সমললৈ যাওক

অমৰ্ত্য সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমৰ্ত্য সেন
ব্যক্তিগত তথ্য
জন্ম ১১ নৱেম্বৰ, ১৯৩৩ (৯২ বছৰ)
শান্তিনিকেতন, বেংগল প্ৰেছিডেঞ্চী, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পশ্চিমবংগ, ভাৰত)
নাগৰিকত্ব ভাৰতীয়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
দাম্পত্যসঙ্গী নৱনীতা দেৱ সেন, ইভা ক'লোৰণি, এমা ৰ'থশ্বিল্ড

অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen; ১৯৩৩ - বৰ্তমান) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ আৰু দাৰ্শনিক। ১৯৭২ চনৰ পৰা সেনে ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপনা আৰু কাম কৰি আহিছে৷ ১৯৯৮ চনত সেনে কল্যাণমূলক অৰ্থনীতিৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে অৰ্থনীতিন'বেল বঁটা লাভ কৰিছিল৷ [1] ইয়াৰোপৰি সেনে সামাজিক নিৰ্বাচন তত্ত্ব, অৰ্থনৈতিক আৰু সামাজিক ন্যায়, দুৰ্ভিক্ষৰ অৰ্থনৈতিক তত্ত্ব, সিদ্ধান্ত তত্ত্ব, বিকাশ অৰ্থনীতি, ৰাজহুৱা স্বাস্থ্য আদি একাধিক ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াইছে ৷[2]

অমৰ্ত্য সেন বৰ্তমান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ থমাছ ডব্লিউ লেমণ্ট ইউনিভাৰ্ছিটি প্ৰফেচাৰ আৰু অৰ্থনীতি আৰু দৰ্শনৰ অধ্যাপক৷ [3] ইয়াৰ পূৰ্বে তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত মাষ্টাৰ হিচাপে কৰ্মনিৰ্বাহ কৰিছিল৷[4] ১৯৯৯ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ অসামাৰিক সন্মান ভাৰত ৰত্ন লাভ কৰে৷ বিশ্ব ন্যায়ৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সামাজিক বৈষম্যৰ বিৰুদ্ধে যুঁজ দিয়া অগ্ৰণী বৃত্তিৰ বাবে জাৰ্মান পাব্লিচাৰ্ছ এণ্ড বুক চেলাৰ্ছ এছ’চিয়েশ্যনে তেওঁক জাৰ্মান বুক ট্ৰেডৰ ২০২০ চনৰ শান্তি বঁটা প্ৰদান কৰে।

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

অমৰ্ত্য সেনৰ জন্ম হয় ১৯৩৩ চনৰ ১১ নৱেম্বৰত, প্ৰথম ভাৰতীয় ন'বেল বঁটা বিজয়ী বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানসকুঞ্জ পশ্চিমবংগশান্তিনিকেতনত। তেওঁৰ পিতৃৰ নাম আশুতোষ সেন আৰু মাতৃ অমৃতা সেন। অমৰ্ত্য সেন এই নামটো ৰাখিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। এই নামটো ৰাখি তেওঁ পৰিয়ালৰ লোকক কৈছিল এইটো এটা অসাধাৰণ নাম। সৰুতে তেওঁৰ ঘৰত মতা নাম আছিলবাবলু। তেওঁৰ দাম্পত্য জীৱনত তিনি গৰাকী নাৰীক জীৱন সঙ্গী হিচাপে পাইছিল, তেওঁলোক যথাক্ৰমে নৱনীতা দেৱ সেন, ইভা ক'লোৰণিআৰুএমা ৰ'থশ্বিল্ড। প্ৰথমা গৰাকী পত্নীৰ ফালৰ সন্তান আছিল অন্তৰা আৰু নন্দনা। দ্বিতীয় গৰাকীৰ ফালৰ সন্তান আছিল ইন্দ্ৰাণী আৰু কবীৰ।[2]

অমৰ্ত্য সেনে তেওঁৰ শৈশৱ আৰু কৈশোৰ শান্তিনিকেতনতে অতি সাধাৰণভাবে অতিবাহিত কৰে। তেওঁ আছিল মাকৰ প্ৰথম সন্তান। শৈশৱতে ন'বেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথৰ আদৰ্শ আৰু সান্নিধ্যই জীৱনত তেওঁক বিশেষ ৰেখাপাত কৰিছিল। অমৰ্ত্য সেন মেধাশক্তি সম্পন্ন আছিল, সেয়ে যিকোনো কথা এবাৰ শুনি বা পঢ়ি আয়ত্ত কৰিব পাৰিছিল। তদুপৰি যিকোনো কথাতে আছিল তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠা। তেওঁৰ পৰ্যবেক্ষণ ক্ষমতাও প্ৰখৰ আছিল। লগৰীয়াৰ লগতো সমানে মিলিব পাৰিছিল, বন্ধুবৰ্গৰ লগত তেওঁ আলাপ কৰাৰ উদ্দেশ্য আছিল যাতে তেওঁলোকৰ পৰা নতুন কিবা কথা শিকিব পাৰে। সৰুতে অমৰ্ত্য সেন বন্দুক চলাই মেলাত দৰ্শকক স্তম্ভিত কৰিব পাৰিছিল। স্কুলীয়া জীৱনত তেওঁ এজন ভাল তাৰ্কিক ৰূপেও প্ৰতিষ্ঠা লাভ কৰিছিল। অমৰ্ত্য সেনে ইণ্টাৰমিডিয়েট স্তৰলৈকে শান্তিনিকেতনতেই পঢ়িছিল। কিশোৰ অমৰ্ত্য সেনে শান্তিনিকেতনৰ দাঁতি-কাষৰীয়া অঞ্চললৈ চাওঁতাল গাঁওবোৰলৈ গৈ গাঁৱৰ দুখীয়া লোকসকলক এমুঠি অন্ন দান কৰিবলৈ ঘৰে ঘৰে ঘূৰি মুষ্ঠি ভিক্ষা কৰিছিল।[2]

১৯৫১ চনত তেওঁ শান্তিনিকেতনত বিজ্ঞান বিষয়ত ইণ্টাৰমিডিয়েট পৰীক্ষাত পাছ কৰে। আই এছ চি পঢ়ালৈকে, তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৱ নে নাই সেই বিষয়ে পৰিয়ালৰ লোকৰ চিন্তাৰ কাৰণ হৈছিল। কিন্তু ভবাতকৈ তেওঁৰ পৰীক্ষাৰ খৱৰ বহু ভাল হৈছিল। তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তথাপি পৰিয়ালৰ চিন্তাই লগ এৰা দিয়া নাছিল, সেয়ে এইবাৰ তেওঁক বিজ্ঞান শাখাৰ সলনি কলা শাখাত নাম ভৰ্তি কৰিবলৈ দিহা দিলে। তাৰ পিছত তেওঁ কলকাতাপ্ৰেছিডেন্সি কলেজত ভৰ্তি হয়। তেওঁ কলেজত অৰ্থনীতি বিষয়ত মনোযোগেৰে পঢ়িবলৈ ধৰিলে। প্ৰেছিডেন্সি কলেজৰ অধ্যাপক ভৱতোষ দত্তৰ তেওঁ বিশেষ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হল। ১৯৫৩ চনত তেওঁ অৰ্থনীতি বিষয়ৰ অনাৰ্ছত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতক উপাধি লাভ কৰিবলৈ সক্ষম হয়। স্নাতক উপাধি লাভ কৰাৰ সময়ত তেওঁ মাত্ৰ ১৯ বছৰীয়া আছিল আৰু এই সময়ছোৱাতেই তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হয়। পৰিয়ালে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁক ইংলেণ্ডত পঢ়ুৱাবলৈকে ঠিক কৰিলে যাতে পঢ়া আৰু চিকিৎসা দুয়োটা সমানে চলাব পাৰে। সেয়ে তেওঁক ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ট্ৰিনিটি কলেজত নাম লগাই দিলে। কিছুদিন পিছত তেওঁ আৰোগ্য হল। ১৯৫৯ চনত তেওঁ এই কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰে। তেওঁ এই পৰীক্ষাত কৃতিত্ব দেখুওৱাৰ বাবে আডাম স্মিথ বঁটা লাভ কৰিবলৈও সক্ষম হয়। তাৰ পিছত তেওঁ পি. এইচ. ডি উপাধি লাভ কৰে। পি. এইচ.ডিত তেওঁৰ গৱেষণাৰ বিষয় বস্তু আছিল The Choice of Technique.[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৬ চনত অমৰ্ত্য সেন ইংলেণ্ডৰ পৰা ভাৰতলৈ উভতি আহে আৰু কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ কৰ্মজীৱনত অধ্যাপনা আৰু গৱেষণাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে। তেওঁ পোনতে যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ লয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। যাদৱপুৰৰ পিছত তেওঁ কলকাতা আৰু দিল্লীৰ স্কুলছ অব ইকনমিক্সত অধ্যাপনা কৰে। তেওঁ সুদীৰ্ঘ দিন ধৰি ইংলেণ্ড আৰু আমেৰিকাৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ পৰে। এগৰাকী শিক্ষক হিচাপে তেওঁ ছাত্ৰ সমাজৰ মাজত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অৰ্থনীতিৰ দৰে এটি জটিল আৰু নীৰস বিষয়কো ছাত্ৰ সমাজৰ হৃদয় চুই যোৱাকৈ তেওঁ ব্যাখ্যা কৰিব পাৰিছিল। কেণ্টিনত বহি টিচু কাগজত অৰ্থনীতিৰ লেখচিত্ৰ অংকন কৰি থকা সময়তো যিকোনো ছাত্ৰ-ছাত্ৰীয়ে তেওঁক লগ পাব পাৰিছিল। তেওঁ ছাত্ৰ সমাজৰ লগত এনেদৰে সম্পৰ্ক গঢ়ি তুলিছিল যে কেতিয়াবা খোৱাৰ মেজৰ পৰাও ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ দিছিল।[2]

এই বিশ্ব বৰেণ্য শিক্ষকগৰাকী ১৯৫৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ফেল নিৰ্বাচন হয়। ষাঠিৰ দশকত তেওঁ আমেৰিকাৰ কেইবাখনো বিখ্যাত বিশ্ববিদ্যালয় আৰু এম. আই. টিত ভিজিটিং প্ৰফেছাৰ নিযুক্ত হয়। ১৯৭১ চনত তেওঁ লণ্ডন স্কুল অব্ ইকনমিক্সত অধ্যাপনা কৰে। তাৰ পিছত ১৯৭৭চনৰ পৰা তিনি বছৰ ধৰি অক্সফ'ৰ্ডনাফিল্ড কলেজত আৰু ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অক্সফ'ৰ্ডত অধ্যপনা কৰে। ১৯৮৭ চনৰ পৰা ১৯৯৮ চনলৈ হাৰ্ভাৰ্ডত তেওঁ অৰ্থনীতি কলেজত মাষ্টাৰ (আচাৰ্য্য) পদ লাভ কৰে। তদুপৰি আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত লেমণ্ট এমেৰিটাছ প্ৰফেছাৰ ৰূপেও কাৰ্য-নিৰ্বাহ কৰে। তেওঁ বিশ্ব বেংক উপদেষ্টা পৰিষদৰো এগৰাকী সদস্য আছিল।[2]

১৯৪৩ চনত বংগত দুৰ্ভিক্ষত প্ৰায় ৩০ লাখ মানুহৰ মৃত্যু ঘটিছিল। ইয়াৰ পিছত ৭০ৰ দশকত বংগদেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ মূল কাৰণবোৰ অমৰ্ত্য সেনে নিজে গৈ ওচৰৰ পৰা অধ্যয়ন কৰিছিল। একে সময়তে ব্ৰাজিল আৰু আফ্ৰিকা আদিৰ উপৰি আন কেইখনমান দেশত দেখা দিয়া দুৰ্ভিক্ষ আৰু পুষ্টিহীনতাৰ কাৰণবোৰ প্ৰত্যক্ষ কৰিছিল। এই গৰীৱ জনসাধাৰণক কেনেকৈ এমুঠি ভাত দিব পৰা যায় আৰু লিংগ-বৈষম্য আঁতৰ কৰিব পৰা যায়, সেয়ে হল তেওঁৰ জীৱনৰ সাধনা, গৱেষণা। পিছত ইয়াক উত্তৰণ ঘটাই তেওঁৰ চিন্তা-চৰ্চা হল, কল্যাণ অৰ্থনীতি।[2]

পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ন'বেল বঁটা, (১৯৯৮)
  • ভাৰত-ৰত্ন, (১৯৯৯)
  • মহলানবিশ বঁটা,
  • দেশীকোত্তম সন্মান,
  • জিন মায়েৰ গ্ল'বেল চিটিজেনশ্বিপ এৱাৰ্ড,
  • এছিয়াটি ছ'চাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক,
  • এডিনবাৰ্গ পদক,
  • নৱম কাটালোনিয়া ইণ্টাৰনেশ্যনেল প্ৰাইজ,
  • ৰাজনীতি আৰু অৰ্থনীতিৰ চেইডমান বঁটা,
  • ই ৰেংক,
  • ডিউভেলী এগনেলী ইণ্টানেশ্যনেল প্ৰাইজ,
  • আলান শ্বন ফেইনষ্টেইন ৱল্ড হাংগাৰ এৱাৰ্ড।

গ্ৰন্থ সংকলন

[সম্পাদনা কৰক]
  • দি ষ্টেণ্ডাৰ্ড অব্ লিভিং, (১৯৩৩)
  • গ্ৰ'থ ইক'নমিক্ছ, (১৯৬০)
  • চয়েচ অব্ টেকনিক, (১৯৬৯)
  • অন ইক'নমিক ইন ইকুৱেলিটি, (১৯৭৩)
  • এমপ্লয়মেণ্ট টেকন'লজি এণ্ড ডেভেলপমেণ্ট এণ্ড ডিপ্ৰাইভেছন, (১৯৮১)
  • চয়েচ ওৱেলফেয়াৰ এণ্ড মেজাৰমেণ্ট, (১৯৮২)
  • হাংগাৰ এণ্ড পাবলিক একছন, (১৯৮৯)
  • ইনইকুৱেলিটি ৰিয়েক্ট জামিন্দ, (১৯৯২)
  • মাৰ্কেট এণ্ড ফ্ৰিডম,
  • ইণ্ডিয়াঃইক'নমিক ডেভেলপমেণ্ট এণ্ড ছ'চিয়েল অপৰ্ছ্যুনিটি (১৯৯৫, সেন আৰু জাঁ ড্ৰেজ)
  • ইণ্ডিয়া ডেভেলপমেণ্টঃচিলেকটেড ৰিজ'নেল পাৰ্ছপেকটিং (জাঁ ড্ৰেজ আৰু সেন)
  • ছুইডিছ অকাডেমি অব্ ছাইন্সেজ ( ন'বেল বঁটা), (১৯৯৮)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 1998" (en-US ভাষাত). Nobel Foundation. https://www.nobelprize.org/prizes/economic-sciences/1998/summary/ আহৰণ কৰা হৈছে: 20 May 2024.
  2. 1 2 3 4 5 6 7 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ১৩৮, ১৩৯, ১৪০, ১৪১, ১৪২, ১৪৩.
  3. "University Professorships". Harvard University. https://scholar.harvard.edu/sen/biocv আহৰণ কৰা হৈছে: 31 October 2019.
  4. "The Master of Trinity". University of Cambridge. Archived from the original on 27 February 2021. https://web.archive.org/web/20210227055042/https://www.trin.cam.ac.uk/about/master-fellows/master/ আহৰণ কৰা হৈছে: 27 December 2020.

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]