the Mechanism of Translation". Cell খণ্ড 108 (4): 557–572. doi:10.1016/s0092-8674(02)00619-0. PMID 11909526. 
  35. Ogle, James M.; Murphy, Frank V.; Tarry, Michael J.; Ramakrishnan, V. (2002). "Selection of tRNA by the Ribosome Requires a Transition from an Open to a Closed Form". Cell খণ্ড 111 (5): 721–732. doi:10.1016/s0092-8674(02)01086-3. PMID 12464183. 
  36. "The EMBO Pocket Directory". European Molecular Biology Organization. Archived from the original on 2015-03-16. https://web.archive.org/web/20150316002020/http://www.embo.org/documents/members/The_EMBO_Pocket_Directory.pdf. 
  37. "Sir Venki Ramakrishnan FRS". প্ৰকাশক London: Royal Society. Archived from the original on 2015-09-06. https://web.archive.org/web/20150906214606/https://royalsociety.org/people/venki-ramakrishnan-12139/. 
  38. "Emeritus and Honorary Fellows". Somerville College, Oxford. https://www.some.ox.ac.uk/about-somerville/emeritus-and-honorary-fellows/। আহৰণ কৰা হৈছে: 26 August 2018. 
  39. "All Nobel Laureates in Chemistry". Nobel Foundation. http://nobelprize.org/nobel_prizes/chemistry/laureates/index.html। আহৰণ কৰা হৈছে: 2009-10-07. 
  40. "This Year's Padma Awards announced" (Press release). [[Ministry of Home Affairs (India) |Ministry of Home Affairs]]. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307। আহৰণ কৰা হৈছে: 25 January 2010. 
  41. "Venkatraman Ramakrishnan: Certificate of Election EC/2003/31". প্ৰকাশক London: The Royal Society. 2003. Archived from the original on 18 June 2015. https://www.webcitation.org/6ZNwVKXUn?url=https://collections.royalsociety.org/DServe.exe?dsqIni=Dserve.ini&dsqApp=Archive&dsqCmd=Show.tcl&dsqDb=Catalog&dsqPos=1&dsqSearch=((text)='ramakrishnan')। আহৰণ কৰা হৈছে: 18 June 2015. 
  42. Amit Roy (17 Oct 2009). "'Venki' makes light of India link – Winner says not to treat science like cricket; league of misses grows". The Telegraph (Kolkata). http://www.telegraphindia.com/1091017/jsp/frontpage/story_11626163.jsp। আহৰণ কৰা হৈছে: 2009-10-17. 

বাহ্যিক লিংক[সম্পাদনা কৰক]